ষষ্ঠ অধ্য়ায়

সামাজিক বিষয় আৰু পৰিৱেশ

প্ৰশ্নাৱলীঃ

১। বহনক্ষম উন্নয়ন মানে কি বুজা?

উত্তৰঃ বাৰ্টলেণ্ডৰ মতে বহনক্ষম উন্নয়ন হৈছে এনে "উন্নয়ন যি ভৱিষ্য়প্ৰজন্মক তেওঁলোকৰ নিজা প্ৰয়োজনখিনি আহৰণ কৰিব পৰা সক্ষমতাৰ লগত কোনো আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনখিনি পূৰণ কৰে।"

            আকৌ পৰিৱেশ আৰু উন্নয়নৰ আয়োগৰ মতে বহনক্ষম উন্নয়ন হৈছে পৰিৱৰ্তনৰ এনে এটা প্ৰক্ৰিয়া যি সম্পদৰ আহৰণ, বিনিয়োগৰ পৰিমাণ, প্ৰযুক্তিগত অগ্ৰগতিৰ দিক নিৰ্ণয় আৰু প্ৰতিষ্ঠানিক পৰিৱৰ্তনক  বৰ্তমানৰ প্ৰয়োজন আৰু সুৰক্ষিত ভৱিষ্যতৰ মাজত এটা সমতা ৰক্ষা কৰে।

২। নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য শক্তিৰ উৎসসমূহ কি কি? উদাহৰণ দিয়া।

উত্তৰঃ নৱীকৰণযোগ্য যক্তিৰ উৎসসমূহ হ'ল- সৌৰশক্তি, বায়ুশক্তি, জলবিদ্য়ুৎ শক্তি, ভূ-তাপবিদ্যুৎ শক্তি, সাগৰীয় তাপ শক্তি, জোৱাৰ শক্তি, গেছ জৈৱ পচন শক্তি, জৈৱ ইন্ধন, হাইড্ৰ'জেন আদি। এইসমূহ শক্তিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এইসমূহ অপ্ৰচলিত আৰু শক্তিৰ বিকল্প উৎস।

       নৱীকৰণ অযোগ্য উৎসসমূহ হ'ল- জীৱাশ্ম ইন্ধন, পাৰমাণৱিক ইন্ধন যেনে ইউৰেনিয়াম, থ'ৰিয়াম আদি। যদিহে এবাৰ এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায় তেন্তে সহজে সেইসমূহক পূৰণ কৰিব নোৱাৰি। মানৱ সমাজৰ শক্তিৰ চাহিদা পূৰণ কৰিবৰ বাবে এইসমূহ প্ৰচলিত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ হৈ আহিছে।

৩। শক্তিৰ সংৰক্ষণ কি? শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ শক্তি সংৰক্ষণৰ অৰ্থ হৈছে শক্তিৰ খৰচ হ্ৰাস কৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰা। সাম্প্ৰতিক কালত শক্তি ব্যয়ৰ হাৰক সভ্যতাৰ বেৰোমিটাৰ বুলি বিবেচনা কৰা হয়। এখন ৰাষ্টৰ শক্তিৰ সম্ভাৱনা যিমান সেয়া দেশখনৰ অৰ্থনৈতিক বৃদ্ধি আৰু উন্নতিৰ লগত প্ৰত্য়ক্ষভাৱে জড়িত।

            শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা হ'ল-

        (ক) পেট্ৰ'লিয়াম, কয়লা, প্রাকৃতিক গেছ, ইউৰেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নৱীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিৱৰ্তে সৌৰ শক্তি, বায়ু শক্তি, জৈৱ গেছ আদি পুনৰ নৱীকৰণযোগ্য শক্তি সম্পদৰ ব্যৱহাৰ।

            (খ) যথেষ্টভাৱে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কাৰ্যদক্ষ প্ৰযুক্তিৰ উদ্ভাৱন।

        (গ) বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্ধ কৰা উচিত। নিচেই পুৱাতে ষ্ট্রিট লাইট নুমুৱাই দিব লাগে।

            (ঘ) ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম-কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে।

        (ঙ) উদ্যোগসমূহে নিজৰ কেঁচা মালৰ সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱন কৰা উচিত।

৪। বৰষুণৰ পানী সংৰক্ষণ কি? বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্য কি?

