Chapter 3 -
আমাৰ চৌপাশ
পখিলা
১) কোৱা আৰু লিখা
পখিলাৰ উপৰি আৰু কি কি পতংগ ফুলত পৰে?
উত্তৰঃ মৌ-মাখি, ভোমোৰা, মৌ-পিয়া।
২) পখিলা উৰে, চৰাই উৰে আৰু কি কি প্ৰাণী উৰিব পাৰে।
উত্তৰঃমৌ-মাখি, ভোমোৰা, মৌ-পিয়া আদি এনে অনেক প্ৰাণী উৰিব পাৰে।
৩) পখিলাটোৰ ছবিখনত ৰং বোলাওঁ আহা।
উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।
৪) গোন্ধ থকা আৰু গোন্ধ নথকা ফুলৰ নাম তালিকাত লিখা।
উত্তৰঃ গোন্ধ থকা ফুল গোন্ধ নথকা ফুলৰ
গোলাপ ফুল জৱা ফুল
তগৰ ফুল কাগজ ফুল
শেৱালি ফুল অশোক ফুল
নাৰ্জী ফুল মুচন্দা ফুল
৫) কি কি আখৰ যোগ হৈছে লিখা
ম্ৰ ৰ্ব ল্য় ৰ্জ ণ্য় ৰ্শ দ্য় ঘ্ৰ ক্য়
ম্ৰ 一 ম + ৰ ৰ্ব 一 ৰ +ব ল্য় 一 ল + য়
ৰ্জ 一 ৰ+ জ ণ্য় 一 ণ+ য় ৰ্শ 一 ৰ + শ
দ্য় 一 দ + য় ঘ্ৰ 一 ঘ + ৰ ক্য় 一 ক + য়
৬) শেষৰ ধ্বনি মিলাই শব্দ লিখা।
উৰি 一 ফুৰি, ধৰি, কৰি, মৰি।
কৰে 一 নকৰে, মৰে, লৰে, হাতেৰে।
ক'লে 一 নকলে, অকলে, পিছলে, ল'লে।
গাওঁ 一 মৰিগাওঁ, বঙাইগাওঁ, নগাওঁ, যাওঁ।
৭) কাষৰ পৰা যুক্তাক্ষৰ আনি অৰ্থপূৰ্ন শব্দ গঠন কৰা।
ৰ্ব ৰ্ক ৰ্য দ্য় ণ্য় ত্য় দ্ৰ গ্ৰ ম্ৰ শ্ৰ
উত্তৰঃ পৰ্বত অৰণ্য়
তৰ্ক ভদ্ৰ
সত্য় গ্ৰহ
পদ্য় নম্ৰ
সূৰ্য আশ্ৰম
৮ বাকচৰ পৰা একে অৰ্থৰ শব্দ বিচাৰি লিখা।
উত্তৰঃ বৰ্ষ দৰ্জা তৰ্জু দুৰ্ভিক্ষ সৰ্প সুৱৰ্ণ ভ্ৰমৰ দুৱাৰ 一 দৰ্জা
বছৰ一 বৰ্ষ
তুলাচনী 一 তুলনা কৰা
আকাল一 অভাৱ
সাপ一 সৰ্প
ভোমোৰা 一 ভ্ৰমৰ
সোণ 一 সুৱৰ্ণ
৯) 'ৰ'ৰ সলনি ৰেফ যোগ কৰি তলৰ শব্দবোৰ লিখা
উত্তৰঃ হৰষ一 হৰ্ষ।
বৰষ 一 বৰ্ষ ।
গৰজন 一 গৰ্জন ।
কৰম 一 কৰ্ম।
ধৰম 一 ধৰ্ম।
দুৰদিন 一 দুৰ্দিন।
পৰবত 一 পৰ্বত ।
১০) বাকচত থকা 'ৰ' ৰ সলনি ~কাৰ বহুৱাই শব্দ পঢ়া আৰু লিখা।
উত্তৰঃ প + ৰ + ণা + ম = প্ৰণাম।
হ + ৰ + দ = হ্ৰদ।
প + ত + ৰ = পত্ৰ।
ন + ম + ৰ = নম্ৰ।
ভ + দ + ৰ = ভদ্ৰ।
গ + ৰ + হ = গ্ৰহ।
শ + ৰ + ম = শ্ৰম।
১১) গছজোপাত কি কি দেখিছা লিখা।
উত্তৰঃ এইটো তোমালোকে নিজে ছবিৰ সহায়ত লিখিবলৈ যত্ন কৰিবা।
১২) বাক্য় সাজা
পখিলা 一 পখিলা দেখিবলৈ ধুনিয়া।
বাগিচা一 বাগিচাখনত বহুত ৰঙৰ ফুল ফুলি আছে।
মৌ-মাখি 一 সৌ মৌ-মাখিটো ফুলত পৰিছে।
ভোমোৰা一 ভোমোৰাজাকে গুণ- গুণাই আছে।
ফুল一 ফুল বহুত ৰঙৰ পোৱা যায়।
ছাগলী গ'ল ক'লৈ
কথা পাতো আহা
ক) তৰালীয়ে সদায় কাৰ সৈতে ওমলে?
