Chapter 2 -
আমাৰ পৰিয়াল
শ্ৰৱণ কুমাৰ
(ক) কাহিনীটোত থকা ল'ৰাজনৰ নাম কি?
উঃ কাহিনীটোত থকা ল'ৰাজনৰ নাম হ'ল শ্ৰৱণ কুমাৰ।
(খ) শ্ৰৱণ কুমাৰে মাক-দেউতাকৰ বাবে কি কি কৰিছিল?
উঃ শ্ৰৱণে মাক-দেউতাকৰ বাবে পানী অনা, ভাত ৰন্ধা, আৰু আন গৃহস্থালীৰ কামবোৰ নিজে কৰিছিল।
(গ) শ্ৰৱণ কুমাৰে মাক-দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল?
উঃ শ্ৰৱণে দুটা পাচিত মাক-দেউতাকক বহুৱাই ভাৰ বান্ধি নিজে কান্ধত লৈ তীৰ্থলৈ গৈছিল।
(ঘ) তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা?
উঃ মই মোৰ ঘৰখনত বহু দায়িত্ব পালন কৰোঁ। মই সময়মতে উঠোঁ, মুখ-হাত ধুই পাঠ্য পঢ়োঁ আৰু বিদ্যালয়লৈ যাওঁ। ঘৰলৈ ঘূৰি আহি মা- দেউতাক কামত সহায় কৰোঁ। ঘৰৰ পৰা বাহিৰত বস্তু আনিবলৈ যাওঁ, পানী আনোঁ, আৰু ঘৰ পৰিষ্কাৰ কৰাত সহায় কৰোঁ। কেতিয়াবা সৰু ভাই-ভনীক পঢ়াত সহায় কৰোঁ। পৰিয়ালৰ সকলোৱে যাতে সুখে-সন্তোষে থাকিব পাৰে তাৰ বাবে মই নিজৰ দায়িত্ববোৰ মন দি পালন কৰোঁ।
প্ৰশ্ন আৰু উত্তৰ
1. প্ৰ: শ্ৰৱণ কুমাৰ কোন আছিল?
উ: শ্ৰৱণ কুমাৰ এজন দয়ালু আৰু দায়িত্বশীল ল’ৰা আছিল। তেওঁ নিজৰ অন্ধ মাক-দেউতাকক বৰ আদৰ-যতন কৰিছিল।
শ্ৰৱণে নিজৰ মাক-দেউতাকক কেনেকৈ সহায় কৰিছিল?
2. প্ৰ:
উ: শ্ৰৱণে মাক-দেউতাকৰ বাবে পানী অনা, ভাত ৰন্ধা আদি সকলো কাম নিজে কৰিছিল।
3. প্ৰ: শ্ৰৱণৰ মাক-দেউতাকৰ কি ইচ্ছা আছিল?
উ: শ্ৰৱণৰ মাক-দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল।
4. প্ৰ: শ্ৰৱণে মাক-দেউতাকক কেনেকৈ তীৰ্থলৈ লৈ গ’ল?
উ: শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক-দেউতাকক বহুৱাই ভাৰ বান্ধি কান্ধত বৈ তীৰ্থলৈ লৈ গ’ল।
5. প্ৰ: শ্ৰৱণৰ মনত কেনেকুৱা অনুভৱ হৈছিল?
উ: শ্ৰৱণে কৈছিল— “তোমালোকৰ বাবে কাম কৰি মই সুখহে পাওঁ।” মাক-দেউতাকৰ সেবা কৰি তেওঁ বৰ আনন্দ আৰু সন্তোষ পাইছিল।
6. প্ৰ: তুমি তোমাৰ পৰিয়ালত কেনেদৰে সহায় কৰা?
(এই প্ৰশ্নটো ছাত্ৰ-ছাত্ৰীৰ নিজৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত উত্তৰ দিবলৈ চেষ্টা কৰিবা।)
উত্তৰ:
7. প্ৰ: তোমালোকৰ পৰিয়ালত কোন কোন আছে?
উ: নিজৰ নিজৰ ঘৰৰ পৰিয়ালৰ কথা লিখিবা
ঘঁৰিয়াল আৰু বান্দৰ
(ক) ছবিখনত কি কি জন্তু দেখিছা?
উঃ ছবিখনত বাঁন্দৰ, ঘৰিয়াল, ভালুক, শঁহা, আৰু হাঁহ দেখিছো।
(খ) নদীৰ সিপাৰে কি ফলৰ গছ আছিল?
উঃ নদীৰ সিপাৰে কলৰ গছ আছিল।
(গ) বাঁন্দৰটো কেনেকৈ নদীখন পাৰ হ'ল?
উঃ বাঁন্দৰটো ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হ’ল।
(ঘ) বাঁন্দৰটোৱে হাতত কি লৈ আহিছিল?
