Unit 3

পৰিমাপণৰ সঁজুলিসমূহ

(Measuring Tools)


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰঃ- 

১। পৰিমাপণ মানে কি?

উত্তৰঃ পৰিমাপন মানে হ'ল এক প্ৰকাৰৰ জোখ-মাখ।

২। পৰিমাপণৰ আহিলা বা সঁজুলি কাক বোলে?

উত্তৰঃ ব্যক্তিৰ সামৰ্থ, মানসিক বৈশিষ্ট্য ইত্যাদি পৰিমাপণ বা মূল্যায়ন কৰিবৰ বাবে যিবোৰ ব্যৱস্থা বা পদ্ধতি অৱলম্বন কৰা হয় সেইবোৰক পৰিমাপণৰ আহিলা বা সঁজুলী বোলে।

৩। শৈক্ষিক আৰু মনোবিজ্ঞানক ক্ষেত্ৰত বহুলভাৱে পৰিমাপণ সঁজুলি কি?

উত্তৰঃ শৈক্ষিক আৰু মনোবিজ্ঞানক ক্ষেত্ৰত বহুলভাৱে পৰিমাপণ সঁজুলি হ'ল অভীক্ষাসমূহ।

৪। মনোবিজ্ঞানিক অভীক্ষা কাক বোলে?

উত্তৰঃ উচ্চ মানসিক গুণবোৰ পৰিমাপণৰ বাবে বিভিন্ন ধৰণৰ অভীক্ষাবোৰ প্ৰয়োগ কৰা হয়। এই অভীক্ষাবোৰক মনোবিজ্ঞানিক অভীক্ষা বোলে।

৫। প্ৰশ্নসূচীবোৰ সাধাৰণতে কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ প্ৰশ্নসূচীবোৰ সাধাৰণতে দুই প্ৰকাৰৰ আৰু সেইকেইটা হ'লঃ
১। খোলাকৃতি (Open From)
২। বন্ধাকৃতি (Closed From)

৬। সাক্ষাৎকাৰ সাধাৰণতে কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সাক্ষাৎকাৰ সাধাৰণতে দুই প্ৰকাৰৰ আৰু সেইকেইটা হ'লঃ-
১) সংগঠিত সাক্ষাৎকাৰ (Structured Interview)
২) অসংগঠিত সাক্ষাৎকাৰ (Unstructured Interview)

৭। বহলভাৱে পৰ্যবেক্ষণক কেইটা ভাগত বিভক্ত কৰিবৰ পাৰি আৰু  কি কি?
উত্তৰঃ  বহলভাৱে পৰ্যবেক্ষণক দুটা ভাগত বিভক্ত কৰিবৰ পাৰি আৰু সেইকেইটা 
হ'লঃ-
১) সহযোগী পৰ্যবেক্ষণ (Participant Observation)
২) অসহযোগী পৰ্যবেক্ষণ (Non-Participant Observation)

৮। মান নিৰূপক কাঠীৰ প্ৰকাৰসমূহ কি কি লিখা।
উত্তৰঃ মান নিৰূপক কাঠীৰ প্ৰকাৰসমূহ হ'লঃ-
১। সাংখ্য়িক মান নিৰূপক কাঠী (Numerical rating scale)
২। লৈখিক মান নিৰূপক কাঠী (Graphic Rating Scale)
৩। মানক মান নিৰূপক কাঠী (Standard rating scale)
৪। স্থানাত্মক মান নিৰূপক কাঠী (Ranking Rating Scale)
৫। বাধ্যতামূলক নিৰ্বাচন মান নিৰূপক কাঠী (Forced choice rating scale)

৯। পৰিমাপণৰ আন এক সহজ সঁজুলি কি?
উত্তৰঃ পৰিমাপণৰ আন এক সহজ সঁজুলি হ'ল চিহ্নাংকন সূচী।

