No subjects found. Create Your Profile

হৰিশ্চন্দ্ৰ উপাখ্যান | Chapter 3 | Gauhati University 5th Semester Assamese Major Model Books Question & Answer Assam | GU 5th Semester Assamese Major Model Books Question & Answer Assam

Chapter: 3

হৰিশ্চন্দ্ৰ উপাখ্যান 

প্ৰশ্নাৱলী 

অতি চমু প্রশ্নঃ 

১৷ শংকৰদেৱৰ প্ৰথম ৰচনা কি?

উত্তৰঃ শংকৰদেৱৰ প্ৰথম ৰচনা হ'ল হৰিশ্চন্দ্ৰ উপাখ্য়ান ।

২৷ শংকৰদেৱৰ হৰিশ্চন্দ্ৰ উপাখ্যান ক'ত ৰচনা কৰিছিল। 

উত্তৰঃ গুৰু গৃহত শংকৰদেৱৰ হৰিশ্চন্দ্ৰ উপাখ্য়ান ৰচনা কৰিছিল ।

৩। হৰিশ্চন্দ্ৰ উপাখ্যান শংকৰদেৱৰ কোন বয়সৰ ৰচনা। 

উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্যান শংকৰদেৱৰ প্ৰথম আৰু আগ বয়সৰ ৰচনা ।

৪। হৰিশ্চন্দ্ৰ উপাখ্যানৰ মূল ক'ৰ পৰা লোৱা হৈছে? 

উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্য়ান মূল মাৰ্কণ্ডয় পুৰাণৰ ৭ম-৮ম অধ্য়ায় পৰা লোৱা হৈছে । 

৫। হৰিশ্চন্দ্ৰ উপাখ্যানত কিমানটা শ্লোক আছে? 

উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্য়ানৰ ৯০০০ শ্লোক আছে ।

৬। হৰিশ্চন্দ্ৰ উপাখ্যানৰ মূল ৰস কি?

উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্য়ানৰ মূল ৰস কৰুণ । 

ৰচনাধর্মী প্রশ্নঃ 

১। হৰিশ্চন্দ্ৰ উপাখ্যানৰ কাহিনীৰ মূল ক’ৰ পৰা লোৱা হৈছে আৰু ইয়াৰ মূল কথাখিনি বর্ণনা কৰা। 

উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্য়ানৰ কাহিনীৰ মূল মাৰ্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্য়ায়ৰ পৰা লোৱা হৈছে আৰু বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনেই কাব্যখনৰ মূল কথা । 

    বিষ্ণু আৰু বৈষ্ণৱৰ সমতুল কথাৰ থুল 'হৰিশ্চন্দ্ৰ উপাখ্য়ান'ৰ মূল মাৰ্কণ্ডেয় পুৰাণ এখন বিপুলায়তন গ্ৰন্থ । ইয়াৰ ৰচনা ক্ৰম খৃঃ তৃতীয় শতিকাৰ পৰা নৱম শতিকালৈ পৰিব্যপ্ত বুলি পুৰাণ বিশেষজ্ঞসকলে মত পোষণ কৰিছে। ইয়াত মুঠতে ৯০০০ শ্লোক ২৩৭টা অধ্য়ায় আছে। শংকৰদেৱে সংস্কৃত পুৰাণখনৰ ৭,৮,৯ অধ্য়ায়ত বিবৃত বৈষ্ণৱ নৃপতি হৰিশ্চন্দ্ৰৰ জীৱনৰ মৰ্মান্তুৰ কাহিনী অংশ মাথোন অসমীয়ালৈ ৰূপান্তৰ কৰিছে । মূলৰ ৭ম সৰ্গত ধৰ্মপক্ষী চতুষ্টয়ে জৈমিনীৰ প্ৰশ্নোত্তৰ ৰাপে হৰিশ্চন্দ্ৰৰ জীৱনৰ কাহিনী বৰ্ণনা কৰিছে । ঋষি বিশ্বামিত্ৰই পঞ্চ দেৱতাক দিয়া অভিসম্পাতৰ ফলশ্ৰতি ৰূপে দ্ৰৌপদীৰ গৰ্ভত তেওঁলোকে স্থিতি লোৱা কাহিনী কথনৰ লগে লগে সপ্তম সৰ্গৰ কথা বস্তুৰ পৰিসমাপ্তি ঘটিছে। অষ্টম সৰ্গত হৰিশ্চন্দ্ৰৰ কাহিনী পুনঃ কথিত হৈছে । নৱম সৰ্গৰ তেত্ৰিশটা শ্লোকত বশিষ্ঠ আৰু বিশ্বামিত্ৰই  বক-শৰালিৰূপে যুদ্ধত প্ৰবৃত হোৱাৰ আমোদজনক বৰ্ণনা বিবৃত হৈছে । মহাপুৰুষে তিনিটা সৰ্গৰ কাহিনীক কাব্য় ৰসৰ প্ৰয়োজনীয়তা তথা বৈষ্ণৱ ভাৱ-বিশ্বাসৰ উপযোগী কৰি অলপ ইফাল-সিফাল কৰি কাব্য় ৰূপ দিছে ।  

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ

১। মহাৰাজ মোৰ সন্তান হৈছে, কৈ কি কৰিব ধৰিলে?

