Lesson: 13
ভাৰতত ইংৰাজ শাসন প্ৰতিষ্ঠা,
সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ
১। এটা শব্দ বা বাক্যত উত্তৰ লিখা :
ক) প্রথম কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাছী গৱৰ্ণৰ কোন আছিল?
উত্তৰঃডুপ্লে।
খ) পলাশী যুদ্ধৰ সময়ত থকা বংগদেশৰ নৱাবজনৰ নাম লিখা।
উত্তৰঃ চিৰাজউদ্দৌলা।
গ) কোন চনত ৰেগুলেটিং এক্ট প্রণয়ন কৰা হৈছিল?
উত্তৰঃ ১৭৭৩ চনত।
ঘ) বৈশ্যতামূলক মিত্ৰতা নীতি কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ওৱেলফ্লিয়ে।
(ঙ) স্বত্ব বিলোপ নীতি প্রয়োগ কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য সম্প্ৰসাৰণ ঘটোৱা ইংৰাজ গৱৰ্ণৰ জেনেৰেলজনৰ নাম লিখা।
উত্তৰঃ লর্ড ডেলহাউচী।
২। খালী ঠাই পূৰণ কৰা :
ক) কৰ্ণাটকৰ যুদ্ধ ইংৰাজ আৰু________ মাজত সংঘটিত হৈছিল।
উত্তৰঃ ফৰাচী সকলৰ
খ) ________১৭৪২ চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেৰাণী হৈ মাদ্রাজলৈ আহিছিল।
উত্তৰঃ ৰবাৰ্ট ক্লাইব
গ) ৰেগুলেটিং এক্টৰদ্বাৰা গৱৰ্ণৰ পদটো________ লৈ উন্নীত কৰা হৈছিল।
উত্তৰঃ গৱৰ্ণৰ জেনেবেল
ঘ) ৰেগুলেটিং এক্ট অনুসৰি কলিকতাত স্থাপন কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ আছিল________।
উত্তৰঃ চাৰ এলিজা ইম্প।
ঙ) ৰেগুলেটিং এক্ট অনুসৰি কলিকতাত স্থাপন কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ আছিল________।
উত্তৰঃ চাৰ জন ছোবে।
৩। চমুটোকা লিখা :
ক) পলাশী যুদ্ধ
উত্তৰঃ ১৭৫৭ খ্রীঃত বঙ্গৰ নৱাব চিৰাজউদ্দোলা আৰু ইংৰাজ বাহিনীৰ মাজত পলাশী নামে ঠাইত যি যুদ্ধ সংঘটিত হৈছিল সেই যুদ্ধ খনকেই পলাশীৰ যুদ্ধ নামে জনা যায়।আমি এই কথা জানো যে ইংৰাজ সকলৰ ভাৰতত প্রধান শত্রু আছিল ফৰাছী সকল। ১৭৫৭চনত ইংৰাজ সকলে ফৰাছী ঘাটি চন্দন নগৰ অধিকাৰ কৰাত বঙ্গৰ নবাব চিৰাজউদ্দৌলাই ইংৰাজ বিলাকক চন্দন নগৰ ফৰাছী সকলক ঘূৰাই দিবলৈ ক'লে। ইংৰাজসকল অমান্তি হ'ল আৰু তেওঁলোকে নবাবক এসেকা দিয়াৰ ষড়যন্ত্র কৰি চিৰাজউদ্দৌলাৰ সেনাপতি মিৰজাফৰক বঙ্গৰ নবাব পতাৰ প্ৰতিশ্রুতি দি হাত কৰিলে। ইয়াৰ পিচত ক্লাইবে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে আলিনগৰ চুক্তি ভংগৰ মিছা অভিযোগ আনিলে। চিৰাজে ক্লাইবৰ অভিসন্ধিৰ কথা গম পাই সৈন্য-সামন্ত লৈ আগবাঢ়ি গ'ল। ১৭৫৭চনৰ ২৩জুন তাৰিখে পলাচী নামে ঠাইত যুদ্ধ হ'ল। এই যুদ্ধত নবাবৰ সেনাপতি আছিল মোহন লাল আৰু মীৰমদন। মুখ্য সেনাপতি মিবজাফৰে কৌশলেৰে যুদ্ধৰ পৰা আঁতৰি আছিল। নবাব বাহিনীয়ে বৰ পৰাক্ৰমেৰে যুঁজিছিল যদিও শেষত পৰাস্ত হ'ল। পলাচীৰ যুদ্ধৰ পিচৰে পৰা ইংৰাজে বঙ্গদেশত খোপনি পুতিলে আৰু লাহে লাহে নিজৰ অধীন কৰি ল'লে
