নৱম অধ্যায় 

খ্ৰীঃ অষ্টদশ শতিকাৰ পৰা আহোম শাসনৰ শেষলৈ অসম



প্ৰশ্নাৱলী

 

● অতি চমু প্রশ্ন (Very Short Questions ) :

 

 ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল? (Who is the Ahom name of Rudra Singha?)

 Answerঃ ৰুদ্ৰসিংহৰ আহোম নাম হল চুখ্ৰাংফা ।


 ৰুদ্ৰ সিংহ কোন বংশৰ লোক আছিল? (Rudra Singha belonged to which family?)

 Answerঃ ৰুদ্ৰসিংহ তুংখুঙীয়া বংশৰ লোকআছিল ।


 কৃষ্ণৰাম ভট্টাচার্য ন্যায়বাগীশ কোন আছিল? (Who was Krishnaram Bhattarchrya Nyabagish?)

 Answerঃ কৃষ্ণৰাম ভট্টাচাৰ্য ন্যায়বাগীশ হল এজন শাক্তধৰ্মৰ পণ্ডিত ।


 চতুর্ভুজ মহন্ত কোন সত্ৰৰ সত্ৰাধিকাৰ আছিল? (Chaturbhuj Mahanta was the Satradhikar of which Satra?)

 Answerঃ চতুভূৰ্জ মহন্ত মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ আছিল । 


 অসমৰ শেষৰজন স্বাধীন ৰজা কোন আছিল? (Who was the last independent King of Assam?)

 Answerঃ অসমৰ শেষৰজন স্বাধীন ৰজা হল পুৰন্দৰ সিংহ ।


 ইয়াণ্ডাবু সন্ধি কোন ঠাইত স্বাক্ষৰিত হৈছিল? (Yandaboo treaty was signed in which Place?)

 Answerঃ ইয়াণ্ডাবু সন্ধি ব্ৰহ্মপুত্ৰৰ আভাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দুৰত্বৰ ইয়াণ্ডাবু নামৰ ঠাইত স্বাক্ষৰিত হৈছিল ।


চমু প্রশ্ন (Short Questions ) :

 

 ৰুদ্ৰ সিংহৰ সময়ৰ দুটা স্থাপত্য উল্লেখ কৰা (Mention two archi tecture of Rudra Singha's Period.)

 Answerঃ  ৰুদ্ৰসিংহৰ সময়ৰ দুটা স্থাপত্য হল ফাকুৱা দৌল, নামদাঙৰ শিলৰ সাকো । 


 মোৱামৰীয়া বিদ্ৰোহৰ দুটা কাৰণ লিখা (Write two cause of the Moamoria uprising)

 Answerঃ মোৱামৰীয়া বিদ্ৰোহৰ দুটা কাৰণ হল 

ক)  সএসমূহত গুৰুৰ ক্ৰমে বাঢ়ি অহা প্ৰভাৱ ।

খ) গুৰুৰ প্ৰতি ভকতসকলৰ অচলা ভক্তি ।


 মানৰ আক্ৰমণৰ দুটা কাৰণ লিখা (Mention two cause of Burmise inavsion)

 Answerঃ মানৰ আক্ৰমণৰ দুটা কাৰণ হল

ক)আহোম সৈন্য আৰু প্ৰতিবেশী ৰজাৰ মাজত সৃষ্টি হোৱা আভ্যন্তৰীণ বিদ্ৰোহ ।
খ) বদনচন্দ্ৰক বৰফুকন ভঙাৰ বাবে সৃষ্টি হোৱা বিদ্ৰোহ ।  


 ৰাধা আৰু ৰুক্মিণী কোন আছিল আৰু তেওঁলোকে কাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল?

 (Who was Radha and Rukmini and against whom they fought?)

