অধ্যায়ঃ ১৬

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer
    👉Paid Answer      Buy Now )

1. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াবা?

উত্তৰঃপৰিৱেশৰ ক্ষমতা ৰক্ষাৰ বাবে ঘৰখনত তলত দিয়া পৰামৰ্শবোৰ আগবঢ়োৱা উচিত–

(i) বিদ্যুৎ শক্তি ব্য়ৱহাৰত মিতব্যয় হ'ব লাগে। অপ্ৰয়োজনবশতঃ ফেন, বাল্ব, টি.ভি. আদি চলাব নালাগে।

(ii) বেছি পুৰণি ক্ষমতাযুক্ত বাল্বৰ সলনি কম ক্ষমতাযুক্ত CFL বা LED বাল্ব জ্বলাব লাগে।

(iii) ঘৰবোৰত পৰ্যাপ্ত পৰিমাণে দুৱাৰ-খিৰিকী ৰাখিব লাগে। যাতে বতাহ আৰু সূৰ্যৰ পোহৰ পৰিব পাৰে।

(iv) পানী বা অন্য খাদ্যবস্তু অপচয় কৰিব নালাগে।

(v) পানী গৰম কৰিবলৈ গেছ বা হিটাৰৰ পৰিৱৰ্তে সৌৰশক্তি ব্যৱহাৰ কৰিব লাগে।

(vi) পুনৰ ব্যৱহাৰযোগ্য পাত্ৰৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।

(vii) প'লিথিনৰ মোনাৰ পৰিৱৰ্তে পাট বা কাপোৰৰ মোনা ব্যৱহাৰ কৰিব লাগে।

(viii) জৈৱ নমনীয় আৰু জৈৱ অৱনমনীয় আৱৰ্জনাবোৰ পৃথক কৰিব লাগে।

(ix) পচন সাৰ ব্যৱহাৰ কৰিব লাগে। 

2. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা?

উত্তৰঃপৰিৱেশৰ ক্ষমতা ৰক্ষাৰ বাবে বিদ্যালয়ত তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াব লাগে −

(i) পানী আৰু বিদ্যুতৰ অপচয় ৰোধ কৰা।

(ii) গছ-গছনিৰ লগতে ঘাঁহ-বন যথেষ্ট পৰিমাণে ৰোপণ কৰা।

(iii) সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।

(iv) প্লাষ্টিকৰ ব্য়ৱহাৰ নিষিদ্ধ কৰা।

(v) জৈৱ নমনীয় আৰু অজৈৱ অনমনীয় পদাৰ্থবোৰ পৃথকে মজুত কৰা।

(vi) পৰিৱেশ সংৰক্ষণৰ বাবে পৰিৱেশ দিৱস পাতি সকলোকে পৰিৱেশৰ প্ৰতি সচেতন কৰি তোলা।

3. এই অধ্য়ায়ত আমি দেখিলো বন আৰু বন্যপ্ৰণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stack holders) আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল'ব পৰা কৰ্ত্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?

উত্তৰঃবন আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত চাৰিটা অংশীদাৰ হ'ল 一

(i) স্থানীয় লোক

(ii) বন বিভাগ

(iii) উদ্যোগ পাতি

(iv) বন্যপ্ৰাণী আৰু প্ৰকৃতি সচেতন লোক।

            এই সকলোবোৰৰ ভিতৰত স্থানীয় লোকক যি সকলে বনাঞ্চলৰ আশে পাশে বাস কৰে তেওঁলোকৰে বনাঞ্চলত উৎপাদিত সামগ্ৰীৰ ব্য়ৱস্থাপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত। কাৰণ তেওঁলোকে সেই অঞ্চলৰ বাসিন্দা হোৱাৰ বাবে সেই হাবিত থকা সকলো গছ-গছনিৰ অৱস্থান আৰু বনৰীয়া জীৱ-জন্তুৰ অৱস্থান সম্পৰ্কে জ্ঞাত। গতিকে তেওঁলোকক এই দায়িত্ব অৰ্পন কৰিলে এইবোৰ সম্পদ সুৰক্ষাত অগ্ৰাধিকাৰ পাব।

4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনা দায়িত্ব ল'বা 一 

(a) বন আৰু বন্যপ্ৰাণী

(b) জলসম্পদ 

(c) কয়লা আৰু পেট্ৰ'লিয়াম।

উত্তৰঃএজন সাধাৰণ ব্যক্তি হিচাপে তলত দিয়া ব্যৱস্থাপনাসমূহ ল'ব পৰা যায় 一

            (a) বন আৰু বন্যপ্ৰাণীৰ ওপৰত ব্যৱস্থাপনা 一

(i) স্থানীয় লোকক বন আৰু বন্যপ্ৰাণী সুৰক্ষাকৰ্মী হিচাপে নিয়োগ কৰা।

(ii) গছ কটা বন্ধ কৰা।

(iii) বনানীকৰণত গুৰুত্ব আৰোপ কৰা।

(iv) চোৰাং চিকাৰীক বাধা দিয়া।

(v) আলোচনাচক্ৰৰ জৰিয়তে মানুহক বন্যপ্ৰাণী আৰু বনাঞ্চলৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰা।