খ) মিৰজাফৰ
উত্তৰঃ বংগৰ নৱাব চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি আছিল মিৰজাফৰ। সুবিধাবাদী মিৰজাফৰে ইংৰাজৰ প্রলোভনত ভোেল গৈ ১৭৫৭খ্রীষ্টাব্দৰ পলাশীৰ যুদ্ধত নবাবৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ নৱাবক পৰাস্ত কৰোৱায় আৰু ইংৰাজৰ অনুগ্ৰহত বঙ্গৰ নবাব হয়। দুর্ভাগ্যৰ বিষয় তেওঁ ইংৰাজৰ হাতৰ পুতলা হ'ব লগা হয়। মিৰজাফৰ অসন্তুষ্ট হ'ল। তেওঁ ইংৰাজৰ বিৰুদ্ধে সমৰ সজ্জাৰ যো-জা কৰি ভাৰতত থকা ওলন্দাজ সকলক লগ কৰিলে। ৰবাৰ্ট ক্লাইবে সকলো কথা গম পাই দেশলৈ উভতি গ'ল। তেওঁৰ পিছত অহা গৱৰ্ণৰ ভান্সটার্টে মিৰজাফৰক সিংহাসনৰ পৰা নমাই তেওঁৰ জোঁৱায়েক মিৰকাছিমক বঙ্গৰ নবাব পাতে।
(গ) মিৰকাছিমঃ
উত্তৰঃ মিৰজাফৰৰ জোঁৱায়েক মিৰকাছিমক ইংৰাজ গবৰ্ণৰে শহুৰেকক পদচ্যুৎ কৰি সিংহাসনত বহুৱাই বঙ্গৰ নবাব পাতিছিল। নৱাবী পদ গ্রহণ কৰিয়ে মিৰকাছিমে বৰ্দ্ধমান, মেদিনীপুৰ আৰু চট্টগ্রাম নামৰ তিনিখন জিলা কোম্পানীক দিব লগাত পৰে। মিৰ কাছিম স্বাধীন চেতীয়া স্বভাৱৰ লোক আছিল। কোম্পানীৰ অনুগ্ৰহত নবাব পদ পালেও তেওঁ কিন্তু কোম্পানীৰ বহতীয়া হৈ থাকিবলৈ টান পাইছিল। তেওঁ ইংৰাজৰ পৰা মুক্ত হোৱাৰ চিন্তাৰে নিজ প্ৰতিৰক্ষা সুদৃঢ় কৰণৰ বাবে দৃঢ় প্রতিজ্ঞ হ'ল। সৈন্য-বাহিনীৰ সামৰিক ক্ষমতা বৃদ্ধিৰ বাবে তেওঁ ইউৰোপীয় প্রণালীৰে নিজ সৈন্য সকলক শিক্ষিত তথা সজ্জিত কৰি তুলিলে। ইয়াৰ উপৰিও ইংৰাজসকলৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিবৰ বাবে তেওঁ মুৰ্চিদাবাদৰ পৰা নিজ ৰাজধানী মুংগেৰলৈ তুলি নিলে। মীৰকাছিমৰ এনেবোৰ কাৰ্যত ইংৰাজসকলে অস্বস্তি বোধ কৰিলে।মীৰ কাছিমৰ নীতিত অতি অসন্তষ্ট হৈ পাটনাৰ বাণিজ্য কুঠিৰ এজেন্ট এলিচ এ পাটনা দখল কৰাত মীৰকাছিমে ইংৰাজৰ বিপক্ষে অস্ত্ৰধাৰণ কৰিলে। নবাবে অতি সোনকালেই পাটনা পুনৰ অধিকাৰ কৰিলে। কিন্তু ঠিক তেনেতে ইংৰাজসকলে এক বিশাল ইংৰাজসকলে এক বিশাল বাহিনী লৈ মিৰকাছিমক যুদ্ধত হৰুৱালে। মিৰকাছিম পলাই গৈ অযোধ্যাৰ নবাব চুজউদ্দৌলাৰ কাষ পালেগৈ। চুজা উদ্দোলা আৰু মোগল সম্রাট- দ্বিতীয় ছাহ আলমে মিৰকাছিমক সহায় কৰিবলৈ গ'ল যদিও ইংৰাজৰ হাতত হাৰিল। যুদ্ধত হাৰি মিৰকাছিম পলাল। ইংৰাজে পুনৰবাৰ মিৰজাফৰক বঙ্গৰ নবাব পাতিলে।