 Answerঃ ৰাধা আৰু ৰুক্মিণী হল নাহৰ খোৰাৰ দুই পত্নী আছিল । তেএঁলোকে আহোমৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ।


→ চমু টোকা (Short Notes) :

 

  ৰুদ্ৰ সিংহৰ প্ৰশাসনিক সংস্কাৰ (Administrative reforms of Rudra Singha)

 Answerঃ ৰুদ্ৰসিংহৰ প্ৰশাসনিক সংস্কাৰঃ 

প্ৰশাসনিক ক্ষেত্ৰত ৰুদ্ৰসিংহই পাঁচটা নতুন খেলৰ সৃষ্টি কৰিছিল । প্ৰশাসনৰ অংগ এই খেলসমূহ আৰু তেওঁলোকৰ কাৰ্যাৱলী আছিল ।

কটকীঃ ৰজাৰ পত্ৰবাহক হিচাপে অন্য দেশৰ ৰজা, নৱাব, আৰু ৰাজ্যৰ ভিতৰত অন্যান্য বিষয়ৰ লগত যোগাযোহ কৰা .

কাকতিঃ ৰজাঘৰৰ আয়-ব্যয়ৰ লগতে পাইকৰ নিয়োগ কৰা ।

বৈৰাগীঃ ছদ্মবেশেৰে ঘুৰি বিভিন্ন স্থানৰ ধৰ্মীয় তথা সাংস্কৃতিক জীৱনৰ অধ্যয়নৰ লগতে দিশ-বিদেশৰ বাতৰি ৰখা .

খাউণ্ডঃ বিদেশলৈ গৈ ৰজাৰ বয়-বস্তু ক্ৰয় কৰা আৰু ৰাজপৰিয়ালৰ ধৰ্মীয় কাম কৰা ।

দলৈঃ জ্যোতিষ শাস্ত্ৰমতে গণনা কৰি দেশ, ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ ভাল-বেয়া বিচাৰ কৰা ।


 পূৰ্ণানন্দ বুঢ়াগোহাঁই (Purnananda Buragohain)

 Answerঃ পূৰ্ণানন্দ বুঢ়াগোহাই হল ঘনশ্যাম বুঢ়াগোহাই পুতেক আছিল । তেওঁ প্ৰায় ৩৪ বছৰ কাল বুঢ়াগোহাই পদবীটোত অধিষ্ঠিত আছিল ।       


 ইয়াণ্ডাবু সন্ধি (Treaty of Yandaboo)

 Answerঃ ইয়াণ্ডাবু সন্ধিৰ ফলত প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ অন্ত পৰিছিল । খ্ৰীঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু বাৰ্মীজৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তিত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ হৈ জেনেৰেল চাৰ অৰ্কিবত কেম্পৱেল আৰু আভা বা বাৰ্মী পক্ষৰ হৈ লিগিয়াঙৰ গৱৰ্ণৰ মহা-মিন-লা-য়াউ -টিনে স্বাক্ষৰ কৰিছিল । ব্ৰহ্মদেশ আভাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দুৰত্বৰ ইয়াণ্ডাবু নামৰ ঠাইত এই চুক্তিখন স্বাক্ষৰিত হৈছিল । 

এই ইয়াণ্ডাবু সন্ধি অনুসৰি ব্ৰিটিছ আৰু বাৰ্মী বা মানসকলৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পৰে । এই চুক্তিয়ে দুয়ো শক্তিৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিছিল । এই চুক্তিৰ কেইটামান উল্লেখযোগ্য চৰ্ত আছিল ।

ক) ব্ৰহ্মৰাজে ব্ৰিটিছক উপযুক্ত ক্ষতিপুৰণ দিব ।

খ) ব্ৰহ্মদেশৰ ৰজাই অসম আৰু ইয়াৰ তলতীয়া ৰাজ্যসমূহৰ ওপৰত থকা সকলো অধিকাৰ পৰিত্যাগ কৰিব ।

গ) গম্ভীৰ সিঙক মণিপুৰৰ শাসক হিচাপে স্বীকৃতি দিয়া হয় ।

ঘ) আৰাকান, টেনচেলিম , য়েহ আদি অঞ্চল কোম্পানীক এৰি দিয়া হয় ।

ঙ) ব্ৰহ্মদেশত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখাৰ ব্যৱস্থা ।

চ) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত বাৰ্মাৰ হস্তক্ষেপ বন্ধ ইত্যাদি ।

