প্ৰথম অধ্যায়
পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা
প্ৰশ্নাৱলীঃ
১। পৰিৱেশ কি?
উত্তৰঃ পৰিৱেশ শব্দৰ অৰ্থ হৈছে চাৰিওফালৰ অৱস্থা। এই পৃথিৱীখনত বিভিন্ন জৈৱ আৰু অজৈৱ পদাৰ্থ থাকে। পৰিৱেশৰ লগত তাপ, বতাহ, শক্তি আদি সামৰি লোৱা হয়। এইদৰে জৈৱ আৰু অজৈৱ সকলো উপাদানক লৈয়েই পৰিৱেশ গঠিত। অৰ্থাৎ বায়ু, পানী, মাটি, বতাহ. শক্তি আৰু লগতে বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু মানুহবোৰৰ লগত থকা সম্বন্ধই হ'ল পৰিৱেশ।
২। পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি?
উত্তৰঃ পৰিৱেশৰ বিভিন্ন উপাদানবোৰ হ'ল-
১। অজৈৱিক উপাদান
২। জৈৱিক উপাদান
৩। শক্তি উপাদান
অজৈৱিক অথবা ভৌতিক পৰিৱেশক তিনিটা ভাগত ভাগ কৰিব পাৰি-
১। ভূমণ্ডল (কঠিন)
২। জলমণ্ডল (তৰল)
৩। বায়ুমণ্ডল (গেছ)
জৈৱিক উপাদানসমূহ মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্ৰাণীকূলক লৈ গঠিত।
শক্তি উপাদানসমূহ হৈছে, সৌৰশক্তি, ভূতাপ শক্তি, জল-বৈদ্যুতিক শক্তি, পাৰমানৱিক শক্তি, ইত্যাদি।
৩। পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি?
উত্তৰঃ পৰিৱেশৰ বিভিন্ন অংশবোৰ হ'ল-
১। বায়ুমণ্ডল (Atmosphere)
২। জলমণ্ডল (Hydrosphere)
৩। ভূমণ্ডল (Lithosphere)
৪। জীৱমণ্ডল (Biosphere)
৪। বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা।
উত্তৰঃ বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ হ'ল-
প্ৰধান উপাদান ঃ নাইট্ৰ'জেন, N₂ (78.09%)
অক্সিজেন, O₂ (20.94%)
লঘু উপাদান ঃ আৰ্গন, Ar (9.34 × 10-¹%)
কাৰ্বন ডাই অক্সাইড (CO₂, 3.25 × 10-²%)
অতি নগণ্য পৰিমাণৰ গেছ ঃ নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্ৰিপটন, নাইট্ৰাছ অক্সাইড, জেনন, হাইড্ৰ'জেন, ছালফাৰ ডাই অক্সাইড, অজ'ন, এম'নিয়া, কাৰ্বন মন'ক্সাইড, নাইট্ৰ'জেন ডাই অক্সাইড আদি।
৫। ষ্ট্ৰেট'স্ফিয়াৰত থকা অজ'ন গেছৰ স্তৰৰ ভূমিকা কি?
উত্তৰঃ অজ'ন গেছ বিয়পি আছে বায়ুমণ্ডলৰ ষ্টেট'স্ফিয়েৰ অঞ্চলত। এই অজ'ন গেছে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱৰ বাবে এক ৰক্ষা কৱচ হিচাপে এই অজ'ন গেছে কাম কৰে।
৬। পৰিৱেশ শিক্ষা সম্পৰ্কে তুমি কি বুজিছা?
উত্তৰঃ
৭। পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকাসমূহ কি কি?
