এখন চিঠি
আৰ্হি প্ৰশ্নঃ
১) (ক) সৈনিকগৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নীৰ মানসিক অৱস্থা কেনেকুৱা আছিল ? সেই সময়ত সৈনিক গৰাকীয়ে কি কৰিছিল ?
উত্তৰঃ সৈনিকগৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নীৰ মানসিক অৱস্থা অতি দুখলগা আছিল। তেওঁ পত্নীক কৈছিল যদি এই যুদ্ধত তেওঁৰ মৃত্যু হয় তেন্তে সেয়া পাৰিজাত ফুল সদৃশ দেৱতাৰ আশীৰ্বাদ হব। কাৰণ এজন সৈনিকৰ মৃত্যুৱে দহজন লোকৰ জীৱন বচায় ।
(খ) চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিক গৰাকীয়ে কি কথা বুলি ভাবিছে ? তেওঁৰ অন্তৰত সেইবোৰ কিহৰ ৰৃপত আছে ?
উত্তৰঃ
(গ) ওখ পৰ্বতবোৰত কেনেধৰণৰ স্মৃতিৰ প্ৰতিধ্বনি শুনিবলৈ পাইছে ?
উত্তৰঃ ওখ পৰ্বতবোৰত প্ৰতিধ্বনিত অন্তৰত জুইৰ শিখা জ্বলিছে।
(ঘ) সৈনিক জীৱনৰ ঘটনা প্ৰৱাহক কিহৰ লগত তুলনা কৰা হৈছে ?
উত্তৰঃ সৈনিক জীৱনৰ ঘটনা প্ৰৱাহক পাৰিজাত ফুলৰ লগত তুলনা কৰা হৈছে। কাৰণ কাৰণ এজন সৈনিকৰ মৃত্যুৱে দহজন লোকৰ জীৱন বচায়।
(ঙ) সৈনিক জীৱনৰ মৃত্যু সম্পৰ্কত কবিতাটিৰ পৰা কি বুজিব পাৰিছা - চমুকৈ লিখা ।
উত্তৰঃ সৈনিক জীৱনৰ মৃত্যু সম্পৰ্কত কবিতাটিৰ পৰা বুজিব পাৰিছো যে যদি যুদ্ধত মৃত্যু হয় তেন্তে সেয়া পাৰিজাত ফুল সদৃশ দেৱতাৰ আশীৰ্বাদ হব। কাৰণ এজন সৈনিকৰ মৃত্যুৱে দহজন লোকৰ জীৱন বচায়।
(চ) চিঠিখন সেইদিনাই ডাকত দিব নোৱৰাৰ কাৰণ চমুকৈ লিখা ।
উত্তৰঃ চিঠিখন সেইদিনাই ডাকত দিব নোৱৰাৰ কাৰণ আছিল যে চিঠিখন লিখি হোৱাৰ সময়তে আদেশ আহিছিল যে যাব লাগে শত্ৰু-সৈন্যই চেলা গিৰিপথ অতক্ৰম কৰিছে।
২) কবিতাটিৰ সাৰমৰ্মখিনি বুজাই লিখা ।
উত্তৰঃ সৈনিকজনে পত্নীলৈ এখন চিঠি লিখিছে আৰু তাত অন্তৰৰ কথা খিনি ব্যক্ত কৰিছে। তেখেতে লিখিছে যে তেওঁ আদেশ পালে যিকোনো মূহূৰ্তত যুদ্ধত যাব লাগিব। তেওঁ পত্নীৰ পৰা বিদায় লৈছে আৰু তেওঁৰ পত্নীৰ মানসিক অৱস্থা অতি দুখলগা আছিল। বিৰহ-বেদনাত সৈনিকজনৰ মুখৰ মাত নাইকিয়া হৈছিল। তেওঁ মুখেৰে এটাওঁ মাত দিব পৰা নাছিল। তেওঁ পত্নীক কৈছিল যদি এই যুদ্ধত তেওঁৰ মৃত্যু হয় তেন্তে সেয়া পাৰিজাত ফুল সদৃশ দেৱতাৰ আশীৰ্বাদ হব। কাৰণ এজন সৈনিকৰ মৃত্যুৱে দহজন লোকৰ জীৱন বচায় ।
৩) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
(ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই
লেখি যোৱা তেজৰ বুৰঞ্জী ।
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সান্নিবিষ্ট কবি হেম বৰুৱাৰ দ্ধাৰা ৰচিত 'এখন চিঠি' নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
কবিয়ে তেওঁৰ কবিতাৰ সৈনিকজন যিখিনি ঠাইত থিয় হৈ আছে যুদ্ধৰ পৰিষ্ঠিতিৰ বৰ্ণনা দিয়াৰ প্ৰসংগত উক্ত কথাখিনি কৈছে। কবিতাচিত যুদ্ধক্ষেত্ৰতত সৈনিক এজনৰ উপলব্ধিৰ চিত্ৰ অংকণ কৰিছে। সীমান্ত পথ, চেলা গিৰিপথ, আটাইতকৈ জটিল এই সীমান্তৰ সুৰক্ষা। এনেবোৰ ঠাইত যোগাযোগৰ সুবিধা নাথাকে। অসহ্য শীত, খাদ্য আদিৰ সীমাব্ধতা এই সকলো বিলাকৰ মাজতো যিকোনো সময়তে আক্ৰমণৰ সন্মূখীন হব লগা ভয় লগত লৈ তেখেত সকল জীয়াই থাকে।
