এই মায়াৰ ধৰা
দুদিন মাথো থাকিবা তুমি
জীৱন গ'লেই গ'ল
নিবলৈ একোকে নাপাবা তুমি
লোৱা লোৱা আৰু লোৱা
খোৱা খোৱা আৰু খোৱা
একো নাই একো নাই
মাৰা মাৰা আৰু মাৰা
চেপি চেপি তেজ খোৱা
শূন্য হায়
এই মায়াৰ ধৰা.....
আমাৰো যি প্ৰাণ
তোমাৰো সেই প্ৰাণ
শিলেৰে খেদিত সময়
মৰণ নামৰ নদী
তোমাৰো বাবে বয় জোৰত সকলো সমান
যিমানে নেবান্ধা বান্ধৈ
সিমানে জুৰিব কান্দোন
নিজৰে শিৰতে থাকো ৰৈ
লোৱা লোৱা আৰু গোৱা
খোৱা খোৱা আৰু খোৱা
একো নাই একো নাই
মাৰা মাৰা আৰু মাৰা
চেপি চেপি তেজ খোৱা
শূন্য হায়
এই মায়া ধৰা......
তোমাৰো যি সপোন
আমাৰো সপোন
সপোনৰে চিলোৱা উদৰ
দুখন হাতৰ মুঠিত
সাজিবলে' একেই কবৰ
ইফাল সিফাল
তল ওপৰ
ওখ চাপৰ
চিঞৰ বাখৰ
অৰ্থ যে নাই ই ধূৰূপ।
এই মায়াৰ ধৰা......
লোৱা আৰু আৰু লোৱা
খোৱা খোৱা আৰু খোৱা
একো নাই একো নাই
মাৰা মাৰা আৰু মাৰা
চেপি চেপি তেজ খোৱা
শূন্য হায়
এই হায়াৰ ধৰা......।