পাঠ-১৪ 

মধ্য়যুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্য়য়নৰ সমলসমূহ


অনুশীলনীঃ


১। উত্তৰ দিয়া-

ক) সমল বুলিলে কি বুজা ?

উত্তৰঃ য'ৰ পৰা আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য় তথ্য় আহৰণ কৰিব পাৰোঁ তাকেই সমল বোলে।

খ) লিখিত সমল মানে কি ?

উত্তৰঃ অধ্য়য়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য়, আন নথিভূক্ত তথ্য় আদিক লিখিত সমল বোলে। 

গ) তুৰ্কী-আফগানসকল ক'ৰপৰা ভাৰতলৈ আহিছিল ?

উত্তৰঃ তুৰ্কী-আফগানসকল মধ্য় এচিয়াৰ পৰা ভাৰতলৈ আহিছিল।

ঘ) UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা।

উত্তৰঃ UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা হ'ল- ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা।

ঙ) ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে?

উত্তৰঃ ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহেও এনে ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰে।


২। খালী ঠাই পূৰ কৰা-

ক) আবুল ফজলে ________ ৰচনা কৰিছিল।

উত্তৰঃ আইন ই আকবৰী।

খ) ইবন বটুটা ________ দেশৰ পৰিব্ৰাজক আছিল।

উত্তৰঃ মৰক্কোৰ।

গ) প্ৰাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান ________ চহৰত আছে।

উত্তৰঃ হাম্পী।

ঘ) ৰংঘৰ ________ জিলাত আছে।

উত্তৰঃ শিৱসাগৰ।

ঙ) ৰূপী নামৰ মুদ্ৰা চুলতান ________ প্ৰচলন কৰিছিল।

উত্তৰঃ ছেৰছাহে।


৩। শুদ্ধনে অশুদ্ধ বিচাৰ কৰা-

ক) জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে।

উত্তৰঃ অশুদ্ধ।

খ) গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থৰ ৰচনা কৰিছিল।

উত্তৰঃ শুদ্ধ।

গ) কানাই বৰশী শিলালিপি মিজোৰামত আছে।

উত্তৰঃ অশুদ্ধ।

ঘ) মুদ্ৰা হ'ল এক প্ৰত্নতাত্ৱিক সমল।

উত্তৰঃ অশুদ্ধ।

ঙ) ৰাইগড় দূৰ্গ মাৰাথাসকলৰ ঐতিহাসিক স্মৃতিচিহ্ন।

উত্তৰঃ অশুদ্ধ।


৪।পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা-

উত্তৰঃ


তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম

মধ্য়যুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন

তিনিজন দেশীয় লেখকৰ নাম


মৰক্কোৰ ইবন বটুটা, উজবেকিস্তানৰ আলবেৰুনী, ইউৰোপৰ মাৰ্ক।


আগ্ৰাৰ তাজমহল, ফাটেহপুৰ চিক্ৰি, কুটুবক্ষেত্ৰ


জিয়াউদ্দিন বাৰানী, আবুল ফজল, গুলবদন বেগম।


৫) ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি বিজয়নগৰ, কোচ ৰাজ্য়, আহোম ৰাজ্য় আৰু মাৰাথাসকলৰ অৱস্থিতি নিৰ্ণয় কৰা।

উত্তৰঃ


৬) মধ্য়যুগত নিৰ্মিত পাঁচটা বিশ্ৱ ঐতিহ্য় ক্ষেত্ৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ মধ্য়যুগত নিৰ্মিত পাঁচটা বিশ্ব ঐতিহ্য় ক্ষেত্ৰৰ নাম হ'ল- আগ্ৰাৰ তাজমহল আৰু আগ্ৰাফ'ৰ্ট, হাম্পীৰ স্মৃতিচিহ্নসমূহ, ফাটেহপুৰ চিক্ৰি, দাক্ষিণাত্য়ৰ চোলা মন্দিৰসমূহ, কুটুবক্ষেত্ৰ, হুমায়ুনৰ সমাধি, লালকিল্লা, জয়পুৰৰ যন্তৰ-মন্তৰ।


Question Type By Bhaskar Jyoti Nath 

Answer Type By - Kishor Nath 

Spelling Check By- Rajashri Bora 


Post ID: DABP001741