পাঠ -1

প্ৰাক্ ঔপনিৱেশিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ পৰস্পৰাসমুহ


১) ৰাষ্ট্ৰ, চৰকাৰ , প্ৰশাসান আদি ৰাজৈনৈতিক অনুষ্ঠানৰসমুহৰ বিষয়ে প্ৰথমে কোনে চিন্তা-চৰ্চা কৰিছিল ?

উত্তৰ : গ্ৰীক দাৰ্শনিকসকলেই প্ৰথমে চিন্তা-চৰ্চা কৰিছিল বুলি বুলি জনা যায় |


২)  ৰাজনৈতিক চিন্তাধাৰাৰ আদি জন্মভুমি বুলি কলে কাৰ কথা কোৱা হয় ?

উত্তৰ : গ্ৰীচৰ কথাই কোৱা হয় ।


৩) কাৰ মতে ,ৰাজনৈতিক চিন্তাধাৰা আৰাম্ভ কত হোৱা হৈছিল ?

উত্তৰ : বাৰ্কাৰৰ মতে, ৰাজনৈতিক চিন্তাধাৰা আৰাম্ভণি গ্ৰীছত হৈছিল ।


৪) ভাৰতবৰ্ষৰ ৰাজনৈতিক চিন্তা- চৰ্চাৰ উৎপওি  কি খালত হৈছিল ?

উত্তৰ : প্ৰাচীন কালতে হৈছিল । 


৫) ভাৰতীয় ৰাজনৈতিক বিষয়ে বহলভাবে আলোচনা কৰিবলৈ হ'লে আমি ইয়াক কেইটা ভাগত ভাগ কৰি  আলেচনা কৰিব পাৰে ?

উত্তৰ : ইয়াৰ দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল প্ৰাচীন ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰা আৰু দ্বিতীয় টো, আধুনিক ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰা ।


৬) প্ৰাচীন ভাৰতীয় ৰাজনৈতিক  চিন্তাধাৰাক আৰু কি বুলি জনা যায় ?

উত্তৰ : প্ৰাচীন ভাৰতিয় ৰাজনৈতিক চিন্তাধাৰাক আৰু হিন্দু ৰাজনৈতিক চিন্তাধাৰা বুলিও জনা যায় । 


৭) সংস্কৃত শব্দ ধৰ্ম ইয়াক পালি ভাষাত কি বুলি কোৱা হয় ? 

উত্তৰ : ইয়াক পালি ভাষাত 'ধম্ম' বুলি কোৱা হয়। 


৮) কি সংস্কৃত শব্দৰ পৰা ধৰ্ম শব্দটো  আহিছে ?

উত্তৰ : 'Dari' শব্দৰ পৰা আহিছে ।  


৯) 'ধৰ্ম' সম্পৰ্কত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কি কৈছিল ?

উত্তৰ : ৰাধাকৃষ্ণণে কৈছিল - "ধৰ্মই উৎসৱ জড়িত পবিএতাকে নুবুজায়। ধৰ্ম হৈছে আধ্যাত্মিক দুঃসাহস । ধৰ্ম অকল জ্ঞানেই নহয় ই কৰ্ম বা কাৰ্যকাৰিতাও ।


১০) ধৰ্মৰ অৰ্থই পালি ভাষাত কি বুজায় ?

উত্তৰ : ধৰ্মৰ অৰ্থই পালি ভাষাত 'সত্য'ক বুজায়।


১১) হিন্দু দৰ্শনত থকা চাৰি 'পুৰুষাৰ্থ'ৰ ভিতৰত প্ৰথমটো কি ?

উত্তৰ : প্ৰথমটোৱে  হ'ল 'ধৰ্ম' ।


১২) আন তিনিতা পুৰুষ কি কি ?

উত্তৰ : আন তিনিতা পুৰুষ ক্ৰমে অৰ্থ, কাম আৰু মোক্ষ।


১৩) দৈনন্দিন কাৰ্য সম্পাদনা কৰাৰ সময়ত জীৱকুলৰ মাজত কিছুমান বেয়া গুণ কি কি ?

উত্তৰ : যেনে: লালসা, খং, লোভ, ভ্ৰম, গৰ্ব আদি প্ৰবূত্তি দেখা যায়।


১৪) দণ্ডৰ অভিধানিক অৰ্থ কি ?

উত্তৰ : হ'ল শাস্তি দিবলৈ ব্যৱহৃত দণ্ড, ঠাঙোন বা টাকোন।


১৫) দণ্ড ধাৰণ কৰাজনেক কি বুলি  কোৱা হয় ?

উত্তৰ: দণ্ড ধাৰণ কৰা জনেই হ'ল সাৰ্বভৌম কৰ্তৃপক্ষ অৰ্থাৎ ৰজা।


১৬) মৎস্য ন্যয়াৰ অৰ্থ কেনেধৰণৰ ?

উত্তৰ : সাগৰত বসবাস কৰা বিভিনন প্ৰজাতিৰ মাছবোৰৰ ভিতৰত সৰু মাছ বোৰক ডাঙৰ মাছে খায়। আকৌ সেই ডাঙৰ মাছ বোৰক আন বৃহদাকাৰ মাছে খায়। 


১৭) দণ্ডনীতি মূল বিষয়বস্তু কি ?

উত্তৰ :  দণ্ডনীতি মূল বিষয়বস্তু হ'ল 'ৰাজ্য়ৰ কল্যাণ' ।


১৮) দণ্ডনীতিৰ অন্যতম সমৰ্থক আৰু ব্যখ্যাকৰ্তা কোণ আছিল ?

উত্তৰ :  দণ্ডনীতিৰ অন্যতম সমৰ্থক আৰু ব্যখ্যাকৰ্তা  কৌটিল আছিল।


১৯) কৌটিল্যই দণ্ডনীতিৰ চাৰিটা উদ্দেশ্য লিখা ?

উত্তৰ : ক)  অৰ্জন কৰিব নোৱাৰাখিনি অৰ্জন কৰা।

খ) অৰ্জিতখিনি সংৰক্ষণ কৰা ।

গ) সংৰক্ষিতখিনিক বৃদ্ধি কৰা আৰু শেষত 

ঘ) অৰ্জন কৰা, সংৰক্ষণ কৰা আৰু বৃদ্ধি কৰা সম্পদসমুহ স্বচ্ছ বিতৰণ ।


২০) প্ৰাচীন ভাৰতীয় দৰ্শন অনুসৰি সমাজ মুলতঃ কেইটা ভাগত ভাগ কৰা হৈছে লিখা ?

উত্তৰ : মুলতঃচাৰিটা বৰ্ণ আছে - ব্ৰাক্ষণ , ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ । 




Type- Pinku Moni Bora

(Morigaon Assam)