Lesson: 6

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা


১। খনিজ সম্পদ বুলিলে কি বুজা? খনিজ সম্পদক কিদৰে চিনাক্ত কৰিব পাৰি? দিয়া।

উত্তৰঃভূত্বক মণ্ডলত প্রাকৃতিক ভাবে সৃষ্টি হোৱা নির্দিষ্ট ৰাসয়নিক আৰু ভৌতিক গুণ সম্পন্ন দ্রব্যকে খনিজ সম্পদ বুলি কোৱা হয়।খনিজ পদাৰ্থবোৰক ৰং, ঘনত্ব, কঠিনতা আৰু দ্ৰৱণীয়তা আদি গুণৰ দ্বাৰা চিনাক্ত কৰিব পাৰি।


২। খনিজ সম্পদৰ শ্ৰেণীবিভাজন কৰি, প্ৰতি ভাগৰ তিনিটাকৈ উদাহৰণ

উত্তৰঃ খনিজ সম্পদসমূহক ইয়াৰ ভৌতিক, ৰাসায়নকি গুণাগুণৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি- ধাতব খনিজ সম্পদ আৰু অধাতব খনিজ সম্পদ।ধাতব খনিজ সম্পদক আকৌ দুটা ভাগত ভগাব পাৰি। সেই কেইটা হ'ল---

লৌহজাত আৰু অলৌহজাত। সেইদৰে অধাতব খনিজ সম্পদক ইন্ধন খনিজ সম্পদ আৰু অন্যান্য অধাতব খনিজ সম্পদত ভাগ কৰা হৈছে। উদাহৰণ তলত উল্লেখ কৰা হ'ল।

(ক) ধাতব খনিজ (লৌহজাত)- আকৰিক লো, মেংগানিজ, নিকেল।

(খ) ধাতব খনিজ (অলৌহজাত) - তাম, বক্সাইট।

(গ) অধাতব খনিজ (ইন্ধন)- কয়লা, পেট্রোলিয়াম, প্রাকৃতিক

(ঘ) অধাতব খনিজ (অন্যান্য)- অভ্র, চুণশিল, গ্রেফাইট।


৩। ভাৰতক কেইটা খনিজ বলয়ত ভাগ কৰা হৈছে? প্ৰতিটো খনিজ বলয়ৰ অৱস্থান আৰু প্ৰাপ্ত খনিজ সম্পদৰ নাম লিখা।

উত্তৰঃ  ভাৰতত সঞ্চিত হৈ থকা খনিজ সম্পদসমূহৰ বিতৰণৰ ওপৰত ভিত্তি কৰি দেশখনক ছয়টা বলয়ত ভাগ কৰা হৈছে।১। উত্তৰ পূব উপকূলীয় বলয়। ২। মধ্য বলয় ৩। দক্ষিণ বলয় ৪। দক্ষিণ- পশ্চিম বলয় ৫। উত্তৰ পশ্চিম বলয় ৬। উত্তৰ পূৱ তৈল বলয়।


১। উত্তৰ পূব উপকূলীয় বলয়: উত্তৰ পূব উপকুলীয় বলয়টো অৱস্থান কৰাঅঞ্চল হ'ল- ছোটানাগপুৰ মালভূমি, ওড়িশা, ঝাড়খণ্ড, পশ্চিম বংগ। এই বলয়টোত প্রাপ্ত খনিজ সম্পদবোৰ হ'ল- কয়লা, আকৰিক লো, মেংগানিজ, অভ্র, বক্সাইট, তাম কাৰোমাইট কিয়ানাইট ইত্যাদি।

২। মধ্য বলয়: এই বলয়টো অৱস্থিত অঞ্চল হ'ল- চত্তিশ গড়, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ আৰু মহাৰাষ্ট্ৰ।এই মধ্য বলয়টোত পোৱা খনিজ সম্পদবোৰ হ'ল- মেংগানিজ, বক্সাইট, ইউৰেনিয়াম, চুণশিল, মাৰ্বল, কয়লা, অভ্র, গ্রেফাইট ইত্যাদি।

৩। দক্ষিণ বলয়: দক্ষিণ বলয়ৰ অঞ্চল হ'ল- কর্ণাটক, তামিলনাডু। ইয়াৰ সঞ্চিত খনিজ সম্পদবোৰ হ'ল- আকৰিক লো, মেংগানিজ আৰু বক্সাইট।

