Lesson: 7

অসমৰ নদ-নদী


১। চমুকৈ উত্তৰ লিখা :

ক) মাজুলী কোন জিলাত অৱস্থিত?

উত্তৰঃ যোৰহাট জিলাত।

খ) ডিব্ৰু-ছৈখোৱা, কাজিৰঙা আৰু লাউখোৱা কোন কোন জিলাত অৱস্থিত?

উত্তৰঃ ডিব্ৰু ছৈ খোৱা - তিনিচুকীয়া জিলাত।

কাজিৰঙা - গোলাঘাট জিলাত।

লাউখোৱা - নগাওঁ জিলাত।

গ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমৱাহটোৰ নাম কি?

উত্তৰঃ চেমা-য়ং-দুং হিমবাহ।

ঘ) ব্ৰহ্মপুত্ৰ নৈৰ উৎসত কোন ৰাষ্ট্ৰ আছে?

উত্তৰঃ চীন ।

ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?

উত্তৰঃ  চীন, ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ গৈছে।


2) শুদ্ধ উত্তৰটো লিখা :

ক) গিৰিখাত নিম্নভূমি/ মোহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।

উত্তৰঃ  উচ্চভূমি অঞ্চলৰ।

খ) নৈৰ গুস্ফিত ৰূপ সাধাৰণতে পর্বত/সমভূমি/মালভূমিত পোৱা যায়।

উত্তৰঃ সমভূমি

গ) প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/পৰিবহণ/অৱক্ষেপণৰ ফলত সৃষ্টি হয়।

উত্তৰঃ অৱক্ষেপণৰ ফলত।

ঘ) বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে।

উত্তৰঃ (তিনিখন)/৩

ঙ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈর্ঘ্য_______ কিঃমিঃ।

উত্তৰঃ ২,৯০৬ কিঃ মিঃ।

চ) অসমত মুঠতে_______ খন উপনৈ আছে। 

উত্তৰঃ  ৯০ খন।

) ব-দ্বীপ অঞ্চলত_______ উদ্ভিদ পোৱা যায়।

উত্তৰঃ মেংগ্ৰভ ।

 ঝ) বৰাক নৈৰ অসম অংশত কিমানখন উপনৈ আছে?

উত্তৰঃ  ২৭খন।

ঞ) শদিয়াৰপৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ঢাল প্রতি কিলোমিটাৰত কিমান?

উত্তৰঃ গড়ে ১৩-১৪ ছেন্টিমিটাৰ


(ঞ) বাংলাদেশত ব্রহ্মপুত্রই কি নাম লৈ বংগোপসাগৰত পৰিছে?

উত্তৰ: পদ্মা নাম লৈ।

(ট) নদীৰ উচ্চগতি অঞ্চলত গতিপথ কেনেকুৱা?

উত্তৰঃ ইংৰাজী V আখৰটিৰ দৰে।

(ড) ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈক কিহে পৃথক কৰিছে?

উত্তৰঃ বৰাইল পৰ্বতে।


৩। সোঁফালৰ লগত বাঁওফাল মিলোৱা

চাংপো                                  একা-বেঁকা গতিপথ

অৰুণাচল প্ৰদেশ                 মাজুলী

সর্পিল                                      চিয়াং

কলং                                         তিবৃত

নদী দ্বীপ                                   সুঁতি

উত্তৰঃ

 চাংপো  ------------- তিব্বত  

অৰুণাচল প্ৰদেশ ---- চিয়াং  

সর্পিল  -----------------একা-বেঁকা গতিপথ  

কলং  ------------------সুঁতি   

নদী দ্বীপ ------------মাজুলী 



৪) চমুটোকা লিখা—

ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য।

উত্তৰঃ নৈৰ উচ্চ গতি অংশত নৈয়ে থিয় ঢালেৰে বৈ আহিব লগা হোৱা হেতুকে নদীৰ তলিত খনন অধিক হয়। সেয়েহে এই অংশত নদীৰ গতি পথৰ আকৃতি ইংৰাজী ✓ আখৰটিৰ দৰে হয়। ইয়াৰোপৰি ঠায়ে ঠায়ে নদীতলৰ গভীৰতা বহু বেছি হৈ গিৰিখাতৰো ৰূপ লয়। পার্বত্য অঞ্চলৰ থিয় ঢালেৰে বৈ অহা সোঁতে গতি পথত থকা শিল, বালি মাটি আদি খহাই তললৈ কঢ়িয়াই আনে।


