অবাক অবাক
অবাক অবাক
সপোন সপোন
পোহৰ পোহৰ
আজি মন ।
কোমল কোমল
ফাগুণ ফাগুণ
প্ৰভাত প্ৰভাত
আজি মই ।
নতুন নতুন
ৰঙীণ ৰঙীণ
দাপোন দাপোন
এই হৃদয় ।
অবুজ অবুজ
আশাৰ নাচোন
সজীৱ সজীৱ
হিয়াৰ সপোন
আকৌ সাজোন
আকৌ কাচোন
নিজৰ ভাঙোন
হঠাৎ নতুন
ঘূৰি চালেই
কৰুণ কান্দোন ।
অবাক...
নীলম নীলম
চকুৰ নাচোন
অসীম অসীম
তৰাৰ সপোন
একেই হাতৰ
খেলা নিপুণ
একেই পথৰ
পথিক তৰুণ
দুদিন পিছত
একেই কান্দোন
অবাক...।◼
0 Comments