পাঠ- ৩

মনু :সামাজিক আইনসমুহ 

১) মনু কোন আছিল ?

উওৰ : মনু প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত মুনি আছিল।

২)  'মনুস্মৃতিক' আৰু কি বুলি কোৱা হয় ? 

উওৰ : 'মনুস্মৃতিক' 'মানৱ ধৰ্ম শাস্ত্ৰ বুলি কোৱা হয়।

৩)  'মনুস্মৃতি'ত কেইফাকি শ্লোক আছে ?

উওৰ: 'মনুস্মৃতি'ত ২৬৯০ ফাকি শ্লোক আছে ।

৪)  এই শাস্ত্ৰ খন কেইটা অধ্যায়ত বিভক্ত?

উওৰ: এই শাস্ত্ৰ খন ১২ টা অধ্যায়ত বিভক্ত।

৫)  'মনুস্মৃতি'ত পোন প্ৰথম বাৰৰ বাবে কোনে আৰু কিমান চনত ইংৰাজীলৈ  অনুবাধ কৰিছিলি ?

উওৰ:   'মনুস্মৃতি'ত পোন প্ৰথম বাৰৰ বাবে উইলিয়াম জনছে ১৭৯৮ চনত  ইংৰাজীলৈ  অনুবাধ কৰিছিলি।

৬) শ্ৰুতি বুলিলে কি বুজা ?

উওৰ : শ্ৰুতি  বুলিলে বেদ আৰু উপনিষদসমুহক বুজা।

৭) বেদ সমুহক যেতিয়া লৈ লিখিত ৰূপত পোৱা নাছিল তেতিয়া এই বেদ সমুহক কি বুলি জনা গৈছিল  ?

উওৰ : শ্ৰুতি  বুলি জনা গৈছিল । 

8) সামাজিক আইনৰ এটা অন্যতম উৎস কি ?

উওৰ : সামাজিক আইনৰ এটা অন্যতম উৎস হ'ল আত্মসন্তষ্টি ।

৯)  সামাজিক আইন সমুহ কি ?

উওৰ:  সামাজিক আইন সমুহ হৈছে  বেদৰ সৃষ্টি ।

১০) বেদ কাৰ সৃষ্টি ?

উওৰ : বেদ হ'ল ভগৱানৰ সৃষ্টি ।

১১) মনুস্মৃতিত উল্লেখ থকা ব্ৰক্ষ্মাই  সূষ্টি কৰা বস্তু নাম লিখা ?

উওৰ : জল , স্থল , সামাজিক ৰীতি-নীতি আদি সকলো ব্ৰক্ষ্মাই  সূষ্টি কৰিছে ।

১২) সমাজ সৃষ্টি প্ৰধান উদ্দেশ্য কি ?

উওৰ :  সমাজ সৃষ্টি  প্ৰধান উদ্দেশ্য হ'ল যাতে মানুহে এটা উৎকৃষ্ট সামাজিক জীৱন লাভ কৰিব পাৰে ।

১৩) সমাজ যদি শৰীৰটো হয়, তেন্তে মানুহবোৰ ইয়াৰ কি ?

উওৰ : মানুহবোৰ হ'ল ইয়াৰ অংগ ।

১৪) ব্ৰক্ষ্মাই শৰীৰৰ বিভিন্ন অংগৰপৰা কি সৃষ্টি হৈছে ?

উওৰ: ব্ৰক্ষ্মাই শৰীৰৰ বিভিন্ন অংগৰপৰা চতুৰ্বৰ্ণ সৃষ্টি হৈছে ।

১৫) " মনুস্মিতি"ত কোৱা হৈছে যে চাৰি বৰ্ণ কাৰ দ্বাৰা সূষ্টি কৰা হৈছে ?

উওৰ :  " মনুস্মিতি"ত কোৱা হৈছে যে চাৰি বৰ্ণ  ঈশ্বৰৰদ্বাৰা  সূষ্টি কৰা হৈছে।

১৬)  "মনুস্মিতি"ত কিছুমান বিধি আছে তাত কাৰ কথা আইনভুক্ত আছে ?

উওৰ : "মনুস্মিতি"ত কিছুমান বিধি আছে যিবোৰে জাতিপ্ৰথাক আইনভুক্ত কৰিছে ।

১৭) ৰূপক হিচাপে লৈ মনুই মানৱ শৰীৰক মুলতঃ কেইটা ভাগত ভাগ কৰিব পাৰি ?

উওৰ :  ৰূপক হিচাপে লৈ মনুই মানৱ শৰীৰক মুলতঃ চাৰিটা ভাগত ভাগ কৰিব পাৰি আৰু সেই কেইটা হ'ল  মূৰ, বাহু, গা আৰু ভৰি ।

১৮) শৰীৰৰ মস্তক অংগই কি কাম কৰে ?

উওৰ :  শৰীৰৰ মস্তক অংগই  চিন্তা কৰা , বুদ্ধি দিয়া আৰু সিদ্ধান্ত লোৱা কাম কৰে ।

১৯) বাহু অংগই কি কাম কৰে ?

উওৰ : বাহু  অংগই শৰীৰৰক  সুৰক্ষা প্ৰদান কৰে ।

২০)  গা অংগই কি কাম কৰে ?

উওৰ :  গা অংগই ভোজনৰ কাম কৰে ।

 




Post ID : DABP005060