খ) নৈৰ মধ্যগতি অংশৰ কাৰ্য।

উত্তৰঃ নৈৰ মধ্যগতি অংশত নদীখনৰ ঢাল একেবাৰে কমি যায়। প্রতি কিলোমিটাৰত গড়ে মাত্র ১৩-১৪ ছেল্টিমিটাৰ হয়। সমভূমি অংশত কম ঢালৰ বাবে নদীৰ গতিবেগ তুলনামূলক ভাবে ধীৰ। ফলস্বৰূপে নৈৰ গেদ পৰিবহণৰ ক্ষমতাও এই অংশত কমি যায় আৰু পৰ্বতীয়া উচ্চ অংশৰ পৰা কঢ়িয়াই অনা শিল, বালি, বোকা, আদি সমভূমি অঞ্চলত জমা হয়। আনহাতে নদীৰ গতিবেগ কম হোৱা বাবে খনন ক্ষমতাও কম হয়। নৈৰ তলিভাগৰ খনন কম হয় যদিও এই অংশত পার্শ্বখন অৰ্থাৎ পাৰ খহোৱা কার্য অধিক হয়।

গ) নৈৰ নিম্নগতি অংশৰ কাৰ্য।

উত্তৰঃ  নৈৰ নিম্নাংশত ইয়াৰ গতিবেগ অতি ধীৰ। সেইবাবে এই অংশত অৱক্ষেপনৰ পৰিমাণ বৃদ্ধি পায়। সেয়েহে নৈৰ গতিপথত অসংখ্য চৰ-চাপৰিৰ সৃষ্টি 'হয়। নৈৰ মোহনা অংশত নৈখনে কঢ়িয়াই অনা গেদবোৰ জমা হৈ 'ব' বা ত্রিভুজ আকৃতিৰ দ্বীপৰ সৃষ্টি হয়। এই ব-দ্বীপ অঞ্চলত প্রধানকৈ মেংগ্রেভ জাতীয় উদ্ভিদ পোৱা যায়।


ঘ) বৰাক নৈৰ গতিপথ। 

উত্তৰঃ অসমৰ দুখন প্রধান নৈ- ব্ৰহ্মপুত্ৰ আৰু বৰাক। অসমৰ দক্ষিণ ভাগৰ প্রধান নৈ বৰাক নাগালেণ্ড মণিপুৰৰ সীমান্তবর্তী মৰাম নামৰ পাৰ্বত্য অঞ্চলৰ পৰা ওলাই আহিছে। উৎপত্তি স্থলৰ পৰা মণিপুৰৰ মাজেৰে টুলুং বা কাই নামেৰে দক্ষিণ পশ্চিম দিশে বৈ অহা নৈ খনে মণিপুৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পিছতে পশ্চিমলৈ ঘুৰি অসমত প্ৰবেশ কৰিছে। নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশেৰে বৈ গৈছে। ভাৰত বাংলাদেশ সীমান্তত নৈখনে কুছিয়াৰা আৰু সুৰমা নামেৰে দুভাগত বিভক্ত হৈছে। কিছুদূৰ বৈ যোৱাৰ পিছত দুয়োখন নৈ পুনৰ লগ-লাগি মেঘনা নাম লৈছে আৰু শেষত পদ্মাৰ লগ হৈ বংগোপ সাগৰত পৰিছে। নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ একাবেঁকা বা সর্পিল হোৱাৰ বাবে ইয়াক বৰবক্ৰ বা বৰাক নৈ বোলে।


ঙ) পৰিৱেশ পর্যটন।

উত্তৰঃ অসমৰ প্ৰধান নৈ মহাবাহু ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈ সমূহৰ অসমৰ কৃষি ক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰখনত বিশেষ ভূমিকা আছে। নৈ বোৰে পেলাই থৈ যোৱা পলসে প্লাবন ভূমি আৰু চৰ-চাপৰিবোৰক কৃষি কাৰ্যৰ বাবে উপযোগী কৰি অর্থনৈতিক ভেটি টনকিয়াল কৰাৰ উপৰিও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে গোটেই উপত্যকা অঞ্চলৰ পৰিবেশ সেউজীয়া গছ-গছনিৰে ভৰা, জৈৱ-বৈচিত্র্যৰে চহকী ঠাই হিচাপেও পৰিগণিত কৰিছে। ফলস্বৰূপে এই ঠাইবোৰৰ পৰিবেশ সময়ে সময়ে পর্যটক সকলৰ বাবে আকর্ষণীয় হৈ পৰে। পৰ্যটকৰ বাবে পৰিকল্পিত ভাবে সংৰক্ষিত কোনো বিশেষ বস্তু নাথাকিলেও ঋতুভেদে অসমৰ কিছুমান ঠাইলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াকে পৰিবেশ পৰ্যটন বুলি ক'ব পাৰি।


