অধ্য়ায়-১

অসমীয়া কবিতাৰ ধাৰা

১। অসমীয়া কাব্য় সাহিত্য়ৰ প্ৰকৃত ধাৰাটো কিমান শতিকাৰ পৰা আৰম্ভ হোৱা দেখা যায় ?
উত্তৰঃ অসমীয়া কাব্য় সাহিত্য়ৰ প্ৰকৃত প্ৰকৃত ধাৰাটো চতুৰ্দশ শতিকাৰ পৰা আৰম্ভ হোৱা যায় ।

২। এই শতিকাৰ সৰ্বপ্ৰথম কবিজন কোন আছিল ?
উত্তৰঃ এই শতিকাৰ সৰ্বপ্ৰথম কবিজন আছিল হেম সৰস্বতী। 
৩। হেম সৰস্বতীৰ দুখন কাব্য় ৰচনাৰ নাম লিখা । 

উত্তৰঃ হেম সৰস্বতীৰ  দুখন কাব্য় ৰচনাৰ নাম হল- 'প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ' ।

৪। ৰূদ্ৰ কন্দলীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ? 
উত্তৰঃ ৰূদ্ৰ কন্দলীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম 'সাত্য়কি প্ৰৱেশ'।

৫। কোনজন কবিয়ে বাল্মিকীকৃত সংস্কৃত ৰামায়ণক অসমীয়া ভাষালৈ ভাঙনি কৰি অসমীয়া সাহিত্য়ৰ ভড়াল যুগজয়ী কৰি তুলিছিল? 
উত্তৰঃ মাধৱ কন্দলীয়ে অসমীয়া সাহিত্য়ৰ প্ৰথমজন কবি যিজনে বাল্মিকীকৃত সংস্কৃত ৰামায়ণক অসমীয়া ভাষালৈ ভাঙনি কৰি অসমীয়া সাহিত্য়ৰ ভড়াল যুগজয়ী কৰি তুলিছিল।

৬। দেৱকান্ত বৰুৱাক কি কবি বুলি কোৱা হৈ ?

উত্তৰঃ দেৱকান্ত বৰুৱাক যুগন্ধিৰ কবি বুলি কোৱা হৈ।
৭। কবিতাৰ সংজ্ঞা দাঙি ধৰি বিশ্ববিখ্য়াত কবি ৱাৰ্ডছৱৰ্থে কি কৈছে ?
উত্তৰঃ কবিতাৰ সংজ্ঞা দাঙি ধৰি বিশ্ববিখ্য়াত কবি ৱাৰ্ডছৱৰ্থে কৈছে- 'Poetry is the spontaneous Overflow of powerful feelings' অৰ্থাৎ কবিতা হল শক্তিসম্পন্ন অনুভুতিৰ স্বাভাৱিক প্ৰকাশ।
 
৮। ৰবীন্দ্ৰ নাথ ঠাকুৰে সাহিত্য় সম্পৰ্কত মতামত দাঙি ধৰি কি বুলি কৈছে ?
উত্তৰঃ ৰবীন্দ্ৰ নাথ ঠাকুৰে সাহিত্য় সম্পৰ্কত মতামত দাঙি ধৰি 'প্ৰকৃত সাহিত্য় উদ্দেশ্য়বিহীন' বুলি কৈছে। তেওঁৰ মতে যি সাহিত্য়ৰ উদ্দেশ্য় আছে সি প্ৰকৃততে সাহিত্য় হব নোৱাৰে।

৯। ভাৰতীয় সাহিত্য়ত কলাৰ উদ্দেশ্য় সম্পৰ্কে সাধাৰণতে দুটা মতবাদ গ্ৰহণ কৰা দেখা যায়। সেই মতবাদ কেইটাৰ নাম কি কি?
উত্তৰঃ ভাৰতীয় সাহিত্য়ত কলাৰ উদ্দেশ্য় সম্পৰ্কে সাধাৰণতে দুটা মতবাদ গ্ৰহণ কৰা দেখা যায়। সেইকেইটা হল-(ক) কলা কলাৰ বাবে আৰু (খ) কলা জীৱনৰ বাবে। 