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ বা কৰ্ষণ হৈছে পকী বা টিন আদিৰে নিৰ্মিত ঘৰৰ চাল আৰু পকী চোতালৰ পৰা বৰষুণৰ পানী সংৰক্ষণ কৰা আৰু জমা কৰা ব্যৱস্থাই ভূগৰ্ভৰ পানীও বৃদ্ধি কৰে। কুঁৱা, গাঁত, লেগুন, চেক বান্ধ আদি বৰষুণৰ পানী ধৰিবলৈ ব্যৱহাৰ কৰা বিশেষ আধাৰসমূহৰ নিৰ্মাণৰ জৰিয়তে ভূগৰ্ভৰ পানীৰ পৰিমাণ বৃদ্ধি পায় ৷ আজিকালি খৰাং দিনত পানীৰ অভাৱ দূৰ কৰিবলৈ নগৰাঞ্চলৰ লগতে গ্রামাঞ্চলত ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা পানীৰ অভাৱ পূৰণ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা ব্যৱস্থা বৃদ্ধি পাইছে।

    বৰষুণৰ পানী কৰ্ষণৰ উদ্দেশ্যসমূহ হৈছে— 

  • বাগৰি গৈ নষ্ট হোৱা কাৰ্য হ্ৰাস কৰা

  • পানীৰ বৰ্ধিত চাহিদা পূৰণ কৰা

  • ভূগৰ্ভৰ পানীৰ ওপৰত পৰা হেঁচা হ্ৰাস কৰা

  • পানীক পুনৰ একেলগ কৰি ৰখা প্ৰক্ৰিয়াৰে ভূগৰ্ভৰ পানীৰ মান বৃদ্ধি কৰা।

৫। বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি?

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ হ'ল-

  • এই ব্যৱস্থাৰে যি ঠাইতে আৱশ্যক সেই ঠাইতে পানীৰ এটা উৎস গঢ়ি ল'ব পাৰি।

  • এই ব্যৱস্থাটো কম খৰচী আৰু প্ৰত্যেক পৰিয়ালে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰিবৰ বাবে প্ৰয়োজনীয় সহজ ব্যৱস্থাটো সহজে কৰি ল'ব পাৰে।

  • ফ্ল'ৰাইড, আৰ্চেনিক, লো (আইৰন) আদি ৰাসায়নিক দ্রব্যসমূহ বৰষুণৰ পানীত নাথাকে।

  • যিহেতু বিশ্বৰ বহু চহৰত এতিয়া ভূমিজলৰ সমস্যা গুৰুতৰ সেয়ে ঘৰুৱা আৰু অন্যান্য ক্ষেত্ৰত বৰষুণৰ পানীৰ ব্যৱহাৰে ভূমিজলৰ ওপৰত চাপ হ্ৰাস কৰে ৷

  • জৰুৰীকালীন সময় আৰু ৰাজহুৱা পানী যোগান ব্যৱস্থা অকামিলা বা বিফল হোৱাৰ সময়ত ই অতি প্ৰয়োজনীয় ভাণ্ডাৰ হিচাপে কাম কৰে।

  • বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থাটো সৰল হোৱা বাবে সাধাৰণ মানুহে কম খৰচত বৰষুণৰ পানী জমা কৰা, এটা ভাণ্ডাৰ টেংক নিৰ্মাণ কৰা আদি কাৰিকৰী কৌশল সহজে শিকি ল'ব পাৰে।

৬। পৰিৱেশৰ পৰা স্বাস্থ্য কিদৰে প্ৰভাৱান্বিত হ'ব পাৰে?

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু সামাজিক কল্যাণৰ এটা পূৰ্ণ অৱস্থা। নিজৰ পৰিৱেশৰ পৰাই মানুহৰ স্বাস্থ্য প্ৰভাৱিত হয়। খোৱা পানীৰ যোগান স্বাস্থ্যৰ বাবে অপৰিহাৰ্য, মানুহৰ এটা মৌলিক অধিকাৰ আৰু স্বাস্থ্য ৰক্ষাৰ ফলদায়ক স্বাস্থ্য আঁচনিৰ এটা উপাদান। টাইফইদ, কলেৰা, হেপাটাইটিছ, পলিঅ’, গেষ্ট্রো-এণ্টাৰাইটিছ, এমিবিয়াছিছ, জিয়াৰডিয়াছিছ আদিকে ধৰি ভাৰতৰ ৮০ শতাংশতকৈ বেছি ৰোগ হৈছে পানীৰ পৰা হোৱা ৰোগ ৷ পানীৰ পৰা আটাইতকৈ বেছিকৈ দেখা দিয়া আৰু বেছি মানুহক আক্ৰমণ কৰা বেমাৰ হৈছে অণুজীৱৰ সংক্ৰমণ। বহু বিষাক্ত ৰাসায়নিক দ্রব্য, কীটনাশক দ্রব্য, গধুৰ মৌল বিভিন্ন ধৰণে পানী আৰু মাটিত মিহলি হয়। এই দ্রব্যসমূহ খাদ্য শৃংখলৰ মাজেৰে মূৰকত মানুহৰ শৰীৰলৈ আহে আৰু শৰীৰত বিৰূপ প্ৰভাৱ পেলায়।