উত্তৰঃ কান্দিব ধৰিলে। 

২। বৃহস্পতি, বাসৱক নমস্কাৰ জনাই পুনৰ চণ্ডালৰ কামত কি হৈছে? 

উত্তৰঃ নিয়োজিত হৈছে। 

৩। ৰজাই ৰাণীৰ এই বিলাপ শুনি আগুৱাই গৈছে কিন্তু কি চিনিব নোৱাৰিলে?

উত্তৰঃ ভাৰ্ষাক চিনিব নোৱাৰিলে। 

৪। যমদূতে বল কৰি যমৰজাৰ সন্মুখত কি কৰালে?

উত্তৰঃ উপস্থিত কৰালে। 

৫। বিধাতা স্বৰূপ কাক নমস্কাৰ কৰিছে?

উত্তৰঃ কৃষ্ণক নমস্কাৰ কৰিছে। 

৬। বালক পুত্ৰক ৰজাই কি পোৱা নাই?

উত্তৰঃ চিনি পোৱা নাই। 

৭। হৰিশ্চন্দ্ৰ উপাখ্য়ান কবিৰ প্ৰথম আৰু কি বয়সৰ ৰচনা?

উত্তৰঃ আগ বয়সৰ ৰচনা। 

৮। মহৰ্ষি বিশ্বামিত্ৰৰ কোপাগ্নিত কি দিয়ে?

উত্তৰঃ পেলাই দিয়ে। 

৯। ৰাজ কুমাৰ ৰোহিতাশ্বৰৰ ফুল আনিবলৈ যাওঁতে কাৰ দংশনত মৃত্য়ু ঘটিল?

উত্তৰঃ সৰ্প দংশনত মৃত্য়ু ঘটিল। 

১০। হৰিশ্চন্দ্ৰ ৰজাৰ ৰাজসূয় কাৰ বৰ্ণনা নাই?

উত্তৰঃ যজ্ঞৰ বৰ্ণনা নাই। 

১১। দেৱতাক প্ৰথমতে পূজা কৰিব তেনে কি আহি পৰা নাই। 

উত্তৰঃ প্ৰশ্নও আহি পৰা নাই। 

১২। শৈব্য়া আৰু ৰাজপুত্ৰক ক্ৰয় কৰা বৃদ্ধ ব্ৰাহ্মণৰ কি হাস্য়মধুৰ?

উত্তৰঃ ছবিখন হাস্য়মধুৰ। 

১৩। যুৰীয়া শব্দৰ প্ৰয়োগে বৰ্ণনীয় বিষয় অধিক কি কৰি তুলিছে?

উত্তৰঃ মনোৰম কৰি তুলিছে। 

১৪। বক-শৰালিৰূপে যুদ্ধত প্ৰবৃত্ত হোৱাৰ কি জনক বৰ্ণনা বিবৃত হৈছে?

উত্তৰঃ আমোদজনক বৰ্ণনা বিবৃত হৈছে।

১৫। ভাৱ-বিশ্বসাৰ উপযোগী কৰি অলপ ইফাল-সিফাল কৰি কি ৰূপ দিছে?

উত্তৰঃ কাব্য় ৰূপ দিছে। 

১৬। বিঘ্ন নাশক গণেশক আদিতে পূজা ভাগ দিবলৈ কি কৰি বিষ্ণুক পূজা কৰে?

উত্তৰঃ অস্বীকাৰ কৰি বিষ্ণুক পূজাৰ কৰে। 

১৭। চাতুৰ্যৰ ফালৰ পৰা উপাখ্য়ানখনি তেওঁৰ আদি যৌৱনৰ ৰচনা বুলি কি কৰিব পাৰি? 

উত্তৰঃ বিশ্বাস কৰিব পাৰি। 

১৮। ৰজা অসহ্য় দুখত পীড়িত ভয়ংকৰ অপবিত্ৰ কি ৰৈ আছে?

 উত্তৰঃ শ্মাশানত ৰৈ আছে। 

১৯। ধৰ্ম দেৱৰাজ আৰু বিশ্বমিত্ৰ ৰজাৰ কলৈ গৈছে?

উত্তৰঃ ওচৰলৈ গৈছে। 

২০। নিজ কৰ্মৰ বাবে স্বৰ্গলৈ গমন কৰিবলৈ কি কৰা?

উত্তৰঃ আৰোহণ কৰা।     



Technology

MY CLASS

No subjects found. Create Your Profile

Daily Assam

We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.

dailyassamofficial@gmail.com

We share educational news & study materials on social platforms.

Follow us

© 2025 All Rights Reserved – dailyassam.com