উত্তৰ: তৰালীয়ে সদায় ছাগলী পোৱালিদুটাৰ সৈতে ওমলে।
খ) তৰালীয়ে ছাগলী পোৱালিদুটা ক'ত বিচাৰি পালে?
উত্তৰ: তৰালীয়ে ছাগলী পোৱালিদুটা বাঁহীৰ পাছেৰে বিচাৰি পালে।
গ) পোৱালিদুটাক চোতাললৈ আনি মাকে কি কৰিলে?
উত্তৰ: পোৱালিদুটাক চোতাললৈ আনি মাকে দুধ টিনত থৈ খুৱালে।
ঘ) ছাগলী পোৱালিদুটা কি কি ৰঙৰ আছিল?
উত্তৰ: ছাগলী পোৱালিদুটা এটা ক’লা আৰু এটা বগা ৰঙৰ আছিল।
ঙ) তোমাৰ বস্তু হেৰালে তুমি কি কৰা?
উত্তৰ: মোৰ বস্তু হেৰালে, মই ঘৰৰ সকলোত কৈ চাওঁ আৰু নিজে ঘূৰি ঘূৰি বিচাৰো। প্ৰয়োজনে সহায় বিচাৰো।
চ) তোমাৰ ঘৰৰ আশে-পাশে কি কি জীব-জন্তু দেখা পোৱা?
উত্তৰ: মোৰ ঘৰৰ আশে-পাশে বহু ধৰনৰ জীৱ-জন্তু দেখা পোৱা যায়। ইয়াত কুকুৰ, মেকুৰী, গৰু, ছাগলী, মুৰ্গী, হাঁহ, ভেঁহা আদি গৃহপালিত জন্তু দেখা যায়।
Old
পাঠ - ৩
অৰণ্য়ত দীপু
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
১) উত্তৰ দিয়া।
ক) দীপু কিয় অৰণ্য়ত সোমাল?
উত্তৰঃ এদিন আবেলি দীপুৱে নিজৰ চাইকেলখন চাফা কৰি থাকোতে তাৰ চোতালৰ মাজেৰে এটা শহা পহু পাৰ হৈ যোৱাত দীপুৱেও শহাটোৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। দৌৰি দৌৰি সি এখন অৰণ্য়ত সোমাই পৰিল।
খ) দীপুৱে অৰণ্য়ত কাক কাক লগ পালে?
উত্তৰঃ দীপুৱে অৰণ্য়ত প্ৰথমে এটা ধনেশ পক্ষীক লগ পালে। তাৰ পাছত ধনেশ পক্ষীৰ পৰা অলপ আতৰি গৈ এটা জলাশয়ত কিছুমান চৰাই লগ পালে যেনে-কণামুচৰি, পানী কাউৰী, শৰালি আৰু পানী খাবলৈ অহা এটা হৰিণাও লগ পালে। সেই জলাশয়টোৰ পৰাও এখোজ দুখোজকৈ আগ বাঢ়ি যাওতে গাঁৱৰে বলভদ্ৰ ককাকক দেখি দৌৰি গল আৰু ককাকক পাই দুয়ো কথা পাতি পাতি ঘৰলৈ যাবলৈ খোজ ললে।
গ) ধনেশ পক্ষীয়ে দীপুক কি কলে?
উত্তৰঃ ধনেশ পক্ষীয়ে দীপুক কৈছিল যে ভয় নকৰিবা, তুমি মোৰ লগত গছৰ ওপৰতে থাকিব পাৰিবা।মোৰ লগত হাড়-গিলা, ফেঁচা, বাদুলি আদিও থাকে। নাইবা তুমি সৌ গমাৰী জোপাতো থাকিব পাৰিবা, তাত বাঢ়ৈটোকা থাকে। আমি তোমাক মৰমেৰে ফল-মূল খাবলৈ দিম।
ঘ) জলাশয়টোত দীপুৱে কি কি চৰাই দেখা পালে?
