Lesson: 12

বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন


১। এটা শব্দ বা বাক্যত উত্তৰ লিখা :

ক) ভাৰতত বেপাৰ কৰিবলৈ অহা প্ৰথম ইউৰোপীয় দেশখনৰ নাম লিখা।

উত্তৰঃ  পর্তুগাল।

খ) হলেণ্ড বা নেদাৰলেণ্ডৰ অধিৱাসীসকলক কি বুলি জনা যায়?

উত্তৰঃ  ডাচ।

গ) ১৪৯৮ চনৰ ১৭ মে’ তাৰিখে ভাৰতৰ মালাৱাৰ উপকূলৰ কালিকট বন্দৰত উপস্থিত হোৱা নাৱিকজন কোন আছিল?

উত্তৰঃ ভাস্ক'ডা-গামা।

ঘ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ ১৬০০ চনত

ঙ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰাৰ সময়ত ইংলেণ্ডৰ ৰাণী কোন আছিল?

উত্তৰঃ  মহাৰাণী এলিজাবেথ।


২। খালী ঠাই পূৰণ কৰা :

ক) বাণিজ্যবাদ শব্দটো _________লগতেই জড়িত।

উত্তৰঃ  ব্যৱসায় বাণিজ্য।

খ) _________ভাৰতলৈ অহাৰ সামুদ্রিক পথ বিচাৰি ভুলবশতঃ আমেৰিকা আৱিষ্কাৰ কৰে।

উত্তৰঃ খ্ৰীষ্টফাৰ কলম্বাছে।

গ) ১৬৬১ চনত _________ ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে _________ খন ইংৰাজ কোম্পানীক লীজত দিয়ে। 

উত্তৰঃ  বোম্বাই

ঘ) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্রাট_________পৰা তিনিখন ফৰমান লাভ কৰিছিল। 

উত্তৰঃ  সম্রাট ফাৰুকচিয়াৰ।

(ঙ) ভাৰতত ব্যৱসায়ৰ ক্ষেত্ৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ ডাঙৰ শত্ৰু আছিল_________

উত্তৰঃ ফৰাছী সকল।


৩। চমুটোকা লিখা :

ক) বাথৌ লমিউ দিয়াজ

উত্তৰঃ  বার্থোলমিউ দিয়াজ  এগৰাকী পর্তুগীজ নাবিক আছিল। পর্তুগালৰ ৰাজকুমাৰ হেনৰীৰ অনুপ্ৰেৰণাত পর্তুগীজ নাবিকসকলে সামুদ্রিক অভিযান চলাইছিল- বিভিন্ন ঠাইৰ সন্ধানত সমুদ্ৰত নিজৰ জীৱনকো তুচ্চ কৰি জাহাজ মেলি দিছিল। সামুদ্রিক অভিযানৰ বাবে হেনৰীয়ে অর্থ সাহায্য প্রদান কৰিছিল। হেনৰীৰ মৃত্যুৰ পিছতো সাাগৰীয় যাত্ৰাৰে নতুন ঠাই আবিষ্কাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছিল। বার্থোলমিউ দিয়াজে হেনৰীৰ মৃত্যুৰ পিছত ১৪৮৭চনত নতুন আৱিস্কাৰৰ সন্ধানত আটলান্টিক মহাসাগৰেদি যাত্ৰা আৰম্ভ কৰি আহি আহি আফ্রিকা মহাদেশৰ দক্ষিণত অবস্থিত উত্তম আশা অন্তৰীপ আবিষ্কাৰ কৰিছিল।

