ৰাভাসকল


প্ৰশ্নাৱলীঃ

১। ৰাভাসকলৰ  আদি বাসভূমি ক'ত আছিল?

উত্তৰঃ ১৯০৩ চনত প্ৰকাশিত Linguistics survey of India ৰ মতে ৰাভাসকলৰ আদি বাসভূমি গাৰো পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, গাৰো পাহাৰ আৰু খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তৱৰ্তী কিছু অঞ্চল সামৰি ৰাভা মানুহৰ বাসভূমি। 


২। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?

উত্তৰঃ সামাজিক ফালৰ পৰা ৰাভাসকল ৰংদানী, পাতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী আদি শাখাত বিভক্ত।


৩। ৰাভা সংস্কৃতিৰ প্ৰতীক কি?

উত্তৰঃ ৰাভা সংস্কৃতিৰ প্ৰতীক হৈছে মানচালেংকা বা মাছৰোকা চৰাই।


৪। ৰাভাসকলৰ প্ৰধান দেৱতা কি?

উত্তৰঃ ৰাভাসকলৰ প্ৰধান দেৱতা ৰিছি বা মহাদেৱ।


৫। ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি?

উত্তৰঃ ৰাভাসকলৰ প্ৰধান পূজাটো নাম  বায়খো পূজা।


৬। চমুটোকা লিখাঃ 

ক) বিষ্ণুপ্ৰসাদ ৰাভাঃ কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকা মহানগৰীৰ সেনা ছাউনীত ১৯০৯ চনৰ ৩১ জানুৱাৰীত। চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু নামেৰে জনাজাত। বিষ্ণু ৰাভাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত। 

তেখেতে হাইস্কুলীয়া জীৱনৰ পৰাই ফুটবল, ক্ৰিকেট, হকী খেলাৰ উপৰিও সুন্দৰ গীত গায়, নাচে, অভিনয় কৰে, চিত্ৰ আঁকে। ইয়াৰ উপৰিও আৱাহন, বাঁহীৰ পাতত লিখিবলৈ আৰম্ভ কৰি  অসমীয়া সাহিত্য প্ৰেমীৰ মাজত ন-কৈ চিনাকী হয়। সোণপাহী, মিচিং কনেং, অসমীয়া কৃষ্টিৰ চমু আভাস, আৰু অতীত অসম আদি মূল্যৱান গ্ৰন্থ লিখি থৈ যায়।

১৯৬৯ চনৰ ২০ জুনৰ দিনা এইজনা বিপ্লৱী নেতা মৃত্যু হয়। তেখেতৰ মৃত্যু দিনটো ৰাভা দিৱস হিচাপে পালন কৰা হয়।   


খ) ৰাজেন ৰাভাঃ প্ৰথিতযশা সাহিত্যিক ৰাজেন ৰাভা জন্ম হয় ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত। আজীৱন সাহিত্য-সাধক, সমাজ আৰু মানৱ প্ৰেমী ৰাজেন ৰাভা বৰ্ণাঢ্য জীৱনৰ প্ৰথমছোৱা কাল আছিল দুখ আৰু কষ্টকৰ।

তেখেতে উদয়ন নামৰ এখন তিনিমহীয়া আলোচনী উলিয়াই। স্বাধীনতা আন্দোলনতো যোগদান কৰি কৰিম কিম্বা মৰিম বাহিনীত ভৰ্তি হৈছিল। তাৰ পাছত কোকৰাঝাৰ গুৰু ট্ৰেইনিং কেন্দ্ৰ পৰা ডিষ্টিংছনসহ প্ৰথম স্থান, যোৰহাট নৰ্মাল স্কুলৰ ত্ৰি-বাৰ্ষিক শেষ পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰসহ দ্বিতীয় স্থানত, তিতাবৰত বুনিয়াদী প্ৰশিক্ষণ কলেজৰ পৰা প্ৰশিক্ষণ লাভ, ৱাৰ্ধাৰ ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ পৰা হিন্দী বিশাৰদ আৰু শেষত পি এইচ ডি, ১৯৭২ চনত ডঃ মহেশ্বৰ নেওগৰ তত্ত্বৱধানত The Rabhas: Their language and Culture আৰু পি এিচ ডি. শীৰ্ষক গৱেষণা গ্ৰন্থৰ কাম কৰিছিল যদিও বিশ্ববিদ্যালয়ত দমা দিয়া নহল। এইখনৰ উপৰি 'The Rabhas: their society and culture with special reference to non sanskritized groups' এই গ্ৰন্থ কেইখন অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ। ইয়াৰ উপৰি তেখেতে ৰাভা সাধু, ৰাভা জনজাতি আদি গ্ৰন্থ উপৰি ৪০ টাৰো অধিক প্ৰৱন্ধ আছে।


গ) প্ৰসন্ন পামঃ ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ তাৰিখে গোৱালপাৰা জিলাৰ বালিজান চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত। পিতৃ কমল কুমাৰ ৰাভা আৰু মাতৃ দাখেল বালা ৰাভা। পূব গৰো পাহাৰ জিলাৰ মাণিকগঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা প্ৰসন্ন পাম আগিয়া এম.ভি.স্কুলৰ পৰা উৰ্ত্তীণ হয়।