ঘ) অন্ধকুল হত্যা
উত্তৰঃ মোগল সম্রাট ফাৰুকচিয়াৰৰ 'ফৰমান'ৰ জৰিয়তে বঙ্গদেশত যথেষ্ট সা- সুবিধা পাইছিল। তেওঁলোকে বঙ্গদেশত নিজৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধিৰ সুযোগত ৰৈ আছিল। এনেতে বঙ্গদেশৰ নবাব আলিবদিখাঁৰ মৃত্যু হ'ল। আলিবৰ্দ্দিখাঁৰ কোনো পুত্র সন্তান নাছিল। সেয়ে নবাবে তেওঁৰ তিনি গৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজউদ্দোলাক বংগৰ সিংহাসনৰ উত্তৰাধিকাৰী মনোনীত কৰি গৈছিল। এই কথাই নবাবৰ ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুতেক চৌকত জং অসন্তুষ্ট হৈ আছিল। এওঁলোক চিৰাজউদ্দৌলাৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হ'ল। এই গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাছী দুয়ো পক্ষই বংগদেশত এটা দুর্গ সাজিবলৈ আগবাঢ়িলে। চিৰাজউদ্দোলাই তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ উভয় পক্ষকে আদেশ দিলে। ফৰাচী সকলে আদেশ মানিলে যদিও ইংৰাজসকলে তেওঁলোকৰ সামৰিক প্ৰস্তুতি চলায়ে থাকিল।ইংৰাজসকলৰ এনে বেপৰোৱা কাৰ্যত চিৰাজউদ্দৌলাৰ খং উঠিল আৰু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিলে। নবাবে কাচিম বজাৰ কুঠি দখল কৰি ফৰ্ট উইলিয়াম দুৰ্গত আক্ৰমণ কৰিলে। সেই সময়ত কলিকতাৰ গবৰ্ণৰ আছিল ৰ'জাৰ ড্রেক। নবাবৰ এই আক্ৰমণত ড্রেকে কিছুমান বিষয়াৰ সৈতে অইন ঠাইত আশ্রয় ল'লে। দূর্গত থকা আন কিছুমান লোকে নবাবৰ ওচৰত আত্ম সমর্পন কৰিলে। আত্মসমর্পণ কৰা ১৪৬জন লোকক নবাবে এটা অতি সৰু কোঠালিত আবদ্ধ কৰি ৰাখিলে। এইদৰে ৰখাত উশাহ-নিশাহ বন্ধ হৈ ১২৩ জন লোক মৃত্যুৰ মুখত পৰিল। এই ঘটনাক অন্ধকুল হত্যা নামে জনা যায়।
ঙ) বক্সাৰ যুদ্ধ
উত্তৰঃ ইংৰাজ সকলে বঙ্গদেশত নিজৰ আধিপত্য বৃদ্ধি কৰিব বিচৰা কথাত বঙ্গৰ নবাব মিৰকাছিম অসন্তুষ্ট হৈছিল। ইংৰাজৰ কবলৰ পৰা মুক্ত হ'বলৈ তেওঁ পশ্চিমীয়া আর্হিত নিজৰ সৈন্য বাহিনী গঠন কৰিলে, ৰাজধানী মুৰ্চিদাবাদৰ পৰা মুংগেৰলৈ তুলি নিলে তাৰোপৰি কোম্পানীৰ সামগ্ৰীৰ ব্যৱসায়ৰ 'দস্তক' ব্যৱস্থাতো হাত দিয়ে। এই কথাত অসন্তুষ্ট হৈ পাটনাত থকা ইংৰাজ কুঠিৰ এজেণ্ট জনে পাটনা অধিকাৰ কৰাৰ চেষ্টা চলায়। কিন্তু নৱাবৰ সৈন্য বাহিনীয়ে তেওঁলোকক খেদি পঠিয়াই। ইয়াৰ পিছত ইংৰাজ কোম্পানীয়ে মিৰকাছিমৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইংৰাজ বাহিনীয়ে নবাবক কেইবাখনো যুদ্ধত পৰাস্ত কৰিলে। তেওঁলোকৰ পৰা ৰক্ষা পাবৰ বাবে মিৰকাছিম পলাই গৈ অযোধ্যাৰ নবাব চুজাউদ্দোলাৰ ওচৰ পালেগৈ। চুজাউদ্দোলা আৰু মোগল সম্রাট দ্বিতীয় চাহ আলমে মিৰকাছিমৰ সৈতে এক সম্মিলিত সৈন্য বাহিনী লৈ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়িল। ১৭৬৪ চনত বিহাৰৰ সীমান্তত থকা বক্সাৰ নামৰ ঠাইত দুয়োপক্ষৰ মাজত প্রচণ্ড যুঁজ সংঘটিত হয়। যুদ্ধত হাৰি মিৰকাছিম পলাই গ'ল আৰু সেই ঠাইত দ্বিতীয়বাৰৰ কাৰণে মিৰজাফৰক অধিষ্ঠিত কৰা হয়। বক্সাৰৰ যুদ্ধত জয়লাভ কৰাৰ পাছত ইংৰাজৰ শক্তি দুগুণ বৃদ্ধি হ'ল।
চ) চিৰস্থায়ী বন্দবস্ত
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশোধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল। কোম্পানীৰ ৰাজহ বিভাগ টনকিয়াল কৰিবলৈ কৃষিভূমিৰ ক্ষেত্ৰত লর্ড কর্ণাৱলিছে চিৰস্থায়ী বন্দবস্ত কৰিছিল। এই ব্যৱস্থা অনুসৰি ভূমি সমূহ ভাগ ভাগ কৰি প্ৰত্যেক খণ্ডত একোজন জমিদাৰক দিছিল। এই বন্দবস্ত আছিল যেতিয়ালৈকে জমিদাৰজনে নির্দিষ্ট হাৰত ৰাজহ দি থাকিব তেতিয়ালৈকে জমিদাৰী থাকিব খেতি-বাতি হওকে বা নহওকেই নির্দিষ্ট হাৰত ৰাজহ কোম্পানী চৰকাৰক দিব নোৱাৰিলেই জমিদাৰী উচ্ছেদ হ'ব আৰু লগে লগে ই চৰকাৰৰ হাতলৈ যাব। এই চুক্তিত জমিদাৰসকল ভীত হৈছিল আৰু তেওঁলোকে কৃষক সকলক অত্যধিক হেঁচা প্রয়োগ কৰিছিল। ফলস্বৰূপে কৃষক সকল জমিদাৰ সকলৰ অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিল।
ছ) দস্তক
উত্তৰঃ বঙ্গদেশত ইংৰাজে ব্যৱসায়ৰ নামত চলোৱা এক ব্যৱস্থা হ'ল দস্তক। ইষ্ট- ইন্ডিয়া কোম্পানীয়ে মোগল সম্ৰাটৰ পৰা 'ফৰমান' লাভ কৰি যথেষ্ট সুবিধা গ্রহণ কৰিছিল। এইবাৰ তেওঁলোকে ব্যৱসায়ৰ আৰু সম্প্ৰসাৰণ কৰিবলৈ এটা কৌশল অৱলম্বন কৰিলে। তেওঁলোকে দস্তক নামৰ এখন প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছিল আৰু এই প্ৰমাণপত্ৰ খনত কোম্পানীৰ বস্তু বুলি লিখি দিলেই সেই বস্তু এঠাইৰ পৰা আনঠাইলৈ বিনা শুল্কে নিব পৰা হৈছিল। এই ব্যৱস্থা কেৱল বহিঃ বাণিজ্যৰ ক্ষেত্ৰতহে প্রযোজ্য আছিল যদিওঁ কোম্পানীৰ কৰ্মচাৰীসকলে আভ্যন্তৰীণ ক্ষেত্ৰতো এই একেই ব্যৱস্থা প্ৰয়োগ কৰিছিল। ইয়াৰ ফলত নবাবৰ পাবলগীয়া শুল্ক কমি গৈছিল। সেয়ে নবাব মিৰকাছিমে এই প্রথা উঠাই দিব বিচাৰি বিফল হ'ল। শেষত নবাবে দেশীয় ব্যৱসায়ী সকলকো বিনাশুল্কে ব্যৱসায় কৰাৰ অনুমতি দিলে। ইয়াতে অসন্তুষ্ট হৈ ইংৰাজে নৱাবৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'ল।