উত্তৰঃ জলাশয়ত দীপুৱে কিছুমান চৰাই লগ পালে যেনে-কণামুচৰি, পানী কাউৰী, শৰালি আৰু পানী খাবলৈ অহা এটা হৰিণা লগ পালে।
ঙ) হৰিণাৰ কথা মতে অৰণ্য়ত থকা হ'লে দীপুৱে কাক কাক লগ পালেহেঁতেন?
উত্তৰঃ হৰিণাৰ কথা মতে অৰণ্য়ত থকা হ'লে দীপুৱে শহা-পহু, কেঁটেলা-পহু, সুগৰী পহু, গাহৰী আদি বহু প্ৰাণী লগ পালেহেঁতেন।
চ) অৰণ্য়ৰ পৰা উভতি যাবলৈ খোঁজোতে দীপুৱে কাক লগ পালে?
উত্তৰঃ অৰণ্য়ৰ পৰা উভতি যাব খোঁজোতে দীপুৱে গাঁৱৰে বলভদ্ৰ ককাকক লগ পাইছিল।
২) ভাবি কওঁ আহা ।
অৰণ্য়ত কি কি থাকে?
উত্তৰঃ
১) অৰণ্য়ত সৰু বৰ গছ গছনি থাকে।
২) অৰণ্য়ত জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি চৰাই চিৰিকতিলৈ থাকে।
৩) অৰণ্য়ত সৰু সৰু জলাশয় পুখুৰী দেখিবলৈ পোৱা যায়।
৩) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা।
অৰণ্য়
ণ্য় = ণ + য় ণই য়ই ণ্য়
(অন্য় আখৰৰ লগত 'য়' যোগ হ'লে ্য় (য়) কাৰ ৰূপ লয়
্য় কাৰ যোগ
ক্য় ক + য় কই য়ই ক্য় -- বাক্য় শাক্য়।
খ্য় খ + য় খই য়ই খ্য় -- কামাখ্য়া, সংখ্য়া।
ণ্য় ণ + য় ণই য়ই ণ্য় -- অৰণ্য়, পূ্ণ্য়।
ত্য় ত + য় তই য়ই ত্য় -- সত্য়, অসত্য়।
দ্য় দ + য় দই য়ই দ্য় -- পদ্য়, গদ্য়।
ন্য় ন + য় নই য়ই ন্য় -- বন্য়, অন্য়।
ভ্য় ভ + য় ভই য়ই ভ্য় -- সভ্য়, অভ্য়াস।
ল্য় ল + য় লই য়ই ল্য় -- মূল্য়, বাল্য়।
৪) ্য় কাৰ যোগ কৰি যুক্তাক্ষৰ গঠন কৰোঁ আহা
ণ + য় ণই য়ই ণ্য়
ন + য় নই য়ই ন্য়
ল + য় লই য়ই ল্য়
ভ + য় ভই য়ই ভ্য়
ক + য় কই য়ই ক্য়
খ + য় খই য়ই খ্য়
ত + য় তই য়ই ত্য়
দ + য় দই য়ই দ্য়
৫) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখো আঁহা।
( অন্য় আখৰৰ পাছত 'ৰ' যোগ হ'লে 'ৰ'ৰ ৰূপ সলনি হৈ 〜 (ৰ) কাৰ হয়)
'〜' (ৰ) কাৰ যোগ
প্ৰ প + ৰ পই ৰই প্ৰ --- প্ৰাণ, প্ৰতি।
গ্ৰ গ + ৰ গই ৰই গ্ৰ --- গ্ৰহ, অগ্ৰজ।
ঘ্ৰ ঘ + ৰ ঘই ৰই ঘ্ৰ --- ঘ্ৰাণ, ব্য়াঘ্ৰ।
দ্ৰ দ + ৰ দই ৰই দ্ৰ --- মুদ্ৰা, ভদ্ৰ।
ম্ৰ ম + ৰ মই ৰই ম্ৰ --- নম্ৰ, তাম্ৰ।
শ্ৰ শ +ৰ শই ৰই শ্ৰ --- শ্ৰম, আশ্ৰম।
৬) '〜' (ৰ) কাৰ যোগ কৰি যুক্তাক্ষৰ গঠন কৰো আঁহা
প + ৰ পই ৰই প্ৰ।
গ + ৰ গই ৰই গ্ৰ।
ঘ + ৰ ঘই ৰই ঘ্ৰ।
