অধ্য়ায়-১২

গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ 

অনুশীলনী ঃ

১। উত্তৰ দিয়া ঃ

(ক) থানেশ্বৰ ৰাজ্য়খন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত ?

উত্তৰঃ থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত ।

(খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি ?

উত্তৰঃ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম আছিল বাণভট্ট।

(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল ?

উত্তৰঃ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজাৰ প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল।

(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?

উত্তৰঃ চোল বংশৰ শ্ৰেষ্ট ৰজাজনৰ নাম আছিল ৰাজাৰাজ।

(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল ?

উত্তৰঃ ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দই নিৰ্মাণ কৰাইছিল।

২। খালী ঠাই পূৰোৱা--

(ক) বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল __________ ।

উত্তৰঃ পুষ্য় বৰ্মণ।

(খ) __________ ৰ আন এটি নাম আছিল শিলাদিত্য়।

উত্তৰঃ হৰ্ষবৰ্ধন।

(গ) পল্লৱসকলে _________  শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে।

উত্তৰঃ দ্ৰাবিড়।

(ঘ) এলিফেণ্টা আৰু _________ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়।

উত্তৰঃ মালখেদৰ।

(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক __________ বোলা হৈছিল।

উত্তৰঃ ব্ৰাহ্মদেয়।

৩। শুদ্ধ উত্তৰ বাচি উলিওৱা-----

(ক) গুপ্তসকলে ভাৰতত দুশ/ তিনিশ/ চাৰিশ বছৰ ৰাজত্ব কৰিছিল ।

উত্তৰঃ দুশ বছৰ ৰাজত্ব কৰিছিল।

(খ) হৰ্ষবৰ্ধনৰ ৰাজ্য়ৰ ৰাজধানী আছিল তাঞ্জোৰ/ তক্ষশীলা/ কনৌজ।

উত্তৰঃ তাঞ্জোৰ।

(গ) বৰ্ষবৰ্ধনে খেতিৰপৰা উৎপাদিত শস্য়ৰ /৬/ /৫/ ১//৪ অংশ কৰ হিচাপে আদায় কৰিছিল।

উত্তৰঃ /৬ অংশ কৰ হিচাপে আদায় কৰিছিল।

(ঘ) কাঞ্চী/ কাঞ্চীপুৰম/ মহাৱলীপূৰম পল্লৱ ৰাজ্য়ৰ ৰাজধানী আছিল।

উত্তৰঃ কাঞ্চীপুৰম পল্লৱ ৰাজ্য়ৰ ৰাজধানী আছিল।

(ঙ) ৰাজাৰাজ/ প্ৰথম কৃষ্ণ/ দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্য়ৰ প্ৰতিষ্ঠাপক।

উত্তৰঃ দান্তিদূৰ্গ ৰাষ্ট্ৰকূট ৰাজ্য়ৰ প্ৰতিষ্ঠাপক।

৪। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া---

(ক) বিন্ধ্য় পৰ্বতে ভাৰতবৰ্ষৰ কি কি ভাগত ভাগ কৰিছে ?

উত্তৰঃ দুটা ভাগত ভাগ কৰিছে। (১) উত্তৰ ভাৰত।

                                                    (২) দক্ষিণ ভাৰত বা দাক্ষিণাত্য়।

(খ) থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱা ৰাজ্য়খনৰ নাম কি ?

উত্তৰঃ কনৌজৰ লগত একত্ৰিত হৈছিল।

(গ) পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি ?

উত্তৰঃ শিল্পকলা আৰু সাহিত্য়-সংস্কৃতি।

(ঘ) ৰাষ্ট্ৰকূটসকলৰ শালন কালত কি কি ভাষাৰ বিকাশ হৈছিল ?

উত্তৰঃ সংস্কৃত আৰু প্ৰাকৃত ভাষা।

(ঙ) কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল ?