            (b) জলসম্পদৰ ব্যৱস্থাপনা 一

(i) মিতব্যয়ীভাৱে পানী খৰচ কৰা।

(ii) ব্যৱহাৰ কৰা পানীৰ নলীত ফুটা বা বিন্ধ্য় থাকিলে ততালিকে মেৰামতি কৰা।

(iii) গৰু-ছাগলীক নদী বা পুখুৰীত নমাই গাঁ-ধোৱা বন্ধ কৰা।

(iv) জলসম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।

            (c) কয়লা আৰু পেট্ৰ'লিয়ামৰ ওপৰত ব্যৱস্থাপনা 一

(i) মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা।

(ii) CFL বা LED বাল্ব ব্যৱহাৰ কৰা।

(iii) মটৰ গাড়ী, মটৰ চাইকেল আদিৰ পৰিৱৰ্তে কম দূৰত্ব যাবৰ বাবে খোজকঢ়া বা চাইকেল চলোৱা।

(iv) বেছি দূৰত্ব যাবৰ বাবে পৰ্যাপ্তমানে জনসাধাৰণৰ গাড়ী ব্যৱহাৰ কৰা।

(v) শক্তিৰ বিকল্প উৎস হিচাপে সৌৰশক্তি, বায়ু শক্তি ব্যৱহাৰ কৰা।

5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?

উত্তৰঃএজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলত দিয়া পদক্ষেপবোৰ ল'ব পৰা যায় 一

(i) মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা।

(ii) মিতব্যয়ীভাৱে পানী ব্যৱহাৰ কৰা।

(iii) খাদ্য-বস্তুৰ অপব্যৱহাৰ ৰোধ কৰা।

(iv) গাড়ী-মটৰ ব্যৱহাৰৰ পৰিৱৰ্তে চাইকেল বা খোজ কাঢ়ি অহা-যোৱা কৰাৰ অভ্যাস কৰা।

(v) সৌৰশক্তি, বায়ুশক্তি ব্যৱহাৰ কৰা।

6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্ৰস্তুত কৰা (পাঁচটাকৈ)

(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ

(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।

উত্তৰঃ- আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে যোৱা সপ্তাহত হাতত লোৱা কাৰ্যপন্থাসমূহ হ'ল 一

(i) বিদ্যুৎ আৰু পানীৰ অপব্যৱহাৰ ৰোধ কৰা।

(ii) প'লিথিনৰ মোনা ব্যৱহাৰৰ সলনি কাপোৰ বা পাটৰ মোনা ব্যৱহাৰ কৰা।

(iii) খাদ্য-বস্তুৰ অপচয় ৰোধ কৰা।

(iv) যাতায়তৰ বাবে চাইকেল বা খোজকঢ়া।

(v) বৃক্ষৰোপণ কৰা।

            (b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচাৰ বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত হাতত লোৱা কাৰ্যপন্থাসমূহ হ'ল 一

(i) পানীৰ টেপ খুলি থোৱা।

(ii) ৰাতি শুৱাৰ সময়ত লাইট জ্বলাই থোৱা।

(iii) বাথৰুমৰ লাইট অফ কৰিবলৈ পাহৰি যোৱা।

(iv) খটখটিৰ সলনি লিফ্টত উঠা-নমা কৰা।

(v) ব্যক্তিগত বাহনেৰে অহা-যোৱা কৰা।

(vi) বজাৰ কৰোঁতে প'লিথিনৰ মোনা ব্যৱহাৰ কৰা।

7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্য়ৱহাৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা?

উত্তৰঃএজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলত দিয়া পদক্ষেপবোৰ ল'ব পৰা যায় 一

(i) মিতব্যয়ীভাৱে বিদ্যুৎ শক্তি খৰচ কৰা।

(ii) মিতব্যয়ীভাৱে পানী ব্যৱহাৰ কৰা।

(iii) খাদ্যবস্তুৰ অপব্যৱহাৰ ৰোধ কৰা।

(iv) গাড়ী-মটৰ ব্যৱহাৰৰ পৰিৱৰ্তে চাইকেল বা খোজ কাঢ়ি অহা-যোৱা কৰাৰ অভ্যাস কৰা।

(v) সৌৰশক্তি, বায়ুশক্তি ব্যৱহাৰ কৰা।


Buy Our Best Quality Answer Bank Only 59/- Rupees Get All Chapter


BUY NOW

Spelling checked by ー Mampi Kakati