৪। দক্ষিণ-পশ্চিম বলয়: এইটো বলয়ৰ অৱস্থান হ'ল- কর্ণাটক আৰু গোৱা। এই অঞ্চলত পোৱা খনিজ সম্পদ হ'ল- আকৰিক লো আৰু চিনামাটি।

৫। উত্তৰ পশ্চিম বলয়: উত্তৰ পশ্চিম বলয়টো আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থানআৰু গুজৰাট অঞ্চলত অৱস্থিত। প্রাপ্ত খনিজ পদার্থ হ'ল- তাম, ইউৰেনিয়াম, অভ্র, বেৰিলিয়াম, একুৱামেৰাইন, পেট্র'লিয়াম আৰু জিপচাম।


৬। উত্তৰ পূৱ উপকূলীয় বলয়ঃ এইবলয়টো অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত। প্রাপ্ত খনিজ পদার্থ হ'ল- পেট্রোলিয়াম আৰু কয়লা।


৪।  ভাৰতৰ লো-তীখা উদ্যোগৰ বিকাশ আৰু বিতৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ দেশ এখনৰ অৰ্থনৈতিক সুস্থিৰতা আৰু উন্নয়নৰ বাবে লো-তীখা উদ্যোগৰ বিকাশ অতি প্রয়োজনীয়। লো-তীখা উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত পঞ্চম স্থান দখল কৰিছে।লো-তীখা উদ্যোগৰ বিকাশৰ বাবে প্রয়োজনীয় কেঁচামালসমূহ হ'ল- কয়লা, আকৰিক লো, চুণশিল, ড'লমাইট, মেংগানিজ আৰু পোৰামাটি। লো-তীখা উদ্যোগ সাধাৰণতে কেঁচামাল পোৱা অঞ্চলত, বিশেষকৈ কয়লা পোৱা অঞ্চলৰ ওচৰে- পাজৰে স্থাপন কৰা হয়।বৰ্ত্তমান ভাৰতত দহটা প্রধান লো-তীখা উদ্যোগ আছে। টাটা লো-তীখা উদ্যোগ (জামছেদপুৰ), ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো-তীখা উদ্যোগ, ভিলাই তীখা উদ্যোগ, দুর্গাপুৰ তীখা উদ্যোগ, ৰুৰকেল্লা তীখা উদ্যোগ, বোকাৰো তীখা উদ্যোগ, ছালেম তীখা উদ্যোগ, বিজয় নগৰ তীখা উদ্যোগ, বিশাখাপট্টনম তীখা উদ্যোগ ইত্যাদি। ইয়াৰোপৰি ভাৰতত কিছুমান ক্ষুদ্র তীখা উদ্যোগো আছে। লো-তীখা উৎপাদনত ভাৰতে পৃথিবীৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছে।


৫। ভাৰতৰ মুম্বাই, আহমদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠাৰ কাৰণ কি লিখা।

উত্তৰঃ  ভাৰতৰ বয়ন উদ্যোগৰ বাবে প্রয়োজনীয় সুতা প্ৰধানকৈ মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু ৰাজ্যৰ পৰা পোৱা যায়। কপাহী বস্ত্ৰ উদ্যোগৰ বাবে প্রয়োজনীয় যন্ত্রপাতি, ৰং, ৰাসয়নিক দ্রব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই, আহমদাবাদ অঞ্চলত উদ্যোগসমূহ গঢ় লৈ উঠিছে।


