অধ্য়ায় ১

শৈক্ষিক ব্যৱস্থাপনা 
(Educational Management)

প্ৰশ্নাৱলী 

A. Short Answer type.

1. What do you mean by Management ? (ব্যৱস্থাপনা বুলিলে কি বুজা ?)
Answer:   ব্যৱস্থাপনা বুলিলে অন্যৰ হতুৱাই কাম আদায় কৰি লোৱাটোকেই বুজায়। (The use of it refers to the work being done by others).

2. What do you mean by Educational Management ? Write one defintion of it ? (শৈক্ষিক ব্যৱস্থাপনা বুলিলে কি বুজা ? ইয়াৰ এটা সংজ্ঞা দিয়া )

Answer:  ব্যৱস্থাপনাৰ নীতিসমূহক শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাকে শৈক্ষিক ব্যৱস্থাপনা বোলে। ( Using management principles in the field of education is called educational management).

3. What are the prime objectives of Educational Management ? (শৈক্ষিক ব্যৱস্থাপনাৰ মুখ্য উদ্দেশ্য বোৰ কি কি ?)

Answer:    শৈক্ষিক ব্যৱস্থা লক্ষ্যকেন্দ্ৰিক হোৱা, সুস্থ শাৰীৰিক বিকাশ, নৈতিক বা আধ্যাত্মিক বিকাশ বা গণতান্ত্ৰিক নীতি আদৰ্শ আদিৰ ওপৰত গুৰুত্ব দিয়া,  শিশুৰ সৰ্বোৎকৃষ্ট বিকাশত উক্ত দিশসমূহৰ ওপৰত গুৰুত্ব ৰাখি শিক্ষা ব্যৱস্থাৰ নিৰ্দিষ্ট লক্ষ্য বাস্তবায়িত কৰা।

4. Write about school organisation along with a suitable defination ? (উপযুক্ত সংজ্ঞা দি আৰু বিদ্যালয় সংগঠনৰ বিষয়ে চমুকৈ লিখা)

Answer:  বিদ্যালয় সংগঠন হ'ল বিদ্যালয়ত প্ৰয়োগ কৰা কেতবোৰ শিক্ষাৰ নীতি যিবোৰ প্ৰশাসনিক ক্ষেত্ৰতো ব্যৱহৃত হয়।  সংগঠন মানে কোনো এটা বিষয়ৰ সঠিক গাঁঠনি, পদ্ধতি বা এটা সংগঠিত দল, যিবোৰ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে মানৱ সম্পদ, সা-সামগ্ৰী, ধ্যান-ধাৰণা, আৰু কৰ্ম আঁচনিবোৰ সজ্জিতকৰণৰ যোগেদি এটা অৰ্থপূৰ্ণ ৰূপ দিবলৈ চেষ্টা কৰা। 

5. Mention the scope of Educational Management ? (শৈক্ষিক ব্যৱস্থাপনা বিষয়ে কিছু কথা উল্লেখ কৰা)

Answer:  শৈক্ষিক ব্যৱস্থাপনা হ'ল এটা সামাজিক প্ৰক্ৰিয়া য'ত  বিভিন্ন ধৰণৰ নীতি-নিয়ম আৰু পৰিকল্পনাৰ যোগেদি শিক্ষা ব্যৱস্থাটোক সফলভাৱে চলাই  নিয়াত সহায় কৰে। সেইবোৰ হ'ল -পৰিকল্পনা,  সিদ্ধান্ত গ্ৰহণ, নিৰ্দিষ্ট নীতি আৰু আঁচনিসমূহৰ প্ৰয়োগকৰণ, অন্যান্য কৰ্মচাৰীক নিৰ্দেশনা দিয়া, সংহতিত আৰু অভিৰুচিত কৰা আৰু পৰ্যবেক্ষণ কৰা ইত্যাদি।

B. Long Type Questions.

1. What do you mean by Educational administration ? Write Nature ? (শৈক্ষিক ব্যৱস্থাপনা বিষয়ে তুমি কি বুজা ? ইয়াৰ বিষয়ে চমুকৈ লিখা)

