গোট ২
দুৰ্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা
প্ৰশ্নাৱলীঃ
১। দুটা প্ৰাকৃতিক দুৰ্যোগ আৰু দুটা মানৱসৃষ্ট দুৰ্যোগৰ নাম লিখা।
উত্তৰঃ দুটা প্ৰাকৃতিক দুৰ্যোগ হৈছে ভূমিকম্প আৰু বানপানী। দুটা মানৱসৃষ্ট দুৰ্যোগ হৈছে ঔদ্যোগিক দুৰ্ঘটনা আৰু সন্ত্ৰাসবাদী আক্ৰমণ।
২। অসম বিভিন্ন দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কাৰণ কি কি বুলি তুমি ভাবা।
উত্তৰঃ
৩। ভাৰতবৰ্ষ বিভিন্ন কৃত্ৰিম দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত তিনিটা কাৰণ লিখা।
উত্তৰঃ
৪। মানৱসৃষ্ট দুৰ্যোগসমূহ কিদৰে উপশম কৰিব পাৰি? তোমাৰ নিজস্ব চিন্তাৰে তিনিটা উপায় লিখা।
উত্তৰঃ
৫। দুৰ্যোগৰ আগত আৰু পিছত ল'ব পৰা কেইটিমান ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ দুৰ্যোগৰ আগত ল'ব পৰা কেইটিমান ব্যৱস্থা হৈছে- সাৱধানতা, জনসচেতনতা, পূৰ্বানুমান, প্ৰস্তুতি ইত্যাদি।
দুৰ্যোগৰ পিছত ল'ব পৰা কেইটিমান ব্যৱস্থা হৈছে- সাহায্য আৰু পুনঃসংস্থাপন, স্বাস্থ্যসেৱা, ৰাস্তাঘাট, যোগাযোগ আদিৰ পুনৰ্নিৰ্মাণ।
৬। বিগত দুটা দশক ধৰি দুৰ্যোগ বৃদ্ধি হোৱাৰ প্ৰধান আৰু প্ৰকৃত কাৰণ কি কি?
উত্তৰঃ
৭। বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ভূমিকম্প দুটা কোন চনত আৰু ক'ত সংঘটিত হৈছিল?
উত্তৰঃ বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ভূমিকম্প দুটা হ'ল- ২০০১ চনৰ ২৬ জানুৱাৰীত গুজৰাটত হোৱা ভয়ঙ্কৰ ভূমিকম্প আৰু
৮। অসমত বৰ্তমান সঘনাই বানপানী হোৱাৰ মূল কাৰণ কি?
উত্তৰঃ
৯। ভূমিকম্পৰ সৈতে জড়িত সম্ভাৱ্য সমস্যা পাঁচটা লিখা।
উত্তৰঃ ভূমিকম্পৰ সৈতে জড়িত সম্ভাৱ্য পাঁচটা সমস্যা হ'ল-
১। ২০০১ চনৰ ২৬ জানুৱাৰীত গুজৰাটত হোৱা ভয়ঙ্কৰ ভূমিকম্পই ভাৰত চৰকাৰৰ দুৰ্যোগ সজাগতা আৰু জৰুৰীকালীন সহাঁৰিৰ সামৰ্থ্যসমূহৰ দুৰ্বলতা উদঙাই দিয়ে।
১০। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ কাৰ্য আৰু উদ্দেশ্য কি?
উত্তৰঃ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ কাৰ্য হৈছে- ২০১০ চনত অসমত দুৰ্যোগ ব্যৱস্থাপনা নিয়মাৱলী প্ৰণয়ন কৰা হয়। সেই মৰ্মে কেন্দ্ৰীয়ভাৱে ৰাজ্যখনত দুৰ্যোগ মোকাবিলা কৰা, এই দিশত জনসাধাৰণক সচেতন কৰি তোলা আৰু দুৰ্যোগৰ পৰৱৰ্তী পৰ্যায়ত তৎপৰতাৰে কৰ্মসূচী যুগুতাই উলিয়াবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা অভীকৰণ অৰ্থাৎ Assam State Disaster Management Agency (ASDMA) স্থাপন কৰা হয়।
ইয়াৰ মুখ্য উদ্দেশ্য হ'ল- (১) পৰিকল্পনা (Planning)
(২) প্ৰস্তুতি (Preparation)
(৩) কাৰ্যকৰণ (Operation)
(৪) সমন্বয় (Co-ordination)
(৫) ৰাইজৰ সহযোগ (Community Participation)।
১১। ২০০৮ চনত হোৱা 'গুৱাহাটী ছিৰিয়েল ব্লাষ্টটো' কোন শ্ৰেণীৰ দুৰ্যোগ?