৫। উৎসৰপৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশত বর্তমান কি কি নামেৰে জনা যায় লিখা। 

উত্তৰঃ  ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ প্রায় ২,৯০৬কিল'মিটাৰ। এই নৈখনক বিভিন্ন অংশত বিভিন্ন নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰৰ অসম অংশৰ প্ৰাচীন নাম আছিল লৌহিত্য। পিছলৈ ইয়াক লুইত হিচাপে জনা যায়।উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্রায় ১,৭০০কিল'মিটাৰ দূৰত্ব বৈ আহিছে। এই অংশত নৈ খনৰ স্থানীয় নাম চাংপো। ইয়াৰ পিছত নৈখনে নামচা বাৰৱা (Namcha Barwa) শৃংগৰ ওচৰত দক্ষিণ পশ্চিমলৈ ঘুৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে। অৰুণাচল প্ৰদেশৰ ওপৰ অংশত নৈ খনৰ স্থানীয় নাম চিয়াং। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা দিহিং নামেৰে এই নৈ খনে দক্ষিণলৈ কিছুদূৰ বৈ আহি শদিয়াৰ ওচৰত দিবং, আৰু লোহিত নৈৰ লগ লাগে। ইয়াৰ পৰাই এই নদীখনক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়।

৬। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এখন মানচিত্র অংকন কৰি তলত দিয়া অৱয়ৱসমূহ বহুওৱা 


ক) ব্রহ্মপুত্র

খ) বৰাক

গ) কার্বি মালভূমি 

ঘ) বৰাইল পৰ্বত 

ঙ) পাগলাদিয়া 

চ) সোণাই 

ছ) মানাহ

জ) দিখৌ

ঝ) ধনশিৰি

ঞ) ধলেশ্বৰী

উত্তৰঃ FOR STUDENTS 


৭। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আৰু দক্ষিণপাৰৰ উপনৈসমূহৰ নাম লিখা।

উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সমূহ -

দিবং, ছিয়াং, জীয়াঢল, সোৱণশিৰি, ৰঙানদী, দিক্ৰং, ভৰলী, ধনশিৰি, পুঠিমাৰি, পাগলাদিয়া, বেঁকী, মানাহ, সোণকোষ, গংগাধৰ।..

(খ) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈ সমূহ-

লোহিত, দিহিং, বুঢ়ী দিহিং, দৰিকা, দিখৌ, ভোগদৈ, ধনশিৰি, কলংসুতি, যমুনা,কপিলি, দিয়ুং, ভৰলু, কুলসী, কৃষ্ণাই জিঞ্জিৰাম।


৮। বৰাক নৈৰ উপনৈসমূহৰ নাম লিখা। 

উত্তৰঃ জিবি, মধুৰা, লাৰাং, সোণাই, কাটাখাল, ধলেশ্বৰী, ছিংল, লংগাই আদি।


৯। নৈ বা উপনৈৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনে ধৰণৰ হয় লিখা।

