Chapter 3

পৰমসত্তা বা পৰমব্ৰহ্ম

Ultimate Reality


Short Questions / চমু প্রশ্ন :

1. What is the Ultimate Reality according to Upanishads? 

উপনিষদ মতে পৰমসত্তাটো কি?

উত্তৰঃউপনিষদ মতে পৰমসত্তাটো হল- পৰমব্ৰহ্ম।


2. What is the literal meaning of 'Brahman'? 

‘ব্ৰহ্ম’ শব্দটোৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ'ব্ৰহ্ম' শব্দটো 'বৃহ' ধাতুৰ পৰা নিষ্পন্ন কৰা হৈছে। 'বৃহ' ধাতুৰ লগত 'মন' প্ৰত্য়য়যোগে ব্ৰহ্ম শব্দটো নিষ্পন্ন কৰিছে।'বৃহ' শব্দৰ অৰ্থ হল 'মহৎ বা ব্য়াপক' আৰু 'মন' প্ৰত্য়য়ৰ অৰ্থ হল 'অতিশয়'।

  

3. What do you mean by Brahman? 

ব্রহ্ম মানে কি বুজা?

উত্তৰঃব্ৰহ্ম হল সমগ্ৰ জগতৰ কাৰণ।ব্ৰহ্ম এনে এটি সত্তা যি অতিশয় মহৎ বা ব্য়াপক।


4. What is Tatjjalan'? 

তজ্জলান মানে কি।

উত্তৰঃ ব্ৰহ্মৰ পৰাই সমগ্ৰ বিশ্বজগতৰ উৎপত্তি হৈছে আৰু পৰিণতিত সমগ্ৰ জগত ব্ৰহ্মতেই  বিলীন হৈ যায়। ছান্দোগ্য়োপনিষদত ব্ৰহ্মক 'তজ্জলান' বুলি কোৱা হৈছে।


5. What is the literal meaning of 'Tatjjalan'? 

‘তজ্জলান’ শব্দৰ আক্ষৰিক অর্থ কি?

উত্তৰঃ


6. What are the two forms of Brahman?

ব্ৰহ্মৰ ৰূপ দুটা কি কি?

উত্তৰঃ ব্ৰহ্মৰ ৰূপ দুটা হল-পৰ ব্ৰহ্ম আৰু অপৰ ব্ৰহ্ম।


7. What is Para Brahman? 

পৰ ব্ৰহ্ম কাক বোলে?

উত্তৰঃ পৰ ব্ৰহ্মক নিৰ্গুণ ব্ৰহ্ম বুলি কোৱা হয়। পৰব্ৰহ্ম অসীম, নিৰ্গুণ, নিৰ্বিশেষ আৰু নিৰ্বিকল্প।উপনিষদত এই পৰ ব্ৰহ্মকে পৰমব্ৰহ্ম বুলি কোৱা হয়।


8. What is Apara Brahman?

অপৰ ব্ৰহ্ম কাক বোলে?

উত্তৰঃ অপৰ ব্ৰহ্মক সগুণ ব্ৰহ্ম বুলি কোৱা হয়। অপৰ ব্ৰহ্ম সবিশেষ, সগুণ, সবিকল্প। অপৰ ব্ৰহ্ম সগুণ হোৱা বাবে ই উপাসনাৰ বিষয়। অপৰ ব্ৰহ্মক ঈশ্বৰ বুলি কোৱা হয়।


9. What is saguna Brahman? 

সগুণ ব্ৰহ্ম কাক বোলে?

উত্তৰঃ সগুণ ব্ৰহ্মক ঈশ্বৰ বুলি কোৱা হয়। সগুণ ব্ৰহ্ম সৰ্বব্য়াপক আৰু সৰ্বশক্তিমান। সগুণ ব্ৰহ্ম সমস্ত জগতৰ কৰ্তা, জ্ঞাতা, হৰ্তা আৰু নিয়ন্তা।ই সকলো জীৱৰ ভাগ্য়বিধাতা।


10. What is Nirguna Brahman? 

নিগুণ ব্ৰহ্ম কাক বোলে?

উত্তৰঃ নিৰ্গুণ ব্ৰহ্ম অসীম, নিৰ্বিশেষ,নিৰ্বিকল্পক আৰু নিৰুপাধিক।নিৰ্গুণ ব্ৰহ্ম উপাসনাৰ বিষয় নহয়।নিৰ্গুণ ব্ৰহ্মৰ ব্য়াখ্য়া 'নেতি নেতি' আকাৰত বৰ্ণনা কৰা হয়।


11. State any two difference between Saguna and Nirguna Brahman. 

সগুণ আৰু নিৰ্গুণ ব্ৰহ্মৰ মাজৰ দুটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ সগুণ আৰু নিৰ্গুণ ব্ৰহ্মৰ মাজৰ দুটা পাৰ্থক্য় হল-