উত্তৰঃ পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকাসমূহ হ'ল-
১। পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহবানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা।
২। পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহবানসমূহৰ বিষয়ে উপলদ্ধি আৰু জ্ঞান অৰ্জন কৰা।
৩। পৰিৱেশৰ বাবে উদ্বেগৰ মনোভাব আৰু পৰিৱেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা।
৪। পৰিৱেশগত প্ৰত্যাহবানসমূহৰ সমাধানত সহায় কৰা আৰু সেইবোৰক চিহ্নিত কৰাৰ দক্ষতা।
৫। পৰিৱেশগত প্ৰত্যাহবানসমূহত সমাধান কৰাৰ লক্ষ্যেৰে আৰম্ভ কৰা কাম-কাজত অংশগ্ৰহণ।
৮। পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা।
উত্তৰঃ পৰিৱেশৰ শিক্ষাৰ মৌলিক নীতিসমূহ হ'ল-
- শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পৰ্কত গুৰুত্ব।
- সামগ্ৰিকভাৱে পৰিৱেশক বিবেচনা কৰা।
- নিৰন্তৰ শিক্ষা, প্ৰাক স্কুল পৰ্যায়ৰ পৰা আৰম্ভণি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্যায়জুৰি অব্যাহত ৰখা।
- স্থানীয়. আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক দৃষ্টিভঙ্গীৰ পৰা ঘাই ঘাই পৰিৱেশ সংক্ৰান্ত বিষয়বোৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা।
- বৰ্তমান আৰু ভৱিষ্যৎ পৰিৱেশৰ প্ৰৱণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা।
- পৰিৱেশৰ সমস্যা সৃষ্টিৰ প্ৰকৃত কাৰণবোৰ আৰু উপসৰ্গবোৰ আৱিস্কাৰ কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা আৰু সেই মতে পৰিকল্পনা কৰা।
- চূড়ান্ত পৰ্যায়ত পৰিৱেশৰ সমস্যাবোৰৰ সমাধানৰ কাৰণে স্থানীয়, ৰাষ্টীয় আৰু আন্তঃৰাষ্টীয় সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু মূল্যবোধক জগাই তোলাৰ বাবে গুৰুত্ব প্ৰদান কৰা।
উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে বহুমুখী বিষয়। পৰিৱেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক দিশবোৰৰ সম্পৰ্কে জানিবলৈ হ'লে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰা প্ৰয়োজন। উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, জৈৱ প্ৰযুক্তি, জৈৱ অভিযান্ত্ৰিক, অনুজীৱ তত্ত্ব, জিন তত্ত্ব জৈৱ ৰসায়ন বিদ্যা আদিয়ে জৈৱিক উপাদানসমূহ আৰু ইহঁতৰ আন্তঃক্ৰিয়া সম্পৰ্কে বুজাত সহায় কৰে। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিৱেশৰ বিভিন্ন পৰিঘটনাবোৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্য প্ৰযুক্তি আদি হৈছে পৰিৱেশ শিক্ষাৰ অপৰিহাৰ্য অংগ। একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিৱেশ অভিযান্ত্ৰিক বিদ্যা অত্যাৱশ্যক। অভিযান্ত্ৰিক বিদ্যাৰ অন্যান্য শাখাসমূহ, যেনে, ৰসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাৱনমূলক প্ৰযুক্তিবোৰো পৰিৱেশ সুৰক্ষা কাৰ্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিৱেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰসায়ন বিজ্ঞানে এটা সুনিৰ্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে। সমাজ তত্ত্ব, অৰ্থনীতি বিজ্ঞান, শিক্ষা, দৰ্শন আদি বিষয়ো বিভিন্নভাৱে যুক্ত। পৰিৱেশ সুৰক্ষাৰ বাবে সদায় পৰিৱেশ আইন বলৱৎ কৰা হয়। গতিকে পৰিৱেশক শিক্ষাই বহুবিধ বিষয়ৰ চৰিত্ৰ বহন কৰে য'ত এক বহুমুখী দৃষ্টিভংগী লৈ বিভিন্ন দিশবিলাকৰ মোকাবিলা কৰা হয়।
১০। আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিৱেশগত সজাগতাই কেনেকৈ সহায় কৰে?
উত্তৰঃ বিশ্বই আজি পৰিৱেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্ৰুত ক্ষয়, দ্ৰুত হাৰত জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগীকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাৱে নগৰীকৰণ, খনিৰ কাম-কাজ, ভূমিক্ষয় আদিয়ে সাম্প্ৰতিক বছৰবোৰত পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অৰ্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানেই ঘাইকৈ প্ৰাকৃতিক সম্পদক নিৰ্দয়ভাৱে ব্যৱহাৰৰ বাবে দায়ী। তদুপৰি মানৱ জাতিয়ে অত্যন্ত কঠোৰ বস্তুবাদী, লোভী আৰু বিলাসী জীৱন-যাপন মনোভাবেৰে প্ৰাকৃতিক সম্পদক বাছ-বিচাৰহীনভাৱে শোষণ কৰিছে বা নিৰ্দয়ভাৱে ধ্বংস কৰিছে। এই সকলো কাৰ্যকলাপেই বহুসংখ্যক জীৱিত প্ৰাণীকূলৰ অস্তিতৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে পুনৰ অৱনতি ৰোধ কৰি পৰিৱেশ ৰক্ষাৰ বাবে গণ সজাগতা সৃষ্টি কৰাটো জৰুৰী। পৰিৱেশৰ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব পাৰি যদিহে জনসাধাৰণ পৰিৱেশগতভাৱে সজাগ হয়। কোনো চৰকাৰেই কেৱল কিছুমান পৰিৱেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিৱেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব পাৰিব লাগিব যে যদি আমি আজি আমাৰ পৰিৱেশক ধ্বংস কৰোঁ, তেনেহ'লে কাইলৈ ইয়াৰ ফল ভূগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ প্ৰজন্ম বৃহৎ বিপদৰ সন্মুখীন হ'ব। আমি পৰিৱেশৰ এক অংশ আৰু পৰিৱেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।
Answer by - Punya Hazarika
Post ID: DABP002155