পাখি মেলি দিয়ে...



পাখি মেলি দিয়ে

মোৰ গানে আজি 

ছায়া হৈ ৰৈ তাৰ

আহে নামি

হালধীয়া ৰং কিনো 

বাখৰুৱা প্ৰাণ কিনো

বসন্ত নিবিড় নয়ন

বুজাব খুজি

প্ৰশান্ত সাগৰ সমান

মৰম বিচাৰি

পাখি...

ৰ'দালি সাঁতুৰি  যোৱা

গানৰ কোমল গা

ভাগৰি নাভাগৰা তাৰ

ঘামে ধোৱা গা

মেঘ-ৰঞ্জনী চুমি

যাব যেনিবা

ভৈৰৱ পুৱা আৰু ভূপালি সন্ধ্যা

নিষাদৰে ধাৰ কিনো

গান্ধাৰ পাৰ কিনো

আনন্দ প্ৰমাণ সাক্ষী

শুনাব খুজি ।

পাখি...

দুচকুৰ হিম মাথোঁ

গানেৰে প্ৰকাশ

তিৰ্ বিৰ্ হাঁহিডৰা 

গানতে বিকাশ

অলেখ-অযুত ৰামধেনুৰ 

গানতে আবাস

সৰাপাতো কলিটিও

গানৰে প্ৰবাহ

তালে তালে

বয় কিনো

গানতে তালে ৰয় কিনো

ছন্দ প্ৰবাল মণি

গুঁঠিব খুজি ।

পাখি...।◼