শৱৰীৰ আত্মীয়তা
👉Download Book PDF
👉Online Exam Click Here
👉MCQs
১। সীতাক হৰণ কৰি নিয়া বুলি ৰাম-লক্ষ্মণক কোনে কৈছিল?
উত্তৰঃ জটায়ুক পক্ষীয়ে কৈছিল।
২। দক্ষিণৰ হাবিত ৰাম-লক্ষ্মণে কোন ৰাক্ষসৰ কৱলত পৰিছিল?
উত্তৰঃ দক্ষিণৰ হাবিত ৰাম-লক্ষ্মণে কবন্ধ নামৰ ৰাক্ষসৰ কৱলত পৰিছিল।
৩। বুঢ়ী সন্ন্যাসিনীৰ নাম কি আছিল?
উত্তৰঃ বঢ়ী সন্ন্য়াসিনীৰ নাম শৱৰী আছিল।
৪। শ্ৰীৰাম আৰু লক্ষ্মণক শৱৰীয়ে নিজ কুটীৰলৈ কিয় লৈ গৈছিল আৰু কি খাবলৈ দিছিল?
উত্তৰঃ তেওঁ গম পাইছিল যে শ্ৰীৰাম ভগৱানৰ অৱতাৰ। শ্ৰীৰামৰ প্ৰতি তেওঁৰ মনত বৰ শ্ৰদ্ধা আছিল সেই কাৰণে শ্ৰীৰমা আৰু লক্ষ্মণক কুটীৰলৈ লৈ গৈছিল। আৰু তেওঁলোকক ফল-মূল খাবলৈ দিছিল।
৫। শৱৰীৰ স্বভাৱ কেনেকুৱা আছিল?
উত্তৰঃ তেওঁ জাতীত শূদ্ৰ ভীল সম্পদায়ৰ আছিল, কিন্তু তেওঁ পবিত্ৰ অন্তৰৰ আৰু জ্ঞানৱতী মহিলা আছিল। তেওঁ এনেধৰণৰ স্বভাৱ আছিল।
৬। শ্ৰীৰামে শৱৰীক কেনেদৰে শ্ৰদ্ধা জনাইছিল?
উত্তৰঃ শৱৰীৰ মৰমক শ্ৰীৰামে যথেষ্ট শ্ৰদ্ধা জনাইছিল।
৭। শ্ৰীৰামৰ শৰীৰৰ পৰা দুখ-ভাগৰ কিয় আঁতৰিল?
উত্তৰঃ সন্ন্য়াসিনী শৱৰীৰ লগত সাক্ষাৎকাৰ হোৱাত আৰু তেওঁৰ অপাৰ স্নেহ আৰু সহযোগ লাভ কৰাত শ্ৰীৰামৰ দুখ ভাগৰ একো নাইকীয়া হৈ গ'ল।
৮। শ্ৰীৰামে জাত-পাতৰ ভেদ-ভাৱ কেনেদৰে দূৰ কৰিলে লিখা ৷
উত্তৰঃ শৱৰীৰ হাতৰ পৰা অকণো ভেদ-ভাৱ নকৰাকৈ ফল খাইছিল। শৱৰী সৰু জাতৰ মানুহ আছিল। সৰু জাতিৰ মানুহৰ পৰা ফল খাই ৰাম চন্দ্ৰই জাত-পাতৰ ভেদ-ভাৱ নাইকিয়া কৰিছিল।
Author- Bikash Bora
Check by - Mukesh Borah