পাঠ - ২

বেদ ব্যাস ( শান্তিপৰ্ব ) : ৰাজধৰ্ম 



১) মহাভাৰতৰ মুঠ কেইটা পৰ্বৰ ইয়াত কেইনম্বৰৰ শান্তিপৰ্ব ?

উত্তৰ: মহাভাৰতৰ মুঠ ১৮ টা পৰ্ব আছে ইয়াত ১২ নম্বৰৰ পৰ্বটোৰ নামেই  হৈছে শান্তিপৰ্ব। 

২) ইয়াত কেইটা উপপৰ্ব আছে ?

উত্তৰ : ইয়াত তিনিটা উপপৰ্ব আছে ।

৩) মূল শান্তিপৰ্বতত মুঠতে কেইটা অধ্যায় আছে ?

উত্তৰ: মূল শান্তিপৰ্বতত মুঠতে ৩৬৫ টা অধ্যায় আছে ।

৪) সংশোধিত শান্তিপৰ্বত কেইটা অধ্যায় পোৱা যায় ? 

উত্তৰ: সংশোধিত শান্তিপৰ্বত ৩৫৩ টা অধ্যায় পোৱা যায়।

৫) শান্তিপৰ্বত থকা উপপৰ্ব তিনিতা উপপৰ্ব কি কি লিখা ? 

উত্তৰ: ক) ৰাজধৰ্ম : ইয়াত ৰজা আৰু নেতা কৰ্তব্য সম্পৰ্কে ১৩০ টা অধ্যায়ত বৰ্ণনা আছে। ই ৰজাক ৰাজধৰ্ম সম্পৰ্কে জ্ঞান প্ৰদান কৰে ।

খ) আপদধৰ্ম : ইয়াত অধ্যায় নং ১৩১ৰ পৰা ১৭৩ লৈ সন্নিবিষ্টি আছে অপ্ৰাতিকৰক পৰিস্থিতি সন্মুখীন হ'লে কি কৰিব লাগে আৰু কেনেকৈ সমাধান কৰিব লাগে। ই ৰজাক সংকট আৰু জৰুৰী অৱস্থাৰ লগত মোকাবিলা কৰাৰ জ্ঞান প্ৰদান কৰে । 

গ) মোক্ষ ধৰ্ম পৰ্ব :  ইয়াত ১৭৪ নং অধ্যায়ৰ পৰা ৩৬৫ নং  অধ্যায়লৈ মোক্ষ প্ৰাপ্তিৰ উপায়সমুহ বৰ্ণনা কৰা আছে। মোক্ষ ধৰ্মৰ জ্ঞানো ৰজাৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰা হৈচিল। 

৬) ৰাজনৈতিক জীৱনৰ আন আন দিশ কিচুমান লিখা ?

উত্তৰ: ৰাজনৈতিক জীৱনৰ আন আন দিশ, যেনে - ৰজাৰ কৰ্তব্য, মন্ত্ৰীসকলৰ দায়িত্ব আদি সম্পৰ্কেও শান্তিপৰ্বত ব্যাখ্যা আছে । 

 ৬) ৰাজধৰ্ম কাক বোলে ?

উত্তৰ: ৰজাই ৰাজকাৰ্য চলাওঁতে কিছুমান নিদিষ্ট নিয়ম মানি চলিব লাগে। 

৭) শান্তিপৰ্ব মতে, প্ৰথমে মানুহে কেনে  ৰাজ্যত বসবাস কৰিছিল ?

উত্তৰ: শান্তিপৰ্ব মতে, প্ৰথমে মানুহে প্ৰাকৃতি ৰাজ্যত বসবাস কৰিছিল।

৮) শান্তিপৰ্ব মতে, শাসকগৰাকী কি ?

উত্তৰ: শাসকগৰাকী হ'ল ঈস্বৰৰ প্ৰতিনিধি ।

৯) ৰজাৰ মুখ্য দায়িত্ব কি ?

