পাঠ-৫

অগ্গন্নসুওা (দীঘা নিকায়) : ৰাজত্ব তত্ত্ব


১) খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু পঞ্চম শতিকাত ভাৰতবৰ্ষত বৌদ্ধধৰ্মীয় চিন্তাধাৰাৰ কি হৈছিল ?

উত্তৰ: খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু পঞ্চম শতিকাত ভাৰতবৰ্ষত বৌদ্ধধৰ্মীয় চিন্তাধাৰাৰ বিকাশ হৈছিল।

২) ইয়াৰ ৰাজধানি কি আছিল?

  উত্তৰ: ইয়াৰ ৰাজধানি আছিল কপিলাবস্তু ।

৩) তেওঁৰ গাত কি গুণ দেখা পোৱা গৈছিল ?

উত্তৰ: তেওঁৰ গাত ৰাজকীয় গুণ দেখা পোৱা গৈছিল।

৪) বুদ্ধৰ উপদেশপূৰ্ণ উক্তি আৰু আন আন কথোপকথনসমুহৰ সংগ্ৰহক কি বুলি জনা যায় ?

উত্তৰ: বুদ্ধৰ উপদেশপূৰ্ণ উক্তি আৰু আন আন কথোপকথনসমুহৰ সংগ্ৰহক " এিপিটক " বুলি জনা যায় ।

৫) "এিপিটক" কি ?

উত্তৰ: "এিপিটক" হ'ল তিনিখন 'পিটক' (গ্ৰন্থ) ৰ সমষ্টি।

৬) ইয়াৰ প্ৰথম খন গ্ৰন্থ নাম কি ?

উত্তৰ: ইয়াৰ প্ৰথম খন গ্ৰন্থ নাম হ'ল বিনয়পটক ।

৭) 'পিটক'  শব্দটো  কি ভাষাৰ পৰা আহা ?

উত্তৰ: 'পিটক'  শব্দটো   পালিভাষাৰ পৰা অহা।

৮) 'পিটক' শব্দটো পালিভাষাত ইয়াৰ  অৰ্থ কি ?

উত্তৰ: 'পিটক'  শব্দটো পালিভাষাত ইয়াৰ  অৰ্থ  হ'ল খৰাহী।

৯) 'সুওা পিটক'ত কেই'টা নিকায় আছে ?

উত্তৰ: 'সুওা পিটক'ত পাঁচটা নিকায় আছে ।

১০) নিকায় বুলিলে কি বুজায় ?

উত্তৰ: নিকায় বুলিলে বুদ্ধদেৱৰ বক্ততাসমুহৰ সংকলনকে বুজায় যায়।

১১) দীঘা নিকায়ত মুঠতে কেইটা বক্তৃতা আছে ?

উত্তৰ: দীঘা নিকায়ত মুঠতে ৩৪ টা বক্তৃতা আছে ।

১২) কেইটা বক্তৃতা একেলগে 'অগ্গন্নসুওা' বুলি কোৱা হয় ?

উত্তৰ: ২৭ টা বক্তৃতা ক একেলগে 'অগ্গন্নসুওা' বুলি কোৱা হয় ।

১৩) ৰাজপদ ধাৰণাটোৱে কি বুজায় ?

উত্তৰ: ৰাজপদ ধাৰণাটোৱে ইয়াত ৰাষ্ট্ৰকেই বুজাইছে ।

১৪) ইংৰাজি ভাষাৰ 'State' শব্দ টো কি ভাষাৰ কি শব্দৰ লগত মিল আছে ?

উত্তৰ: ইংৰাজি ভাষাৰ 'State' শব্দ টো পালি ভাষাৰ 'ৰঠ' ৰ লগত মিল আছে ।

১৫) বৌদ্ধ ধৰ্মৰ শাস্ত্ৰ মতে, ৰাষ্ট্ৰ এটা কি বস্তু নহয় ?

উত্তৰ:  বৌদ্ধ ধৰ্মৰ শাস্ত্ৰ মতে, ৰাষ্ট্ৰ এটা স্বাধীন বস্তু নহয়।

১৬) মগধৰ ৰজা বিম্বিসাৰে কিমান নগৰৰ ওপৰত তেওঁ সাৰ্বভৌমত্ব ব্যবহাৰ কৰিছিল?

উত্তৰ: মগধৰ ৰজা বিম্বিসাৰে  ৮০,০০০ নগৰৰওপৰত তেওঁ সাৰ্বভৌমত্ব ব্যবহাৰ কৰিছিল।

১৭) "ধৰ্ম্মপদ" ৰ ভাষ্য মতে, মগধ ৰাজ্যত কিমান কোটি জনসংখ্যা আছিল?

উত্তৰ:  "ধৰ্ম্মপদ" ৰ ভাষ্য মতে , মগধ ৰাজ্যত ১৮ কোটি  জনসংখ্যা আছিল।

১৮) বুদ্ধৰ ৰাষ্ট্ৰৰ ধাৰণাটোক কেই ধৰণে আলেচনা কৰিব পাৰি আৰু কি কি ?

উত্তৰ: বুদ্ধৰ ৰাষ্ট্ৰৰ ধাৰণাটোক  দুই ধৰমে আলোচনা কৰিব পাৰি। সেইকেইটা হ'ল: (ক) ৰাষ্ট্ৰৰ উৎপওি আৰু (খ) ৰাষ্ট্ৰৰ শাসক আৰু তেওঁলোকৰ গুণ বা অৰ্হতা।

১৯) জনমতৰ এক প্ৰকাৰৰ কি ক্ষমতা আছিল ?

উত্তৰ: জনমতৰ এক প্ৰকাৰৰ সাৰ্বভৌম ক্ষমতা আছিল।

২০) 'বলম' শব্দটোৰ কি শব্দৰ পৰা আহিছে ?

উত্তৰ: 'বলম' শব্দটোৰ 'বল' শব্দৰ পৰা আহিছে।







Type by - Pinku Moni Bora .