প্ৰসন্ন পাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্ৰতী হয় পৰিছিল। অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰা পামে বহু গীত ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল। এইবোৰ গীতৰ কথা আৰু সুৰে সাম্প্ৰতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে। দদান বীৰ নাটকৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰসন্ন পামৰ মাৰুক্ষেত্ৰী (নাটক), সৃষ্টিবিধান, ময়ৰা শক্তি, লাঙামুক্তি, কামগিৰি শক্তি, পিদান সংসাৰ, মায়া হাছং, লেখা তেৱা জমা তাংচা, ইত্যাদি গ্ৰন্থ অপ্ৰকাশিত অৱস্থাত ৰৈ আছে।

২০-২-১৯৭৮ ইং তাৰিখে এক নিৰ্বাচনী প্ৰচাৰৰ সহযোগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুৰ্ঘটনাত এইজনা মহান শিল্পী মৃত্যু হয়।

ঘ) বীৰুৱালা ৰাভাঃ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসক সমাজৰ পৰা দূৰ কৰি এক সুস্থ সমাজ গঢ়াৰ আপ্ৰাণ চেষ্টাৰে নিজকে উৎসৰ্গিত কৰা সংগ্ৰামী নেত্ৰী বীৰুবালা ৰাভা।

গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ভিতৰুৱা গাওঁ এখনত ১৯৪৯ চনত জন্ম লাভ কৰা বীৰুবালা ৰাভাৰ পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃ নাম সাগৰবালা ৰাভা। প্ৰাথমিক বিদ্যালয়ৰ ৩য় শ্ৰেণীলৈকে পঢি মাত্ৰ ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বীৰুবালা ৰাভা কৰ্মজীৱনৰ আৰম্ভ কৰিছিল বোৱা-কটা কামৰ জৰিয়তে। ইয়াৰ লগে লগে সামাজিক ক-সংস্কাৰ ডাইনী হত্যা বিৰুদ্ধে সক্ৰিয় অংশ গ্ৰহণ কৰে। অবিৰামভাৱে এই কামত লাগি থকা বীৰুৱালা ৰাভাই তেওঁৰ কামৰ স্বীকৃতি হিচাপে লাভ কৰা বঁটা আৰু স্বীকৃতিসমূহ তলত উল্লেখ কৰা হলঃ

২০০৫ চনত ঃ শান্তিৰ নবেল বঁটালৈ মনোনয়ন।

২০০৫ চনতঃ  Real Hero স্বীকৃতি,  IBN 18 Network And Reliance Group.

২০১১ চনতঃ সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্ত মেমোৰিয়ল বঁটা পুৰস্কাৰ প্ৰদানেৰে সমাজপ্ৰাণ পুৰস্কাৰ।

২০১১ চনতঃ উৰ্মিলা দাস মেমোৰিয়ল বঁটা।

২০১২ চনতঃ ডিব্ৰুগড় মহিলা ক্লাবৰ জয়মতী বঁটা প্ৰদান।

২০১৩ চনতঃ ইংখং ৱেলফেয়াৰ ছছাইতি কোকৰাঝাৰ জিলাৰ দ্বাৰা মেন অৱ দা ইয়াৰ বঁটা।

২০১৪ চনতঃ শিৱসাগৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা বীৰাংগনা মূলাগাভৰু বঁটা।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা বীৰুবালা ৰাভাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ২০১৫ চনত।

বৰ্তমান 'Mission Birubala' -ৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহভাৱে কাম কৰি আছে। 


ঘ) বীৰুবালা ৰাভাঃ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসক সমাজৰ পৰা দূৰ কৰি এক সুস্থ সমাজ গঢ়াৰ চেষ্টাৰে নিজকে উৎসৰ্গিত কৰা সংগ্ৰমী নেত্ৰী বীৰুবালা ৰাভা। গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ বিতৰুৱা গাঁও এখনত ১৯৪৯ চনত জন্ম লাভ কৰা বীৰুবালা ৰাভাৰ পিতৃৰ নাম কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা। প্ৰাথমিক বিদ্যালয়ৰ ৩য় শ্ৰেণীলৈ পঢ়ি মাত্ৰ ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বীৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভনি আছিল বোৱা-কটা কামৰ জৰিয়তে।
        তেওঁ কামৰ স্বীকৃতি লাভ কৰা বঁটা সমূহ-
২০০৫ চনতঃ শান্তিৰ নবেল বঁটালৈ মনোনয়ন।
২০০৫ চনতঃ Real Hero স্বীকৃতি, IBN 18 Network and Reliance Group.
২০১১ চনতঃ সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্ত মেমোৰিয়েল বঁটা পুৰস্কাৰ প্ৰদানেৰে 'সমাজপ্ৰণ' পুৰস্কাৰ। 
২০১১ চনতঃ উৰ্মিলা দাস মেমোৰিয়েল বঁটা।
২০১২ চনতঃ ডিব্ৰুগড় মহিলা ক্লাৱৰ 'জয়মতী' বঁটা প্ৰদান।
২০১৩ চনতঃ ইংখং ৱেলফেয়েৰ ছ'ছাইতি কোকৰাঝাৰ জিলাৰ দ্বাৰা 'মেন অৱ দা ইয়াৰ' বঁটা।
২০১৪ চনতঃ শিৱসাগৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা 'বীৰংগনা মূলাগাভৰু' বঁটা।




Post ID : DABP004087