উত্তৰঃ  নৈ আৰু মানুহৰ সম্বন্ধ যুগ-যুগৰ সম্বন্ধ। মানুহে সভ্যতাৰ জখলাত ভৰি দি কৃষি-কাৰ্য কৰিব জনা হোৱাৰ দিনাৰে পৰা নৈৰ লগত সম্পর্ক গঢ়িছিল। পানী জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য। খাবলৈ পানী লাগে, গা ধুৱলৈ, বাচন-বর্তন ধুবলৈ পানী লাগে, পানী লাগে কৃষি কার্য কৰিবলৈ। সেয়ে কৃষি জীৱি লোকৰ বাসস্থান নদীৰ পাৰত। নৈৰ দুপাৰৰ পলসুৱা মাটিত তেওঁলোকে শস্য উৎপাদন কৰে, নৈৰ পানীত নাদুৰি-সাতুৰি আনন্দত আত্মহাৰা হয়, নৈত পোৱা মাছ-কাছৰে তৃপ্তিৰে এসাজ খায়, নৈত নৌকা চলাই বেহা-বেপাৰৰ পাতনি মেলে। নৈৰ দুপাৰৰ প্ৰাকৃতিক শোভাই মন মতলীয়া কৰে। নৈৰ বিভিন্ন উপকাৰিতাৰ বাবেই হয়তো পৃথিৱীৰ ডাঙৰ চহৰ- নগৰবোৰো নৈৰ পাৰতে অৱস্থিত।অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো নৈৰ প্ৰভাৱ অপৰিসীম। ইয়াৰ বাসিন্দা সকলৰ কৃষ্টি-সংস্কৃতিৰ উৎস হিচাপে এইনদ-নদীসমূহে বিশেষ স্থান অধিকাৰ কৰিছে। তদুপৰি নৈপৰীয়া মানুহৰ সুখ-দুখৰ ক্ষেত্ৰতো বিশেষ ভূমিকা লৈ আহিছে এই নৈ উপনৈ সমূহে। সেয়েহে থলুৱা গীত-মাত, নাট আদিতো নৈৰ উল্লেখ পোৱা যায়। অসমৰ নৈ পৰীয়া কিছুসংখ্যক লোকে জীৱন নিৰ্বাহৰ উপায় হিচাপেও নৈ বোৰক ব্যৱহাৰ কৰে।


১০। নৈৰ সর্পিল গতি আৰু গুস্মিত ৰূপ কি?

উত্তৰঃ  উৎসৰ পৰা সাগৰত প্ৰৱেশলৈকে নদীৰ গতিক তিনিটা ভাগত ভগাব পাৰি। সেয়া হ'ল - উচ্চ অংশ; মধ্য অংশ আৰু নিম্ন অংশ। উচ্চ অংশত থিয় ঢালেদি বৈ অহাৰ পিচত মধ্য অংশত সমভূমিৰ মৃদু ঢালৰ সন্মুখীন হয়। কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা হেতুকে নৈৰ গতিবেগ তুলনামূলকভাৱে ধীৰ হয়। মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদী তল খনন ক্ষমতাও কম। কিন্তু ইয়াৰ বিপৰীত নৈৰ পাৰ খহোৱা অৰ্থাৎ পার্শ্ব খনন কাৰ্য অধিক হয়। নৈৰ দুয়ো পাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। নৈৰ যিটো পাৰত পার্শ্বখনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে। এই পার্শ্বখনন আৰু অয়ক্ষেপনৰ ফলত নৈৰ গতিপথ একা-বেঁকা বা সর্পিল (meandering) হোৱা দেখাযায়। বাৰিষা কালত নৈৰ প্লাৱনভূমি পানীৰে উপচি পৰে। এনে সময়তে নৈ ঠায়ে ঠায়ে অতি বহল হৈ পৰে। আনহাতে খৰালি কালত নৈৰ পানী কমি যোৱাৰ ফলত ইয়াৰ বিভিন্ন অংশত গেদৰ অৱক্ষেপবোৰ ওলাই পৰে। এই অৱক্ষেপ বোৰে সৰু- বৰ বিভিন্ন আকাৰৰ চৰ-চাপৰিবোৰত বাধা পাই নৈৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। ইয়াকে নৈৰ গুস্ফিত (braided) ৰূপ বোলে।

১১। ব্রহ্মপুত্র অববাহিকা বুলিলে কি বুজা

উত্তৰঃ ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী। ই অসমৰ মাজেৰে পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে। ইয়াৰ অসংখ্য উপনৈ উত্তৰ আৰু দক্ষিণ ফালৰ পৰা আহি মিলিত হৈছেহি। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহ তিব্বত, অৰুণাচল প্রদেশ, নাগালেণ্ড, অসম, মেঘালয়, ভুটান, ছিকিম, পশ্চিম বংগ আৰু বাংলাদেশৰ কিছু অংশৰ পৰা জল আহৰণ কৰে এই সমগ্ৰ ঠাইখিনিকে ব্রহ্মপুত্র অৱবাহিকা বোলা হয়।

১২। ব্ৰহ্মপুত্ৰৰ প্লাবনভূমিত থকা কেইখনমান স্থায়ী চাপৰিৰ নাম লিখা?

