Unit 1

শিক্ষাত পৰিমাপন আৰু মূল্যায়ন

(Measurement and Evaluation in Education)

১। চমু প্ৰশ্ন আৰু উত্তৰঃ-

১। কিহৰ ব্যক্তিৰ জীৱনত এক গুৰুত্বপূৰ্ণ অংশ?

উত্তৰঃ পৰিমানৰ ব্যক্তিৰ জীৱনত এক গুৰুত্বপূৰ্ণ অংশ।

২। মূল্যায়ন কি?

উত্তৰঃ মূল্যায়ন হৈছে কোনো বস্তুৰ মূল্য বা মাত্ৰাৰ হিচাপ নিৰূপন কৰা প্ৰক্ৰিয়া।

৩। পৰিমাপণতকৈ কিহৰ পৰিসৰ অধিক?

উত্তৰঃ মূল্যাংকণৰ।

৪। পৰিমাপন কি?

উত্তৰঃ পৰিমাপন হ'ল কোনো সামগ্ৰীৰ পৰিমান বা জোখ মাখ।

৫। পৰিমাপন কাক বোলে?

উত্তৰঃ কোনো বস্তু বা সামগ্ৰীৰ জোখ-মাখৰে তাৰ গুণাগুণ অৰ্থাৎ ডাঙৰ বা সৰু নিৰ্ধাৰণ কৰি সংখ্যাগতভাৱে প্ৰকাশ কৰাকে পৰিমাপন বুলি কোৱা হয়।

৬। পৰিমাপন কি?

উত্তৰঃ কিছুমান নীতি নিয়মৰ মাজেৰে বস্তু তনা বা ঘটনা  বা সামগ্ৰীৰ পৰিমান নিৰ্ধাৰণকৰা ব্যৱস্থাই হ'ল পৰিমাপণ।

 ৭। পৰিমাপন কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পৰিমাপন দুই প্ৰকাৰৰ আৰু সেইকেইটা হ'লঃ-
১) ভৌতিক আৰু মানসিক।

৮। পৰিপানৰ কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ পৰিপানৰ তিনিটা ভাগত ভগাব পাৰি আৰু সেইকেইটা হ'লঃ-
১) প্ৰতক্ষ পৰিমাপন।
২) পৰোক্ষ পৰিমাপন।
৩) আপেক্ষিক পৰিমাপন।

৯। প্ৰত্যক্ষ পৰিমাপন কাক বোলে?

উত্তৰঃ কোনো শ্ৰেণীকোঠাৰ চকী বা মেজৰ দৈৰ্ঘৰ প্ৰত্যক্ষভাৱে জুখি চোৱা হয় তাক প্ৰত্যক্ষ পৰিমাপন বোলে।

১০। পৰোক্ষ পৰিমাপন কাক বোলে?

উত্তৰঃ যেতিয়া শ্ৰেণীকোঠাটোৰ তাপমাত্ৰা জুখিব বিচাৰো তেতিয়া আমি তাপমান যন্ত্ৰৰ সহায়ত পৰোক্ষ আহিলাৰ সহায়ত কোঠাটোৰ তাপ জোখা হয় তাকে পৰোক্ষ পৰিমাপন বোলে।

১১। পৰিমাপনৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা?

