Back

তৃতীয় অধ্যায়

পাঠ্যক্ৰম

Curriculum

১। পাঠ্যক্ৰম কাক বোলে?

উত্তৰঃ সাধাৰণভাৱে ক'বলৈ হ'লে পঢ়িবলগীয়া বিষয়ৰ সমষ্টিয়ে হৈছে পাঠ্য়ক্ৰম।

২। পাঠ্যক্ৰম কি?

উত্তৰঃ পাঠ্য়ক্ৰম হৈছে এক শক্তি স্বৰূপ।

৩।  শিক্ষাৰ প্ৰকৃত লক্ষ্যত উপনীত হব'লৈ কোনে সহায় কৰে?

উত্তৰঃ শিক্ষাৰ প্ৰকৃত লক্ষ্য়ত উপনীত হোৱাৰ ক্ষেত্ৰত পাঠ্যক্ৰমে সহায় কৰে।

৪। কি কি কৰাৰ পিছত পাঠ্যক্ৰম নিৰ্বাচিত কৰা হয়?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ শিক্ষানুষ্ঠানত  শিক্ষা উদ্দেশ্য নিৰ্দাৰণ কৰাৰ পিছত পাঠ্যক্ৰম নিৰ্বাচিত হয়।

৫। পাঠ্যক্ৰম শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ পাঠ্যক্ৰম শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে "Curriculum".

৬। Curriculum শব্দটো মূল লেটিন শব্দ কি আৰু তাৰ অৰ্থ কি?

উত্তৰঃ Curriculum শব্দটোৰ মূল লেটিন শব্দ হৈছে 'Currer' পৰা লৈছে যাৰ অৰ্থ হ'ল "Run whay" বা Race Course'। অৰ্থাৎ ঘোঁৰা দৌৰা স্থান বা দৌৰা পথ।

৭। মানৱ জীৱনৰ দৰে পাঠ্যক্ৰম কি?

উত্তৰঃ মানৱ জীৱনৰ দৰে পাঠ্যক্ৰম হৈছে এক গতিশীল প্ৰক্ৰিয়া।

৮। পাঠ্যক্ৰমৰ প্ৰকৃতি কাক বোলে?

৯। শিক্ষানুষ্ঠানৰ শিক্ষণ-শিকন প্ৰক্ৰিয়াত আমি কেইটা উপাদান পাওঁ আৰু কি কি?

উত্তৰঃ শিক্ষানুষ্ঠানৰ শিক্ষণ-শিকন প্ৰক্ৰিয়াত আমি তিনিটা উপাদান পাওঁ আৰু সেইকেইটা হ'ল- শিক্ষক, শিক্ষাৰ্থী আৰু পাঠ্যক্ৰম।

১০। পাঠ্যক্ৰম কিহৰ এক অপৰিহাৰ্য্য় অংগ?

উত্তৰঃ পাঠ্যক্ৰম শিক্ষাৰ এক অপৰিহাৰ্য্য অংগ।

১১। পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ সমগ্ৰ দিশটোৰ কি ঘটে?

উত্তৰঃ পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ সমগ্ৰ দিশটোৰ প্ৰতিফলত ঘটে।

১২। পাঠ্য়ক্ৰম প্ৰস্তুতিত সদায় কিহৰ প্ৰয়োজন?

উত্তৰঃ পাঠ্যক্ৰমৰ প্ৰস্তুতিত সদায় সমাজৰ প্ৰয়োজন।

১৩। পাঠ্যক্ৰম ভিত্তিত ভগোৱা ভাগ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পাঠ্যক্ৰম ভিত্তিত ভগোৱা ভাগ ১০ প্ৰকাৰৰ আৰু সেইকেইটা হ'ল- ১) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম (Subject Centred Curriculum) 

২। কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম (Activity Centred Curriculum)

৩। শিশুকেন্দ্ৰিক পাঠ্য়ক্ৰম (Child centred Curriculum)

৪। অভিজ্ঞাতাভিত্তিক পাঠ্যক্ৰম (Experience-based Curriculum)

৫। ব্যৱহাৰিক পাঠ্যক্ৰম (Practical Curriculum)

৬। ভাৰসাম্যপূৰ্ণ পাঠ্য়ক্ৰম (balanced Curriculum)

৭। অবিভাজ্য বা সংহত পাঠ্যক্ৰম (Undifferentiated or Integrated Curriculum)

৮। স্থিতিশীল পাঠ্য়ক্ৰম (RiGid Curriculum)

৯। গতিশীল পাঠ্যক্ৰম (Dynamic Curriculum)

১০। জীৱনকেন্দ্ৰিক পাঠ্যক্ৰম (Life Centred Curriculum).

১৪। আমাৰ শিক্ষানুষ্ঠানৰ প্ৰচলিত পাঠ্যক্ৰমৰ মাজেৰে কি কি প্ৰগতিৰ প্ৰতিফলিত হয়?

উত্তৰঃ আমাৰ শিক্ষানুষ্ঠানৰ মাজেৰে প্ৰচলিত পাঠ্যক্ৰমৰ মাজেৰে সমাজৰ আশা, আকাংশা, অৰ্থনৈতিক দিশ আৰু প্ৰগতি প্ৰতিফলিত হয়।

১৫। অধ্যয়ণৰ সহ সম্বন্ধ কাক বোলে?

উত্তৰঃ এটা বিষয়ৰ আনটো বিষয়ৰ সৈতে থকা পাৰস্পৰিক সম্বন্ধকে পাঠৰ বা অধ্যয়ণৰ সহ সম্বন্ধ বোলে।

১৬। আমাৰ শিক্ষা ব্যৱস্থাত কোনে পাঠৰ সহসম্বন্ধ অৱতাৰণা কৰি কি শিক্ষা প্ৰচলত কৰিছিল?

উত্তৰঃ আমাৰ শিক্ষা ব্যৱস্থাত মহাত্মা গান্ধীয়ে পাঠৰ সহসম্বন্ধ অৱতাৰণা কৰি বুনিয়াদী শিক্ষা প্ৰচলন কৰিছিল।

১৭। আমেৰিকাৰ কোন শিক্ষাবিদে প্ৰকল্পৰ মাজেৰে বিভিন্ন বিষয়ৰ মাজত সম্পৰ্ক স্থাপন কৰি শিক্ষা প্ৰদানৰ মত দাঙি ধৰিছিল?

উত্তৰঃ আমেৰিকাৰ বিখ্যাত শিক্ষাবিদ জন ডিউইয়ে প্ৰকল্পৰ মাজেৰে বিভিন্ন বিষয়ৰ মাজত সম্পৰ্ক স্থাপন কৰি শিক্ষা প্ৰদানৰ মত দাঙি ধৰিছিল।

১৮। পাঠ্যদান কাৰ্য্য আৰম্ভ কৰাৰ আগতে কি বিষয়ত পৰিকল্পনা কৰিব লাগিব?

উত্তৰঃ পাঠ্যদান কাৰ্য্য আৰম্ভ কৰাৰ আগতে সহসম্বন্ধ বিষয়ত পৰিকল্পনা কৰিব লাগিব।

১৯। সহসম্বন্ধ সদায় কি কি হ'ব লাগে?

উত্তৰঃ সহসম্বন্ধ সদায় স্বতঃস্ফূৰ্থ আৰু স্বাভাৱিক হ'ব লাগে।