খ) ভাস্ক 'ডা-গামা

উত্তৰঃ  ভাস্ক'ডা গামা এগৰাকী পতুগীজ নাবিক আছিল। নাবিক সকলৰ উদ্দেশ্যই আছিল নানা বাধা-বিঘিনী অতিক্রমি সাগৰীয় পথেদি যাত্রা কৰি ন ন ঠাই আবিষ্কাৰ কৰা। ১৪৯৮ খ্রীষ্টাব্দত ভাস্ক'ডা গামাই আফ্রিকাৰ আটলান্টিক মহাসাগৰৰ উপকূলৰে যাত্রা আৰম্ভ কৰিছিল। তেওঁ উত্তম আশা অন্তৰীপৰ কাষেৰে গৈ ভাৰত মহাসাগৰত উপস্থিত হৈছিল আৰু ১৪৯৮ চনৰ ১৪মে' তাৰিখে ভাৰতৰ মালৱাৰ উপকূলৰ কালিকট বন্দৰত ভৰি দিয়ে।ভাস্ক'ডা গামাৰ এই সাগৰীয় নতুন পথৰ আৱিষ্কাৰৰ ফলত ভাৰতীয় বয়-বস্তু পর্তুগাললৈ নিব পৰা হ'ল। ১৬শতিকাৰ শেষৰ পিনে গোৱা, ডমন ডিউ, চালচেটিকে আদি কৰি ইয়াৰ ওচৰৰ বিস্তীর্ণ অঞ্চল পর্তুগীজসকলৰ অধীনলৈ যায়। 


গ) ওলন্দাজসকল

উত্তৰঃ  ইউৰোপৰ বাণিজ্যিক দেশ সমূহৰ ভিতৰত এখন হ'ল- হলেণ্ড বা নেদাৰলেণ্ড। এই দেশৰ অধিবাসী সকলক ডাচ বুলি কোৱা হয়। ভাৰতত তেওঁলোকক ওলন্দাজ নামে জনা গৈছিল। ভাৰতৰ লগত বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত পর্তুগীজ সকলৰ সফলতাই ডাচ বা ওলন্দাজ সকলকো ভাৰতলৈ আকৰ্ষিত কৰিছিল। তেওঁলোকে ষোড়শ শতিকাৰ শেষৰফালে কেইবাটাও ব্যৱসায়িক প্রতিষ্ঠান গঠন কৰি ভাৰতত ব্যৱসায় চলাবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল। সেয়ে ১৬০২ চনত সৰু সৰু কোম্পানীবোৰ একেলগ কৰি 'ডি ইউনাইটেড ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰে। নেডাৰলেণ্ডছ' নামে এটা কোম্পানী গঠন কৰে। নেডাৰলেণ্ডছ চৰকাৰে এই সংযুক্ত প্রতিষ্ঠানটোক ব্যৱসায় বাণিজ্যৰ কাৰণে অধিকাৰ প্ৰদান কৰে। তেওঁলোকে ভাৰতৰ কৰমণ্ডল উপকূলত বাণিজ্য কুঠি নিৰ্মাণ কৰিছিল।


ঘ) ফাৰুকছিয়াৰ

উত্তৰঃ  ফাৰকচিয়াৰ এগৰাকী মোগল সম্রাট আছিল। মোগল সম্রাট ঔৰংজেৱৰ উত্তৰাধিকাৰী সম্রাট আছিল ফাৰুকচিয়াৰ। ঔৰংজেৱৰ মৃত্যুৰ পিছত ভাৰততইংৰাজসকলে ব্যৱসায় সম্প্ৰসাৰণ ঘটাবলৈ বিশেষভাৱে সুবিধা পায়। এই ক্ষেত্রত ফাৰকচিয়াৰৰ অৱদান আটাইতকৈ বেছি। ১৭১৭চনত ইংৰাজ সকলৰ এটা প্রতিনিধি দল ভাৰতলৈ আহিছিল। লগত আহিছিল উইলিয়াম হেমিলটন নামৰ এজন চিকিৎসক। সেই সময়ত ফাৰকচিয়াৰ টান নৰিয়াত পৰি আছিল। ডাঃ হেমিলটনে তেওঁক চিকিৎসা কৰি আৰোগ্য কৰে। ইয়াতেই সন্তুষ্ট হৈ ফাৰুকচিয়াৰে কোম্পানীক তিনিখন ফৰমান প্ৰদান কৰে। ইয়াৰ ফলত কোম্পানীক ৩০০০টকাৰ বিনিময়ত বঙ্গদেশত কৰমুক্তভাবে। ব্যৱসায় কৰিবলৈ অনুমতি দিয়ে। লগতে কলিকতাৰ ওচৰে পাজৰে প্ৰয়োজন মতে মাটি অধিগ্রহণ কৰাৰ ক্ষমতাও প্ৰদান কৰে। এইদৰে ফাৰুকচিয়াৰৰ বাবে ইংৰাজ সকল অধিক লাভবান হ'ল।

