দ্বিতীয় অধ্যায়
বাস্তব্য বিদ্যা সম্পৰ্কীয় ধৰাণা
প্ৰশ্নাৱলীঃ
১। ইক'লজি বা বাস্তব্য বিদ্যাৰ সংজ্ঞা নিৰ্ণয় কৰা।
উত্তৰঃ ইক'লজি বাস্তব্য বিদ্যা হৈছে উদ্ভিদ জীৱ-জন্তু আৰু সিহঁতৰ পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়ে কৰা অধ্যয়ন। বাস্তব্য বিদ্যাৰ সাৰমৰ্ম নিহিত আছে উদ্ভিদ, জীৱ-জন্তু, অণুজীৱ আৰু সিহঁতৰ পৰিৱেশ ইত্য়াদিৰ একত্বৰ অধ্যয়নৰ মাজতে।
২। পৰিস্থিতিতন্ত্ৰ বুলিলে তুমি কি বুজা?
উত্তৰঃ পৰিস্থিতিতন্ত্ৰ হৈছে পৰস্পৰৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। পৰিস্থিতি তন্ত্ৰই জৈৱিক উপাদানসমূহ, জড় উপাদান আৰু সিহঁতৰ আন্তঃক্ৰিয়াক সামৰি লয়। পৰিস্থিতিতন্ত্ৰ হৈছে বাস্তব্য বিদ্যাৰ ঘাই সক্ৰিয় গোট।
৩। পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ কৰা।
উত্তৰঃ পৰিস্থিতিতন্ত্ৰৰ প্ৰকাৰ
পৰিস্থিতিতন্ত্ৰৰ ঘাইকৈ দুই ধৰণৰ-
(ক) প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ
(খ) কৃত্ৰিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰ
(ক) প্ৰকৃতিক পৰিস্থিতিতন্ত্ৰঃ এই তন্ত্ৰ আকৌ দুভাগত বিভক্ত।
(১) ভূস্থলীয় পৰিস্থিতিতন্ত্ৰ ঃ উদাহৰণ - বনাঞ্চল পৰিস্থিতিতন্ত্ৰ, তৃণভূমি পৰিস্থিতিতন্ত্ৰ, মৰুভূমি পৰিস্থিততন্ত্ৰ।
(২) জলজ পৰিস্থিতিতন্ত্ৰ ঃ এই পৰিস্থিতিতন্ত্ৰ নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে। নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ প্ৰবহমান অথবা আবদ্ধ জলৰো হ'ব পাৰে।
(খ) মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰঃ এইবোৰ পৰিস্থিতিতন্ত্ৰ কৃত্ৰিমভাৱে মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে- শস্য ভূমি পৰিস্থিতিতন্ত্ৰ, পুখুৰীৰ মীন পালন ব্যৱস্থা আদি।
৪। প্ৰৱহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ কি? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰবাহমান পৰিস্থিতিতন্ত্ৰ- যি পৰিস্থিতিতন্ত্ৰত পানী নিৰবিচ্ছিন্ন ভাৱে বৈ যায় থাকে তাক প্ৰবাহমান পৰিস্থিতিতন্ত্ৰ বোলে। যেনে- নদী।
স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ- যি পৰিস্থিতিতন্ত্ৰত পানী স্থিৰ হৈ থাকে তাক স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ বোলে। যেনে- পুখুৰী, হ্ৰদ।
৫। উৎপাদক, উপভোক্তা আৰু পচনকাৰক কাক কয়?
উত্তৰঃ উৎপাদক- যিবোৰে নিজেই বায়ুত থকা কাৰ্বন-ডাই-অক্সাইড গেছ, পানী আৰু সূৰ্যৰ পোহৰৰ জৰিয়তে গছৰ পাতত থকা ক্ল'ৰফিল ব্যৱহাৰ কৰি সালোক সংশ্লেষণ পদ্ধতিৰ দ্বাৰা নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে সিহঁতক উৎপাদক বুলি কোৱা হয়।
উপভোক্তা- যি শ্ৰেণীৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে। ইহঁতে ইহঁতৰ আহাৰ উৎপাদকসকলৰ পৰা সংগ্ৰহ কৰে। সিহঁতক উপভোক্তা বুলি কোৱা হয়। উপভোক্তা দুই প্ৰকাৰৰ- বৃহৎ উপভোক্তা আৰু ক্ষুদ্ৰ উপভোক্তা।
পচনকাৰক- যিবোৰ গেলি যোৱা বা ভাঙি পৰা মৃত উদ্ভিদ আৰু পৰিৱেশত থকা জৈৱিক বস্তুসমূহৰ পৰা পুষ্টি সংগ্ৰহ কৰে। ইহঁতক পচনকাৰক বুলি কোৱা হয়।
