Chapter 3 


শিক্ষা আয়োগ ১৯৬৪-৬৬

Education Commission, 1964-66

অতি চমু প্ৰশ্ন আৰু উত্তৰ (অতিৰিক্ত)

1. কিমান চনত মুডালিয়াৰ আয়োগ গঠন কৰা হয়?

উত্তৰঃ ১৯৫২ চমত মুডালিয়াৰ আয়োগ গঠন কৰা হয়।

2. কিমান চনত ৰাধাকৃ্ষ্ণন আয়োগ গঠন কৰা হয়?

উত্তৰঃ ১৯৪৮ চনত ৰাধাকৃষ্ণন আয়োগ গঠন কৰা হয়।

3. কিমান চনত কাৰ জন্মদিনৰ দিনা আয়োগৰ কাৰ্যাৱলী আৰম্ভণি কৰা হয়?

উত্তৰঃ ১৯৬৪ চনত ২ অক্টোবৰত গান্ধীজীৰ জন্ম দিনৰ দিনা আয়োগৰ কাৰ্যাৱলী আৰম্ভণি কৰা হয়।

4. ভাৰতবৰ্ষ কি?

উত্তৰঃ ভাৰতবৰ্ষ হ'ল বৈচিত্ৰ্যৰ মাজত ূঔক্যতা বৰ্তি থকা দেশ।

5. আগ্ৰহ বা কৌতুহল কি?

উত্তৰঃ আগ্ৰহ বা কৌতুহল হৈছে জ্ঞান অৰ্জনৰ গুৰুত্বপূৰ্ণ দিশ।

6. কোঠাৰী আয়োগৰ প্ৰতিবেদন কি?

উত্তৰঃ কোঠাৰী আয়োগৰ প্ৰতিবেদন হৈছে দ্বিতীয় অধ্যায়।

7. আয়োগে শিক্ষা ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় চাৰিটা বিশেষ দিশৰ কথা উল্লেখ কৰা হৈছে আৰু সেইকেইটা কি কি?

উত্তৰঃ আয়োগে শিক্ষা ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় চাৰিটা বিশেষ দিশৰ কথা উল্লেখ কৰা হৈছে আৰু সেইকেইটা হ'লঃ-
(১) শিক্ষা গাঠনিৰ ভিন্ ভিন্ পৰ্য্যায়কৰণ আৰু এইবোৰৰ মাজত পাৰম্পাৰিক সমন্ধ।
(২) বিভিন্ন পৰ্য্যায়বোৰে সামৰি লোৱা সময়সীমা।
(৩) শিক্ষক, পাঠ্যক্ৰম, শিক্ষা পদ্ধতি, পৰীক্ষা, ব্যৱস্থা, স্কুলঘৰ, শিক্ষণ সঁজুলি আদিৰ প্ৰয়োগকৰণআৰু তাৰ গুণমান বিশিষ্টতা।
(৪) শিক্ষাৰ সা-সুবিধাবোৰৰ উপয়োগকৰণ।

8. আয়োগে সাধাৰণ শিক্ষাক বহলভাৱে তিনিটা পৰ্য্যায়ত ভাগ কৰিছে আৰু সেইকেইটা কি কি?

উত্তৰঃ আয়োগে সাধাৰণ শিক্ষাক বহলভাৱে তিনিটা পৰ্য্যাত ভাগ কৰিছে আৰু সেইকেইটা হ'লঃ-
প্ৰথম পৰ্য্যায়ঃ প্ৰাক্-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা।
দ্বিতীয় পৰ্য্যায়ঃ উচ্চ আৰু উচ্চতৰ মাধ্য়মিতক শিক্ষা।
তৃতীয় পৰ্য্যায়ঃ পূৰ্ব স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণামূলক পৰ্য্যায়।

9. শিশুৰ প্ৰাথমিক শিক্ষা আৰম্ভণিৰ বয়স কিমান?

উত্তৰঃ  শিশুৰ প্ৰাথমিক শিক্ষা আৰম্ভণি বয়স হৈছে ৬ বছৰ।

10. কিমান চনত নতুন দিল্লীত ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আয়োগ প্ৰশাসন ৰ আৰম্ভণি কৰা ঙৈছিল?

উত্তৰঃ ১৯৭১ চনত নতুন দিল্লীত ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আয়োগ প্ৰশাসন ৰ আৰম্ভণি কৰা হৈছিল।

Author- Ikhant Bora