প্ৰথম গোট
আৰ্হি পাঠঃ পদ্ধতি আৰু কৌশল
১। আৰ্হি পাঠ বা প্ৰুফ ৰিডিং কি ?
উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ ৰিডিং হল কোনো এখন গ্ৰন্থ বা পাণ্ডুলিপিৰ মুদ্ৰাণৰ আগতে ভুল সংশোধন কৰা।
২। আখৰবোৰত কি কি শৈলী ব্য়ৱহাৰ কৰোঁতে ইয়াৰ নিয়মসমূহ জানি লোৱাটো অতি প্ৰয়োজনীয় ?
উত্তৰঃ আখৰবোৰত নৰ'মেল (Normal), ব'ল্ড (Bold), ইটালিক(Italic) টাইপ শৈলী ব্য়ৱহাৰ কৰোঁতে ইয়াৰ নিয়মসমূহ জানি লোৱাটো অতি প্ৰয়োজনীয়।
৩। প্ৰুফ ৰিডিঙৰ সময়ত কি হব পাৰিলে সুবিধা হয় ?
উত্তৰঃ প্ৰুফ ৰিডিঙৰ সময়ত দুই-তিনিজন মানুহ জড়িত হব পাৰিলে সুবিধা হয়।
৪। প্ৰুফ ৰিডিঙৰ সময়ত সেই দুই-তিনিজন মানুহে কি কৰিব ?
উত্তৰঃ প্ৰুফ ৰিডিঙৰ সময়ত এজনে মবল পাণ্ডুলিপি পঢ়ি যাব, আনজনে প্ৰুফ চাই কিবা ভুল থাকিলে শুদ্ধ কৰি দিব ।
৫। ভুলবোৰ বিচাৰি সংশোধনৰ নিৰ্দেশ দিয়াই আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰৰ বাবে কি ?
উত্তৰঃ ভুলবোৰ বিচাৰি সংশোধনৰ নিৰ্দেশ দিয়াই হল আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰৰ দায়িত্ব।
৬। আৰ্হি চিহ্ন বা প্ৰুফ চিহ্ন সমূহক কেই ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ আৰ্হি চিহ্ন বা প্ৰুফ চিহ্ন সমূহক দুই ভাগত ভাগ কৰা হৈছে।
৭। ফুলষ্টপ কাক বোলে ?
উত্তৰঃ বাক্য়ৰ শেষত ফুলষ্টপ অথবা দাৰি ব্য়ৱহাৰৰ কৰাকে ফুলষ্টপ বোলে।
৮। ''বিজ্ঞান লেখকৰ হাতপুথি'' নামৰ গ্ৰন্থখন কাৰ আছিল ?
উত্তৰঃ '' বিজ্ঞান লেখকৰ হাতপুথি '' নামৰ গ্ৰন্থখন ড॰ দীনেশ চন্দ্ৰ গোস্বামী ছাৰৰ আছিল।
৯। Wrong font; set in correct type মানে কি ?
উত্তৰঃ Wrong font; set in correct type মানে হল ভুল টাইপৰ আখৰ হৈছে, শুদ্ধ টাইপৰ আখৰ দিয়া।
১০। Insert Comma মানে কি ?
উত্তৰঃ Insert Comma মানে হল কমা বহুওৱা।
১১। অসমীয়া ভাষাত আৰ্হি পাঠৰ গুৰুত্ব আৰু ব্য়ৱহাৰ কেনেকুৱা দেখা যায়?
উত্তৰঃ অসমীয়া ভাষাত আৰ্হি পাঠৰ গুৰুত্ব আৰু ব্য়ৱহাৰ অতি কম পৰিমাণে দেখা যায়।
১২। আধুনিক অসমীয়া আখৰ-জোঁটনিৰ বেমেজালি বা খেলিমেলি কি হৈ গৈছে ?
উত্তৰঃ আধুনিক অসমীয়া আখৰ-জোঁটনিৰ বেমেজালি বা খেলিমেলি দিনে দিনে বাঢ়ি গৈছে।
১৩। ভাষা কি মাধ্য়ম ?
উত্তৰঃ ভাষা হল মানুহৰ মনৰ ভাব, চিন্তা, আৱেগ-অনুভূতি, কল্পনা প্ৰকাশৰ এক মাধ্য়ম।
১৪। শব্দই কিহৰ বিষয়ৰ পৰিচয় দাঙি ধৰে ?
উত্তৰঃ শব্দই ভাষা এটাৰ বিষয়ৰ পৰিচয় দাঙি ধৰে ।
১৫। বহু ক্ষেত্ৰত বাংলা ভাষাৰ শব্দ অসমীয়া ভাষাৰ শব্দ বুলি ভাবি কি কৰে ?