ইয়াণ্ডাবু সন্ধিৰ ফলত অসমত বাৰ্মীসকলৰ অধিকাৰ লুপ্ত হয় । এই সুবিধা পাছত বাৰ্মী বা মানসকলে অসম আক্ৰমণ কৰা নাছিল । ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰ কৰোতে আহোম ৰজাৰ কোনো প্ৰতিনিধি তাত উপস্থিত নাছিল । অথচ এই চুক্তি সম্পাদনৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাত এক ক্ষমতাশুন্য পৰিস্থিতিৰ সৃষ্টি হৈছিল । 


● ৰচনাধৰ্মী প্রশ্ন (Essay type Questions ) :

 

 মোৱামৰীয়া বিদ্ৰোহৰ ওপৰত এটা টোকা (Write a note on Moamoria uprising) (A)

 Answerঃ  আহোম ৰাজ্যৰ পতনৰ অন্যতম কাৰণ আছিল মোৱামৰীয়া বিদ্ৰোহ । মোৱামৰীয়া হল এক ধৰ্মীয় সম্প্ৰদায় ।  এই ধৰ্মীয় সম্প্ৰদায়ৰ মূল ভেটি আছিল মায়ামৰা বা মোৱামৰীয়া সত্ৰ । মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ এজন সম্পৰ্কীয় অনিৰুদ্ধদেৱে এই মায়ামৰা সত্ৰ বা মোৱামৰীয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিল । এই সত্ৰ কাল-স্স্কৃতিৰ অন্তৰ্গত আছিল । অসমত কাল-সংস্কৃতি ধাৰাৰ প্ৰতিষ্ঠা কৰিছিল গোপালদেৱে । তেওঁ নৱবৈষ্ণৱবাদৰ গণতান্ত্ৰিক আদৰ্শসমূহ অনুধাৱন কৰাৰ লগতে জনজাতীয় লোকসকলকো এই ধাৰাত শৰণ দিয়াৰ ব্যস্থা কৰিছিল । শুদ্ৰ মহন্তৰ দ্বাৰা এই কাল-সংহতিৰ সত্ৰসমূহ পৰিচালিত হৈছিল । অসমত সৰ্বমুঠ বাৰখন কাল-সংহতিৰ সত্ৰ আছিল । তাৰ ভিতৰত অন্যতম আছিল মায়ামৰা বা মোৱামৰীয়া সত্ৰ । নৱবৈষ্ণৱসকলৰ আদৰ্শৰে প্ৰতিষ্ঠিত মোৱামৰীয়া সত্ৰত সকলো শ্ৰেণী বা বৰ্ণ আৰু গোত্ৰৰ সকলো সদস্য হব পাৰিছিল । তদুপৰি জাতি-বৰ্ণ নিৰ্বিশেষে সকলো সদস্যক সমমৰ্যাদা প্ৰদান কৰা হৈছিল । এই সত্ৰৰ সদস্যসকলে ব্ৰাহ্মণ পুজাৰীৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰখা নাছিল । আহোম ৰাজত্বৰ শেষৰ ফালে হোৱা কিছুমান ঘটনাই এই মোৱামৰীয়া নামৰ ধৰ্মীয় সম্প্ৰদায়টোক এক সামৰিক তথা যুজাৰু শ্ৰেমীলৈ পৰিৱৰ্তন হবলৈ বাধ্য কৰাইছিল । শাসকশ্ৰেণীৰ শোষণ-নিপীড়ণ আৰু আৰ্থিক বৈষম্য তথা সামাজিক সংকট দুৰ কৰিবলৈ এই মোৱামৰীয়া সম্প্ৰদায়ৰ লোকসকল মাৰবান্ধি থিয় দিছিল । আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মোৱামৰীয়াসকলে আহোম ৰাজত্বৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে বিদ্ৰোহ আৰম্ব কৰিছিল । স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত দ্বিতীয় আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল । এই বিদ্ৰোহ দমনৰ বাবে আহোম প্ৰশাসনে ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ওচৰত সহায় বিচাৰিবলৈ বাধ্য হৈছিল । মোৱামৰীয়া বিদ্ৰোহ দমনৰ বাবে কলিকতাৰ পৰা ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে কেপ্তেইন ৱেলছক অসমলৈ পঠাইছিল । কেপ্তেইন ৱেলছৰ অসম অভিযানৰ ফলত মোৱামৰীয়া বিদ্ৰোহ দমন কৰা সম্ভৱ হৈছিল মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ চতুভূজ মহন্তই নিজৰ াৰু শিষ্য নাহৰৰ ওপৰত কীৰ্তিচন্দ্ৰই কৰা অপমানৰ পোটক তুলিবলৈ নিজৰ শিষ্যসকলক আহোম ৰাজতন্ত্ৰৰ বিপক্ষে একত্ৰিত কৰালে । তেওঁ নিজৰ পুতেক বায়ন ডেকাক শিষ্যসকলৰ সৈতে নামৰূপৰ ফালে পঠালে । নামৰূপত থকা শি,যসকলক বায়ন ডেকাই একত্ৰিত কৰে । তেওঁ নামৰূপীয়া ৰজা উপাধি গ্ৰহণ কৰে । আহোম ৰাজসিংহাসনৰ পৰা বঞ্চিত হোৱা স্বৰ্গদেউ লক্ষ্মী সিংহৰ ককায়েক বৰজনা গোহঁই মোহনৱালা কোঁৱৰো বিদ্ৰীসকলৰ লগ লাগে । বৰবৰুৱাই পঠিওৱা মানুহক মৰাণ অঞ্চলত খৰি কাটিবলৈ স্থানীয়  লোকে বাধা দিয়াৰ পৰিপেক্ষিতত খ্ৰীঃ ১৭৬৯ ৰ অক্টোবৰ নৱেম্বৰ মাহত প্ৰথম মোৱামৰীয়াসকলে ৰাজতন্ত্ৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ কৰে । 