i) সগুণৰ অৰ্থ হৈছে গুণাগুণৰ সৈতে।

                       আনহাতে, নিগুণৰ অৰ্থ হৈছে গুণাগুণৰ অবিহনে।

ii) সগুণ ব্ৰহ্ম দৈশিক, কালিক আৰু জগতৰ প্ৰভূ।

        আনহাতে, নিৰ্গুণ ব্ৰহ্ম অ-দৈশিক, অ-কালিক আৰু জগতৰহিত।


12. State any two difference between Para and Apara Brahman.

পৰ আৰু অপৰ ব্ৰহ্মৰ মাজত দুটা পার্থক্য লিখা।

উত্তৰঃপৰ আৰু অপৰ ব্ৰহ্মৰ মাজৰ দুটা পাৰ্থক্য় হল- 

i)পৰ ব্ৰহ্ম অসীম,নিৰ্গুণ, নিৰ্বিশেষ, নিৰ্বিকল্প আৰু নিৰুপাধিক।

        আনহাতে, অপৰ ব্ৰহ্ম সবিশেষ, সগুণ, সবিকল্প আৰু সোপাধিক।

ii) পৰ ব্ৰহ্ম নিৰ্গুণ হোৱাৰ বাবে উপাসনাৰ বিষয় নহয়।

            কিন্তু, অপৰ ব্ৰহ্ম সগুণ হোৱাৰ বাবে ই উপাসনাৰ বিষয়।


13. According to the Upanishads God is a Para Brahman / Apara Brahman. 

উপনিষদ মতে ঈশ্বৰ হ'ল পৰ ব্ৰহ্ম / অপৰ ব্ৰহ্ম।

উত্তৰঃ অপৰ ব্ৰহ্ম।


14. According to the Upanishads God is a Saguna Brahman / Nirguna Brahman.

উপনিষদ মতে ঈশ্বৰ হ’ল সগুণ ব্ৰহ্ম / নিৰ্গুণ ব্রহ্ম।

উত্তৰঃ সগুণ ব্ৰহ্ম।


15. Are Brahman and Atman identical? 

ব্ৰহ্ম আৰু আত্মা অভিন্ন নে?

উত্তৰঃহয়, ব্ৰহ্ম আৰু আত্মা অভিন্ন।


16. What is Atman, according to Upanishads?

উপনিষদ মতে আত্মা কাক কয়?

উত্তৰঃ উপনিষদ মতে, জগতৰ উৎপত্তিৰ মূলতে হৈছে আত্মা।


17. What is Tattvamasi?

তত্ত্বমসি মানে কি?

উত্তৰঃ তত্ত্বমসি মানে হল-তুমিয়ে সেই অৰ্থাৎ তুমিই ব্ৰহ্ম।


18. What do you mean by Aham Brahma Asmi? 

অহং ব্রহ্মাস্মি বুলিলে কি বুজা?

উত্তৰঃ অহং ব্ৰহ্মাস্মি মানে হল- মইয়ে ব্ৰহ্ম।


19. What do you mean by Ayam Atma Brahma ? 

আয়মাত্মা ব্রহ্ম বুলিলে কি বুজা?

উত্তৰঃ আয়মাত্মা ব্ৰহ্ম  মানে হল- আত্মাই ব্ৰহ্ম।


20. What do you mean by Soham? 

সোহহম মানে কি ?

উত্তৰঃসোহহম মানে হল- সেইটো মই।


21. What is ultimate ground of the world? 

জগতৰ মূল ভিত্তি কি?

উত্তৰঃ জগতৰ মূল ভিত্তি হল- ঈশ্বৰ বা ব্ৰহ্ম।


22.  Who is regarded as the efficient cause of the world?

জগতৰ নিমিত্ত কাৰণ হিচাপে কাক গণ্য কৰা হয়?

উত্তৰঃ জগতৰ নিমিত্ত কাৰণ হিচাপে ব্ৰহ্মক গণ্য় কৰা হয়।


23. Who is regarded as the matterial cause of the world?

জগতৰ উপাদান কাৰণ হিচাপে কাক গণ্য কৰা হয়?

উত্তৰঃ জগতৰ উপাদান কাৰণ হিচাপে ব্ৰহ্মক গণ্য় কৰা হয়।


24. Is the world real, according to Upanishad ? 

উপনিষদৰ মতে জগত সঁচা নে?

উত্তৰঃ

Broad Questions / ৰচনাধৰ্মী প্রশ্ন :

1. Explain Upanisadic concept of Ultimate Reality or Brahman. 

উপনিষদৰ পৰমসত্তা বা ব্ৰহ্মৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ

2₁ Write Short note on Atman of Upanisad. 

উপনিষদৰ আত্মাৰ ধাৰণাটোৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ

3. Explain the Upanisadic doctrine of maya.

উপনিষদৰ মায়াৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ

4. Explain the Upanisadic concept of Brahman a world-ground. 

জগতৰ ভিত্তি হিচাপে উপনিষদীয় ব্ৰহ্মৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ

5. Explain the Upanisadic doctrine of the world or jagat. 

উপনিষদৰ জগত তত্ত্বটো ব্যাখ্যা কৰা।

উত্তৰঃ

6. What is maya? Is maya real? 

মায়া কাক বোলে? মায়া সঁচা নে?

উত্তৰঃ

7. Explain the relation between Atman and Brahman. 

আত্মা আৰু ব্ৰহ্মৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ

8. Are Brahman and Atman identical? Explain. 

ব্ৰহ্ম আৰু আত্মা অভিন্ন নে? ব্যাখ্যা কৰা।

উত্তৰঃ

9. Discuss the cosmic and acosmic ideal of Brahman. 

ব্ৰহ্ম আৰু আত্মা অভিন্ন নে? ব্যাখ্যা কৰা।

উত্তৰঃ

Type- Ishant Bora