উত্তৰঃ বহু ক্ষেত্ৰত বাংলা ভাষাৰ শব্দ অসমীয়া ভাষাৰ শব্দ বুলি ভাবি প্ৰয়োগ কৰি এক শব্দ বিভ্ৰাট সৃষ্টি কৰা দেখা যায়।
১৬। অসমীয়া ভাষাত শব্দসম্ভাৰ সাধাৰণতে কেইটা মূল পৰা শব্দ ব্য়ৱহাৰ কৰা হয় ?
উত্তৰঃ অসমীয়া ভাষাত শব্দসম্ভাৰ সাধাৰণতে তিনিটা মূল পৰা শব্দ ব্য়ৱহাৰ কৰা হয় ।
১৭। মূল কেইটা কি কি ?
উত্তৰঃ সংস্কৃত মূল, থলুৱা মূল আৰু বিদেশী ভাষা মূল।
১৮। অসমীয়া ভাষাত থলুৱা আৰু বিদেশী ভাষাৰ শব্দ প্ৰয়োগ কৰোঁতে কি প্ৰয়োগ কৰা দেখা যায় ?
উত্তৰঃ অসমীয়া ভাষাত থলুৱা আৰু বিদেশী ভাষাৰ শব্দ প্ৰয়োগ কৰোঁতে ণত্ববিধি আৰু ষত্ববিধিৰ নিয়ম প্ৰয়োগ কৰা দেখা যায়।
১৯। আখৰ কি ?
উত্তৰঃ আখৰ হল ধ্বনি সমষ্টিৰ প্ৰতীক।
২০। অসমীয়া ভাষাত স্বৰ আৰু ব্য়ঞ্জন বৰ্ণৰ মুঠ আখৰ কেইটা ব্য়ৱহাৰ হয় ?
উত্তৰঃ অসমীয়া ভাষাত স্বৰ আৰু ব্য়ঞ্জন বৰ্ণৰ মুঠ আখৰ ৫২ টা ব্য়ৱহাৰ হয়।
২১। 'বাণন' বা 'বাণান' শব্দটো কি শব্দৰ পৰা উদ্ভৱ হোৱা ?
উত্তৰঃ 'বাণন' বা 'বাণান' শব্দটো সংস্কৃত 'বৰ্ণন' শব্দৰ পৰা উদ্ভৱ হোৱা।
২২। ইংৰাজী অসমীয়া অভিধানৰ কাৰণে বুদ্ধীন্দ্ৰনাথ ভট্ৰাচাৰ্য্য়ৰ কি হয় ?
উত্তৰঃ ইংৰাজী অসমীয়া অভিধানৰ কাৰণে বুদ্ধীন্দ্ৰনাথ ভট্ৰাচাৰ্য্য়ৰ অনুমোদিত হয়।
২৩। নেতিবাচক প্ৰত্য়য় কাক বোলে ?
উত্তৰঃ নেতিবাচক প্ৰত্য়য় ন-ৰ স্বৰটোৰ ক্ৰিয়াৰ আদি ব্য়ঞ্জনৰ পৰৱৰ্তী স্বৰৰ লগত হোৱা সমীভূত ৰূপটোহে লোৱা হব।
২৩। হাইখেন ক'ত ব্য়ৱহাৰ হয় ?
উত্তৰঃ সমাস হলে সমস্ত শব্দবোৰৰ য'ত হাইফেন ৰ প্ৰয়োজন তাত হাইফেন লিখিব লাগিব। যেনে--- তল-সৰা, হাত-দীঘল।
২৪। অশ্ব-মেধ মানে কি ?
উত্তৰঃ 'মেধ' মানে যজ্ঞ, তাৰ লগত যজ্ঞ দিয়াৰ প্ৰয়োজন নহয়। শুদ্ধৰূপটো হল অশ্বমেধ।
২৫। অভিধানত 'কোৱা' শব্দৰ ক্ষেত্ৰত অৰ্থ কি আছে ?
উত্তৰঃ অভিধানত 'কোৱা' শব্দৰ ক্ষেত্ৰত অৰ্থ আছে 'মতা কাউৰী'।
২৬। আখৰ-জোটনিত ভুল কিয় হৈ ?
উত্তৰঃ অসমীয়া ভাষাৰ শব্দ শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰাৰ বাবে আখৰ-জোটনিত ভুল হোৱা দেখা যায়।
২৭। ব্য়াকৰণ এটা কি ?
উত্তৰঃ ব্য়াকৰণ এটা ভাষাৰ বৈজ্ঞানিক ভেটি।
২৮। ব্য়াকৰণ কাক বোলে ?
উত্তৰঃ যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ব্য়াকৰণ বোলে।
২৯। যতি চিহ্ন কাক বোলে ?
উত্তৰঃ বাক্য়ৰ মাজত বা শেষত ৰ'ব পৰাকৈ যিবোৰ চিন ব্য়ৱহাৰ কৰা হয় তাক যতি চিহ্ন বোলে।
৩০। ছন্দ যতি কাক বোলে ?