১০। পৰিমাপণ আৰু মূল্যায়ণ আন এক সঁজুলি কি?
উত্তৰঃ পৰিমাপণ আৰু মূল্যায়ণ আন এক সঁজুলি হ'ল কিউমুলেটিভ ৰেৰ্কড কাৰ্ড।
১১।  পৰিমাপণত জোখৰ একক কিহৰ পৰা আৰম্ভ কৰা হয়?
উত্তৰঃ পৰিমাপণত জোখৰ একক '0' ৰ পৰা আৰম্ভ কৰা হয়।

১২। বৈধতা কি?
উত্তৰঃ বৈধতা হ'ল ভাল অভীক্ষা এটাৰ প্ৰধান কাৰিকৰী গুণ।

১৩। নিৰ্ভৰযোগ্যতাৰ আভিধানিক অৰ্থ কি?
উত্তৰঃ নিৰ্ভৰযোগ্যতাৰ আভিদানিক অৰ্থ হ'ল স্থিৰতা, নিৰ্ভৰতা বা বিশ্বাস।

১৪। বস্তুনিষ্ঠতাই সাধাৰণতে কেইটা দিশক সামৰি লয় আৰু কি কি?
উত্তৰঃ বস্তুনিষ্ঠতাই সাধাৰণতে দুটা দিশক সামৰি লয় আৰু সেইকেইটা হ'ল
১। প্ৰশ্নপদৰ বস্তুনিষ্ঠতা (Item Objectivity) আৰু
২। মানাংক প্ৰদানৰ বস্তুনিষ্ঠতা (objectivity of scoring)

১৫। মানদণ্ড কি?
উত্তৰঃ মানদণ্ড হ'ল অভীক্ষাৰ এক প্ৰধান লক্ষণ।

১৬। বৈধতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা আন এক কাৰক কি?

উত্তৰঃ বৈধতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা আন এক কাৰক হ'ল সাংস্কৃতিক কাৰক। 

১৭। বৈধতা নিৰ্ণয়ৰ আন এক পদ্ধতি কি?

উত্তৰঃ বৈধতা নিৰ্ণয়ৰ আন এক পদ্ধতি হ'ল কৰ্তন নম্বৰ পদ্ধতি।

১৮। আপাত বৈধতা কি?
উত্তৰঃ আপাত বৈধতা হ'ল আটাইতকৈ সাধাৰণ প্ৰকাৰৰ বৈধতা।

১৯। বিষয়বস্তুক বৈধতাক বিভিন্ন নামেৰে নামাকৰণ কৰা নাম কেইটা কি কি?

উত্তৰঃ বিষয়বস্তুক বৈধতাক বিভিন্ন নামেৰে নামাকৰণ কৰা নামকেইটা হ'ল যৌক্তিক বৈধতা (logical validity), পাঠ্যক্ৰমিক বৈধতা (curricular validity), আভ্য়ন্তৰীণ বৈধতা (internal validity)।

২০। ভৱিষ্যৎ বৈধতা কি?
উত্তৰঃ ভৱিষ্য়ৎ বৈধতা হ'ল এক প্ৰকাৰৰ পৰীক্ষা নিৰ্ভৰ বৈধতা।

২১। ভাল অভীক্ষাৰ এক কাৰিকৰী বৈশিষ্ট্য কি?
উত্তৰঃ ভাল অভীক্ষাৰ এক কাৰিকৰী বৈশিষ্ট্য হ'ল নিৰ্ভৰযোগ্যতা।

২২। নিৰ্ভৰযোগ্যতাৰ আভিধানিক অৰ্থ কি?
উত্তৰঃ নিৰ্ভযোগ্যতাৰ আভিধানিক অৰ্থ স্থিৰতা, নিৰ্ভৰ বা বিশ্বাস।

২৩। অভীক্ষা মানদণ্ড কাক বোলে?
উত্তৰঃ কোনো অভীক্ষা প্ৰতিমানীকৰণ নমুনা দলৰ মানাংকসসমূহৰ ফলাফলক অভীক্ষাটোৰ মানদণ্ড বোলে।

Type- Ishant bora