তৃতীয় অধ্যায়
জৈৱ-বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ
প্ৰশ্নাৱলী-
১। জৈৱ-বৈচিত্ৰ্যৰ সংজ্ঞা লিখা।
উত্তৰঃ জীৱৰ সংখ্য়া, পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ এই সংজ্ঞা ব্যৱহাৰ কৰা হয়। লক্ষ লক্ষ কোটি কোটি উদ্ভিদ, জীৱ-জন্তু তথা অণুজীৱসমূহ, এইবোৰত থকা জিনসমূহক জৈৱ-বৈচিত্ৰ্যই সামৰি লয়। জৈৱ-বৈচিত্ৰ্যক সাধাৰণতে তিনিটা পৰ্যায়ত বৰ্ণনা কৰা হয়ঃ জিনগত, প্ৰজাতি আৰু পৰিস্থিতন্ত্ৰ জৈৱ-বৈচিত্ৰ্য।
২। উদাহৰণসহ ব্যাখ্যা কৰা- আণুবংশিক (বা জিনীয়) বৈচিত্ৰ্য, প্ৰজাতিৰ বৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্য।
উত্তৰঃ আণুবংশিক বৈচিত্ৰ্য- একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্ৰ্যই হৈছে জিনগত জৈৱ-বৈচিত্র্য। এই জিনবোৰ বংশানুক্রমিকভাৱে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ গৈ থাকে। এয়া হৈছে এনে এক ধৰণৰ বৈচিত্ৰ্য যিয়ে প্রজাতিসমূহৰ বিভিন্নতা সৃষ্টি কৰে। ইয়াৰ এটা উদাহৰণ, বাচমতী চাউল জহা চাউলতকৈ একেবাৰেই পৃথক। কিছু কিছু পার্থক্য সহজেই চকুৰে দেখা যায়; যেনে, আকাৰ আৰু ৰং, সোৱাদ আৰু গোন্ধ। অৰ্থাৎ, অনুভূতিৰ জৰিয়তেও অনুভৱ কৰিব পাৰি।
প্ৰজাতিৰ বৈচিত্ৰ্য- পৃথিৱীত থকা বিভিন্ন ধৰণৰ জীৱক শ্রেণীবদ্ধ কৰা প্ৰজাতিসমূহক একো একোটা গোট হিচাপে ধৰি লোৱা হয়। প্ৰতিটো প্ৰজাতি অন্যান্য প্রজাতিসমূহতকৈ সম্পূৰ্ণভাৱে পৃথক। ঘোঁৰা আৰু গাধ সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰজাতি। একেদৰে সিংহ আৰু বাঘ সম্পূৰ্ণ বেলেগ বেলেগ প্ৰকাৰৰ প্ৰজাতি। একোটা প্ৰজাতিৰ সদস্যবোৰৰ জিনগতভাৱে ইমানেই সাদৃশ্য আছে যে সিহঁতে বংশবৃদ্ধিৰ বাবে সন্তান প্রজননো কৰিব পাৰে। এই সাদৃশ্যই প্ৰজাতিবোৰক ঐক্যবদ্ধ কৰিছে। প্ৰজাতি বৈচিত্ৰ্যক সাধাৰণতে পৰিমাপ কৰা হয় একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতিসমূহৰ মুঠ সংখ্যাৰ ভিত্তিত।