উত্তৰঃ পৰিমাপনৰ বৈশিষ্ট্য সমূহ হ'লঃ- 

I. পৰিমাপনে কোনো বস্তু , গুণ সংলক্ষণক সংখ্য়াৰ সহায়ত সামগ্ৰীকভাৱে বৰ্ণনা কৰা।

II. তথ্য সামগ্ৰীৰ পৰিমাপণগত জোখ বা বৰ্ণনাই হৈছে পৰিমাপন।

III. পৰিমাপন দুই ধৰণৰ - ভৌতিক আৰু মানসিক।

IV. কোনো বস্তুৰ উপযুক্তা বা গুণাগুণ জানিবৰ বাবে চলোৱা প্ৰচেষ্টাই হৈছে পৰিমাপন।

V. পৰিমাপন আৰু ব্যক্তিৰ জীৱন-কাৰ্যবালী ওতঃপ্ৰোতভাৱে জড়িত।

VI. পৰিমাপন বস্তুনিষ্ঠ আৰু ব্যক্তিনিৰপেক্ষ প্ৰক্ৰিয়া।

VII. পৰিমাপণ পৰিসৰ সমিতি। নিৰ্দিষ্ট কেতবোৰ বিষয়ত পৰিমাপণ প্ৰযোজ্য হয়।

VIII. পৰিমাপনে কোনো বস্তু সম্পৰ্কে কিমান ডাঙৰ, কিমান সৰু, কিমান বেছি বা কিমান কম ইত্যাদি পৰিমাপন কৰে।

IX. পৰিমাপনে অবিৰত প্ৰক্ৰিয়া নহয়।

X. পৰিমাপণ শিক্ষাৰ উদ্দেশ্য ৰূপায়নত সকলো সময়তে সচেতন নহয়।

১২। ভৌতিক পৰিমাপন কিহৰ লগত জড়িত?

উত্তৰঃ ভৌতিক পৰিমাপন শাৰীৰিক আৰু বাহ্যিক জগতৰ লগত জড়িত।

১৩।  ভৌতিক জোখ-মাখ কিহৰ পৰা আৰম্ভ হয়?

উত্তৰঃ ভৌতিক জোখ-মাখ পৰম শূণ্যৰ পৰা আৰম্ভ হয়।

১৪। মানসিক পৰিমানৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ মানসিক পৰিমানৰ বৈশিষ্ট্যসমূহ হ'লঃ-

১) মানসিক পৰিমাপণ কোনো নিৰ্দিষ্ট একক শূ্ণ্য নাই।
২)এনে পৰিমাপণ পৰোক্ষ বিধৰ।
৩) এনে পৰিমাপণ ব্য়ক্তিনিষ্ঠ।
৪) পৰিমাপণদ্বাৰা নিৰ্দিষ্ট গুণৰ মাত্ৰা স্বতন্ত্ৰভাৱে ধাৰণা দিব নোৱাৰে।
৫) মানসিক পৰিমাপণৰ পৰিমান গুণগত। কাৰণ ইয়াত ব্যক্তিৰ সংলক্ষণবোৰ আচৰণদ্বাৰাই পৰিমাপন কৰা হয়।
৬) মানসিক পৰিমাপনৰ অভিজ্ঞ ব্যক্তিৰ অভিজ্ঞতা আৰু বিচাৰ ক্ষমতাৰ ওপৰত ভিত্তি এক নিৰ্দিষ্ট প্ৰতিমাপন বা মানদণ্ড তৈয়াৰ কৰা হয়।

১৫। ভৌতিক পৰিমাপনৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ ভৌতিক পৰিমাপনৰ বৈশিষ্ট্য সমূহ হ'লঃ

১। ভৌতিক জোখ-মাখ পৰম শূণ্য মান (Absolute zero) ৰ পৰা আৰম্ভ হয়।
২। ভৌতিক পৰিমাপণৰ এককবোৰৰ মান অপৰিৱৰ্ত্তনীয়।
৩। এনে পৰিমাপণ তুলনা, বিয়োগ আৰু অনুপাত নিৰ্ণয় কৰি চাব পাৰি।
৪। পৰিমাপণৰ দ্বাৰা কোনো গুণ বা সংৰক্ষণৰ মাত্ৰা সন্বন্ধে স্বতন্ত্ৰভাৱে ধাৰণা দিব পাৰি।
৫। এনে পৰিমাপণৰ সঁজুলিসমূহ স্থায়ী আৰু অপৰিৱৰ্ত্তনীয়।

১৬। নামান্তৰ মাপকাঠী কাক বোলে?

