পাঠ-1
সংখ্য়া (Numbers) 
অনুশীলনী 1 (A) 

1. ভাৰতীয় পদ্ধতিত তলৰ সংখ্য়াবোৰ শব্দৰে লিখা। 
(i) 5,307 
(ii) 18,006 
(iii) 3,68,509 
(iv) 14,07,613 
(v) 36,45,13,849 
(vi) 630,78,65,000 
(vii) 2140,00,13,500 


2. ভাৰতীয় পদ্ধতিত তলৰ সংখ্য়াবোৰ অংকৰে লিখা। 
(i) চৈধ্য় হাজাৰ পাঁচশ তেইছ
(ii) তিনি লাখ সাতাৱন হাজাৰ ষাঠি 
(iii) তেৱন লাখ ছয় হাজাৰ তিনিশ চল্লিছ 
(iv) বিৰানবৈ কোটি চৌৱন লাখ তেত্ৰিছ হাজাৰ ছয়সত্তৰ 
(v) পাঁচশ আঠচল্লিছ কোটি ঊনচল্লিছ হাজাৰ নশ 
(vi) দুই হাজাৰ সাত কোটি নবৈ লাখ পঞ্চাছ হাজাৰ 


4. 67325749 সংখ্য়াটোৰ ক্ষেত্ৰত 
(i) 7 দুটাৰ স্থান মানৰ পাৰ্থক্য় উলিওৱা। 
(ii) 2 ৰ নিজা মান আৰু স্থান মানৰ পাৰ্থ্য়ক উলিওৱা। 
(iii) কোনটো অংকৰ নিজা মান আৰু স্থান মান একেই হ'ব?

5. যদি এটা সংখ্য়াত এটা অংক এবাৰহে ব্য়ৱহাৰ কৰিব পাৰি, তেন্তে 
(i) 2, 3, 6 অংক তিনিটাৰ সহায়ত গঠন কৰিব পৰা 3টা অংকবিশিষ্ট সংখ্য়া আটাইবোৰ লিখা। 
(ii) 0, 4, 7 অংক তিনিটাৰ সহায়ত লিখিব পৰা 3টা অংকবিশিষ্ট সংখ্য়া আটাইবোৰ লিখা। 

6. (i) 4টা অংকবিশিষ্ট এটা সংখ্য়াৰ দহকৰ স্থানৰ অংকটোৰ দুগুণ। শতকৰ স্থানৰ অংকটোৰ             নিজা মান আৰু স্থান মা একে। সংখ্য়াটো কি?
    (ii) 3টা অংবিশিষ্ট এটা সংখ্য়াৰ এককৰ স্থানৰ অংকটো দহকৰ স্থানৰ অংকটোৰ দুগুণ আৰু          দহকৰ স্থানৰ অংকটো শতকৰ স্থানৰ অংকটোৰ দুগুণ। এনেকুৱা সংখ্য়া কিমানটা                     থাকিব পাৰে আৰু কি কি? 


Question Type By- Bikash Bora