উঃ বাঁন্দৰটোৱে হাতত কল লৈ আহিছিল।
(ঙ) সাধুটো নিজৰ কথাৰে কোৱা।
উঃ এটা বাঁন্দৰ, এটা ভালুক, শঁহা আৰু ঘৰিয়াল নদীৰ কাষত বন্ধু হৈ থাকিছিল। ঘৰিয়ালটোৱে এদিনাখন বাঁন্দৰটোক কৈছিল— সিপাৰত কল আছে, তুমি যদি যাব বিচাৰা , মই লৈ যাব পাৰিম। বাঁন্দৰটো ঘৰিয়ালৰ পিঠিত উঠি পাৰ হয় আৰু কল লৈ আহে। পিচত সকলোৱে মিলি কল খাবলৈ বহে আৰু বন্ধুত্বৰ আনন্দ উপভোগ কৰে।
পাঠটোৰ প্ৰশ্ন-উত্তৰবোৰঃ
১) ৰাজীৱ আৰু কবিৰে কি আনিবৰ পোৱা নাছিল?
উত্তৰঃ ৰাজীৱ আৰু কবিৰে ছাতি আনিবৰ পোৱা নাছিল।
২) গাড়ীখন চলাই কেনে আছিল?
উত্তৰঃ গাড়ীখন ৰেম ধেম কৰি চলাই আছিল।
৩) ৰামধনে শুকান সিহঁতক গাড়ীত উঠিবলে কিয় মাতিছিল?
উত্তৰঃ ৰামধনে শুকান সিহঁতক গাড়ীত উঠিবলে মাতিছিল কাৰণ বৰষুণত ভিজি গৈছিল আৰু তেওঁলোকক সহায় কৰিব বিচাৰিছিল।
old
পাঠ ২
কেৰ্কেটুৱালৈ মৰম
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
১) কেৰ্কেটুৱা পোৱালিটো তাৰ মাকৰ বৰ মৰমৰ আছিল। তুমি কাৰ কাৰ মৰমৰ?
মই পেহীৰ মৰমৰ
মই ককাৰ মৰমৰ।
মই আইতাৰ মৰমৰ ।
মই বৰ্তা মৰমৰ ।
মই মাহীৰ মৰমৰ ।
👉যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহা।

২) ৰ-ৰ লগত অন্য় আখৰ যোগ হ'লে ৰ-ৰ ৰূপ সলনি হৈ (ৰেফ) হয় আৰু লগ হোৱা আখৰটোৰ ওপৰত বহে।
ৰেফ () যোগ কৰি যুক্তাক্ষৰ গঠন কৰোঁ আহা
ৰ+ক ৰই কই ৰ্ক
ৰ+ব ৰই বই ৰ্ব
ৰ+ম ৰই মই ৰ্ম
ৰ+ত ৰই তই ৰ্ত
ৰ+য ৰই যই ৰ্য
ৰ+জ ৰই জই ৰ্জ
ৰ+ণ ৰই ণই ৰ্ণ
ৰ+শ ৰই শই ৰ্শ
৩) পঢ়োঁ আহা
ৰ্ক তৰ্ক সতৰ্ক কৰ্কৰা কেৰ্কেটুৱা।
ৰ্ব গৰ্ব খৰ্ব পৰ্ব পৰ্বত।
ৰ্ম ধৰ্ম কৰ্ম বৰ্ম নৰ্মদা।
ৰ্ত আৰ্ত ধূৰ্ত কৰ্তব্য় কীৰ্তন
ৰ্য কাৰ্য ধৰ্য্য় সূৰ্য আৰ্য।
ৰ্জ দৰ্জা নিৰ্জু অৰ্জুন নিৰ্জন।
ৰ্ণ বৰ্ণ কৰ্ণ সুৱৰ্ণ বিৱৰ্ণ।
ৰ্শ অৰ্শ দৰ্শন আদৰ্শ নিদৰ্শন ।
৪) যুক্তাক্ষৰ ভাঙা
উদাহৰণ আৰ্ত ৰ্ত = ৰ+ ত
ধূৰ্ত ৰ্ত = ৰ + ত । কাৰ্য ৰ্য = ৰ + য।
ধৰ্ম ৰ্ম = ৰ + ম । দৰ্জা ৰ্জ = ৰ +জ।
সূৰ্য ৰ্য = ৰ + য । পৰ্বত ৰ্ব = ৰ + ব।
কৰ্ণ ৰ্ণ = ৰ + ণ । অৰ্শ ৰ্শ = ৰ + শ।
৫) শব্দ সাজা ।
ৰ্ক = মানুহ সতৰ্ক হৈ থাকিব লাগে।
ৰ্ব = ৰহিম কাইলৈ পৰ্বত চাব যাব।
ৰ্ম = প্ৰত্য়েক জাতীয়ে নিজৰ ধৰ্ম বজাই ৰাখিব লাগে।
ৰ্ত = মই আজি মাহী ঘৰলৈ গৈ কীৰ্তন চাম
ৰ্শ = ৰজিতাৰ পৰিয়াল আজি মন্দিৰত দৰ্শন কৰিব যাব।
ৰ্জ = অৰ্জুন ধনু কাৰত বেছিকৈ পাকৈত।
Type By Jatin Nath
Post ID: DABP001648