পৰিস্থিতিতন্ত্ৰ জৈৱ বৈচিত্ৰ্যঃ পৰিস্থিতিতন্ত্ৰ হৈছে বিভিন্ন প্ৰকাৰৰ জীৱৰ (উদ্ভিদ, জীৱ-জন্তু, অণুজীৱ) পৰস্পৰে পৰস্পৰৰ সৈতে আৰু অজৈৱ উপাদানৰ (মাটি, বায়ু, পানী, খনিজ দ্রব্য আদি) সৈতে চলি থকা আন্তঃক্রিয়া। সেয়ে পৰিস্থিতিতন্ত্ৰ হৈছে জীৱসমূহৰ বসতিস্থানৰ বৈচিত্ৰ্য, যিয়ে এই ব্যৱস্থাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে। পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্যৰ ধাৰণা যিকোনো জৈৱ ভৌগালিক অথবা ৰাজনৈতিক সীমাৰ ভিতৰত থকা পৰস্থিতিতন্ত্ৰ বিচিত্ৰতাৰ ক্ষেত্ৰতো ব্য়ৱহাৰ কৰা হয়।
৩। জৈৱ-বৈচিত্ৰ্যৰ মূল্যসমূহ কি কি।
উত্তৰঃ এই পৃথিৱীত অসংখ্য প্ৰকাৰৰ উদ্ভিদ আৰু জীৱ-জন্তু আছে। এই বৈচিত্ৰ্যই সমগ্ৰ বিশ্বৰ কোটি কোট মানুহৰ খাদ্য, ৰোগ নিৰাময় বস্তু বা ভেষজ, বস্ত্ৰ, আশ্ৰয়, আধ্যাত্মিক আৰু বিনোদনমূলক প্ৰয়োজনবোৰ পূৰণ কৰে। এই বৈচিত্ৰ্যই পৰিস্থিতিতন্ত্ৰত ক্ৰিয়া-প্ৰক্ৰিয়া, যেনে, পৰিষ্কাৰ-পৰিচ্ছন্ন পানী যোগান, পুষ্টি চক্ৰ আৰু মাটি সংৰক্ষণ আদি অব্যাহত ৰখাটো সুনিশ্চিত কৰে। মুঠতে জৈৱ-বৈচিত্ৰ্যৰ ক্ষতিৰ অৰ্থ হৈছে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি।
৪। উপভোক্তামূলক মূল্য কি?
উত্তৰঃ
৫। উৎপাদনমূলক মূল্য কি?
উত্তৰঃ জৈৱ-বৈচিত্ৰ্যৰ বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাৱে প্ৰস্তুত বা উৎপাদন কৰা সামগ্ৰীবোৰেই উৎপাদনমূলক সামগ্রী। বৰ্তমান কালতো পৰম্পৰাগত সম্প্ৰদায়সমূহৰ বৃহৎ সংখ্যকেই সম্পূর্ণভাৱে অথবা আংশিকভাৱে তেওঁলোকৰ দৈনিক প্রয়োজন হোৱা সা-সামগ্রী, খাদ্য, আশ্রয়স্থল, বস্তু বিশেষ, ঘৰুৱা প্রয়োজনৰ সা-সামগ্ৰী, ঔষধ, সাৰ আৰু বিনোদনৰ বাবে, প্রয়োজনীয় সামগ্রী জৈৱ-বৈচিত্ৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে। হাতীৰ দাঁত, পাটপলুৰ পৰা তৈয়াৰ কৰা পাটৰ কাপোৰ, ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা ঊণৰ কাপোৰ, লা পোকৰপৰা উৎপন্ন লা আদি প্রাণী বৈচিত্ৰ্যৰ পৰাই আহৰণ কৰা হয়। বহু উদ্যোগ ঘাইকৈ উদ্ভিদ সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল৷ যেনে— কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ, চেনি উদ্যোগ, প্লাইউড উদ্যোগ, ৰে'লৱেৰ শিপাৰ উদ্যোগ আদি।
৬। জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি প্ৰধান ভাবুকিসমূহ কি?