Answer:  শৈক্ষিক ব্যৱস্থাপনাৰ বিষয়ে কথাখিনি তলত দিয়া হ'ল-  শৈক্ষিক ব্যৱস্থাপনাৰ উৰ্দ্দেশ্য হৈছে বিভিন্ন নীতি- নিয়ম আদি পালন কৰি শিক্ষা ব্যৱস্থাটো উন্নত কৰি তোলা। ইয়াৰ বাবে বিভিন্ন আঁচনি প্ৰয়োগ, পৰিকল্পনা আদি কৰা । ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ উৎকৃষ্ট শিক্ষা দিয়াতো এই শৈক্ষিক ব্যস্থাপনাৰ উৰ্দ্দেশ্য।      

2. Write about school organization. What are the differences between school organisation and educational administration ? (বিদ্যালয় সংগঠনৰ বিষয়ে চমুকৈ লিখা। বিদ্য়ালয় সংগঠন আৰু শৈক্ষিক প্ৰশাসনৰ মাজত থকা পাৰ্থক্যবোৰ কি কি ?)

Answer:  বিদ্যালয় সংগঠন মানে হ'ল বিদ্যালয়ত প্ৰয়োগ কৰা কেতবোৰ শিক্ষাৰ নীতি যিবোৰ প্ৰশাসনিক ক্ষেত্ৰতো ব্যৱহৃত হয়।  সংগঠন মানে কোনো এটা বিষয়ৰ সঠিক গাঁঠনি, পদ্ধতি বা এটা সংগঠিত দল, যিবোৰ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে মানৱ সম্পদ, সা-সামগ্ৰী, ধ্যান-ধাৰণা, আৰু কৰ্ম আঁচনিবোৰ সজ্জিতকৰণৰ যোগেদি এটা অৰ্থপূৰ্ণ ৰূপ দিবলৈ চেষ্টা কৰা। 

বিদ্যালয় সংগঠন আৰু শৈক্ষিক প্ৰশাসনৰ মাজত থকা পাৰ্থক্যবোৰ তলত দিয়া হ'ল-

1. এখন বিদ্যালয়ৰ সংগঠন বুলি কলে সেই বিদ্যালয়ৰ শিক্ষাৰ নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত প্ৰশাসনীয় চিন্তাধাৰাৰ সমষ্টি বুলিব পাৰি।  আনহাতে শৈক্ষিক প্ৰশাসন হল প্ৰস্তুত হৈ থকা আঁচনিবোৰৰ মাধ্যমত কৰ্মৰত সকলক শিক্ষাত সংগঠিত ৰূপত ব্যৱহাৰ কৰাকে বুজায়।
 
2. বিদ্যালয় সংগঠন মানে এক সংগঠিত গোট বা ব্যৱস্থা বা গাঠনি যত প্ৰত্যেকজন মানুহৰ আকৰ্ষণৰ সমষ্টিগত হিচাপ ধৰা হয়।আনহাতে প্ৰশাসন সংগঠন এটাক পৰিচালনা নিয়ন্ত্ৰণ আৰু সংগঠিত কৰে।

3. বিদ্যালয় সংগঠনে একোটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে কাম কৰে। আনহাতে শৈক্ষিক প্ৰশাসনে সেই নিৰ্দিষ্ট নীতি নিয়মবোৰক একোটা কাৰ্যপদ্ধতিৰ মাজেৰে পৰিচালনা কৰে।

4. বিদ্যালয় সংগঠনে নিৰ্দিষ্ট পৰিমাণত মানৱ সম্পদ আৰু বস্তুগত সমপদ গোটাই দিয়ে। আনহাতে মানৱ সম্পদ আৰু বস্তুগত সম্পদক কামত লগাই শৈক্ষিক প্ৰশাসনে নিজৰ লক্ষ্যত উপনীত হয়।    

3. Discuss the characteristics of successful Educational Management ? (সফল শৈক্ষিক ব্যৱস্থাপনা বিশেষত্ববোৰৰ বিষয়ে আলোচনা কৰা।)