উত্তৰঃ প্ৰথম পৰান্তকই  প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল।

৫। ৫০ টা মান শব্দৰ ভিতৰৰ লিখা---

(ক) হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি।

উত্তৰঃ সম্ৰাট হৰ্ষবৰ্ধন এজন ধৰ্ম নিপেক্ষ ৰজা আছিল। তেওঁ আছিল শৈৱপন্থী। কিন্তু তেওঁ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোশকো আছিল। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁ বৌদ্ধ মহামেল পাতিছিল। হিন্দু ধৰ্মৰ বাবে মঠ-মন্দিৰো নিৰ্মাণ কৰিছিল। হৰ্ষবৰ্ধন আছিল একেধাৰে সাহিত্য়নুগাৰী আৰু শিক্ষানুগাৰী সম্ৰাট। নালন্দা বিশ্ববিদ্য়ালয়লৈ তেওঁ ৰাজপৃষ্ঠপোষকতা আগবঢ়াইছিল। বাণভট্ট আছিল হৰ্ষবৰ্ধনৰ ৰাজকবি। বাণভট্টই কৰ্ষচৰিত আৰু কাদম্বৰী নামৰ দুখন পুথি ৰচনা কৰিছিল। হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাত জাতকমালা ৰচিত হৈছিল। হৰ্ষবৰ্ধন নিজেও এজন সু-সাহিত্য়ক আছিল। নাগানন্ত, ৰন্তাৱলি আৰু প্ৰিয়দৰ্শিকা নামৰ তিনিখন পুথি তেওঁ ৰচনা কৰিছিল।

(খ) হৰ্ষবৰ্ধনৰ ৰাজহ ব্য়ৱস্থা।

উত্তৰঃ সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্য়খন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইোবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্য়খনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল।

             হৰ্ষবৰ্ধনে কৃষক আৰু ব্য়ৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্য়ৰ /৬ অংশ কৰ হিচাপে শোধাব লাগিছিল। কেতিয়াবা নগত ধনেৰেও এনে কৰ শোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল।

(গ) মহাৱলীপুৰম মন্দিৰৰ শিল্পৰীতি।

উত্তৰঃ মহাৱলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দে সজা এি ৰথ বা মন্দেৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। মনত ৰাখিবা পল্লৱসকলে শিল্প-ভাস্কৰ্য বিকাশৰ ক্ষেত্ৰত দ্ৰাবিড় শিল্পকলা নামৰ এটি নতুন শিল্পৰীতিৰ প্ৰচলন কৰে। পল্লবসকল অতি ধাৰ্মিক আছিল। তেওঁলোকে বহুতো হিন্দুমন্দিৰ, বোদ্ধবিহাৰ নিৰ্মাণ কৰিছিল। 

(ঘ) ৰাষ্ট্ৰকূট ৰাজ্য়ৰ অৱস্থিতি।

উত্তৰঃ দান্তিদূৰ্গা নামৰ এজন সামন্ত প্ৰভূৱে আনুমানিক ৭৫৩ খ্ৰীঃত এই ৰাষ্ট্ৰকূট ৰাজ্য়খন প্ৰতিষ্ঠা কৰে। ৰাষ্ট্ৰকূটসকলৰ শাসন কালতেই উপকূলীয় অঞ্চলবোৰত ইছলামধৰ্মী লোকসকলে বহুতো মছজিদ সজাইছিল। গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাষ্ট্ৰকূট শাসকসকলে কিন্তু এই কৰ্যত কোনো হস্তক্ষেপ কৰা নাছিল। ইয়ে তেওঁলোকৰ সহনশীলতাৰ উৎকৃষ্ট নিদৰ্শন বুলি ধাৰণা কৰিব পাৰি ৰাষ্ট্ৰকূটসকলে দাক্ষিণাত্য়ত প্ৰায় ১২০ বছৰ কাল শাসন কৰিছিল। ৰাষ্ট্ৰকূটসকলৰ মাজত দেখা দিয়া অৰ্ন্তকলহৰ বাবে তেওংলোকৰ পতন হৈছিল।

(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য়।

উত্তৰঃ চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য় আছিল। এি মন্দিৰসমূহ অকল উপাসনা স্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্য়ৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা-সেৱা, চোৱা-চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে-পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰে আৰ্থ-সামাজিক, সাংস্কৃতিক জিৱন চহকী কৰিছিল।         

৬। তলত উল্লেখ কৰা ৰাজ্য়সমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা-- 

গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য়, কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিঙ্গ, চালুক্য়, চাণ্ডেল্য়।

উত্তৰঃ

                     




Q. Type- janmoni Hazarika