অধ্যায় 9

পৰিমিতি ( Mensuration )

অনুশীলনী 9 (C)


1. আয়তৰ দীঘ আৰু প্ৰস্থ দিয়া আছে । কালি উলিওৱা ।

(i) দীঘ = 9 মি., প্ৰস্থ = 7 মি.

(ii) দীঘ = 1.5 মি., প্ৰস্থ = 60 ছেমি.

(iii) দীঘ = 240 মিমি., প্ৰস্থ = 18 ছেমি. ।


2. বৰ্গৰ বাহুৰ দীঘ দিয়া আছে । কালি উলিওৱা ।

(i) 5 ছেমি.

(ii) 18 মি.

(iii) 14 মিমি.


3. (i) এটা আয়তৰ কালি 56 বৰ্গছেমি. । আয়তটোৰ দীঘ 8 ছেমি. হ'লে প্ৰস্থ কিমান ?

(ii) এটা আয়তৰ প্ৰস্থ 11 ছেমি. আৰু কালি 143 বৰ্গছেমি. । আয়তটোৰ দীঘ উলিওৱা ।

(iii) এটা আয়তৰ কালি 6 বৰ্গমি. । ইয়াৰ দীঘ 300 ছেমি. হ'লে প্ৰস্থ উলিওৱা ।


4. এটা আয়তৰ পৰিসীমা 140 ছেমি. । ইয়াৰ প্ৰস্থ 25 ছেমি. হ'লে কালি উলিওৱা ।


5. 30 ছেমি. দীঘৰ এটা আয়তৰ কালি 510 বৰ্গছেমি. । আয়তটোৰ পৰিসীমা উলিওৱা ।


6. এখন বৰ্গাকাৰ পথাৰৰ দীঘ 35 মি. । পথাৰখন ৰোলাৰেৰে সমান কৰোঁতে প্ৰতি বৰ্গ মিটাৰত 15 টকা হিচাপত মুঠ খৰচ কিমান হ'ব ?


7. এখন আয়তাকাৰ কেনভাছৰ প্ৰতি বৰ্গছেমি.ত 2 টকা হিচাপত মুঠ দাম 2700 টকা । কেনভাছখনৰ দীঘ 45 ছেমি. হ'লে কেনভাছখনৰ  

(i) কালি কিমান ?

(ii) প্ৰস্থ কিমান ?

(iii) পৰিসীমা কিমান ? 

(iv) চাৰিওফালে কাঠৰ ফ্ৰেম লগাওঁতে প্ৰতি ছেমি.ত 3 টকা হিচাপত মুঠ খৰচ কিমান হ'ব ?


8. এখন আয়তাকাৰ কাগজৰ দীঘ আৰু প্ৰস্থ ক্ৰমে 30 ছেমি. আৰু 20 ছেমি. । কাগজখনত 2 ছেমি. দীঘৰ বৰ্গাকাৰ ডাকটিকট কিমানটা লগাব পৰা যাব ?


9. এখন মজিয়াৰ দীঘ 6 মি. আৰু প্ৰস্থ 4 মি. । 40 ছেমি. দীঘল আৰু 30 ছেমি. বহল টাইলেৰে মজিয়াখন ঢাকিবলৈ কিমানখন টাইলৰ প্ৰয়োজন হ'ব ?


10. আয়তাকাৰ মাটি এটুকুৰাৰ জোখ 60 মি. ✖ 50 মি. । আন এটুকুৰা বৰ্গাকাৰ মাটিৰ পৰিসীমা 220 মি. ।

(i) কোনটুকুৰা মাটিৰ পৰিসীমা বেছি ?

(ii) কোনটুকুৰা মাটিৰ কালি বেছি ?


11. এখন বৰ্গাকাৰ মজিয়াৰ দীঘ 3 মি. । 80 ছেমি. ✖ 60 ছেমি. জোখৰ 10 খন ঢাৰি মজিয়াখনত পৰাৰ পিছত মজিয়াখনৰ কিমান ঠাই ঢাৰি নপৰাকৈ থাকিল ?


12. তলৰ চিত্ৰবোৰৰ কিছুমান আয়ত হিচাপে ভাগ কৰি লৈ কালি উলিওৱা । ( জোখবোৰ ছেমি.ত দিয়া আছে )



 



Question Type By- Himadree Bora



Post ID: DABP001839