 বাৰ্মী আক্ৰমণ আৰু অসমৰ ৰাজনীতিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপৰ ওপৰত আলোচনা কৰা৷

(Discuss about Burmise in vasion and the Interfere of British East India Company in Assam's Politics.)

Answerঃ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ পাছত ক্ৰমে কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ আহোমৰ সিংহাসনত আৰোহণ কৰিছিল । চন্দ্ৰকান্ত সিংহৰ শাসনকালত পূৰ্ণানন্দ বুঢ়াগোহাই শাসনৰ সৰ্বেসৰ্বা হৈ উঠিছিল । সেই সময়ত আহোম ৰাজ্যত অন্য এজন শক্তিশালী বিষয়া আছিল গুৱাহাটীৰ বদন চন্দ্ৰ বৰফুকন । চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাই আৰু বদনচন্দ্ৰ বৰফুনৰ মাজত হোৱা বিবাদৰ ফলত বাৰ্মী বা মানসকলে অসম আক্ৰমণ কৰিবলৈ সুবিধা পায় । পূৰ্ণানন্দ আৰু বদনৰ মাজৰ বিবাদৰ প্ৰধান কাৰণ আছিল 

ক) কেপ্তেইন ৱেলচৰ প্ৰত্যাৱৰ্তনৰ পাছত নামনি অসমত হোৱা ৰাজনৈতিক পৰিস্থিতিক কেন্দ্ৰ কৰি দুয়োজনৰ মাজত হোৱা বিবাদ । খ্ৰীঃ ১৭৯৫ ত নামনি অসমত হোৱা দন্দুৱা দ্ৰোহৰ বাবে পূৰ্ণানন্দই বদনক জগৰীয়া কৰি বৰফুকন পদৰ পৰা নিলম্বিত কৰি কলিয়াভোমোৰাক বৰফুকন পাতে । অৱশ্যে বদনচন্দ্ৰৰ কন্যা পিজৌ গাভৰুক পূৰ্ণানন্দ পুত্ৰই বিয়া কৰোৱাত দুয়োজনৰ মাজত বিবাদ সাময়িকভাৱে শাম কৰে । কলিয়াভোমোৰাৰ মৃত্যুৰ পাছত বদনচন্দ্ৰক পুনৰ বৰফুকন পতা হয় । 