            আকৌ বিভিন্ন উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাই বায়ুমণ্ডলত বিভিন্ন গেছ এৰি দিয়ে। ইয়াৰে কিছুমান গেছে (যেনে- ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন'ক্সাইড, নাইট্ৰাছ অক্সাইড, হাইড্ৰ'কাৰ্বন আৰু বতাহত ওপঙি ফুৰা ধূলিকণা) বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰে। গোটা আবৰ্জনাই বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে। ইযাৰ পৰা স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। শোচনীয় লেতেৰা অৱস্থাৰ মাজত থকা ঘৰ-বাৰীয়েও স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰে। অৰ্থাৎ পৰিৱেশৰ পৰা স্বাস্থ্যৰ বিভিন্ন ধৰণে প্ৰভাৱান্বিত হ'ব পাৰে।

৭। "জনবিস্ফোৰণ পৰিৱেশ অৱক্ষয়ৰ মূল কাৰণ"- এই কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ

৮। প্ৰধান সেউজ গৃহ গেছসমূহ কি কি? সেউজ গৃহ প্ৰভাৱ কি?

উত্তৰঃ প্ৰধান সেউজগৃহ গেছসমূহ হ'ল- কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ'ফ্লৰ'কাৰ্বন, জলীয় বাষ্প আৰু অজ'ন।

            

৯।গোলকীয় উষ্ণায়ন বুলিলে কি বুজা? গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতিৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ সেউজগৃহ গেছসমূহে এখন আৱৰণীৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি বোলা হয়।

        গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতি হৈছে-

    (ক) ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্ৰায় ১৫° ছেণ্টিগেড হৈ আছে। এই উষ্ণতা বিভিন্ন ধৰণৰ জীৱৰ বাবে অনুকূল।

  (খ) জলবায়ু পৰিবৰ্তন হ'ব। তাৰ ফলত বিভিন্ন ঠাইত বিষ্টিপাত আৰু তুষাৰপাত হ'ব। তাৰোপৰি বানপানী হৈ কৃষিবিত্তিৰ অৰ্থনীতিৰ দূৰ্বল হ'ব।

    (গ) মেৰু অঞ্চলত প্ৰভাৱ বেছিকৈ পৰি তাৰ বৰফবোৰ গলিব (অহা ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত)। তাৰ ফলত নিম্নভূমি দেশবোৰ জলমগ্ন হৈ পৰিব। 

    (ঘ) মানৱ স্বাস্থ্যৰ অৱনতি ঘটিব। উষ্ণ পৰিৱেশত বীজাণু বিলাকে খৰটকীয়াকৈ বংশবৃদ্ধি কৰিব আৰু নতুন ৰোগৰ সৃষ্টি হ'ব। আদি।

১০। এচিড বৰষুণ কি?

উত্তৰঃ ঔদ্যোগিক কাম-কাজ আৰু জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰ'জেনৰ অক্সাইডসমূহ হৈছে বায়ুমণ্ডলৰ গেছসমূহৰ পৰা সৃষ্টি হোৱা এচিডৰ প্ৰধান উৎস। বতাহে যেতিয়া ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ'জেনৰ অক্সাইডসমূহক বিভিন্ন দিশত বৈ নিয়ে, তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ সংস্পৰ্শলৈ আহি ছালফিউৰিক এচিজ, নাইট্ৰিক এচিড, ছালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণা সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থসমূহ সেমেকা আৰু শুকান পদাৰ্থৰ ৰূপত ভূ-পৃষ্ঠলৈ নামি আহে। এই গোটেই প্ৰক্ৰিয়াটোত সৃষ্টি হোৱা মিশ্ৰণটোকে আম্লিক বা এচিড বৰষুণ বোলা হয়।





Answer by- Punya Hazarika


Post ID: DABP002160