উত্তৰ: ৰজাৰ মুখ্য দায়িত্ব হ'ল শান্তি-শৃংখলাৰ আৰু ধৰ্ম ৰক্ষা কৰা।

১০) ৰজাক আৰু কি নামেৰে জনা যায় ?

উত্তৰ:ৰজাক 'ৰাজন' বুলিও কোৱা হয়।

১১) 'ৰাজন' শব্দটো কি ভাষাৰ কি শব্দ পৰা আহিছে ?

উত্তৰ: সংস্কৃত ভাষাৰ 'ৰঞ্জ' শব্দৰ পৰা আহিছে । 

১২) ইয়াৰ অৰ্থ কি লিখা ?

উত্তৰ: ইয়াৰ অৰ্থ হ'ল ৰং বা আনন্দ।

১৩) শাসকৰ জন্ম কৰ পৰা হৈছিল ? 

উত্তৰ:  সদাচাৰ আৰু ধৰ্মৰ পৰা শাসকৰ জন্ম হৈচিল ।

১৪) ঈস্বৰৰ প্ৰতিনিধি হিচাপে কাক ভবা হয় ? 

উত্তৰ: ৰজাক ঈস্বৰৰ প্ৰতিনিধি বুলি ভবা হয়।

১৫) সমাজ তথা ৰাষ্ট্ৰ কেন্দ্ৰবিন্দু কি ?

উত্তৰ:সমাজ তথা ৰাষ্ট্ৰ কেন্দ্ৰবিন্দু হ'ল শাসক ।

১৬) শান্তিপৰ্বত ৰজা এজনৰ গাত কেইটা গুণ থাকিব লাগে বুলি উল্লেখ আছে লিখা ?

উত্তৰ: শান্তিপৰ্বত ৰজা এজনৰ গাত ৩৬ গুণ থাকিব লাগে  বুলি উল্লেখ আছে । 

১৭) এই ৩৬ টা গুণক কেইটা ভাগত ভাগ কৰা আছে আৰু কি কি লিখা ?

উত্তৰ: এই ৩৬ টা গুণক তিনিতা ভাগত ভাগ কৰা হৈছে । এই ভাগ কেইটা হ'ল- আকৰ্ষণ প্ৰকূতি, বিচক্ষণতা আদি ৰজাৰ জ্ঞান, বুদ্ধি আদি আৰু জিতেন্দ্ৰিয়তা অৰ্থাৎ ৰজাৰ কৰ্মকুশলতা আৰু ইন্দ্ৰিয়ক দমন কৰিবপৰা ক্ষমতা ।  

১৮) ৰাজৰ্ধমৰ অৰ্থ কি ?

উত্তৰ: ৰাজৰ্ধমৰ অৰ্থ হ'ল বিশাল ।

১৯) 'দণ্ড' মানে কি ?

উত্তৰ: 'দণ্ড' মানে হৈছে 'শাস্তি'।

২০) 'নীতি' মানে কি ?

উত্তৰ: 'নীতি'  মানে হ'ল আইন। 

২১) মৎস্য ন্যায়ক কোনটো নীতিৰ সৈতে তুলনা কৰিব পাৰি ?

উত্তৰ: 'জোৰ যাৰ মুকুল তাৰ'  নীতিৰ সৈতে তুলনা কৰিব পাৰি

২২) ৰজাক কাৰ অংশ বুলি মনা হয় ?

 উত্তৰ: 'প্ৰজাপতি' ভগৱানৰ অংশ বুলি মনা হয়

২৩) ৰাজধৰ্মৰ এক অন্যতম চৰ্ত কি ? 

উত্তৰ: ৰাজধৰ্মৰ এক অন্যতম চৰ্ত হ'ল ৰাজনৈতিক দায়বদ্ধতা


 Type by-Junmoni Das

(Morigaon Assam)