৬। অতীজৰপৰা বৰ্তমানলৈকে পৰিবহণ ব্যৱস্থাৰ কি কি পৰিৱৰ্তন হৈছে আৰু কিয় হৈছে লিখা।

উত্তৰঃঅতীজত মানুহে এঠাইৰপৰা আন ঠাইলৈ খোজকাঢ়ি অহা-যোৱা কৰিছিল। বুদ্ধি বৃত্তিৰ বিকাশ হোৱাত তেওঁলোকে পোহনীয়া জন্তু, যেনে- হাতী, ঘোঁৰা, গাধ, ম'ই আদিক বাহন হিচাপে ব্যৱহাৰ কৰিলে। জলপথত কল গছৰ ভেল বা ভূৰৰ ব্যৱস্থা কৰিলে। লাহে লাহে কল গছৰ ভূৰৰ সলনি কাঠৰ নাওঁ ব্যৱহাৰ কৰি মানুহ আৰু সামগ্ৰী কঢ়িওৱাৰ ব্যৱস্থা কৰিলে।সময়ৰ সোঁতত মানুহৰ চিন্তা শক্তিৰ বিকাশ ঘটিল। চকাৰ আবিষ্কাৰ হ'ল। লগে লগে গৰু-গাড়ী, ঘোঁৰা-গাড়ী, চাইকেল, ৰিক্সা আদিৰ আবির্ভাব ঘটিল। যাতায়ত ব্যৱস্থা উন্নত হ'ল। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সাফল্যৰ লগে লগে জল-স্থল আৰু আকাশ মাৰ্গতো মানুহৰ বাবে উন্নত পৰিবহন ব্যৱস্থা সম্ভৱ হ'ল। স্থলপথত অত্যাধুনিক সুবিধাযুক্ত গাড়ী-মটৰ, ৰেলগাড়ী, জলপথত ভিন্ন সুবিধাযুক্ত যন্ত্রচালিত নাওঁ, ফেৰী, জাহাজ আৰু বায়ুপথ বা আকাশী পথত দ্রুত গতিৰ আৰামপূৰ্ণ উৰা জাহাজৰ প্ৰচলনে পৰিবহন ব্যৱস্থাত অকল্পনীয় পৰিবৰ্ত্তন সাধিছে। এই সকলোবোৰ সম্ভৱ হৈছে একমাত্র আধুনিক বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উদ্ভাৱনৰ বাবে।


৭।  ভাৰতৰ পৰিবহণ ব্যৱস্থাত ৰে'ল পৰিবহণৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ  ভাৰতৰ অতি গুৰত্বপূৰ্ণ আৰু বৃহৎ পৰিবহন ব্যৱস্থাটো হৈছে ৰে'ল পৰিবহন। ই এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহৎ আৰু পৃথিৱীৰ ভিতৰত চতুর্থ বৃহৎ পৰিবহন ব্যৱস্থা। ভাৰতত প্রথমে ৰে'ল চলিছিল ১৮৫৩ চনৰ ১৬এপ্রিল তাৰিখে।বাণিজ্যিক ভাবে সামগ্রী আৰু যাত্রী কঢ়িয়াবলৈ আৰু আমোদ প্রমোদ মূলক ভ্রমণৰ বাবে ৰে'ল পৰিবহণ হৈছে কম খৰচী আৰু উত্তম ব্যৱস্থা। ভাৰতত থকা বে'লপথৰ মুঠ দৈর্ঘ ৬৪,০১৫কিল মিটাৰ। বেল-সেৱাৰ সু-পৰিচালনাৰ বাবে দেশৰ বেল পৰিবহন ব্যৱস্থাক ১৬টা মণ্ডলত ভ্যাগ কৰা হৈছে। আমাৰ অসমৰ ৰে'ল পৰিবহন পৰিচালনা উত্তৰ-পূব সীমান্ত ৰে'ল সংমণ্ডলৰ অন্তৰ্গত। ইয়াৰ মুখ্য কাৰ্যালয় মালিগাঁৱত আছে।ভাৰতৰ ভূ-ভাগ পাহাৰ-পৰ্বত, মালভূমি, সমভূমি নদী উপত্যকা আদিৰে গঠিত। ইয়াৰে নদী উপত্যকা আৰু দাক্ষিণাত্য মালভূমি অঞ্চলৰ সমতলত ৰে'লপথ অধিক পৰিমাণে দেখা যায়। হিমালয় পার্বত্য অঞ্চলত ৰেল সেৱাৰ সুবিধা অতি কম।ভাৰতীয় উপ-মহাদেশত ৰেল পৰিবহণ অতি গুৰুত্বপূৰ্ণ ব্যৱস্থা। সমগ্ৰ ভাৰতবাসী যাতায়তৰ ক্ষেত্ৰত ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে। ভাৰতৰ ৰে'ল সেৱাৰ জৰিয়তে যথেষ্ট ৰাজহ সংগ্ৰহ হয় আৰু ইয়ে দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ সহায় কৰিছে। ভাৰতীয় ৰে'ল সেৱাত ১.৪ নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে। প্রতিদিনে ৰে'ল পৰিবহণ যোগে ৩১ নিযুত যাত্রী আৰু ২.৮ নিযুত বস্তু সামগ্রী কঢ়িওৱা হয়। প্রতি বছৰত ৰে'ল পৰিবহনৰ পৰা বহু হেজাৰ কোটি টকা দেশে আয় কৰে। ভাৰতৰ পৰিবহন ব্যৱস্থাত ৰে'ল পৰিবহনৰ গুৰুত্ব অপৰিসীম।