উত্তৰঃ প্ৰজাতিৰ অৱলুপ্তি বা নিঃচিহ্নকৰণ হৈছে বিৱৰ্তনৰ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। কিন্তু শেহতীয়াকৈ অসংখ্য প্রজাতি নাইকিয়া হৈ যোৱা বিষয়টোক বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰা হৈছে।
সাধাৰণভাৱে পৰিৱেশ আৰু বিশেষকৈ জৈৱ-বৈচিত্র্য সম্পৰ্কে মানৱ সমাজৰ পৰিৱৰ্তিত দৃষ্টিভংগীয়ে এনে এটা পৰ্যায় পাইছেগৈ যে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ এটা বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। বিভিন্ন দিশৰ পৰা জৈৱ-বৈচিত্র্যলৈ অহা ভাবুকিসমূহ হৈছে—
(ক) বাসস্থান ধ্বংস
(খ) পশুধনৰ অতিপাত বিচৰণ
(গ) চোৰাং চিকাৰ
(ঘ) প্রাকৃতিক দুর্যোগ
(ঙ) জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি
(চ) জীৱ সম্পদৰ চোৰাং সৰবৰাহ
৭। জৈৱ-বৈচিত্ৰ্যৰ বহিঃ আৰু অন্তঃসংৰক্ষণ কি? প্ৰত্যেকটোৰে উদাহৰণ দিয়া।
উত্তৰঃ জৈৱ-বৈচিত্ৰ্যৰ বহিঃসংৰক্ষণঃ বহিঃ সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্রাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। এয়া কোনো প্ৰাণী উদ্যান আৰু উদ্ভিদ উদ্যান বা বন প্রতিষ্ঠান আৰু কৃষি গৱেষণা কেন্দ্ৰ হ'ব পাৰে। শস্য, জীৱ-জন্তু, চৰাই আৰু মৎস্য প্ৰজাতিৰ জিনীয় (বা আণুবংশিক) পদাৰ্থ সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে বহু প্ৰচেষ্টা হাতত লোৱা হৈছে। নেশ্বনেল বুৰো অৱ প্লেণ্ট জেনেটিক ৰিছাৰ্চ (নতুন দিল্লী), নেশ্বনেল বুৰো অৱ এনিমেল জেনেটিক ৰিছাৰ্চ (কাৰ্ণাল) আদি বিভিন্ন সংস্থাৰ জৰিয়তে এই কাম কৰা হৈছে।
জৈৱ-বৈচিত্ৰ্যৰ অন্তঃসংৰক্ষণঃ অন্তঃ সংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অর্থাৎ নিজা আবাসস্থলতে কৰা সংৰক্ষণ। যেনে— বায় স্ফিয়েৰ ৰিজার্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। সমগ্ৰ দেশত কিছুমান সংৰক্ষিত এতিয়া ভাৰতত ৫৩৩ খনতকৈ অধিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে। এই সংৰক্ষিত এলেকা হৈছে দেশৰ মুঠ ভূ-খণ্ডৰ ৪.৩ শতাংশ। এনে ব্যৱস্থাই জীৱৰ বাসস্থান আৰু সেই ঠাইসমূহৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণত সহায় কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ জৰিয়তে এছীয় গঁড় (Asiatic Rhino)-ক সংৰক্ষণ কৰা হৈছে। মানাহ বায় স্ফিয়াৰ ৰিজাৰ্ভ (মানাহ ৰাষ্ট্ৰীয় উদ্যান) সোণালী বান্দৰ আৰু নল গাহৰিৰ বিচৰণভূমি।
৮। জীৱ সম্পদৰ চোৰাং বেহা (বা বায়'পাইৰেচি) কি?
উত্তৰঃ বায়’পাইৰেচি হৈছে এখন দেশৰ পৰা জীৱ সম্পদক হস্তান্তৰ কৰি আন এখন ঠাইলৈ নিয়া আৰু তাৰ পৰা উৎপাদিত দ্ৰব্যৰ পেটেণ্ট বা অধিকাৰ আদায় কৰা। কিছুমান কোম্পানীৰ এজেণ্ট বা মধ্যভোগীয়ে এই পৰম্পৰাগত জ্ঞান বা মূল্যৱান জীৱ পদাৰ্থ সংগ্ৰহ কৰে আৰু সেইবোৰক নিজৰ পেটেণ্ট লাভ কৰিব পৰাকৈ উপযোগী কৰি লয় ৷ এইদৰে তেওঁলোকে এই দ্রব্যসমূহৰ ব্যৱসায়-বাণিজ্য কৰিবৰ বাবে অনৈতিক প্ৰক্ৰিয়াৰে অধিকাৰ আদায় কৰি লয়। নিৰ্দিষ্ট মূল্যৱান জীৱসম্পদৰ চোৰাং বেহা বা বায়’পাইৰেচি জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে।
৯। আমাৰ দেশৰ দুটা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ আমাৰ দেশৰ দুটা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ ব্যৱস্থা হ'ল-
(১) অন্তঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াত এছীয় গড় সংৰক্ষণ কৰা হয়।
(২) বহিঃসংৰক্ষণ ব্যৱস্থাৰ ভিতৰত নেশ্বনেল বুৰো অৱ প্লেন্ট জেনেটিক ৰিছাৰ্চ, নেশ্বনেল বুৰো অৱ এনিমেল জেনেটিক ৰিছাৰ্চ।
১০। ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ধৰিত্ৰী সন্মিলন ১৯৮২ চনত অনুষ্ঠিত হৈছিল।
Answer by- Punya Hazarika
Post ID: DABP002157