জ) স্বত্ব বিলোপ নীতি
উত্তৰঃ পলাশী যুদ্ধৰ পিছৰ পৰা বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি সাম্রাজ্যবাদী নীতি গ্রহণ কৰিছিল লর্ড ডেলহাউচীৰ দিনত, পূৰ্ণ পর্যায় পাইছিল বুলি ক'ব পাৰি। ভাৰতৰ বৃটিছ সাম্রাজ্যবাদৰ সম্প্ৰসাৰণৰ বাবে ডেলহাউছীয়ে যি কেইটা নীতি গ্রহণ কৰিছিল তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল স্বত্ববিলোপ নীতি। এই নীতি প্রয়োগ কৰি ডেলহাউছীয়ে কেইবাখনো দেশীয় ৰাজ্য বৃটিছসাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। স্বত্ববিলোপ নীতিৰ দ্বাৰা নিয়ম কৰা হ'ল যে যদি কোনোবা দেশীয় ৰজাই নিজৰ পুত্ৰ নথকাৰ বাবে আন কাৰোবাক তোলনীয় পুত্ৰ কৰি ৰাখে তেতিয়া সেই তোলনীয়া পুত্ৰই ৰজাৰ মৃত্যৰ পিছত ৰাজ্যৰ উত্তৰাধিকাৰী হ'ব নোৱাৰিব। সেই দেশীয় ৰাজ্যখন ৰজাজনৰ পিছত বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰি লোৱা হ'ব। এই নীতি অনুসৰি ডেলহাউছীয়ে ভালেকেইখন ৰাজ্য ইংৰাজৰ অধীন কৰি লৈছিল।
৪। শুদ্ধ উত্তৰ বাছি উলিওৱা :
ক) কৰ্ণাটকৰ যুদ্ধ সংঘটিত হৈছিল—
ইংৰাজ আৰু পর্তুগীজ/পর্তুগীজ আৰু ফ্ৰান্স/ইংৰাজ আৰু ফ্ৰান্সৰ মাজত
উত্তৰঃ ইংৰাজ আৰু ফ্ৰান্সৰ মাজত।
খ) পলাশী যুদ্ধৰ সময়ত বংগৰ নৱাব আছিল—
মিৰজাফৰ/মিৰকাছিম/চিৰাজউদ্দোলা
উত্তৰঃ চিৰাজউদ্দোলা
গ) ৰেগুলেটিং এক্ট প্রণয়ন কৰিছিল ---------
ৰবাৰ্ট ক্লাইব/ডুপ্লে/ব্রিটিছ সংসদে
উত্তৰঃ ব্রিটিছ সংসদে
ঘ) দ্বিতীয় বাজীৰাওৰ তোলনীয়া পুতেকৰ বছৰেকীয়া পেন্সন বন্ধ কৰিছিল--------
ৰবাৰ্ট ক্লাইব/ওৱেললি/ডেলহাউছিয়ে
উত্তৰঃ ডেলহাউছিয়ে
৫। ভাৰতত ইংৰাজ আৰু ফৰাছীসকলৰ মাজত লগা যুদ্ধত ফৰাছীসকলে কিয় পৰাজয় বৰণ কৰিলে তাৰ কাৰণসমূহ লিখা।
উত্তৰঃ ভাৰতত ইংৰাজ আৰু ফৰাছী সকলৰ মাজত যিবােৰ যুদ্ধ হৈছিল সেই আটাই কেইখনতে ফৰাচীসকল হাৰিছিল । ইয়াৰ কাৰণ সমূহ তলত উল্লেখ কৰা হল— ইংলেণ্ডৰ নৌ-বাহিনী অতি শক্তিশালী হােৱাৰ বিপৰীতে ফৰাচী সকলৰ নৌ-বাহিনী আছিল দুর্বল।ফৰাছীসকলৰ মাজত উপযুক্ত নেতৃত্বৰ অভাৱ আছিল । ডুপ্লে এজন দক্ষলােক হ’লেও তেওঁৰ আন কৰ্মচাৰীৰ লগত বুজা-বুজিৰ অভাৱত বহু ক্ষেত্ৰত বিফল হ’ব লগা হৈছিল । কিন্তু ইংৰাজে ৰবার্ট ক্লাইবৰ নিচিনা উপযুক্ত এজন নেতা পাইছিল । ফৰাচী সকলৰ একমাত্র উল্লেখযােগ্য বাণিজ্যিক ঘাটি আছিল পণ্ডিচেৰী । অর্থাৎ তেওঁলােকে ভাৰতত খােপনি মজবুত কৰিব পৰা নাছিল । কিন্তু ইংৰাজসকলে কলিকতা , মাদ্রাজ আৰু বােম্বাইত নিজৰ স্থিতি দৃঢ়কৰি সাম্রাজ্য স্থাপনত মনােনিবেশ কৰিছিল ।