৮। ভাৰতৰ পাঁচটা প্রধান লো-তীখা উদ্যোগৰ নাম লিখা।

উত্তৰঃ  বৰ্তমান ভাৰতত দহটা প্রধান লো-তীখা উদ্যোগ আছে। তাৰ ভিতৰৰ পাঁচটা হ'ল-

(ক) টাটা লো-তীখা উদ্যোগ- জামছেদপূৰ

(খ) ভিলাই তীখা উদ্যোগ- দুর্গাপুৰ

(গ) বৰকেলা তীখা উদ্যোগ।

(ঘ) বোকাৰো তীখা উদ্যোগ।

(ঙ) বিশাখাপট্টনম তীখা উদ্যোগ।


৯। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনে ধৰণে পৰিৱৰ্তন আনিছে লিখা।

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োগৰ লগে লগে পৰিবহন ব্যৱস্থাত দ্রুত পৰিবৰ্তন আহি পৰিছে। স্থল, জল আৰু বায়ু পৰিবহনে এক নতুন মাত্রা লাভ কৰিছে। তলত সংক্ষেপ বিৱৰণী দিয়া হ'ল-

স্থল পৰিবহণ - স্থল পৰিবহণ তিনি প্ৰকাৰৰ। মটৰ পথ, ৰেলপথ, আৰু পাইপ লাইন।মটৰ পৰিবহণ হৈছে এখন দেশৰ উন্নতিৰ চাবিকাঠি। ৭০ শতাংশ ভাৰতীয় লোকে গাঁৱত বাস কৰে। গতিকে দেশৰ সৰ্বাধিক জনসংখ্যাৰ যাতায়তৰ মূল ব্যৱস্থা মটৰ পৰিবহণ। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ফলত আজি গাৱে-ভুঞে, নগৰে-চহৰে বিভিন্ন মডেলৰ মটৰ গাড়ী যাতায়াত আৰু মালবস্তু পৰিবহণৰ বাবে উপলব্ধ হৈছে। ৰে'ল পৰিবহণে দেশবাসীক সূচল, দ্রুতগামী আৰু কম খৰছী যাতায়াত ব্যৱস্থা আগবঢ়াইছে। পাইপ লাইনেৰে পূৰ্বতে কেৱল পানীহে অনা নিয়া কৰা হৈছিল যদিও বর্তমানে এই নলী পৰিবহন ব্যৱস্থাৰে খনিজ তেল, পেট্রোলিয়ামজাত সামগ্ৰী আৰু প্রাকৃতিক গেছ তৈলক্ষেত্ৰসমূহৰ পৰা শোধনাগাৰলৈ প্ৰেৰণ কৰা হয় আৰু শোধনাগাৰৰ পৰা বিভিন্ন ঠাইলৈ পঠোৱা হয়। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগেৰে আমাৰ দেশত উপৰিউক্ত পৰিবহন ব্যৱস্থা কেইটাৰ যথেষ্ট উন্নতি সাধন হৈছে।

জল পৰিবহণঃ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ফলত জল পৰিবহণতো পৰিবৰ্ত্তন সাধিত হৈছে। জলপথ পৰিবহণত কোনো ৰাষ্টাঘাট নিৰ্মাণৰ প্ৰশ্ন নাহে, মাথো বাহনবোৰৰ উন্নয়নৰ কথাহে আহে। জল পৰিবহণ দুই ধৰণৰ। আভ্যন্তৰিণ জল পৰিবহণ আৰু আন্তর্জাতিক বা সামুদ্রিক জল পৰিবহণ। আজি-কালি বিজ্ঞানৰ বলেৰে নাও বোৰতো যন্ত্ৰৰ ব্যৱহাৰ কৰি দ্রুতগামী আৰু সুচল কৰি জনসাধাৰণৰ সেৱাত নিয়োজিত কৰা হৈছে। ডাঙৰ ডাঙৰ নৈবোৰত যেনে গংগা, ব্ৰহ্মপুত্ৰ ভাগীৰৰ্থী, হুগলী আৰু বৰাককে ধৰি কেইবাখনো নদীত ফেৰী, ভদ্ভটী নাও জাহাজ আদিৰ জৰিয়তে পৰিবহন সুচল কৰি তোলা হৈছে। সামুদ্রিক পৰিবহণত ডাঙৰ ডাঙৰ জাহাজ বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তে সুন্দৰকৈ সজাই লৈ মানুহ আৰু বয়-বস্তু, গধুৰ সামগ্ৰী কম খৰচত পৃথিবীৰ বিভিন্ন ঠাইলৈ নিব পৰা হৈছে।