উত্তৰঃ  ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমিত থকা কেইখনমান স্থায়ী চাপৰি হ'ল- কান্ধুলী মাৰী; শিয়ালমাৰী, ভাঙনমাৰী, আলোপতি আদি।


১৩। অসমত সঘনাই বানপানী হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ অসমত সঘনাই হৈ থকা বানপানীৰ প্ৰাকৃতিক কাৰণবোৰৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে, বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সমুহে হিমালয় পৰ্বতৰ পৰা অত্যাধিক গেদ কঢ়িয়াই আনি সমভূমি অঞ্চলৰ ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈ সমুহৰো তলি ভাগত আৰু পাৰত জমা কৰে। ফলত নদীৰ তলিভাগ বাম হৈ পৰিছে আৰু নদীবোৰৰ পানী বহন ক্ষমতা কমিছে। অলপ বৰষুণ দিলেই পাৰ ওপচি পৰি বানপানীৰ সৃষ্টি কৰে।অসমত বানপানী। ৰোধ কৰিবলৈ নিৰ্মাণ হোৱাত অৰিহণাহে যোগাইছে। অবিজ্ঞান সম্মতভাৱে নিৰ্মাণ কৰা মঠাউৰি বিলাকে কৰা বানপানী নৈ খনৰ গতিপথ ঠেক কৰি পেলাইছে। ইয়াৰ ফলত বাৰিষা কালত ঠেক অংশইদি বেছি পানী বৈ যাব লগা হোৱাত মঠাউৰি ভাঙি বানপানীৰ সৃষ্টি হয়।কৰে। ইয়াৰোপৰি মৌচুমী বতাহৰ ফলত হোৱা অতিমাত্ৰ বৰষুণেও বানপানীৰ সৃষ্টি কৰে ।

১৪। গৰাখহনীয়াৰ মূল কাৰণ কি কি? অসমৰ কোন কোন ঠাইত গৰাখহনীয়া অধিক পৰিমাণে হয়?

উত্তৰঃ খনন আৰু অৱক্ষেপন নৈৰ স্বাভাৱিক কাৰ্য। অসমৰ নদ-নদী সমূহৰ পার্শ্বখনন অর্থাৎ গৰাখহনীয়া বেছিকৈ হোরা দেখা যায়। অসমৰ সমতল অংশত গৰাখহনীয়া হোৱাৰ প্ৰাকৃতিক কাৰণবোৰ হৈছে নদীৰ মৃদু ঢাল, পাৰৰ কোমল মাটি, নদীৰ বাম তলিভাগ। অসমৰ ডিব্ৰুগড় চহৰ দিচাংমুখ, দিখৌমুখ, মৰিয়া হোলা, নিমাতী, মাজুলী, নগাঁৱৰ লাহৰীঘাট, ঢিং, কামৰূপৰ পলাশবাৰী আদিত গৰাখহনীয়া তীব্র হোৱা দেখা যায়।অসমত গৰাখহনীয়াৰ প্রকোপ বৃদ্ধি হোৱাৰ অন্যতম প্রধান কাৰণ হৈছে মানুহৰ ধ্বংসাত্মক কার্যকলাপ। নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ তৃণ ভূমিসমূহ, প্লাবনভূমিত মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, মথাউৰি, নিৰ্মাণ আদি কাৰ্যকলাপে নদীখনৰ স্বাভাৱিক গতি বাধাগ্রস্ত কৰিছে। ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত গৰাখহনীয়া আৰু বানপানীৰ প্রকোপ বৃদ্ধি পাইছে।


১৫। জল পৰিবহণৰ অৰ্থনৈতিক গুৰুত্ব কেনে ধৰণৰ?

উত্তৰঃ অসমৰ অৰ্থনীতিত জল পৰিবহণৰ এক গুৰত্বপূর্ণ ভূমিকা আছে। যাতায়াতৰ বাবে জলপথ, খেতি-বাতিৰ বাবে পানী আৰু পলস পেলোৱা মাটি, নৈত পোৱা মাছ-কাছ আদি, নৈৰ দুয়োপাৰে থকা খেৰ, উলু, খাগৰি, ইকৰা আদি নদীয়ে যোগান ধৰি আহিছে। আহোম ৰাজত্ব কালত যাতায়ত পৰিবহনৰ লগতে যুদ্ধ বিগ্ৰহৰ বাবেও ব্ৰহ্মপুত্ৰ নদীৰ জলপথ ব্যৱহাৰ হোৱাৰ অনেক তথ্য পোৱা যায়। ইংৰাজ শাসক সকলৰ শাসন কালত কলকাতাৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি জাহাজ চলিছিল। জল পৰিবহণৰ ক্ষেত্ৰত খৰছ বৰ কম। জল পৰিবহণত ৰাষ্টা ঘাট বনোৱাৰ প্ৰশ্ন নাহে; গতিকে খৰছো নাই। খুব কম খৰছতে বিভিন্ন সামগ্রী জল-পৰিবহনৰ যোগেদি এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি।