খ) এবাব চাৰিঙীয়া ফুকনৰ লগ-লাগি বদন বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাইক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল । পূৰ্ণানন্দই এই ষড়যন্ত্ৰৰ ধৰা পেলাই চাৰিঙীয়া ফুকনক হত্যা কৰে ।

গ) বদন চন্দ্ই কৰ সংগ্ৰহৰ নামত নামনি অসমৰ প্ৰজাৰ ওপৰত অত্যাচাৰ চলাইছিল । তদুপৰি তেওঁৰ পুত্ৰই হাতীক ভাং খুৱাই বলীয়া কৰি নিৰীহ প্ৰজাৰ ঘৰ ভাঙিবলৈ এৰি দিছিল । 

ঘ) চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত আনি নিষিদ্ধ কৰাৰ লগতে আফু খেতি নিষিদ্ধ কৰা হৈছিল । কিন্তু বদন বৰফুকনে নামনিত এই আদেশ অমান্য কৰি বুঢ়াগোহাইৰ বিৰুদ্ধাচৰণ কৰিছিল । 

পূৰ্মানন্দ বুঢ়াগোহাইৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি পাই অহাত স্বৰ্গদেউ চন্দ্ৰকান্তই ভিতৰি ভাল পোৱা নাছিল । সেয়ে তেওঁ বৰপাত্ৰ গোহাই আৰু বদন বৰফুকনৰ লগ লাগি পূৰ্ণানন্দ বুঢ়াগোহাইক হ্যা কৰাৰ ষড়যন্ত্ৰ কৰে । পূৰ্ণানন্দ বুঢ়াগোহায়ে এই ষড়যন্ত্ৰৰ বাতৰি পোৱাত স্বৰ্গদেৱে নজনাৰ ভাও জোৰে । ফলত কেৱল বদনচন্দ্ৰৰ শত্ৰু বুলি ভাৱি পূৰ্ণানন্দই বদনক ধৰিবৰ বাবে মহেশ্বৰ পৰ্বতীয়া ফুনক গুৱাহাটীলৈ পঠিয়ায় । কিন্তু জীয়ৰীই পিজৌ গাভৰুৰ পৰা এই বাতৰি আগতীয়াকৈ পাই বদনচন্দ্ৰ কলিকতালৈ পলাই যায় । পূৰ্ণানন্দ বুঢ়াগোহাইক অপসাৰণৰ বাবে বদনে কলিকতাৰ কোম্পানীৰ ওচৰতচ সহায় বিচাৰি বিফল হোৱাত তাৰ পৰা বাহিৰে বাহিৰে ব্ৰহ্মদেশলৈ গৈ ব্ৰহ্ম ৰজাৰ সহায় বিচাৰে । ব্ৰহ্মদেশৰ মান ৰজা বদৌপায়াই অসম আক্ৰমণৰ বাবে সিযোগৰ সন্ধানত আছিল । ব্ৰহ্মদেশৰ ৰাণী ৰঙিলী আইদেউ সম্বন্ধত বদনৰ পেহীয়েক আছিল । তেওঁ বদনক সহায় কৰিবৰ বাবে মান ৰজাক খাটনি ধৰাত খ্ৰীঃ ১৮১৭ত ব্ৰহ্মদেশৰ ৰজাই আঠ হেজাৰ মান সেনা অসমলৈ পঠায় । খ্ৰীঃ ১৬১৭ত ঘিলাধাৰীত হোৱা যুদ্ধত বাৰ্মী সৈন্যই আহোম সেনাক পৰাস্ত কৰিছিল । এইবাৰ আহোম সৈন্যই মৰাণ, কোচ, চুতীয়া, কলিতা কৈৱৰ্ত আদি সকলো লোকক একত্ৰিত কৰি বাৰ্মীৰ বিৰুদ্ধে যুজিবলৈ আগুৱাই আহিছিল । সেই সময়তে বাৰ্মী সেনা ৰাজধানী যোৰহাটট প্ৰৱেশ কৰি চন্দ্ৰকান্ত সিংহক ৰজা হিচাপে ৰাখি বদনক ৰাজমন্ত্ৰী বা বুঢ়গোহাই পাতিলে । এই বছৰৰ এপ্ৰিল মাহত বাৰ্মী সেনাই বদনৰ পৰা বহু ভাৰ-ভেটিৰ লগতে হোমা আইদেউ নামৰ এবৰাকী কুঁৱৰীক লৈ নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে ।বাৰ্মীসকল উভতি যোৱাৰ পাছত বদন বৰফুকন অসমৰ ৰাজনীতিত সৰ্বেসৰ্বা হৈ পৰিছিল । বদনৰ অত্যাচাৰ আৰু ক্ষমতা বৃদ্ধিত অতীষ্ঠ হৈ ৰাজমাও নুমলীয়ে বৰগোহাই আৰু বৰবৰুৱাৰ সৈতে লগ-লগাগি ৰূপসিং চুবেদাৰ নামৰ গা-ৰক্ষীজনৰ হতুৱাই বদনক হত্যা কৰোৱায় । ইয়াৰ পিছত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই বুঢ়গোহাই পদ লবৰ কাৰণে গুৱাহাটীত বাহৰ পাতি থকা ৰুচিনাথক নিমন্ত্ৰণ জনাইছিল । কিন্তু ৰুচিনাথে ষড়যন্ত্ৰ বুলি ভাবি এই আমন্ত্ৰণ গ্ৰহণ নকৰিলে তাৰ সলনি বৰকান্দাজ বাহিনী লৈ যোৰহাট অভিমুখে অহাত চন্দ্ৰকান্ত সিংহ ৰংপুৰৰ ফালে পলায় যায় । ৰুচিনাথে যোৰহাট অধিকাৰ কৰি খ্ৰীঃ ১৮১৮ ত ৰাজেশ্বৰ সিংহৰ বংশধৰ পুৰন্দৰ সিংহক ৰজা পাতে । চন্দ্ৰকান্ত সিংহক ধৰাই আনি অংগক্ষত কৰি ভবিষ্যতে আহোম সিংহাসনত উঠিব নোৱাৰা কৰে । অসমৰ ৰাজনীতিৰ এনে পৰিৱৰ্তনৰ খবৰ পাই ব্ৰহ্মদেশৰ ৰজা বদৌপায়াই আলুমিঙ্গি নামৰ এজন স্নাপতিৰ নেতৃত্বত এখ বিশাল সৈন্যবাহিনী অসমলৈ প্ৰেৰণ কৰে । খ্ৰীঃ ১৮১৯ ৰ ফেব্ৰুৱাৰী মাহত মান সেনা আহি অসমত উপস্থিত হয়হি । দুয়োপক্ষৰ মাজত হোৱা যুদ্ধত আহোম সেনা সম্পূৰ্ণৰূপে পৰাস্ত হয় । স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু ৰুচিনাথ বুঢ়াগোহাই সপৰিয়ালে গুৱাহাটীলৈ পলাই যায় । বাৰ্মী সেনাপতি আলুমিঙ্গিয়ে সহজেই ৰাজধানী দখল কৰি মিঙ্গিমাহা তিলোৱা নামৰ এজন বাৰ্মী সেনাপতিৰ নেতৃত্বত এদল সৈন্য ৰাখি এপ্ৰিলত স্বদেশলৈ ঘুৰি যায়গৈ । ৰজা হোৱাৰ পাছত চন্দ্ৰকান্ত সিংহয়ে পুৰন্দৰ সিংহ আৰু ৰুচিনাথক ধৰিবৰ বাবে গুৱাহাটীলৈ সৈন্য প্ৰেৰণ কৰে । দুয়োপক্ষৰ মাজত হোৱা যুদ্ধত পুৰন্দৰ সিংহ আৰু ৰুচিনাথ পৰাস্ত হোৱাৰ পাছত বংগলৈ পলায়ন কৰি ইংৰাজৰ আশ্ৰয় লয় ।

