অধ্য়ায়-৪ 

শৰৎ বৰ্ণনা

১। শৰৎ বৰ্ণনা কবিতাটো কোনো ৰচনা কৰিছিল ?

উত্তৰঃ শৰৎ বৰ্ণনা কবিতাটো শঙ্কৰদেৱে ৰচনা কৰিছিল।

২। শৰৎ বৰ্ণনা কবিতাটো ক'ৰ পৰা তুলি দিয়া হৈছে ?

উত্তৰঃ শৰৎ বৰ্ণনা কবিতাটো দশম স্কন্ধৰ পৰা তুলি দিয়া হৈছে।

৩। শ্ৰী মন্ত শঙ্কৰদেৱৰ কিমান চনত আৰু ক'ত  জন্ম হৈছিল ?

উত্তৰঃ শ্ৰী মন্ত শঙ্কৰদেৱৰ জন্ম ১৪৪৯ চনৰ নগাঁও জিলাৰ বৰদোৱাত জন্ম হৈছিল।

৪। শঙ্কৰদেৱৰ মাতৃ বিয়োগ হোৱাত তেওঁ কাৰ লগত জীৱন অতিবাহিত কৰিছিল ?

উত্তৰঃ শঙ্কৰদেৱৰ মাতৃ বিয়োগ হোৱাত তেওঁ বুঢ়ীমাক খেৰসুতিৰ লগত জীৱন অতিবাহিত কৰিছিল ।

৫। শঙ্কৰদেৱে ৰচনা কৰা কাব্য় দুখনৰ নাম লিখা।

উত্তৰঃ শঙ্কৰদেৱে ৰচনা কৰা কাব্য় দুখন হল-হৰিচন্দ্ৰ উপখ্য়ান গজেন্দ্ৰ উপখ্য়ান 

৬। কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ কি কৰিবলৈ প্ৰয়াস কৰিছে ?

উত্তৰঃ  কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ এটি ঋতুৰ গুণানুকীৰ্ত্তন কৰিবলৈ প্ৰয়াস কৰিছে ।

৭। সকলো ঋতুতকৈ শ্ৰেষ্ঠ আৰু মনোমহা ঋতুটো কি ?

উত্তৰঃ সকলো ঋতুতকৈ শ্ৰেষ্ঠ আৰু মনোমহা ঋতুতো হল-শৰৎ ঋতু।

৮। কবিতাটোত শুক মুনিয়ে ৰজাক সম্বুুধি কি কৈছে ?

উত্তৰঃ কবিতাটোত শুক মুনিয়ে ৰজাক সম্বুধি কৈছে- 'হে ৰজা বাৰিষা কাল উকলি গ'ল।

৯। কৃষ্ণ ভকতি কৰিলে অন্তৰ কি হৈ পৰে ?

উত্তৰঃ কৃষ্ণ ভকতি কৰিলে অন্তৰ নিৰ্মল হৈ পৰে।

১০। মহাদুখী মনুষ্য়বোৰে কৃষ্ণত ভকতি নকৰি কি ভোগ কৰে ?

উত্তৰঃ মহাদুখী মনুষ্য়বোৰে কৃষ্ণত ভকতি নকৰি নানা দুখ ভোগ কৰে ।

১১। কৃষ্ণ পদ সেৱা কৰিলেই সকলো কি লাভ কৰা হয় ?

উত্তৰঃ কৃষ্ণ পদ সেৱা কৰিলেই সকলো ঐশ্বৰ্য্য়-বিভূতি লাব কৰা হয়।

১২। প্ৰকৃতিক সাহিত্য়ক কি বুলি কোৱা হয় ?

উত্তৰঃ প্ৰকৃতিক সাহিত্য়ৰ এক অন্য়তম উপাদান বুলি কোৱা হয়।

১৩। বেছিভাগ সাহিত্য়ই প্ৰকৃতিক নিজ ৰূপত গ্ৰহণ কৰি কি আগবাঢ়ি গৈছে ?

উত্তৰঃ বেছিভাগ সাহিত্য়ই প্ৰকৃতিক নিজ ৰূপত গ্ৰহণ কৰি পৰিঘটনাসমূহ আগবাঢ়ি গৈছে ।

১৪। কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ কি দাঙি ধৰিছে ?

উত্তৰঃ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ অনুপম বৰ্ণনা দাঙি ধৰিছে।

১৫। পৰ্ব্বতমালাৰ বিভিন্ন কোণৰ পৰা জলাধাৰ নামি আহি কি কৰে ?

উত্তৰঃ পৰ্ব্বতমালাৰ বিভিন্ন কোণৰ পৰা জলাধাৰ নামি আহি ভৈয়াম উজ্জীৱিত কৰে।

১৬। বিশিষ্ট জ্ঞানী শিষ্য়জনক কি প্ৰদান কৰে ?

উত্তৰঃ বিশিষ্ট জ্ঞানী শিষ্য়জনক তাৰ গুঢ়াৰ্থ তত্ত্ব প্ৰদান কৰে।

১৭। উপমা অলংকাৰৰ বৰ্ণনা কি ?

উত্তৰঃ উপমা অংকাৰৰ বৰ্ণনা অতি চমৎকাৰপূৰ্ণ।

১৮। প্ৰকৃতিৰ এনেবোৰ বৰ্ণনাই সততে পাঠকৰ মনত কি দান কৰিব পাৰে ?

উত্তৰঃ প্ৰকৃতিৰ এনেবোৰ বৰ্ণনাই সততে পাঠকৰ মনত এক অফুৰন্ত আনন্দ দান কৰিব পাৰে।

১৯। শৰত কালৰ সমান সুখৰ কাল আৰু নাই। কথাষাৰি কোনে কৈছিল ?

উত্তৰঃ শৰত কালৰ সমান সুখৰ কাল আৰু নাই। কথাষাৰি --কবিয়ে কৈছিল।

২০। শৰত কালৰ ইমানবোৰ কাৰ্য্য়ৰ মূল কাৰণ কি বুলি কবিয়ে জানিব দিছে?

উত্তৰঃ শৰত কালৰ ইমানবোৰ কাৰ্য্য়ৰ মূল কাৰণ হৰি ভকতি বুলি জানিব কবিয়ে জানিব দিছে।

Type Janmoni Hazarika 




Post ID : DABP004789