আচিনায়াং মানে কি............



আচিনায়াং মানে কি অ' মৰমী


আচিনায়াং মানে হ'ল বুকুৰে মৰম

তুমি যদি পোৱা মোৰে চেনাইটি।।


আইপ মেনাং মানে কি অ' মৰমী


আইপ মেনাং মানে হ'ল তোমাকে ভাল পাওঁ

লুইতেদি উজায়ে মই তোমালৈয়ে যাওঁ।।


ঘূণা সুতিৰে পাৰত বহি মোৰ

জংকি পানৈৰ কথা শুনিবৰ মন যায়

থাকিবা নে সঁচাকৈ মোৰ ক'নেং ঐ

মই আহিমে বুলি তুমি বাটে চায়।।


ফাগুনত আহিবা লিগাং চাবলৈ

ৰঙালীৰ বিগাচেং গাতে ল'বলৈ


আচিনায়াং মানে কি অ' মৰমী......।


ঐনিতম এটি হৈ মোৰ ক'নেং ঐ

বাজি থাকিবা তুমি মোৰে বুকুত ঐ

পাহৰিব নোৱাৰিম মই সঁচাকৈ

ৰাগি আপংৰ লাগিছে বেয়াকৈ।।


মৰমৰ চিলনী সাঁতোৰ দিবলে

আহিবা চেনাই ঐ মোৰ লগতে


আচিনায়াং মানে কি অ' মৰমী......।