১৬। বৰাক নৈখন ক'ৰপৰা ওলাই ক'ত পৰিছেগৈ।

উত্তৰঃ অসমৰ ডাঙৰ নদী ব্ৰহ্মপুত্ৰৰ পিচতে বৰাক নদী উল্লেখযোগ্য। অসমৰ দক্ষিণ ভাগৰ প্ৰধান নৈ বৰাক নাগালেণ্ড মণিপুৰৰ সীমান্তবর্তী মৰাম নামৰ পাৰ্বত্য অঞ্চলৰ পৰা ওলাই বিভিন্ন ঠাইৰ মাজেৰে বৈ অসমৰ কাছাৰ জিলাৰ মাজেদি গৈ বঙ্গোপ সাগৰত পৰিছে।

১৭। বৰাক নৈৰ অর্থনৈতিক গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ অসমৰ বৃহৎ নদী ব্ৰহ্মপুত্ৰৰ দৰেই অর্থনৈতিক ক্ষেত্ৰত বৰাক নৈৰো ভূমিকা আছে। বৰাক নৈৰ মধ্য আৰু নামনি অংশ যাতায়তৰ বাবে উপযোগী। বৰাক নৈৰ দাঁতিকাষৰীয়া লোকসকলে নাৱেৰে যাতায়াত কৰাৰ উপৰি কৃষিজাত সামগ্ৰী সৰবৰাহ কৰে। বৰাক উপত্যকা অঞ্চল কৃষিৰ বাবে বৰ উপযোগী। বৰাক নৈ ইয়াৰ উপ নৈসমূহ আৰু ইয়াৰ জলাশয় সমূহত মাছৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। চৰকাৰে কোনো কোনো অংশত নিলাম যোগে মাছ ধৰিবলৈ অনুমতি দি কিছু পৰিমাণে ৰাজহো সংগ্ৰহ কৰে। গতিকে বৰাক নৈৰ অৰ্থনৈতিক গুৰুত্ব আছে।

১৮। ব্ৰহ্মপুত্ৰ নৈৰ অৰ্থনৈতিক গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ অসমৰ অৰ্থনীতিত ব্ৰহ্মপুত্ৰ নদীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। যাতায়ত্তৰ বাবে জলপথ, খেতি-বাতিৰ বাবে পানী আৰু পলস পেলোৱা মাটি, নৈত পোৱা মাছ-কাছ আদি, নৈৰ দুয়োপাৰে থকা খেৰ, উলু, খাগৰি, ইকৰা আদি ব্ৰহ্মপুত্র নদীয়ে যোগান ধৰি আহিছে। আহোম ৰাজত্ব কালত যাতায়ত পৰিবহনৰ লগতে যুদ্ধ বিগ্ৰহৰ বাবেও ব্ৰহ্মপুত্র নদী ব্যৱহাৰ হোৱাৰ অনেক তথ্য পোৱা যায়। ইংৰাজ সকলৰ শাসন কালত কলকাতাৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজ চলিছিল। তেওঁলোকে সম্পদ পৰিবহণৰ বাবে ৰেলপথৰ লগতে নদী পথো ব্যৱহাৰ কৰিছিল। তেতিয়াৰ পৰাই অসমৰ বহুকেইখন নগৰ-চহৰ ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ হিচাপে ব্ৰহ্মপুত্ৰৰ পাৰতে গঢ় লৈ উঠিছিল। উদাহৰণ স্বৰূপে ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী, ধুবুৰী আদি।বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰঘাট সমূহত বিশেষকৈ যোৰহাট, নিমাতীঘাট, মাজুলী, লক্ষীমপুৰ, গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী উমানন্দ, গোৱালপাৰা ধুবুৰীৰ চৰসমূহলৈ যন্ত্রচালিত নাৱেৰে আৰু ফেৰী জাহাজেৰে যাতায়তৰ সুবিধা আছে।অসমৰ কৃষিৰ ক্ষেত্ৰতো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বিশেষ ভূমিকা আছে। বানপানীৰ সময়ত নদীয়ে পেলাই থৈ যোৱা পলসে প্লাবন ভূমিক আৰু চৰ- চাপৰিবোৰক কৃষিকাৰ্যৰ বাবে উপযোগী কৰি তোলে। যাৰ ফলস্বৰূপে অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰি অৰ্থনৈতিক ভেটি টনকিয়াল কৰি তোলে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে গোটেই উপত্যকা অঞ্চলৰ পৰিবেশ সেউজীয়া গছ-গছনিৰে ভৰা, জৈৱ-বৈচিত্ৰৰে চহকী ঠাই হিচাপেও পৰিগণিত কৰিছে। ইয়েই অসমত পর্যটন উদ্যোগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে জলসিঞ্চন আৰু জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাও বৃদ্ধি কৰিছে। সৰু সৰু নদী বান্ধৰ যোগেদি জলসিঞ্চন, জলবিদ্যুৎ উৎপাদন, বান নিয়ন্ত্ৰণ আৰু মৎস্য পালন কৰি অসমত বহনক্ষম উন্নয়ন কৰিব পৰা যায়।


