অ' মোৰ ল'ৰাৰ মাক...
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাওঁ নাখাওঁ নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাওঁ নাখাওঁ নাখাওঁ শুদা ভাত।
ৰহদৈ কৰ্দৈ পাৰি পাৰি থ তই
জুতিৰে খামে দিনৰ সাজ
মাছলৈ যাওঁ নাখাওঁ শুদা ভাত ।
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাওঁ নাখাওঁ নাখাওঁ শুদা ভাত।।
হাঁচতি পুৰাও মই তামোল চালিৰে
পাণে চুণে যতনাই দে,
কঁকালৰ তিয়নি জাকৈ শিয়নি
কাথিৰে পৰা নমাই দে।।
শাকনি বাৰিৰে লাই পালেং শাক
বেগেতে তুলি তুলি ৰাখ
মাছলৈ যাওঁ নাখাওঁ শুদা ভাত ।
অ' মোৰ ল'ৰাৰ মাক................।।
চুবুৰীৰ ৰংমন উভতি আহিলে
কঁকালৰ খালৈটি পুৰাই
খলিহনা পুঠি আৰু গৰৈ, চেঙেলি
দেখি মোৰ দেহা জ্বলি যায়,।।
শাকনি বাৰিৰে লাই পালেং শাক
বেগেতে তুলি তুলি ৰাখ
মাছলৈ যাওঁ নাখাওঁ নাখাওঁ শুদা ভাত ।
অ' মোৰে ল'ৰাৰ মাক.................