এন্ধাৰ হ'ব নোৱাৰোঁ



এন্ধাৰ হ'ব নোৱাৰোঁ

মচি দিব নোখোজোঁ।।


পাখি মেলা অতীতক

কিদৰে পাহৰো... ।

এন্ধাৰ হ'ব .........


পোহৰ বুলি জীয়ালো

মনে মনে প্ৰাণতে 

হাতেৰে ঢুকি নোপোৱা

জোনৰে ছবি

পাখি মেলি সপোন

আগচিলে জীৱনক

কোনোবা দৰদী

আকাশৰ নীলিমাতে

সেই মনআজি যেন

অসীমত লীন হোৱা তৃষা 

কিদৰে পাহৰো মই

এন্ধাৰ হ'ব নোৱাৰোঁ...........


সাগৰ নীলা দুচকুত

কি ৰং আনে জীৱনে 

নাজানো যদিও

দুবাহু আছে মেলি 

সঁচা-মিছা সোঁমাজত

সাঁতুৰিছো যদিও

খেদি খেদি সপোনে

মিঠা চুমা যাঁচে

এই মন আজি 

যেন পোহৰত

প্ৰাণ পোৱা তৃষা

কিদৰে পোহৰো মই

এন্ধাৰ হ'ব নোৱাৰোঁ...।