খ্ৰীঃ ১৭৯৮ত কেপ্তেইন ৱেলছৰ প্ৰত্যাৱৰ্তনৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ ৰাজনীতিত হস্তক্ষেপ কৰিব বিচৰা নাছিল । বদনচন্দ্ৰ বৰফুকনৰ পৰা আৰম্ভ কৰি চন্দ্ৰকান্ত সিংহলৈকে বহুজনে ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ওচৰত বিভিন্ন সময়ত সহায় বিচাৰি বিফল হৈছিল । কিন্তু খ্ৰীঃ ১৮১৩ ৰ পৰা খ্ৰীঃ ১৮২৩ লৈ অসমৰ ৰাজনীতিত যি দ্ৰুত পৰিৱৰ্তন হৈ আহিছিল তাৰ পৰিপেক্ষিতত কোম্পানী কৰ্তৃপক্ষই অসমৰ ৰাজনীতিত প্ৰৱেশৰ সুযোগ লাভ কৰে । ইতিমধ্য ব্ৰহ্মদেশে সম্প্ৰসাৰণ নীতি গ্ৰহণ কৰি অসম, মণিপুৰ, কাছাৰ আদিক সামৰি ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ লগত যুদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল । তদুপৰি বাৰ্মীসকলে কোম্পানীৰ অধীনত থকা গোৱালপাৰা, চিলেট, হট্টগাম আদি ঠাইত সোমাই লুটপাত আৰম্ভ কৰিছিল । ব্ৰিটিছে ইয়াৰ প্ৰতিবাদ কৰিও বিফল হৈছিল । সেই সময়তে বাৰ্মীসকলে কাছাৰ আক্ৰমণ কৰাত বাৰ্মীসকলৰ এনে সম্প্ৰসাৰণ নীতিৰ বিৰুদ্ধে ব্ৰিটিছে যুদ্ধ আৰম্ভ কৰে । খ্ৰীঃ ১৮২৪ ৰ জানুৱাৰী -ফেব্ৰুৱাৰী মাহত বিক্ৰমপুৰ আৰু জাতিংগা নদীৰ পাৰৰ ভেৰাটিকা গিৰিপথত হোৱা যুদ্ধত ব্ৰিটিছৰ হাতত বাৰ্মীসকল পৰাস্ত হয় । বাৰ্মীসকলৰ সম্প্ৰসাৰণ নীতি ৰোধ কৰিবলৈ উত্তৰ-পূব ভাৰতৰ ইংৰাজৰ প্ৰতিনিধি ডেভিদ স্কটৰ পৰামৰ্শমতে গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে খ্ৰীঃ ১৮২৪ ৰ ৫ মাৰ্টত ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । এই ইষ্ট-বাৰ্মী যুদ্ধ দুবছৰ ধৰি চলিছিল । অৱশেষত ইংৰাজ সৈন্যৰ ওচৰত হাৰ মানি ব্ৰহ্মদেশৰ ৰজাই সন্ধিৰ প্ৰস্তাৱ দিছিল । এনেদৰেই বাৰ্মীসকলৰ সম্প্ৰসাৰণ নীতি প্ৰতিৰোধৰ স্বাৰ্থত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে অসমৰ ৰাজনীতিত হস্তক্ষেপ কৰিবলগীয়া হৈছিল । 

Author- Ali rani Kakati ( Ba in History Major)