৬। ৰেগুলেটিং এক্টৰ বিধি-বিধানসমূহ কি আছিল লিখা।
উত্তৰঃ ৰেগুলেটিং এক্টৰ মূল বিধি – বিধান সমূহ আছিল এনে ধৰণৰ
এই আইন অনুসৰি ভাৰতত থকা কোম্পানী চৰকাৰে বৃটিছ চৰকাৰক সময়ে সময়ে শাসন সম্পর্কীয় কথাবােৰ জনাই থাকিবলগীয়া হ’ল ।
ৰেগুলেটিং এক্টৰ আন এটা গুৰত্বপূর্ণ চর্ত অনুসৰি , কোম্পানীৰ চাকৰিয়াল সকলৰ ব্যক্তিগত ব্যৱসায় নিষিদ্ধ কৰা হ’ল ।
ৰেগুলেটিং এক্টৰ দ্বাৰা বিচাৰ ব্যৱস্থাতাে কিছু পৰিবর্তন অনা হৈছিল।ন্যায় বিচাৰৰ কাৰণে ইংলেণ্ডৰ ৰজাই নিযুক্ত এজন মুখ্য ন্যায়াধীশ আৰু দুজন সহকাৰী ন্যায়ধীশৰে কলিকতাত এখন উচ্চতম ন্যায়ালয় স্থাপন কৰা হয় ।
এই আইন মতে বংগৰ গভর্ণৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল । বােম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বঙ্গৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনলৈ অনা হৈছিল । গৱৰ্ণৰ জেনেৰেলক সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হ’ল ।
৭। পিটৰ ভাৰত শাসন আইনৰ ওপৰত চমুকৈ লিখা।
উত্তৰঃ বৃটিছ সংসদে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰত শাসন কৰাৰ বাবে প্রণয়ন কৰা ৰেগুলেটিং এখন আসোঁৱাহপূর্ণ হােৱা বাবে ১৭৮৪ চনত আন এখন , আইন প্রণয়ণ কৰে । ইংলণ্ডৰ প্ৰভাৱশালী প্রধানমন্ত্রী কণিষ্ঠ উইলিয়াম পিটৰ দিনত এই আইনখন প্রণয়ন হােৱা হেতুকে ইয়াক পিটৰ ভাৰত শাসন আইন ’ বুলি কোৱা হয় । এই আইনখনে বৃটিছ চৰকাৰক কোম্পানীৰ কার্যকলাপ আৰু প্ৰশাসনৰ ওপৰত সম্পূর্ণ দায়িত্ব দিয়ে । তলত এই আইনখনৰ নিয়ম সমূহ উল্লেখ কৰা হ’ল ।
ভাৰতত ছয়জনীয়া সদস্যৰে এখন নিয়ন্ত্রণ পৰিষদ গঠন কৰা হ’ল । এই সদস্য কেইগৰাকী বৃটিছ পার্সিয়ামেন্টে মনােনীত কৰিব । ভাৰতত কোম্পানী অধিকৃত ৰাজ্যসমূহৰ পৰিচালনাৰ ক্ষমতা এই পৰিষদৰ ওপৰত দিয়া হ’ল ।বঙ্গদেশত গৱৰ্ণৰ জেনেৰেলক সহায় কৰাৰ বাবে গঠন কৰি দিয়া সদস্য সংখ্যা চাৰিজনৰ পৰা তিনিজন কৰা হয় । যুদ্ধ , কুটনীতি আৰু ৰাজহ বিষয়ত মাদ্রাজ আৰু বােম্বেৰ গৱৰ্ণৰ দুজনক সম্পূৰ্ণৰূপে বংগৰ গৱৰ্ণৰ জেনেৰেল পৰিষদৰ অধীনলৈ অনা হয়।