১৯। ব্রহ্মপুত্র নৈক কি কি স্থানীয় নামেৰে জনা যায়?

উত্তৰঃ  তিব্বত মালভূমিত -----চাংপো

অৰুণাচলত----- চিয়াং

পাছিঘাটত -----দিহং

২০। ব্ৰহ্মপুত্ৰ নদীৰ জল পৰিবহণ ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ  দেশৰ পৰিবহণ ব্যৱস্থা সমূহৰ ভিতৰত জলপৰিবহণ ব্যৱস্থা আটাইতকৈ কম খৰচী। কম খৰচী হোৱা বাবে কম ব্যয়তে গধুৰ বস্তু কঢ়িয়াব পৰা যায়। সাগৰ- মহাসাগৰত জলপৰিবহন সুচল হোৱাৰ দৰে ডাঙৰ ডাঙৰ নৈবোৰতো এই ব্যৱস্থাৰ প্ৰৱৰ্ত্তন আছে।ব্ৰহ্মপুত্র নদী দেশখনৰ এটি প্রধান জলপথ। ব্ৰহ্মপুত্ৰ নদীৰ ১,৩৮৪কিল মিটাৰ সুচল জলপথ আছে। শদিয়াৰ পৰা ধুবুৰীলৈ জলপথ ছোৱা (৮৯১কিল'মিটাৰ) আভ্যন্তৰীণ ৰাষ্ট্ৰীয় জলপথ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজ, যন্ত্রচালিত নাও, ফেৰী আদি চলাচল কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত সীমিত দলং থকা বাবে ইপাৰৰ মানুহ সিপাৰলৈ যাবৰ বাবে বা সিপাৰৰ মানুহ ইপাৰ পাবৰ বাবে সততে যন্ত্রচালিত নাও, ফেৰী সেৱা বা জাহাজ চলোৱা হয়। বৰ্ত্তমান ব্ৰহ্মপুত্ৰৰ পাৰঘাট সমূহত বিশেষকৈ যোৰহাট মাজুলী, শিৱসাগৰ নিমাতী ঘাট-লক্ষীমপুৰ, গুৱাহাটী-উত্তৰ গুৱাহাটী উমানন্দ, গোৱালপাৰা- ধুবুৰীৰ চৰ সমূহলৈ যন্ত্রচালিত নাৱেৰে আৰু ফেৰী জাহাজেৰে যাতায়তৰ সুবিধা আছে।অতীজৰে পৰা ব্ৰহ্মপুত্ৰক জলপথ হিচাপে ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়। আহোম ৰাজত্ব কালত যাতায়ত পৰিবহণৰ লগতে যুদ্ধ বিগ্ৰহৰ বাবেও ব্ৰহ্মপুত্র নদী ব্যৱহাৰ হোৱাৰ অনেক তথ্য পোৱা যায়। ইংৰাজ সকলৰ শাসন কালত কলকাতাৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি জাহাজ চলিছিল।


Type by Ishan Bora

  Check by - Mukesh Borah