দ + ৰ দই ৰই দ্ৰ।
ম + ৰ মই ৰই ম্ৰ।
শ +ৰ শই ৰই শ্ৰ।
৭) খালী ঠাইত ' ্য়' -কাৰ বহুৱাই শব্দ সাজি পঢ়া।
বন ¨¨¨¨¨ অন ¨¨¨ য় অভ ¨¨¨¨াস বাক¨¨¨¨ চাণক¨¨¨¨
নৃত¨¨¨¨ সংখ¨¨¨¨া পদ¨¨¨¨ সত¨¨¨¨ মূল¨¨¨¨ৱান
গদ¨¨¨¨ অৰণ¨¨¨¨ সৈন¨¨¨¨ অমূল¨¨¨¨
উত্তৰঃ বন্য় অন্য়ায় অভ্য়াস বাক্য় চাণক্য়
নৃত্য় সংখ্য়া পদ্য় সত্য় মূল্য়ৱান
গদ্য় অৰণ্য় সৈন্য় অমূল্য়
৮) শব্দত থকা যুক্তাক্ষৰ বোৰ ভাঙি লিখা।
প্ৰথম প্ৰ = প + ৰ পণ্য় ণ্য় = ণ + য়
নম্ৰ ম্ৰ = ম + ৰ মাল্য় ল্য় = ল + য়
সমুদ্ৰ দ্ৰ = দ + ৰ চালক্য় ক্য় = ক + য়
আগ্ৰহ গ্ৰ = গ + ৰ মান্য় ন্য় = ন + য়
ব্য়াঘ্ৰ ঘ্য় = ঘ + ৰ খাদ্য় দ্য় = দ + য়
৯) ন্য় আৰু প্ৰ যুক্তাক্ষৰ সহায়ত শব্দ গঠন কৰি লিখা।
শব্দ
বন্য়
ধন্য়
অন্য়
ম প্ৰণাম
ণা
প্ৰ ল য় প্ৰলয়
ণ
তি প্ৰণতি
১০) তলত দিয়া শব্দবোৰ পঢ়া আৰু মিল থকা যুক্তাক্ষৰ যুক্ত শব্দবোৰ উপযুক্ত ঘৰত লিখা।
অন্য়, তুল্য়, বাক্য়, নৃত্য়, মান্য়, মাল্য়, অনৈক্য়, ধন্য়, গদ্য়, অমূল্য়, নৃত্য়, বাদ্য়, বন্য়, শাক্য়, দৈত্য়, পদ্য়, সৈন্য়, মূল্য়, খাদ্য়, চাণক্য়, অমাত্য়, নৈৱেদ্য়, মূল্য়ৱান
অন্য় শৈল্য় ঐক্য় সত্য় গদ্য়
মান্য় অমূল্য় অনৈক্য় দৈত্য় বাদ্য়
ধন্য় মাল্য় শাক্য় নৃত্য় খাদ্য়
বন্য় তুল্য় চাণক্য় অমাত্য় নৈৱেদ্য়
অন্য় মূল্য় বাক্য় নৃত্য় পদ্য়
১১) তলৰ শব্দত থকা যুক্তাক্ষৰকেইটা ভাঙি লিখা।
উদাহৰণত দিয়াৰ দৰে বাকী শব্দ কেইটাৰ আখৰেৰে তিনিটাকৈ শব্দ লিখা। উদাহৰণ--- গছ
গ - গছ, গৰু, গৰম।
ছা- ছাতি, ছাগলী, ছাল।
পাত
পা - পানী, পাঠ, পাকৈত ।
ত - তলত, তলা, তৰা।
নৰ
ন - নম্ৰতা, নমতা, নালাগে।
ৰ - ৰখিবা, ৰবা, ৰবিতা।
কল
ক - কল-কাৰাখানা, কলি, কবিতা।
ল - ল'ৰা, ললিতা, লাতিম ।
১২) কোনটো কৰা উচিত, কোনটো কৰা অনুচিত বাকচৰ ভিতৰত লিখা।
অচিনাকি ঠাইলৈ অকলে যোৱা一 অনুচিত।
সকলো প্ৰাণীক মৰম আদৰ কৰা一 উচিত।
জধে-মধে মূল্য়ৱান গছ কটা一 অনুচিত।
ওচৰ-চুবুৰীয়াৰ লগত মিলি-জুলি থকা一 উচিত।
সদায় চাফ-চিকুণকৈ থকা 一 উচিত।
১৩) পাঠটোত উল্লেখ থকা প্ৰাণীবিলাকৰ নাম লিখা।
উত্তৰঃ
১) শহা পহু ২) ধনেশ পক্ষী ৩) কণামুচৰি, ৪) পানী কাউৰী, ৫) শৰালি ৬) হৰিণা