বায়ু পৰিবহন বা আকাশী পথঃবিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ মানৱ সমাজলৈ অভিনৱ দান হ'ল-আকাশীযান বা বায়ু পৰিবহণ। আকাশী পথেৰে বিমানেৰে মালবস্তু, ডাক, যাত্রী কঢ়িওৱা হয়। সকলো প্ৰকাৰৰ পৰিবহণৰ ভিতৰত বায়ু পৰিবহণ হৈছে আটাইতকৈ দ্রুতগামী। ভাৰতত বর্তমানে বায়ু পৰিবহণ ব্যৱস্থাৰ দ্রুত প্ৰসাৰ আৰু উন্নতি হৈছে। বিভিন্ন ঠাইত বিমান বন্দৰবোৰ স্থাপন কৰা বাবে বায়ু পৰিবহনৰ যোগেদি অতি দুর্গম অঞ্চলৰ লগতো যাতায়ত আৰু যোগাযোগ সম্ভৱ হৈছে।

১০। 'পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ।'— তোমাৰ মতামত চমুকৈ লিখা।

উত্তৰঃ  'পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ কাৰণ -

১। পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্যসামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়।

২। পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰতক্ষ্য বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে। উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহণ সেৱাত  ১.৪ নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে।

৩। পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে। ৰেলসেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে। উদাহৰণস্বৰূপে ২০১১-১২ বৰ্ষত ৰেল পৰিবহন ব্যৱস্থাৰ পৰা দেশত ১০৮,২৭,৮৭৯ কোটি টকা উপাৰ্জন হৈছিল।


১১। চমুটোকা লিখা— 

উত্তৰঃ

(ক) পথ পৰিবহণ: (১) স্থল পৰিবহণ :মানুহে সাধাৰণতে খােজকাঢ়ি বেছি দূৰ যাতায়াত নকৰে, নানা ধৰণৰ যানবাহনৰ ব্যৱহাৰ কৰে যেনে চাইকেল, স্কুটাৰ, তিনি চকীয়া বা বিভিন্ন চাৰিচকীয়া গাড়ী ব্যৱহাৰ কৰি তীব্র বেগে দূৰত্ববােৰ অতিক্ৰম কৰিব পাৰে।


(২) ভাৰতৰ ৰে’লপৰিবহণ: এছিয়াৰ ভিতৰতে সর্ববৃহৎ ৰাজহুৱা উদ্যোগ। বৃটিছৰ শাসনতে ১৮৫৩ চনত প্রথমে ৰে’ল চলাচল আৰম্ভ হৈছিল। বর্তমান ভাৰতৰ সকলাে ৰাজ্যতে ৰেলেৰে মানুহে যাতায়াত কৰিব পাৰে। ১৬ টা মণ্ডলত এই ৰে’ল চলাচল কৰে। ৰে’লসেৱাত বর্তমান ১.৪ নিযুত কৰ্মচাৰীয়ে কাম কৰি আছে। প্রায় ৩১ নিযুত যাত্ৰীক প্রতিদিনে ৰে’লবিভাগে সেৱা আগবঢ়াই আহিছে।


(৩) স্থল পথসমূহ: ভাৰতৰ স্থলপথবােৰক চাৰিটা ভাগত ভাগ কৰা হয়– (ক) ৰাষ্ট্ৰীয় ঘাইপথ (খ) ৰাজ্যিক ঘাইপথ (গ) জিলা পথ (৪) স্বায়ত্ত গ্রাম্য পথ। ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগে এই পথবােৰ পৰিচালনা কৰে।


(খ) জলপথ পৰিবহণ: ভাৰতৰ আভ্যন্তৰীণ জল পৰিবহণৰ ভিতৰত ১৪ হাজাৰ কি. মি. জলপথ আছে যদিও ৩৭০০ কি. মি.তহে প্রধান নদী জলপথতহে যন্ত্রচালিত জাহাজ আদি চলিব পাৰে। এই জলপথবােৰেৰে কম খৰচতে মালবস্তু কঢ়িয়াব বা যাত্রীসকলে কম খৰচতে যাতায়াত কৰিব পাৰে। বর্তমান কেন্দ্রীয় চৰকাৰে গংগা নদীত ১নং ৰাষ্ট্ৰীয়, ব্রহ্মপুত্র নদীত ২নং ৰাষ্ট্ৰীয় জলপথৰ পৰিচালনা কৰে। ইয়াৰ উপৰিও বহুতাে চৰকাৰী-বেচৰকাৰী জলপথ আছে। ইয়াৰ উপৰি ভাৰতৰ আন্তর্জাতিক বাণিজ্যত আন্তৰাষ্ট্ৰীয় বহিঃসামুদ্রিক জল পৰিবহণ ব্যৱস্থাই এক গুৰুত্বপূর্ণ ভূমিকা লৈ আছে। ভাৰতত ১২ টা প্রধান, ১৮ টা মধ্যম আৰু কিছু সৰু সৰু সাগৰীয় বন্দৰ আছে।


(গ) বিমান পৰিবহণ: স্বাধীনতাৰ আগতে বিমানসেৱা প্রতিষ্ঠা হৈছিল যদিও ১৯৫৩ চনতহে অসমাৰিক বিমান সেৱাৰ আয়ােগ প্রতিষ্ঠা হয়। কেন্দ্রীয় চৰকাৰৰ অধীনত থকা তিনিটা বিমান সেৱাৰ উপৰি ব্যক্তিগত খণ্ডত চাৰিটামান কোম্পানী আছে। ভাৰতৰ বিমান সেৱাই আভ্যন্তৰীণ সেৱাৰ উপৰি ভাৰতীয় আন্তর্জাতিক বিমান সেৱাই বর্তমান ৯০ খনতকৈও বেছি দেশৰ যাত্ৰী আৰু কিছু বয়বস্তু অনা-নিয়া কৰে। ভাৰতৰ বর্তমান ৫৭ টা দেশীয় বিমান বন্দৰ আছে।


(ঘ) পাইপ লাইন পৰিবহণ: পাইপ লাইন পৰিবহণ বুলিলে সাধাৰণতে প্রাকৃতিক গেছ আৰু তেল কোম্পানীৰ খাৰুৱা তেল আৰু ঠায়ে ঠায়ে পৰিবহণ কৰা প্রাকৃতিক গেছৰ কথাকে বুজায়। ভাৰতে বিদেশৰ পৰা বিশেষকৈ আৰৱৰ পৰা জাহাজেৰে বহুতাে খাৰুৱা তেল আমদানি কৰে। এই তেল বন্দৰৰ পৰাই পাইপযােগে বিভিন্ন অঞ্চলত প্রতিষ্ঠিত শােধানাগাৰবােৰলৈ পঠাই দিয়ে। ভাৰতৰ বেছিভাগ শােধানাগাৰত স্থানীয়ভাৱে খাৰুৱা তেল নাই। সেইবাবে বেছি ভাগ শােধানাগাৰলৈ বাহিৰৰ তেল পথায় আৰু বন্দৰবােৰৰ পৰাহে পাইপযােগে খাৰুৱা তেল বা শােধিত হােৱা তেল আমদানি বা ৰপ্তানি কৰা হয়। মুঠতে পাইপ পৰিবহণ তেলেহে ভাৰতৰ পৰিবহণ ব্যৱস্থাবােৰ চলাই আছে। গতিকে প্রাচীনকালৰ তুলনাত পৰিবহণৰ পৰিৱৰ্তন যথেষ্ট হােৱা কথাটো সকলােৱে মানি লয়।


১২। ভূচিত্ৰাৱলীৰ সহায়ত লিখা

ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম।

উত্তৰঃ গুৱাহাটী, আমিনগাঁও, নলবাৰী, মঙ্গলদৈ, নগাঁও।

খ) ৰে'লপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম।

উত্তৰ দৰং ।

(গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰে'ল ষ্টেচনটোৰ নাম লিখা।

উত্তৰ: মুৰ্কংচেলেক।


১৩। চমুকৈ উত্তৰ লিখা

ক) লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালসমূহ কি কি?

