অধ্য়ায়-৩ 

মায়া অযোধ্য়াৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দশীৰ খেলা


১। মায়া অযোধ্য়াৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দশীৰ খেলা কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ মায়া অযোধ্য়াৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দশীৰ খেলা কবিতাটোৰ ৰচক দুৰ্গাবৰ।

২। কোঁচ ৰজা বিশ্বসিংহৰ ৰাজত্বৰ সময়ত কোনজনা কবিয়ে সাহিত্য় চৰ্চা কৰিছিল বুলি জনা যায় ?

উত্তৰঃ কোঁচ ৰজা সিংহৰ ৰাজত্বৰ সময়ত দুৰ্গাবৰ কবিয়ে সাহিত্য় চৰ্চা কৰিছিল বুলি জনা যায়।

৩। কবি দুৰ্গাবৰৰ উল্লেখযোগ্য় ৰচনা খনৰ নাম কি ?

 উত্তৰঃ 'গীতি ৰামায়ণ' দুৰ্গাবৰৰ উল্লেখযোগ্য় ৰচনা।

৪। কবিৰ পিতৃৰ নাম চন্দ্ৰধৰ কায়স্থ বুলি কৰ পৰা জনা যায় ?

উত্তৰঃ কবিৰ 'বেউলা আখ্য়ান' পৰা জনা যায় যে তেওঁৰ পিতৃৰ নাম আছিল চন্দ্ৰধৰ কায়স্থ ।

৫। প্ৰাকৃতিক শোভাৰে পৰিৱেষ্টিত চিত্ৰকূট পৰ্বতৰ সৌন্দৰ্য্য়ই ৰামচন্দ্ৰৰ মনৰ সকলোবোৰ কি পাহৰাই দিলে ?

উত্তৰঃ প্ৰাকৃতিক শোভাৰে পৰিৱেষ্টিত চিত্ৰকূট পৰ্বতৰ সৌন্দৰ্য্য়ই ৰামচন্দ্ৰৰ মনৰ সকলোবোৰ দুখ পাহৰাই দিলে।

৬। মেৰখানিত প্ৰৱেশ কৰিয়েই ৰামচন্দ্ৰৰ মন আনন্দত কি হৈ পৰিল ?

উত্তৰঃ মেৰখানিত প্ৰৱেশ কৰিয়েই ৰামচন্দ্ৰৰ মন আনন্দত আত্মহাৰা হৈ পৰিল।

৭। কাৰ পুত্ৰয়ে আজি বনত শয়ন কৰিবলগীয়া হৈছে ?

উত্তৰঃ ৰজাৰ পুত্ৰয়ে হৈয়ো আজি বনত শয়ন কৰিবলগীয়া হৈছে।

৮। এতিয়াই তোমাৰ সকলোবোৰ দুখ নাইকিয়া হৈ যাব--কথাষাৰি কোনে কৈছিল ?

উত্তৰঃ এতিয়াই তোমাৰ সকলোবোৰ দুখ নাইকিয়া হৈ যাব-- কথাষাৰি সীতাই কৈছিল।

৯। সন্মুখত অযোধ্য়া নগৰৰ মনোৰম ৰূপ দেখি ৰামচন্দ্ৰৰ মন কি হৈ পৰিল ?

উত্তৰঃ সন্মুখত অযোধ্য়া নগৰৰ মনোৰম ৰূপ দেখি ৰামচন্দ্ৰৰ মন আনন্দেৰে ভৰি পৰিল।

১০। পাঠকৰ হৃদয়ত কাব্য়ৰসৰ কি প্ৰদান কৰিছে ?

উত্তৰঃ পাঠকৰ হৃদয়ত কাব্য়ৰসৰ বিমল আনন্দ প্ৰদান কৰিছে ।

১১। পাঠকৰ মন কিহেৰে ভৰি তুলিছে ?

উত্তৰঃ পাঠকৰ মন নানা নানা কৌতুহলেৰে ভৰাই তুলিছে।

১২। কবিয়ে প্ৰকৃতিক জগতত কি কৰি পেলাইছে ?

উত্তৰঃ কবিয়ে প্ৰকৃতি জগতত ঐশ্বৰ্য্য়ৰে মহিয়ান কৰি পেলাইছে।

১৩। লৌকিকতা কবিতাটিৰ আন এক কি উপাদান ?

উত্তৰঃ লৌকিকতা কবিতাটিৰ আন এক কাব্য়িক ৰসৰ উপাদান।

১৪। কবিয়ে লোক জীৱনৰ পৰা বুটলি আনি কেনেদৰে সংযোজন কৰিছে ?

উত্তৰঃ কবিয়ে লোক জীৱনৰ পৰা বুটলি আনি সুশৃংখলভাৱে সংযোজন কৰিছে।

১৫। লোকজীৱনৰ প্ৰধান অংগ ৰূপে আজিও কি হৈ আছে ?

উত্তৰঃ লোকজীৱনৰ প্ৰধান অংগ ৰূপে আজিও বিবেচিত হৈ আছে।

১৬। কবিয়ে কবিতাটোৰ মাজেৰে কি সজ্জাৰ ব্য়ৱহাৰ কৰিছে?

উত্তৰঃ কবিয়ে কবিতাটোৰ মাজেৰে এক স্বাচ্ছ্য়ন্দপূৰ্ণ ছন্দ সজ্জাৰ ব্য়ৱহাৰ কৰিছে।

১৭। কি মাত্ৰা প্ৰয়োগেৰে কবিতাটিত পদ ছন্দৰ ব্য়ৱহাৰ সুখপাঠ্য় ?

উত্তৰঃ আঠ ছয়, আঠ ছয় মাত্ৰা প্ৰয়োগেৰে কবিতাটিৰ পদ ছন্দৰ ব্য়ৱহাৰ সুখপাঠ্য়।

১৮। ভোগ নিৰ্ভৰ কৰে মানুহৰ কিহৰ ওপৰত ?

উত্তৰঃ ভোগ নিৰ্ভৰ কৰে মানুহৰ সাধন মাৰ্গৰ ওপৰত।

১৯। দুৰ্গাবৰ কায়স্থই ৰচনা কৰা এখন প্ৰসিদ্ধ গ্ৰন্থৰ নাম ।

উত্তৰঃ গীতি ৰামায়ণ দুৰ্গাবৰ কায়স্থই ৰচনা কৰা এখন প্ৰসিদ্ধ গ্ৰন্থ।

২০। গীতি ৰামায়ণ গ্ৰন্থখন কৰাৰ সময়ত লৌকিক ঘটনাৰাজিয়ে কি লাব কৰিছিল ?

উত্তৰঃ গীতি ৰামায়ণে গ্ৰন্থখন কৰাৰ সময়ত লৌকিক ঘটনাৰাজিয়ে বিশেষ গুৰুত্ব লাভ কৰিছিল।

২১। অহিৰ ৰাগৰ সমাৱেশে কাব্য়খনৰ মাদকতা ৰক্ষা কৰি পাঠকৰ মন কি কৰিবলৈ সক্ষম হৈছিল ?

উত্তৰঃ অহিৰ ৰাগৰ সমাৱেশে কাব্য়খনৰ মাদকতা ৰক্ষা কৰি পাঠকৰ মন জিনিবলৈ সক্ষম হৈছিল।

Type Janmoni hazarika 





Post ID :DABP004790