উত্তৰঃ
১২। ভাৰতবৰ্ষৰ খনি দুৰ্ঘটনাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষত বহুতো খনি আছে। এই খনিসমূহতো বিভিন্ন সময়ত অকস্মাতে কিছুমান অনাকাংক্ষিত দুৰ্যোগ সংঘটিত হৈছে। মাৰ্চ মাহৰ ১৯৭৩ চনত নুনীদিহ খনিত এটা বিস্ফোৰণ হোৱাৰ ফলত ৪৮ জনকৈ লোক মৃত্যুৰমুখত পৰিছিল। ১৯৮২ চনত জুলাই মাহত ঢৌপা খনিত মূধচ খহি পৰাত ১৬ জন লোকৰ মৃত্যু ঘটিছিল। আকৌ ডিচেম্বৰ মাহৰ ১৯৭৫ চনত চাসনালা খনিত প্লাৱিত হৈ ৩৭৫ জনকৈ লোক মৃত্যু হৈছিল। দুৰ্যোগ একোটাই আমাৰ জীৱনলৈ অভাৱনীয় দুখ-কষ্ট কঢ়িয়াই আনে যদিও তাৰ বাবে কেৱল ভাগ্যকে ধিয়াই বহি থকাৰ কোনো যুক্তি নাই। তাৰ বাবে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰিব নোৱাৰো যদিও তাৰ পৰা বাচিবলৈ নাগৰিকৰ সচেতনতা আৰু দায়িত্ববোধৰ প্ৰয়োজন। নাগৰিকৰ এই সচেতনতা আৰু দায়িত্ববোধে দুৰ্যোগ প্ৰশমনত বিশেষ সুফল দিয়ে। ভাৰতবৰ্ষৰ খনি দুৰ্ঘটনাৰ ফলত বহুতো লোক মৃত্যু হৈছে। খনিত হোৱা দুৰ্ঘটনাৰ কাৰণবোৰ যেনে- বিস্ফোৰণ, মূধচ খহি, প্লাৱিত হৈ, অগ্নিকাণ্ড আদি।
১৩। দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ কেইটা আৰু কি কি? এই স্তৰবোৰত কি কি ব্যৱস্থা ল'ব পৰা যায়?
উত্তৰঃ দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা আৰু সেইকেইটা হৈছে-
(১) দুৰ্যোগৰ পূৰ্বে
(২) দুৰ্যোগৰ সময়ত
(৩) দুৰ্যোগৰ পিছত
এই স্তৰবোৰত ল'ব পৰা ব্যৱস্থাবোৰ হ'ল-
(১) দুৰ্যোগৰ পূৰ্বে- সাৱধানতা, জনসচেতনতা, পূৰ্বানুমান, প্ৰস্তুতি ইত্যাদি।
(২) দুৰ্যোগৰ সময়ত- দুৰ্যোগৰ প্ৰকাৰভেদে বিশেষ ব্যৱস্থা, উদ্ধাৰ কাৰ্য ইত্য়াদি।
(৩) দুৰ্যোগৰ পিছত- সাহায্য আৰু পূনঃসংস্থাপন, স্বাস্থ্যসেৱা, ৰাস্তাঘাট, যোগাযোগ আদিৰ পুনৰ্নিৰ্মাণ।
১৪। দুৰ্যোগ ব্যৱস্থাপনাত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰূপে তোমাৰ কৰণীয় পাঁচটা পদক্ষেপৰ বিষয়ে লিখা।
উত্তৰঃ
১৫। দুৰ্যোগৰ সময়ত কি কি কৰিব নালাগে?