৮। চিৰস্থায়ী বন্দবস্ত কি আৰু কোনে প্ৰৱৰ্তন কৰিছিল? চিৰস্থায়ী বন্দবস্তৰ ফলাফল সম্পর্কে লিখা।
উত্তৰঃ কোম্পানী চৰকাৰে ভাৰতীয় অর্থনীতি সংশােধন কৰাৰ নামত ভাৰতীয় লােকৰ পৰা ৰাজহ আদায়ৰ সুবিধাৰ অৰ্থে ভূমি সমূহ ভাগ ভাগ কৰি প্রতি খণ্ডতে একোজন জমিদাৰৰ অধীনত দিয়াৰ ব্যৱস্থা কৰিছিল । এই বন্দবস্ত মতে জমিদাৰ সকলে কৃষকৰ পৰা ৰাজহ বা খাজনা আদায় কৰি দিবলৈ বাধ্য আছিল । ইয়াকে চিৰস্থায়ী বন্দবস্ত বােলা হৈছিল । চিৰস্থায়ী বন্দবস্ত প্রৱৰ্তন কৰিছিল ইংৰাজ গৱৰ্ণৰ জেনেৰেল কর্ণৱালিছে।চিৰস্থায়ী বন্দবস্তৰ ফলত ভাৰতত জমিদাৰ শ্ৰেণীৰ সৃষ্টি হ’ল । জমিদাৰ সকলে বংশানুক্রমিক ভাৱে জমিদাৰী পােৱাৰ ব্যৱস্থা যদিহে তেওঁলােকে নিয়মিত ভাবে খাজনা আদায় দি থাকিব পাৰে । আনহাতে এই ব্যৱস্থাৰ ফলত কৃষক সকলে যুগ যুগ ধৰি ভােগ কৰি অহা মাটিৰ ওপৰত স্বত্ব হেৰুৱালে ।
৯। লর্ড ওৱেলম্লিৰ দিনত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা৷
উত্তৰঃ চাৰ জনছেৰৰ পাছত ওৱেলচলি ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহিছিল । তেওঁ আহিয়েই পূর্বৰ নীতি নিয়ম বাদ দি সাম্রাজ্যবাদী নীতি গ্রহণ কৰিছিল । দেশীয় ৰাজ্যসমূহ কৌশলৰে অধিগ্রহণ কৰি নিজৰ আয়ত্বলৈ অনাৰ বাবে তেওঁ এটা নীতি গ্রহণ কৰিছিল । সেইটো হৈছে কৰদ মৈত্রী নীতি বা ‘ বশ্যতামূলক মিত্ৰতা নীতি ‘ ।
এই নীতিৰ মূল কথা হ’ল— যিবােৰ দেশীয় ৰজাই ইংৰাজৰ বশ্যতা স্বীকাৰ কৰিব সেইসকলক ইংৰাজসকলৰ সৈন্য-বাহিনীয়ে সুৰক্ষা দিব । অৱশ্যে সৈন্য-বাহিনীৰ খৰছ দেশীয় ৰজাই বহন কৰিব । এই নীতিৰ অধীনত দেশীয় ৰজাসকলৰ ওপৰত আৰু এটা চর্ত বান্ধি দিলে । সেইটো হ’ল এই চুক্তিৰ অধীনত যিবোৰ দেশীয় ৰজা সােমাব তেওঁলােকে অন্য কোনাে শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হ’লে নাইবা আন কিবা আলােচনা কৰাৰ আগেয়ে ইংৰাজ কোম্পানীৰ অনুমতি ল’ব লাগিব। এই চুক্তিত প্রথম স্বাক্ষৰ কৰে হায়দৰাবাদৰ নিজামে । ইয়াৰ পিছতে আন আন সৰু ৰাজ্য কিছুমানেও চুক্তিবদ্ধ হয় । ফলস্বৰূপে ওৱেলচলিয়ে ভাৰতত সাম্রাজ্য বিস্তাৰ কৰাৰ সুযােগ লাভ কৰে ।
১০। লর্ড ডেলহাউছিয়ে কি কি নীতি অৱলম্বন কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য সম্প্ৰসাৰিত কৰিছিল? তেওঁৰ সাম্ৰাজ্য বিস্তাৰ সম্পর্কে বর্ণনা কৰা।
Type by Ishan Bora
Check by- Mukesh Borah
0 Comments