জ্বলি উঠা


জ্বলি উঠা জুই হৈ

জ্বলোৱা মোৰ কামনা

ফুলি ৰোৱা ফুল হৈ 

বৈ আহ বাসনা 

দূৰণি হওঁক বেদনা 

ফুলক হাঁহিৰ ফুলনি

ধুৱলি হওঁক চেতনা

জ্বলক প্ৰেমৰ অগণি


নিশাৰ বুকুত মায়াৰ নাচোন

তাতে তৰাৰ অযুত চাকি

জোনৰ  ছবি তোমাৰ দাপোন

কোমল কোমল মৰম চিনাকি

হিয়াই হিয়াই চেঁচা শিহঁৰণ

উমাল বুকুত সপোন বাকী

যিমান দিয়া সিমান কাকী


হেৰাই যোৱা হিয়া মাজত

প্ৰেমৰ অনল নুমুমাই আজি

ওঁঠে  ওঁঠে মৰমৰ মৌ 

হৃদয় ভৰা দিয়াহি বাকী

ৰাতিৰ পিছত অলেখ ৰাতি।