পাঠ-১০

যোগ-বিয়োগৰ সমস্য়া

⇒কোনে কিমান তামোল গোটালে চাওঁ আহা।

⚛ মণি, চামিমা আৰু বলেনে ৪ দিন সিহঁতৰ বাৰীত তামোল গছৰ তলত পৰি থকা তামুল বুটলিছিল।

                                        তালিকা        

       দিন         মণিয়ে গোটালে     চামিমাই গোটালে     বলেনে গোটালে 

 ১ম দিন             ১৬                        ৩২                            ৪১

২য় দিন              ১২                        ১৬                            ২১

৩য় দিন             ২০                        ২৯                            ৩০

৪ৰ্থ দিন            ৩৬                           ০                             ৪২     

⇒এতিয়া চাওঁ আহা চাৰি দিনত কোনে কিমান তামোল গোটালে।

⇒১ম দিনত মণি আৰু চামিমাই মুঠতে কিমান তামোল গোটালে ?

সমাধান―

        চামিমাই  ৩২ টা

         মণিয়ে  + ১৬  টা

মুঠ গোটালে    ৪৮

⇒ ৩য় দিনত চামিমা আৰু বলেনে কিমান তামোল গোটালে?

সমাধান一

         চামিমা   ২৯টা 

         বলেনে+ ৩০ টা 

মুঠ গোটালে  ৫৯ টা

⇒২য় দিনত মণি আৰু বলেনে কিমান তামোল গোটালে? 

সমাধান一

    মণিয়ে      ১২ টা

    বলেনে   + ২১ টা

মুঠ গোটালে  ৩৩ টা

⇒৪ৰ্থ দিনত মণি, চামিমা আৰু বলেনে মুঠতে কিমান তামোলগোটালে?

সমাধান一

    মণিয়ে ৩৬ টা

চামিমাই      ০ টা

বলেনে   + ৪২ টা

                 ৭৮

⇒মণি, মধু আৰু মাকে বজাৰ কৰি ঘৰলৈ আহোঁতে চাহৰ দোকান এখনত চাহ-মিঠাই খালে। সিহঁতৰ সোৱাৰ বাবদ কিমান খৰচ হ'ল চাওঁ আহাচোন।

           তালিকা  

খোৱা বস্তু         টকা

নিম্কি             ১০ 

ৰসগোল্লা          ১৫

জিলাপী             ৮

চাহ                   ৫

⇒কি কি খোৱাবস্তুৰ বাবদ কিমান টকা খৰচ হ'ল

মণয়ে খালে一                            মধুৱে খালে一

নিম্কি আৰু ৰসগোল্লা                 জিলাপী আৰু নিম্কি

নিম্কি    ১০ টকা                         জিলাপী     ৮ টকা

ৰসগোল্লা ১৫ টকা                         ৰসগোল্লা ১৫টকা

মুঠ          ২৫ টকা                         মুঠ           ২৩ টকা

মাকে খালে一                            গতিকে তেঁওলোকৰ খোৱাৰ বাবদ মুঠ খৰচ হ'ল一

ৰসগোল্লা আৰু জিলাপী                মণি ২৫ টকা

ৰসগোল্লা ১৫ টকা                          মধু ২৩ টকা

জিলাপী      ৮টকা                          মাক ২৩ টকা      

মুঠ           ২৩ টকা                          মুঠ   ৭১ টকা

 সমাধান কৰা一

⚛এদিন এখন বিলত দুজাক শৰালি হাঁহ উৰি আহি পৰিল।এটা জাকত আছিল ৩৫ টা হাহঁ। আৰু আনটো জাকত আছিল ৪০ টা হাঁহ। মুঠতে কিমানটা শৰালি হাঁহ বিলত পৰিল?

সমাধান一 ৩৫ টা                

              +   ৪০ টা

      মুঠতে   ৭৫ টা

⚛এটা মৌ-পিয়া চৰায়ে এদিনত ২৩ পাহ ফুলৰ পৰা মৌ চুহিলে। দ্বিতীয় দিনাখন ৩০পাহ ফুলৰ পৰা চুহিলে। মুঠতে মৌ-পিয়াটোৱে দুদিনত কেইপাহ ফুলৰ পৰা মৌ-চুহিলে?

সমাধান一 ২৩ পাহ

               + ৩০  পাহ

     মুঠতে    ৫৩ পাহ

⚛এখন তামোলবাৰী তামোলৰ গছত টোকোৰা চৰাইৰ ৩৫ টা বাহ আছিল। ধুমুহাত ২৫টা বাহ ভাগিল। এতিয়া টোকোৰা চৰাই বাহ নভগাকৈ কিমানটা থাকিল?

