পাঠ ২ 

সৌৰজগত আৰু প্ৰাকৃতিক পৰিবেশ

১। আমি বসবাস কৰা পৃথিৱীখন সৌৰজগতৰ এটি কি?

উত্তৰঃ আমি বসবাস কৰা পৃথিৱীখন সৌৰ জগতৰ এটি গ্ৰহ।

২। দূৰত্ব হিচাবত সূৰ্যৰ পৰা পৃথিৱীৰ স্থান কিমান?

উত্তৰঃ দূৰত্ব হিচাবত সূৰ্যৰ পৰা পৃথিৱীৰ স্থান তৃতীয়।

৩। আমাৰ পৃথিৱীখন সূৰ্যৰ পৰা কিমান কিলোমিটাৰ দূৰত অৱস্থিত?

উত্তৰঃ আমাৰ পৃথিৱীখন সূৰ্যৰ পৰা ১৫ কোটি কিলোমিটাৰ দূৰত অৱস্থিত।

৪। সৌৰজগতত মুঠতে কেইটা গ্ৰহ থাকে?

উত্তৰঃ সৌৰজগতত মুঠতে কেইটা আঠটা গ্ৰহ থাকে। 

৫। সৌৰজগতৰ আধাৰ বুলি কাক কোৱা হয়?

উত্তৰঃ সৌৰজগতৰ আধাৰ বুলি সূৰ্যক কোৱা হয়।

। সাগৰ, মহাসাগৰ, পৰ্বত-পাহাৰ, সমভূমি-মালভূমি আৰু বিশাল অৰণ্যৰাজি আদি কোনটো গ্ৰহত অৱস্থিত?

উত্তৰঃ সাগৰ, মহাসাগৰ, পৰ্বত-পাহাৰ, সমভূমি-মালভূমি আৰু বিশাল অৰণ্যৰাজি আদি পৃথিৱীত অৱস্থিত।

৭। সাগৰ, মহাসাগৰ, পৰ্বত-পাহাৰ, সমভূমি-মালভূমি আৰু বিশাল অৰণ্যৰাজি মিলি আমাৰ পৃথিৱীখনত কি ৰচনা কৰিছে?

উত্তৰঃ সাগৰ, মহাসাগৰ, পৰ্বত-পাহাৰ, সমভূমি-মালভূমি আৰু বিশাল অৰণ্যৰাজি মিলি আমাৰ পৃথিৱীখনত প্ৰাকৃতিক পৰিবেশ ৰচনা কৰিছে।

৮। সূৰ্যৰ সৈতে সকলোবোৰ গ্ৰহক একেলগে কি বোলা হয়?

উত্তৰঃ সূৰ্যৰ সৈতে সকলোবোৰ গ্ৰহক একেলগে সৌৰজগত বোলা হয়।


Type_Bhabesh Bora.