(খ) মৃত্যুৱে যদি অভিনন্দন জনাই
সেই মৃত্যু পাৰিজাত ফুল
তাত দেৱতাৰ আশীৰ্বাদ আছে ।
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সান্নিবিষ্ট কবি হেম বৰুৱাৰ দ্ধাৰা ৰচিত 'এখন চিঠি' নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
এজন সৈনিক এ নিজৰ পৰিয়ালৰ মায়া মোহ ত্যাগ কৰি কেৱল দেশৰ স্বাৰ্থত আত্মবলিদান দিয়ে। কাৰণ তেওঁৰ বলিদান এ আন দহজনৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। সেইবাবে কবিয়ে মৃত্যুক স্বৰ্গীয় পাৰিজাতৰ লগত ৰিজাইছে। তেখেতৰ মতে এনে মহান ত্যাগ দেৱতাৰ আশীৰ্বাদৰ সমান। সেইবাবে এজন সাধাৰণ মানুহৰ মৃত্যুৰ লগত এজন সৈনিকৰ মৃত্যুক মিলোৱা এক অন্যায় ।
(গ) যি মৃত্যুৱে দহক জীৱন দিয়ে,
সেই মৃত্যুক আত্মাৰ দৰেই অবিনশ্বৰ ।
উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সান্নিবিষ্ট কবি হেম বৰুৱাৰ দ্ধাৰা ৰচিত 'এখন চিঠি' নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
এজন সৈনিক এ নিজৰ পৰিয়ালৰ মায়া মোহ ত্যাগ কৰি কেৱল দেশৰ স্বাৰ্থত আত্মবলিদান দিয়ে। কাৰণ তেওঁৰ বলিদান এ আন দহজনৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। সেইবাবে কবিয়ে মৃত্যুক স্বৰ্গীয় পাৰিজাতৰ লগত ৰিজাইছে। তেখেতৰ মতে এনে মহান ত্যাগ দেৱতাৰ আশীৰ্বাদৰ সমান। সেইবাবে এজন সাধাৰণ মানুহৰ মৃত্যুৰ লগত এজন সৈনিকৰ মৃত্যুক মিলোৱা এক অন্যায়।
৪) সৈনিকজনৰ অন্তৰৰ কথাখিনি চমুকৈ প্ৰকাশ কৰা ।
উত্তৰঃ সৈনিকজনে পত্নীলৈ এখন চিঠি লিখিছে আৰু তাত অন্তৰৰ কথা খিনি ব্যক্ত কৰিছে। তেখেতে লিখিছে যে তেওঁ আদেশ পালে যিকোনো মূহূৰ্তত যুদ্ধত যাব লাগিব। তেওঁ পত্নীৰ পৰা বিদায় লৈছে আৰু তেওঁৰ পত্নীৰ মানসিক অৱস্থা অতি দুখলগা আছিল। বিৰহ-বেদনাত সৈনিকজনৰ মুখৰ মাত নাইকিয়া হৈছিল। তেওঁ মুখেৰে এটাওঁ মাত দিব পৰা নাছিল। তেওঁ মৃত্যুৰ সম্পৰ্কে পত্নী গৰাকীক কৈছিল তেওঁ যদি যুদ্ধত মৃত্যু হয় তেন্তে সেয়া পাৰিজাত ফুল সদৃশ দেৱতাৰ আশীৰ্বাদ হব। কাৰণ এজন সৈনিকৰ মৃত্যুৱে দহজন লোকৰ জীৱন বচায় ।
৫) কবিতাটিত মৃত্যুক কিহৰ লগত তুলনা কৰা হৈছে ?
উত্তৰঃ কবিতাটিত মৃত্যুক পাৰিজাত ফুলৰ লগত তুলনা কৰা হৈছে।
৬) কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম কি ? তেওঁ পত্নীক কি বুলি অনুৰোধ কৰিছে ?
উত্তৰঃ কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম মমতা। তেওঁ পত্নীক অনুৰোধ কৰিছে যো তেওঁৰ মৃ্ত্যুৰ পাছত যাতে তেওঁৰ লৰা দুটাই পিতৃৰ অভাৱ অনুভৱ নকৰে।
অতিৰিক্ত প্ৰশ্নঃ
(ক) ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা ।
উত্তৰঃ ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম হল - হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা।
(খ) হেম বৰুৱাৰ চিঠিৰ ভাষাৰে বিষয়বস্তুক প্ৰকাশ কৰা অন্য কবিতা এটিৰ নাম লিখা ।
উত্তৰঃ হেম বৰুৱাৰ চিঠিৰ ভাষাৰে বিষয়বস্তুক প্ৰকাশ কৰা অন্য কবিতা এটিৰ নাম হল - 'মমতাৰ চিঠি'।
Type- Leena Kakati
0 Comments