৪। 

‘ক’ অংশ                                                    ‘খ’ অংশ                      

 ক) ১৪৫৩ চন              ফৰাছীসকলৰ পণ্ডিচেৰী দখল।       

খ) ১৬০০ চন                    তুর্কীসকলৰ কনষ্টাণ্টিনপোল দখল। 

 গ) ১৬০২ চন                     ইষ্ট ইণ্ডিয়া কোম্পানী গঠন।              

 ঘ) ১৬৭৩                    ‘দি ইউনাইটেড ইষ্ট ইণ্ডিয়া                                                                                                  কোম্পানী অব্ দা নেদাৰলেণ্ডছ গঠন'। 

উত্তৰঃ                                                                                                                                                 

ক’ অংশ                                                   ‘খ’ অংশ                      


 ক) ১৪৫৩ চন --------------------- তুর্কীসকলৰ কনষ্টাণ্টিনপোল দখল।                  


খ) ১৬০০ চন ----------------------- ইষ্ট ইণ্ডিয়া কোম্পানী গঠন।              


 গ) ১৬০২ চন--------------------- দি ইউনাইটেড ইষ্ট ইণ্ডিয়া  কোম্পানী অব্ দা নেদাৰলেণ্ডছ গঠন'।                     

 ঘ) ১৬৭৩ ------------------------ফৰাছীসকলৰ পণ্ডিচেৰী দখল।                          


৫। বাণিজ্যবাদ বুলিলে কি বুজা লিখা।

উত্তৰঃ   বাণিজ্যবাদ শব্দটো ব্যৱসায় বাণিজ্যৰ লগতেই জড়িত বুলি সাধাৰণতে অনুমান কৰিব পাৰি। ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ ঘটাই অর্থনৈতিক উন্নতিৰ কাৰণেপ্ৰচেষ্টা কৰি যেতিয়া চৰকাৰে ব্যৱসায় বাণিজ্য বা অর্থনৈতিক কার্য কলাপ নিয়ন্ত্রণ কৰে তাকেই বাণিজ্যবাদ বোলা হয়।

৬। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন কোন ঠাইত বাণিজ্যৰ সম্প্ৰসাৰণ কৰিছিল লিখা।

উত্তৰঃ   ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্যৰ সম্প্ৰসাৰৰণ কৰা ঠাইবোৰ আছিল ক্রমে- চুৰাট, আগ্রা, আহম-দাবাদ, মাদ্রাজ (বর্তমান চেন্নাই), বোম্বাই (বর্তমান মুম্বাই, কলকাতা (হুগলী) আদি।

৭। মোগল সম্রাট ফাৰুকছিয়াৰে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক দিয়া ফৰমানৰ জৰিয়তে কি কি সুবিধা লাভ কৰিছিল চমুকৈ লিখা।

উত্তৰঃ  মোগল সম্রাট ফাৰুকছিয়াৰে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক দিয়া ফৰমানৰ জৰিয়তে বছৰি মাত্র ৩০০০ টকাৰ বিনিময়ত কোম্পানীয়ে বঙ্গদেশত কৰমুক্ত ভাবে ব্যৱসায় কৰিবলৈ অনুমতি পাইছিল।কলকতাৰ ওচৰে পাজৰে প্ৰয়োজন মতে মাটি অধিগ্রহণ কৰাৰ ক্ষমতাও লাভ কৰিছিল। নিজামৰ ৰাজ্য হায়দৰাবাদতো বছৰি দিবলগীয়া ৰাজহৰ বাদে আন সকলো সামগ্ৰী কৰৰ পৰাই ৰেহাই পাইছিল।কোম্পানীয়ে মুদ্রা প্রস্তুত কৰিবলৈও অধিকাৰ পাইছিল।


Type by Ishan Bora

Check by - Mukesh Borah