উত্তৰঃ লো-তীখা উদ্যোগৰ বাবে প্রয়োজনীয় কেচামাল, সমূহ হ'ল- কয়লা,আকৰিক লো, চুণশিল, ড'লমাইট, মেংগানিজ আৰু পোৰামাটি।


খ) খনিজ উদ্যোগ কাক বোলে?

উত্তৰঃ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগ সমূহকে খনিজ উদ্যোগ বুলি কোৱা হয়।

গ) ভাৰতৰ লো-তীখা উদ্যোগসমূহে আশা কৰা মতে সফলতা লাভ কৰিব নোৱৰাৰ কাৰণ কি?

উত্তৰঃ ভাৰতৰ লো-তীখা উদ্যোগসমূহে আশা কৰা মতে সফলতা লাভ কৰিব নোৱাৰাৰ কাৰণ হ'ল- উৎপাদনত হোৱা অধিক ব্যয়, কয়লা আৰু শক্তি সম্পদৰ নাটনি, দক্ষ শ্রমিক আৰু অন্যান্য সা-সুবিধাৰ অভাৱ।


(ঘ) ভাৰতত প্রথমে কেতিয়া ৰেল চলিছিল?

উত্তৰঃ ভাৰতত প্রথম ৰেল চলিছিল ১৮৫৩চনৰ ১৬এপ্রিল তাৰিখত মুম্বাইৰ পৰা থানেলৈ।


(ঙ) ভাৰতৰ দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰ দৈৰ্ঘ কিমান?

উত্তৰঃ ৭নং ৰাষ্ট্ৰীয় ঘাই পথটো। দৈর্ঘ্য ২,৩৬৯ কিঃমিঃ।


(চ) বায়ু পৰিবহণ ভাৰতত কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ দ্বিতীয় মহাসমৰৰ পিচৰ পৰা


(ছ) অসমৰ পৰা সংযোজিত পাইপ লাইনটোৰ নাম কি?

 উত্তৰঃ কানপুৰ গুৱাহাটী বাৰাউনী আৰু এলাহাবাদ পাইপ লাইন।


(জ) অসমৰ ৰেল মণ্ডলটোৰ নাম কি আৰু ইয়াৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত?

উত্তৰঃ উত্তৰ-পূব সীমান্ত ৰেল সংমণ্ডল। মূখ্য কার্যালয় গুৱাহাটীৰ মালিগাঁৱত।


(ঝ) অভ্ৰ আৰু আকৰিক লো উৎপাদনত ভাৰতৰ স্থান কি কি?

উত্তৰঃ অভ্র-প্ৰথম, আকৰিক লো- চতুর্থ


(ঞ) ৰেল-সেৱা সু পৰিচালনাৰ বাবে ভাৰতবৰ্ষক কেইটা মণ্ডলত ভাগ কৰা হৈছে?

উত্তৰঃ ১৬টা মণ্ডলত।


১৪। পথ পৰিবহণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ  আজিকালি বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্ৰয়োগে পৰিবহন ব্যৱস্থাত বৃহৎ পৰিবৰ্তন সাধিছে। পথ পৰিবহনক তিনিটা ভাগত ভাগ কৰা হৈছে- স্থলপথ, জলপথ আৰু আকাশী পথ। স্থল পথত বিভিন্ন যান-বাহন চলে, জলপথত মেচিন নাও, ফেৰী, বৃহৎ জাহাজ চলে, আৰু আকাশী পথত দেশ-বিদেশলৈ বিভিন্ন উৰা জাহাজ চলে। আজিকালি মানুহে এই তিনি পথ পৰিবহনৰ যোগেদি আৰামদায়ক, কম খৰচী, দ্রুতবেগী ভ্রমণ তথা মালবস্তু কঢ়িওৱা কাম অনায়াসে কৰিব পাৰে।


১৫। ভাৰতৰ পৰিবহণ ব্যৱস্থাক কি ধৰণে ভাগ কৰিব পাৰি?

