চতুৰ্থ অধ্যায়
প্ৰাকৃতিক সম্পদ
প্ৰশ্নাৱলীঃ
১। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?
উত্তৰঃ মানৱ সভ্যতাৰ কল্যাণ আৰু বিকাশ এই সম্পদসমূহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যিহেতু এই সম্পদসমূহ প্ৰকৃতিৰ পৰা পোৱা যায়, সেয়ে সেইবোৰক প্ৰকৃতিক সম্পদ বোলা হয়। ভূমি, পানী, বতাহ, খনিজ সম্পদ, কয়লা, অৰণ্য, জীৱ-জন্তু আদি হৈছে প্ৰকৃতিক সম্পদ।
২। প্ৰাকৃতিক সম্পদ কি কি ধৰণৰ হ'ব পাৰে?
উত্তৰঃ প্ৰাকৃতিক সম্পদ দুই ধৰণৰ হ'ব পাৰে-
(ক) নৱীকৰণযোগ্য সম্পদ (Renewable resources)
(খ) নৱীকৰণ অযোগ্য সম্পদ (Non-renewable resources)
৩। নৱীকৰণ যোগ্য আৰু নৱীকৰণ অযোগ্য় প্ৰাকৃতিক সম্পদসমূহ কি? উদাহৰণ দিয়া।
উত্তৰঃ নৱীকৰণযোগ্য সম্পদঃ নৱীকৰণযোগ্য সম্পদসমূহ অফুৰন্ত আৰু এইসমূহক এটা নির্দিষ্ট সময়ৰ ভিতৰত পুনৰ সৃষ্টি কৰিব পৰা যায়। যেনে— সৌৰশক্তি, অৰণ্য, বনজ সম্পদ আদি। অৱশ্যে বহু নৱীকৰণযোগ্য সম্পদৰ দ্ৰুতভাৱে পুনৰ সৃষ্টিৰ ক্ষমতা নাথাকে। ব্যাপকভাৱে ব্যৱহাৰ কৰা বাবে এই সম্পদসমূহ কমি যায়। যেনে— বনাঞ্চল, ভূ-গৰ্ভৰ পানী আদি।
নৱীকৰণ অযোগ্য সম্পদঃ এই সম্পদসমূহ সীমিত পৰিমাণতহে প্ৰকৃতিত পোৱা যায়। যদিহে এবাৰ মানুহে এই সম্পদসমূহ শেষ কৰি পেলায় তেন্তে সেইসমূহক পুনৰ সৃষ্টি কৰিব পৰা নাযায়। যেনে— কয়লা, পেট্রলিয়াম, খনিজ সম্পদ আদিৰ দৰে জীৱাশ্ম ইন্ধন।
৪। সেউজীয়া গছৰ পৰিৱেশীয় সেৱা উল্লেখ কৰা।
উত্তৰঃ বিশ্বৰ মুঠ ভূ-ভাগৰ প্ৰায় এক-তৃতীয়াংশ বনভূমিৰে আবৃত। এই সেউজ বমাঞ্চালে আমাক কেৱল সকলো ধৰণৰ প্ৰয়োজনীয় সা-সামগ্ৰীৰে যোগান নধৰে, আমালৈ বহু পৰিৱেশীয় সেৱাও আগৱঢ়ায়। গছ-গছনিৰ পৰা আমি কাঠ, খৰি, খাদ্যবস্তু, ইন্ধন, জীৱ-জন্তুৰ খাদ্য, ঔষধ-পাতি আদি বহু বাণিজ্যিক বয়-বস্তু পাওঁ। কিন্তু বনাঞ্চলসমূহে যিবোৰ গুৰুত্বপূৰ্ণ অবাণিজ্যিক বা পৰিৱেশীয় সেৱা আগৱঢ়াই আছে সেই কথাসমূহো আমি স্বীকাৰ কৰা উচিত। যেনেকৈ-
- পৃথিৱীত থকা জীৱসমূহৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছ সালোক সংশ্লেষণৰ জৰিয়তে সেউজীয়া উদ্ভিদে উৎপাদন কৰে।
- সালোক সংশ্লেষণৰ সময়ত সেউজীয়া গছ-গছনিয়ে বায়ুমণ্ডলৰ পৰা কাৰ্বণ-ডাই-অক্সাইড শোষণ কৰি লয় আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যা হ্ৰাস কৰে।
- কীট-পতংগৰ পৰা আৰম্ভ কৰি প্ৰকাণ্ড বন্যপ্ৰাণীলৈকে হেজাৰ হেজাৰ ধৰণৰ জীৱক বনঞ্চলে আশ্ৰয় দিয়ে।
- বনাঞ্চলে ভূমিৰ ক্ষয় হ্ৰাস কৰে।
- বনাঞ্চলে স্থানীয় জলবায়ুৰ অৱস্থা আৰু জলচক্ৰ নিয়ন্ত্ৰণ কৰে।
- কিছুমান উদ্ভিদে বহু বিষাক্ত গেছক শোষণ কৰি লয় আৰু প্ৰদূষণৰ সূচক হিচাপে কাম কৰে।
৫। অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম লিখা।
উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম হ'ল-
(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,
(খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান,
(গ) ওৰাং ৰাষ্ট্ৰীয় উদ্যান,
(ঘ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু
(ঙ) ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।
৬। অসমৰ ৫ খন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম লিখা।
উত্তৰঃ অসমৰ ৫খন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম হ'ল-
(ক) পবিতৰা অভয়াৰণ্য।
(খ) গৰমপানী অভয়াৰণ্য।
(গ) লাওখোৱা অভয়াৰণ্য।
(ঘ) বৰাইল অভয়াৰণ্য।
(ঙ) পানী দিহিং অভয়াৰণ্য।
৭। মণিপুৰৰ বৃহৎ আৰ্দ্ৰভূমিখনৰ নাম লিখা।
উত্তৰঃ মণিপুৰৰ বৃহৎ আৰ্দ্ৰভূমিখনৰ নাম হ'ল লকটাক হ্ৰদ।
৮। ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম লিখা।
উত্তৰঃ ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম হ'ল-
১। পাহাৰীয়া বা এঢলীয়া ঠাইত বৃক্ষৰোপন কৰি মাটিৰ অৱক্ষয় হ্ৰাস কৰিব পাৰি।
২। কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ নিষিদ্ধ কৰা উচিত আৰু জৈৱিক সাৰৰ প্ৰয়োগক উৎসাহিত কৰা উচিত।
৯। উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদসমূহৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ উত্তৰ-পূব অঞ্চলটো হৈছে বিভিন্ন খনিজ সম্পদৰ ভাণ্ডাৰ। মেঘালয় ইউৰেনিয়াম, কয়লা আৰু চূণশিলৰ বাবে বিখ্যাত। খনিজ সম্পদৰ বাবে অসম বহুলভাৱে পৰিচিত। ৰাজ্যখনত প্ৰধানকৈ পেট্ৰ'লিয়াম (খাৰুৱা তেল), প্রাকৃতিক গেছ, কয়লা আৰু চূণশিল আহৰণ কৰা হয়। তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (O.N.G.C) হৈছে ৰাজ্যখনৰ আটাইতকৈ লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ছেলিমেনাইট, বেছমেটেল, বেৰিল, নির্মাণ সামগ্ৰী, এছবেষ্টছ, ফায়াৰ ক্লে, কেৱলিন, ফুলাৰ্ছ আৰ্থ, মাইকা, কোৱাৰ্টজ, ডল’মাইট আদি বিভিন্ন খনিজ দ্রব্য অসমত পোৱা যায়। কিন্তু এইসমূহৰ বেছিভাগ খনিজদ্রব্যৰ আহৰণ অর্থনৈতিকভাৱে লাভজনক হৈ উঠা নাই। অসমৰ সোৱণশিৰি নদীত ঊনৈশ শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল।
১০। জল সংৰক্ষণৰ কেইটামান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ পানী হৈছে আটাইতকৈ মূল্যৱান আৰি অপৰিহাৰ্য প্ৰাকৃতিক সম্পদসমূহৰ মাজৰে এটা- যাৰ সংৰক্ষণৰ বাবে উপযুক্ত কৌশল অৱলম্বন কৰা উচিত। এইক্ষেত্ৰত এই ব্যৱস্থাসমূহ ল'ব পৰা যায়-
১। বৰষুণৰ পানী কৰ্ষণ
২। পানী বাগৰি যোৱা হ্ৰাসকৰণ
৩। শুকাই যোৱাত বাধা দিয়া
৪। পানীৰ পুনৰ ব্যৱহাৰ
৫। পানীৰ অপচয়ত বাধা দিয়া
৬। জল প্ৰদূষণ নিয়ন্ত্ৰণ
৭। কঠোৰ আইন বলৱৎ
৮। সজাগতা কাৰ্যসূচী গ্ৰহণ।
Answer by- Punya Hazarika
Post ID: DABP002158