সমাধান一 ৩৫ টা

                - ২৫ টা

 নভগাকৈ   ১০ টা

ৰংহাং খুৰাদেউৰ পদূলিমুখত দুজোপা জৱা ফুলৰগছ আছিল। এজোপাত ২৩ পাহ আৰু আনজোপাত ৪৬ পাহ ফুল ফুলি আছিল। গছ দুজোপাত মুঠতে কেইপাহ ফুল ফুলি আছিল?

সমাধান一 ২৫  পাহ

               + ৪৬  পাহ

      মুঠতে   ৭ ১ পাহ

⚛ ভালদৰে পঢ়া আৰু সমাধান কৰা一

⇒এখন থালত ১৪ টা লাডু আছিল। তাৰে ৪ টা অকনে খালে।থালত কেইটা লাডু থাকিল?

উত্তৰঃ ১৪ টা

           -  ৪ টা

             ১০ টা 

⇒তোমাৰ হাতত ১২ টা বগৰী আছে। ভন্টিয়ে আৰু ৬টা বগৰী দিলে। এতিয়া তোমাৰ হাতত মুঠতে কেইটা বগৰী আছে?

উত্তৰঃ  ১২ টা

            +৬  টা

            ১৮ টা

এতিয়া হাতত মুঠতে ১৮ টা বগৰী থাকিব।

⇒এখন ফলি আৰু এডাল পেঞ্চিলৰ দাম ১৫ টকা। ফলিখনৰ দাম ১৪ টকা হ'লে পেঞ্চিলদালৰ দাম কিমান?

উত্তৰঃ     ১৫

             -১৪ 

                 ১ 

 ফলিখনৰ দাম ১৪ টকা হ'লে পেঞ্চিলদালৰ দাম ১ টকা হ'ব।

⇒জংকীৰ জালত ১২ টা পুঠি আৰু ২৭ টা খলিহনা মাছ উছিল। জংকীয়ে মুঠতে কেইটা মাছ পালে? 

উত্তৰঃ ১২ টা

         + ২৭টা 

           ৩ ৯

জংকীয়ে মুঠতে ৩৯ টা মাছ পালে।

⚛ ভালদৰে পঢ়া  আৰু সমাধান কৰা

⇒ৰাতিপুৱা মণিহঁতৰ চোতালত ১২ টা পাৰ চৰায়ে ধান খাই আছিল। তালৈ আৰু ৭টা পাৰ চৰাই আহি ধান খাবলৈ চোতালত পৰিল।চোতালত মুঠতে কেইটা পাৰ চৰাই আছে?

উত্তৰঃ ১২

          +  ৭ 

             ১৯    মুঠতে ১৯ টা পাৰ চৰাই আছে।

⚛ হাংমাৰ দেউতাকে ফুলনিত জেউৰা দিবলৈ ২৫ ডাল  বাহঁ আনিছিল। তাৰে ২১ ডাল বাহঁ কামত লাগিল। কিমানডাল বাহঁ ৰৈ গল।

উত্তৰঃ ২৫ ডাল

           -২১  ডাল

               ৪ ডাল   বাহঁ ৰৈ গল।

⚛চামেলিয়ে ৫০ টা পনিয়ল হাটত বেছিবলৈ লৈ গ'ল। তাৰে ৪০ টা পনিয়ল বেচিলে। তাই হাতত কেইটা পনিয়ল ৰৈ গ'ল।

উত্তৰঃ       ৫০ 

                 -৪০  

                  ১০  চামেলিৰ হাতত ১০ টা পনিয়ল ৰৈ গ'ল।

⚛মুনু আৰু ৰুণীয়ে শেৱালি ফুল বুটলিবলৈ গ'ল। মুনে বুটলিলে ৩২ পাহ ৰুণীয়ে বুটলিলে ৩৭ পাহ। দুজনীয়ে মিলি কিমান পাহ ফুল বুটলিলে?

উত্তৰঃ   ৩২ 

            +৩৭  

              ৬৯  দুজনীয়ে মিলি ৬৯ পাহ বুটলিলে। 

⚛চামেলিয়ে ২৫ টা আৰু অনিমাই ৩৩ তা তেঁতেলীৰ গুটি  গোটালে। দুয়োজনীয়ে মিলি মুঠতে কেইটা গুটি গোটালে?

উত্তৰঃ  ২৫ 

           +৩৩  

              ৫৮     দুয়োজনীয়ে মিলি মুঠতে ৫৮ টা তেঁতেলীৰ গুটি  গোটালে।