Answer:  সফল শৈক্ষিক ব্যৱস্থাপনাৰ বিশেষত্বসমূহ হ'ল - শিথিলতা- শৈক্ষিক ব্যৱস্থাপনামূলক কাৰ্যকলাপবোৰত দৃঢ় নীতি নিয়ম বা কঠোৰ বাধ্য বাধ্যকতা থকাতকৈ ই সদায় শিথিল বা নমনীয় হোৱা উচিত। ব্যৱস্থাপনা সদায় গতিশীল হব লাগে আৰু পৰিৱৰ্তিত পৰিস্থিতিত পৰিৱৰ্তন কৰিব পৰা বিধৰ হব লাগে। 

প্ৰয়োগশীলতা- শৈক্ষিক ব্যৱস্থাপনা বুলিলে কেৱল কেতবোৰ সংগঠিত নীতি নিয়মৰ সংষ্টিক নুবুজায়। ই নিৰ্দ্দিষ্ট লক্ষ্য আহৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ কৰ্ম আঁচনিকহে বুজায়।

 

4. Write the difference between the educational administration and school administration ? (শৈক্ষিক প্ৰশাসন আৰু বিদ্য়ালয় প্ৰাশসনৰ মাজত থকা পাৰ্থক্যবোৰ লিখা)

Answer:      শৈক্ষিক প্ৰশাসন আৰু বিদ্যালয় প্ৰশাসনৰ মাজত থকাৱ পাৰ্থক্য তলত উল্লেখ কৰা হল-
1.  শৈক্ষিক প্ৰশাসনক এক ব্যাপক  দৃষ্টিভংগীত ব্যৱহাৰ কৰা হয়, যাৰ ভিতৰত বিদ্যালয় সংগঠনো অন্তৰ্ভুক্ত হৈ থাকে। 
    আনহাতে বিদ্যালয় সংগঠন যদিও ইয়াৰ অন্তৰ্গত তথাপিও তাৰ নিজস্ব এটা পৰিচয় আৰু নিজস্ব কৰ্মৰ পৰিসৰ আছে।

2. শৈক্ষিক প্ৰশাসন ব্যৱস্থাৰ মূল কেন্দ্ৰবিন্দু হল শিক্ষা 
            আনহাতে বিদ্যালয় প্ৰশাসনৰ মূল কেন্দ্ৰবিন্দু হল বিদ্যালয়।

3. শৈক্ষিক প্ৰশাসনে নিম্নপৰ্যায়ৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়লৈ যিকোনো স্তৰৰ আঁচনি প্ৰস্তুত কৰণ, নিৰ্দেশনা দান, সহসম্বন্ধ স্থাপন আৰু পৰ্যবেক্ষণৰ লগত জড়িত। 
                    আনহাতে বিদ্যালয় প্ৰশাসনে অকল অনুষ্ঠানখনৰ আঁচনি প্ৰস্তুতকৰণ বা নিয়ন্ত্ৰণ বা নিৰ্দেশনা দিয়াতে সীমাবদ্ধ থাকে।

4. শিক্ষা প্ৰশাসনৰ প্ৰকৃতি বিদ্যালয় প্ৰশাসনতকৈ বেছি গতিশীল।  শিক্ষা প্ৰশাসনে বহুতো সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।
                আনহাতে তাৰ তুলনাত বিদ্যালয় প্ৰশাসনে কেতবোৰ স্থানীয় সমস্যাৰহে সন্মুখীন হোৱা পৰিলক্ষিত হয়।

5. What do you mean by educational Management ? Write its need and importance ? (শৈক্ষিক ব্যৱস্থাপনা বুলিলে কি বুজা ? ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বিষয়ে লিখা ?)

Answer:  ব্যৱস্থাপনাৰ নীতিসমূহক শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাকে শৈক্ষিক ব্যৱস্থাপনা বোলে। এই ব্যৱস্থাপনাৰ জৰিয়তে নীতি, তত্ত্ব, ধাৰণা, বিভিন্ন কৌশল, পদ্ধতি আদিক শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।  শিক্ষাৰ ব্যৱস্থাৰ গুণগত মানদণ্ড উন্নত কৰিবৰ বাবে বৈজ্ঞানিক আৰু পদ্ধতিগতভাৱে শিক্ষানুষ্ঠানৰ ব্যৱস্থাপনাৰ প্ৰয়োজন আছে।  

Author-Dikha Bora