উত্তৰঃ কবিতাত ছন্দৰ মধুৰ্য দিবলৈ প্ৰতি পৰ্বৰ অন্তৰে অন্তৰে জিভাই যি বিৰাম চিহ্নৰ সহায় লয় আৰু ধ্বনিৰ প্ৰৱাহৰ সাময়িক বিৰতিক ছন্দ যতি বোলে।
৩১। প্ৰশ্নবোধক চিন কেতিয়া ব্য়ৱহাৰ হয় ?
উত্তৰঃ প্ৰশ্ন কৰোঁতে বাক্য়ৰ শেষত প্ৰশ্নবোধক চিন দিয়া হয় বা পোনপটীয়া প্ৰশ্নৰ শেষত এই চিন ব্য়ৱহাৰ হয় ।
৩২। ভুল শব্দৰ প্ৰয়োগৰ বাবে অৰ্থৰ কি হয় ?
উত্তৰঃ ভুল শব্দৰ প্ৰয়োগৰ বাবে অৰ্থৰ বিকৃতি হয়।
৩৩। যতি চিন কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ যতি চিন তিনি প্ৰকাৰৰ যেনে- (১) শ্বাস যতি (২) ভাব যতি (৩) ছন্দ যতি ।
৩৪। ভাববোধক চিন কেতিয়া ব্য়ৱহাৰ কৰা হয় ?
উত্তৰঃ আনন্দ, বিষাদ, আশ্চৰ্য আদি ভাব প্ৰকাশ কৰিবলৈ ভাববোধক চিন ব্য়ৱহাৰ কৰা হয়।
৩৫। হসন্ত বা হলন্ত চিন কাক বোলে ?
উত্তঃ কোনো বৰ্ণ ব্য়ঞ্জনান্ত হ'লে বৰ্ণটোৰ পিছত এই চিন (্) দিয়া হয়। এই চিনটোক হসন্ত বা হলন্ত বুলি কোৱা হয়।
৩৬। ণত্ববিধি আৰু ষত্ববিধি মানে কি ?
উত্তৰঃ শব্দ 'ন' 'ণ' হোৱাৰ নিয়মকে ণত্ববিধি আৰু 'স' 'ষ' হোৱাৰ নিয়মকে ষত্ববিধি বোলে।
৩৭। সম্পাদনা কক্ষ কি ?
উত্তৰঃ সম্পদনা কক্ষ হ'ল বাতৰি কাকত-আলোচনী এখনৰ মূল চালিকা শক্তি।
৩৮। গ্ৰন্থ, বাতৰি কাক-আলোচনী আদিৰ ক্ষেত্ৰত কি গুৰুত্বপূৰ্ণ ?
উত্তৰঃ গ্ৰন্থ, বাতৰি কাকত-আলোচনী আদিৰ ক্ষেত্ৰত সম্পাদনা কাৰ্যটো অতি গুৰুত্বপূৰ্ণ।
৩৯। আৰ্হি পাঠকজনৰ সাধাৰণতে বানান আৰু ভাষাৰ ক্ষেত্ৰত কি থাকিব লাগিব ?
উত্তৰঃ আৰ্হি পাঠকজনৰ সাধাৰণতে বানান আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ দক্ষতা থাকিব লাগিব ।
৪০। সাৰাংশ সদায় কি হব লাগে ?
উত্তৰঃ সাৰাংশ সদায় মূল কথাৰ এক তৃতীয়াংশ হব লাগে।
৪১। প্ৰবন্ধ কাক বোলে ?
উত্তৰঃ য'ত গৱেষণা পত্ৰৰ দৰেই কোনো এটা বিষয়ৰ ব্য়াখ্য়া-বিশ্লেষণ, পৰীক্ষা-নিৰীক্ষা আগবঢ়োৱা হয়, তাকে প্ৰবন্ধ বোলে।
৪২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিয়ে কি বৃদ্ধি কৰিছে ?
উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিয়ে গতি আৰু দ্ৰুত বৃদ্ধি কৰিছে।
৪৩। কিমান খ্ৰীঃত অসমীয়া ভাষাত প্ৰথমখন গ্ৰন্থ ছপা হৈছিল ?
উত্তৰঃ ১৮১৩ খ্ৰীঃত অসমীয়া ভাষাত প্ৰথমখন গ্ৰন্থ ছপা হৈছিল।
৪৪। কম্পিউটাৰত অসমীয়া আখৰত লিখা প্ৰথমখন গ্ৰন্থ কাৰ আছিল ?
উত্তৰঃ কম্পিউটাৰত অসমীয়া আখৰত লিখা প্ৰথমখন গ্ৰন্থ ড॰ দিলীপ কুমাৰ দত্তই।
৪৫। গ্ৰন্থ সমালোচক কাক বোলে ?
উত্তৰঃ যদি কোনো সাহিত্য় বিষয়ক গ্ৰন্থ ভাল-বেয়া, ধনাত্মক-ঋণাত্মক আদি গুণাগুণ কৰি আলোচনা আগবঢ়োৱা হয়, তাকে গ্ৰন্থ সমালোচনা বোলে।
Type Janmoni Hazarika