৬। পৰিস্থিতিতন্ত্ৰৰ গাঁথনি আৰু ক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ পৰিস্থিতিতন্ত্ৰৰ গাঁথনি
জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ সংৰচন আৰু সংগঠনেই পৰিস্থিতিতন্ত্ৰৰ গাঁথনি নিৰ্মাণ কৰে।
জৈৱিক গাঁথনিঃ পৰিস্থিতিতন্ত্ৰৰ উদ্ভিদ, জীৱ-জন্তু আৰু অণুজীৱসমূহক লৈয়েই জৈৱিক উপাদান গঠিত হৈছে। জৈৱিক উপাদানসমূহক নিম্নেক্তধৰণে বিভক্ত কৰিব পাৰিঃ
(ক) স্বভোজী আৰু (খ) পৰভোজী
অজৈৱিক গাঁথনিঃ পৰিস্থিতিতন্ত্ৰৰ ভৌতিক আৰু ৰাসায়নিক উপাদানসমূহক লৈয়েই অজৈৱিক গাঁথনি গঠিত হৈছে। ইয়াত সূৰ্যৰ পোহৰ, দ্ৰাঘিমাংশ, অক্ষাংশ, গড় তাপমাত্ৰা, বৃষ্টিপাতৰ ধৰণ, বতাহৰ গতিবেগ আদিৰ দৰে সকলো ধৰণৰ ভৌতিক কাৰকৰ সামৰি লোৱাৰ লগতে মাটিৰ অৱস্থা সম্পৰ্কীয় কাৰকসমূহকো সামৰি লোৱা হয়।
ৰাসায়নিক উপাদানসমূহৰ ভিতৰত ঘাই ঘাই পুষ্টিসমূহ হৈছে, কাৰ্বন, নাইট্ৰ'জেন, ফছফৰাছ, অক্সিজেন, পটাছিয়াম আদি, যৌগিক পদাৰ্থ, যেনে শ্বেতসাৰ, প্ৰটিন, নিউক্লিক এচিড আদি।
পৰস্থিতিতন্ত্ৰ ক্ৰিয়া বা কাম-কাজঃ প্ৰাকৃতিক অৱস্থানসমূহৰ মাজত এক প্ৰণালীবদ্ধ উপায়েৰে পৰিস্থিতিতন্ত্ৰই ইয়াৰ সকলো ক্ৰিয়া কৰ্ম সম্পাদন কৰে। এই ব্য়ৱস্থাই সূৰ্যৰ পৰা শক্তি সংগ্ৰহ কৰি বিভিন্ন পৰ্যায়ত বিভিন্ন উপাদানসমূহলৈ প্ৰেৰণ কৰে। পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়াক কেৱল সামগ্ৰিকভাৱেহে বিবেচনা কৰিব পাৰি। কাৰণ পৰিস্থিতিতন্ত্ৰৰ প্ৰতিটো অংশৰ ইটোৰ সিটোৰ সৈতে ক্ৰিয়াগত প্ৰভাৱ আছে। কোনো পৰিস্থিতিতন্ত্ৰৰ ঘাই ঘাই বৈশিষ্ট্যসমূহ খাদ্য শৃংখল, খাদ্যজাল, পৌষ্টিক স্তৰ, শক্তিৰ প্ৰবাহ, পৌষ্টিক চক্ৰ আদিৰ জৰিয়তে বৰ্ণনা কৰিব পাৰি।
৭। খাদ্য় শৃংখল আৰু খাদ্যজাল কি?
উত্তৰঃ যিকোনো পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয়।
যেনে- ঘাঁহ 一 ফৰিং 一 পক্ষী 一 শেনচৰাই
ইটোৰ সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্য় শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্যজাল বুলি কোৱা হয়।
৮। পৌষ্টিক স্তৰ কি?
উত্তৰঃ যিকোনো পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি। ইয়াকেই পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয়। একেই উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱন্ত জীৱসমূহ একেটা পৌষ্টিক স্তৰৰ বুলি গণ্য কৰা হয়।
৯। পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা? বিভিন্ন প্ৰকাৰৰ পৰিৱেশীয় পিৰামিডৰ নাম উল্লেখ কৰা।
উত্তৰঃ যিকোনো পৰিস্থিতিতন্ত্ৰত একেবাৰে নিম্ন স্তৰৰ উৎপাদকসকলৰ পৰা সৰ্বোচ্চ স্তৰলৈকে উপভোক্তাবিলাকৰ ক্ৰমিক পৌষ্টিক স্তৰৰ গাঁথনি আৰু ক্ৰিয়া-কৰ্মৰ গ্ৰাফিক ৰূপকে বাস্তব্য বিদ্যা বা পৰিৱেশীয় পিৰামিড বুলি জনা যায়। পৰিৱেশীয় পিৰামিড তিনিটা প্ৰকাৰৰ-
(১) সংখ্যাৰ পিৰামিড
(২) জৈৱিক ভৰৰ পিৰামিড
(৩) শক্তিৰ পিৰামিড
১০। খাদ্য শৃংখল আৰু খাদ্যজালৰ ঘাই ঘাই বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ
Answer by- Punya Hazarika
Post ID: DABP002156