উত্তৰঃ যেতিয়া এটা সৰু বস্তু, কোনো বৈশিষ্ট্যৰ বা ব্যক্তিক চিনাক্ত কৰণ কৰিবলৈ কিছুমান সংখ্যা হিহ্নৰ ব্য়ৱহাৰ কৰা হয়। তেনে সংখ্যাক বা চিহ্নক নামান্তৰ মাপকাঠী বুলি কোৱা হয়।

১৭। ক্ৰমসূচক মাপকাঠী বোলে।

উত্তৰঃ যেতিয়া কোনো বস্তুৰ নিৰ্দিষ্ট গুণৰ ওপৰত ভিত্তি কৰি বিষয়বস্তুক শ্রেণীবিভাগ কৰা হয় আৰু পৰ্যবেক্ষণ কৰি তুলনামূলক অধ্যয়ন কৰিব পাৰি তাকে ক্ৰমসূচক মাপকাঠী বোলে।

১৮। স্থানাত্মক মাপকাঠী কাক বোলে?

উত্তৰঃ গুণাগুণৰ তুলনাৰ যোগেদি প্ৰদান কৰা স্থানৰ আধাৰত ক্ৰম প্ৰদান কৰা হয় আৰু স্থান (Rank) ৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰমে সজোৱা হয় বাবে স্থানাত্মক মাপকাঠী (Ranking Scale) বুলিও কোৱা হয়।

১৯। সামান্তৰ মাপকাঠী কাক বোলে?

উত্তৰঃ যিবোৰ মাপকাঠীত ব্যৱহাৰ কৰা সংখ্যাবোৰে কেৱল মাত্ৰ বিভিন্নতাক প্ৰতিনিধিত্ব নকৰি সকলো এককবোৰৰ ব্যৱধান সমান সমান ৰাখি এক অৰ্থপূৰ্ণ তথ্যৰ যোগান ধৰে তাকে সমান্তৰ মাপকাঠী বোলে।

২০। অনুপাত মাপকাঠী কাক বোলে?

উত্তৰঃ যেতিয়া সামান্তুৰ মাপকাঠী সকলোবোৰ বৈশিষ্ট্য থকাৰ উপৰিও ওক পৰম শূণ্য বিন্দু (Absolute Zero) থাকে, তেনে মাপকাঠীক অনুপাত মাপকাঠী বোলে।

২১। শৈক্ষিক পৰমাপন কি?

উত্তৰঃ শৈক্ষিক পৰিমানৰ মানে হ'ল পৰোক্ষ বিধৰ।

২২। আধুনিক শিক্ষাজগতত বহলভাৱে প্ৰতলিত হোৱা এক ধৰণা কি? 

উত্তৰঃ মূল্যায়ন।

২৩। মূল্যায়ন ৰ সূত্ৰটো লিখা।

উত্তৰঃ মূল্যায়ন= পৰিমাপণ + মূল্যবোধ বিচাৰ।

২৪। মূল্যায়ন কাক বোলে?

উত্তৰঃ যেতিয়া "A", "B", "C", "D" আদি গ্ৰেদ প্ৰদান কৰা হয় বা প্ৰথম বিভাগ, দ্বিতিয় বিভাগ, তৃতীয় বিভাগ আদিৰে নামাকৰণ কৰা হয় তাকেই মূল্যয়ন বোলে।

২৫। মূল্যায়ন ত্ৰিভূজ কাক বোলে?

উত্তৰঃ মূল্যায়নৰ ব্যৱস্থাত শিক্ষাৰ লক্ষ্য, শিক্ষনীয় অভিজ্ঞতাআৰু শিক্ষাৰ্থীৰ মূল্যায়ণ অভীক্ষাসমূহ ওতঃপ্ৰোতভাৱে জড়িত থকা আৰু ই আন্তঃসম্বন্ধ প্ৰক্ৰিয়াক "মূল্যায়ন ত্ৰিভূজ" বোলে।

২৬। মূল্যায়ন কি?

উত্তৰঃ মূল্য়ায়ন হৈছে শিক্ষাৰ্থীৰ আচৰণৰ মূল্য নিৰ্ধাৰণ বা মূল্যবোধৰ বিচাৰ।

 ২৭। মূল্যায়ন কি আৰু কি?

উত্তৰঃ মূল্যায়ন অবিৰত আৰু গতিশীল।
            

Type- Ishant Bora




Post ID :DABP004883