উত্তৰঃ ভাৰতত পৰিবহণ ব্যৱস্থাক তিনিটা ভাগত ভাগ কৰিব পাৰি। স্থলপথ, জলপথ, আকাশী পথ।

 

১৬। ভাৰতীয় অর্থনীতিত ৰে'ল পৰিবহণৰ গুৰুত্ব উল্লেখ কৰা।

উত্তৰঃ  ভাৰতৰ ৰেল পৰিবহন ব্যৱস্থা এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহৎ আৰু পৃথিৱীৰ ভিতৰত চতুৰ্থ বৃহৎ পৰিবহন ব্যৱস্থা। ভাৰতৰ বৰ্তমান ৰেলপথ সমূহৰ দৈৰ্ঘ ৬৪,০১৫কিঃ মিটাৰ। এই বিশাল ৰেল পৰিবহণ ব্যৱস্থাৰে ভাৰতৰ এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ হয়। ২০১১-১২ বৰ্ষত ৰেলৰ পৰা হোৱা আয়ৰ পৰিমাণ আছিল ১০৪,২৭,৮৯ কোটি টকা। এতিয়া সেই পৰিমাণ বৃদ্ধি হৈছে। গতিকে ভাৰতীয় অর্থনীতিত ৰেল পৰিবহণে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে।


১৭। ভাৰতৰ প্ৰধান সামুদ্রিক বন্দৰসমূহ কি কি?

উত্তৰঃ  ভাৰতৰ প্ৰধান সামুদ্রিক বন্দৰসমূহ হ'ল- মুম্বাই, জৱাহৰলাল নেহৰু বন্দৰ, মৰ্মগোৱা, নিউ মাঙ্গালোৰ, কোশী, কলকাতা, হালদিয়া, পাৰা দ্বীপ, বিশাখাপট্টনম, চেন্নাই, ইন্দোৰ, টুটিকোৰিণ আদি।


১৮। ভাৰতৰ তিনিটা প্রধান পাইপ লাইন পৰিবহণ কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান পাইপ লাইন তিনিটা হ'ল-

কানপুৰ, গুৱাহাটী, বাৰাউনী, এলাহাবাদ পাইপ লাইন।

 গুজৰাট, চালৱাৰ, বিৰামগ্রাম, জলন্ধৰ

গুজৰাট, মধ্য প্রদেশৰ বিজয়পুৰ হৈ উত্তৰ প্ৰদেশৰ জগদীশ পুৰলৈ। 


১৯। জল পৰিবহণক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ  জল পৰিবহণক দুটা ভাগত ভাগ কৰিব পাৰি।

(ক) আভ্যন্তৰিণ জল পৰিবহণ

(খ) আন্তর্জাতিক জল পৰিবহণ বা সমুদ্র পথ।


২০। খালী ঠাই পূৰ কৰা :

ক) _______ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম।

উত্তৰঃ কাশ্মীৰ।

খ) পৰিবহণ ব্যৱস্থাসমূহৰ ভিতৰত হৈছে _______দ্রুত সেৱা । 

উত্তৰঃ বায়ু পৰিবহণ।

গ) ভাৰতত থকা ৰে'লপথৰ মুঠ দৈৰ্ঘ্য _______কিলোমিটাৰ৷

উত্তৰঃ ৬৪,০১৫ কিল মিটাৰ।

ঘ) ভাৰতবৰ্ষ কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত_______, পাটসূতা উৎপাদনত_______ স্থান অধিকাৰ কৰি আছে।

উত্তৰঃ তৃতীয়, পঞ্চম।

ঙ) কপাহী বস্ত্রশিল্প মূলতঃ_______ উদ্যোগ।

উত্তৰঃ কৃষি ভিত্তিক

চ) উত্তৰ-পূব তৈল বলয় _______ত অৱস্থিত।

উত্তৰঃ অসমৰ ব্ৰক্ষপুএ উপত্য়কাত ।

ছ) ভাৰতবৰ্ষত প্ৰথম কপাহী বয়ন কল স্থাপন কৰা হৈছিল_______ চনত_______ত।

উত্তৰঃ ১৮১৮ চনত ।

জ) ভাৰতবৰ্ষত আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল _______

উত্তৰঃ কেৰালা ।

ঝ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল _______নং ৰাষ্ট্ৰীয় ঘাইপথ।

উত্তৰঃ৭ নং ।

ঞ) ব্ৰহ্মপুত্ৰ আৰু গংগা নদী আমাৰ দেশৰ দুটা _______।

উত্তৰঃ প্রধান জলপথ ।


Type by - Ishan Bora

Check by - Mukesh Borah