উত্তৰঃ দুৰ্যোগৰ সময়ত কৰিব নলগা পদক্ষেপ কেইটা হ'ল-
- সন্ত্ৰস্ত বা বিতত হ'ব নালাগে।
- সমুচিত তথ্য-পাতিৰে আৰু সা-সৰঞ্জামেৰে সুসজ্জিত নোহোৱালৈকে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব নালাগে।
- ধ্বংসাৱশেষৰ পৰা কাঠ-বাঁহ আদি যেনি-তেনি টানি আনিব নালাগে, আকৌ ভাঙি পৰিব পাৰে।
- দুর্ঘটনাগ্রস্ত লোকক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবলৈ অসাৱধানেৰে ঘূৰি ফুৰিব নালাগে।
- ধ্বংসাৱশেষ বা আৱৰ্জনাৰ ওপৰেৰে জৰুৰী নহ'লে বগাই যাব নালাগে।
- বিদ্যুৎ প্রবাহ চলি থকা বিদ্যুতৰ তাঁৰ স্পৰ্শ কৰিব নালাগে ৷
- উদ্ধাৰকাৰীসকলে সুৰক্ষা বিধি (Safety Measures) বোৰ উলংঘা কৰিব নালাগে।
১৬। ৰাষ্টীয় দুৰ্যোগ প্ৰশমন সঁহাৰি গোট (NDRF)ৰ বিষয়ে কি বুজা?
উত্তৰঃ দুৰ্যোগৰ সময়ত যুঁজিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন সঁহাৰি গোট অৰ্থাৎ National Disaster Response Force (NDRF) নামৰ এটি উৎসৰ্গীকৃত অভীকৰণ স্থাপন কৰা হয়। ইয়াৰ সদস্যসকল অৰ্ধসামৰিক বাহিনীৰ পৰাই লোৱা হয়। NDRFৰ মুঠ আঠটা বেটেলিয়ান স্থাপন কৰি ‘ষ্ট্ৰেটিজিক’ স্থানসমূহত নিয়োজিত কৰা হয়। NDRFৰ সদস্যসকলক উপযুক্ত পদ্ধতিৰে প্ৰশিক্ষণ দি ৰাসায়নিক, জৈৱিক, তেজষ্ক্ৰিয় আৰু আণৱিক জৰুৰীকালীন অৱস্থাৰ বাবে সাজু কৰি তোলা হয়। স্থানীয় প্ৰশাসনক সহায় কৰিবলৈ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নিয়োজিত কৰা হয়৷ ভাৰতবৰ্ষত 'The National Institute for Disaster Management' (NIDM) নামৰ এটি শীর্ষস্থানীয় প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা হয়।
ষ্ট্ৰীয় দুৰ্যোগ প্রশমন সঁহাৰি গোটসমূহক নিম্নোক্ত ধৰণে তালিকাকৰণ কৰিব পাৰি৷
১৭। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা অভীকৰণ বুলিলে কি বুজা?
উত্তৰঃ ২০১০ চনত অসমত দুৰ্যোগ ব্যৱস্থাপনা নিয়মাৱলী প্ৰণয়ন কৰা হয়। সেই মৰ্মে কেন্দ্ৰীয়ভাৱে ৰাজ্যখনত দুৰ্যোগ মোকাবিলা কৰা, এই দিশত জনসাধাৰণক সচেতন কৰি তোলা আৰু দুৰ্যোগৰ পৰৱৰ্তী পৰ্যায়ত তৎপৰতাৰে কৰ্মসূচী যুগুতাই উলিয়াবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা অভীকৰণ অৰ্থাৎ Assam State Disaster Management Agency স্থাপন কৰা হয়। বৰ্তমান ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজ্যিক সচিবালয়ত অৱস্থিত। আদি।
১৮। অসমৰ ৰাজধানী চহৰ গুৱাহাটী এতিয়া ভূমিস্খলনত বাৰিকৈয়ে জৰ্জৰিত। ইয়াৰ কাৰণ কি কি বুলি ভাবা? এই ভূমিস্খলন ৰুধিবলৈ তোমাৰ যুক্তিৰে কেইটামান ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ অসমৰ ৰাজধানী চহৰ গুৱাহাটী এতিয়া ভূমিস্খলনত বাৰুকৈয়ে জৰ্জৰিত। ইয়াৰ কাৰণ যেনে- পাহাৰৰ ওপৰত ঘৰ-দুৱাৰ বনোৱাৰ ফলত, নদীৰ কাষত ৰাস্তাঘাট নিৰ্মাণ কৰাৰ ফলত। অৰ্থাৎ মানুহৰ বিভিন্ন কাৰ্যৰ ফলতেই এনেকুৱা ধৰণৰ দুৰ্যোগবোৰ ঘটে।
Answer by- Punya Hazarika.
Post ID: DABP002161