১০। কবিতাৰ সামগ্ৰী বুলি কলে সাধাৰণতে কি বুজিব লাগে ?
উত্তৰঃ কবিতাৰ সামগ্ৰী বুলি কলে সাধাৰণতে এটা কথা বুজিব লাগে যে নিৰ্জীৱ কল্পনাক অজৰ অমৰ কৰিবলৈ কবিয়ে যিবোৰ বস্তু বা ভাৱধাৰাক সামৰি লয় সিয়েই কবিতাৰ সামগ্ৰী হৈ পৰে।

১১। কবিসকলৰ কাব্য় প্ৰতিভাক সাধাৰণতে দুটা ভাগত ভাগ কৰি বৰ্ণনা কৰিব পাৰি। সেই ভাগকেইটা কি কি ? 
উত্তৰঃ কবিসকলৰ কাব্য় প্ৰতিভাক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি । সেই ভাগ কেইটা হল-- (১) ব্য়ক্তিনিষ্ঠ বা মন্ময় আৰু (২) বস্তুনিষ্ঠ বা তন্ময়।

১২। গীত কবিতা বুলিলে কি বুজা ?
উত্তৰঃ গীত কবিতা বুলিলে সাধাৰণতে যিবোৰ কবিতাত গীতৰ প্ৰাধান্য় থাকে তাকে গীত কবিতা বুলি কোৱা হয়।

১৩। গীতি কবিতাক ইংৰাজীত কি বুলি কোৱা হয় ?
উত্তৰঃ গীতি কবিতাক ইংৰাজীত 'লিৰিক' বুলি কোৱা হয়।

১৪। অসমীয়া সাহিত্য়ত প্ৰকৃতি কবি বুলি কলে কাক বুজায় ?
উত্তৰঃ অসমীয়া সাহিত্য়ত প্ৰকৃতি কবি বুলি কলে ৰঘুনাথ চৌধাৰীকে বুজায়।

১৫। শোক কবিতা কাক বোলে ?
উত্তৰঃ যিবোৰ কবিতাৰ মাজেৰে কবিৰ ব্য়ক্তিগত শোক বা জাতীয় জীৱনৰ শোক আদিয়ে প্ৰাধান্য় লাভ কৰিছে তেনে কবিতাবোৰক সাধাৰণতে শোক কবিতা বুলি কোৱা হয়।

১৬। Elegy শব্দটো কৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় ?
উত্তৰঃ Elegy শব্দটো গ্ৰীক Eligo's শব্দৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়।

১৭। চতুৰ্দ্দশপদীক ইংৰাজীত কি বুলি কোৱা হয়? এই কবিতাবোৰ সাধাৰণতে কেই শাৰীত সমাপ্ত হয় ?
উত্তৰঃ চতুৰ্দ্দশপদীক ইংৰাজীত 'ছনেট কবিতা' বুলি কোৱা হয়। এই কবিতা সাধাৰণতে ১৪ আখৰীয়া আৰু ১৪ টা শাৰীত সমাপ্ত হয়।

১৮। বস্তুনিষ্ঠ কবিতাৰ প্ৰধান ভাগটো কি ?
উত্তৰঃ বস্তুনিষ্ঠ কবিতাৰ প্ৰধান ভাগটো হল মহাকাব্য়।

১৯। হাস্য় ৰসাত্মক কবিতাক কেই ভাগত ভগোৱা হৈছিল আৰু কি কি ?
উত্তৰঃ হাস্য় ৰসাত্মক কবিতাক তিনি ভাগত ভাগ কৰা হৈছিল যেনে ব্য়ঙ্গ কবিতা, পেৰডি আৰু লঘু বৈঠকী কবিতা আদি।

২০। ইংৰাজী সাহিত্য়ত নাটকীয় কবিতা ৰচনা কোনে কিৰিছিল?
উত্তৰঃ ইংৰাজী সাহিত্য়ত নাটকীয় কবিতা ৰচনা ব্ৰাউনিঙে কৰিছিল।

Type Janmoni Hazarika 




Post ID : DABP004747