গোট ৩

পথ সুৰক্ষা

প্ৰশ্নাৱলীঃ

১। পথ সুৰক্ষাই কি বুজায়?

উত্তৰঃ পথ সুৰক্ষা বুলিলে বাট-পথত গাড়ী চলাওতে, গাড়ীত যাত্ৰী হিচাপে উঠি যাওঁতে, চাইকেল চলাওতে, খোজ কাঢ়োতে, ৰাস্তা পাৰ হওঁতে, গাড়ীত উঠা-নমা কৰোতে কোনো ধৰণৰ বিপদ-বিঘিনি নহ'বৰ বাবে লোৱা সাৱধানমূলক ব্যৱস্থাৱলীৰে কৰা সুৰক্ষিত যাতায়াতকে বুজোৱা হয়।

২। পথ সুৰক্ষাৰ ক্ষেত্ৰত ইংৰাজী বৰ্ণমালা 'E' চাৰিটাই কি বুজায়?

উত্তৰঃ পথ সুৰক্ষাৰ ক্ষেত্ৰত ইংৰাজী বৰ্ণমালা 'E' চাৰিটা হ'ল-

            (ক) Engineering (কাৰিকৰী)

            (খ) Enforcement (বলবৎকৰণ)

            (গ) Education (শিক্ষা)

            (ঘ) Emergency (জৰুৰীকালীন)

৩। হেলমেট মানে কি বুজা আৰু কিয় পিন্ধিব লাগে তাক চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃ যান-বাহন আইন ১৯৮৮ৰ ১২৯ ধাৰামতে দুচকীয়া যান-বাহনৰ চালকে আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। চলাওঁতাজনক আৰু লগত থকা আৰোহীক হেলমেটে ৪০ শতাংশ মৃত্যুৰ পৰা আৰু ৭০ শতাংশ শিৰৰ গুৰুতৰ পৰা সুৰক্ষা প্ৰদান কৰে। বিধিমতে হেলমেটসমূহ 'ব্যুৰ' অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড'ৰ দ্বাৰা নিৰূপিত মানসম্পন্ন হোৱা জৰুৰী। দুচকীয়া বাহনৰ পিছফালে উঠি যোৱা ব্যক্তিজনেও হেলমেট পিন্ধাটো বাধ্যতামূলক।

       হেলমেট পিন্ধিব লাাগে। কাৰণ হেলমেটে চলাওঁতাজনক আৰু লগত থকা আৰোহীক ৪০ শতাংশ মৃত্যুৰ পৰা আৰু ৭০ শতাংশ শিৰৰ গুৰুতৰ পৰা সুৰক্ষা প্ৰদান কৰে। পথ সুৰক্ষাৰ নিয়ম মানি নচলাৰ বাবে বহুতো লোকে নিজৰ লগতে আনৰো বিপদ কঢ়িয়াই আনে।

৪। ছীট বেল্টৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ গতিবেগেৰে গৈ থকা গাড়ী এখনৰ চালক আৰু আৰোহী কেইজনৰ শৰীৰকেইটায়ো ৭০ কিলোমিটাৰ গতিৰেই ধাৱমান হয়। হঠাতে গাড়ীখন ৰৈ যাবলগীয়া অৱস্থা এটা সৃষ্টি হ'লে গাড়ীখনৰ ভিতৰত থকা ব্যক্তিকেইজনৰ শৰীৰকেইটাও ওপৰত উল্লেখ কৰি অহাৰ দৰেই ঘণ্টাত ৭০ কিলোমিটাৰ গতিৰে সমুখৰ ষ্টিয়াৰিং হুইল, ডেচ-বৰ্ড বা আয়নাত খুন্দা মাৰে। ফলত গাড়ীৰে আৰোহী তথা চালকৰ থিতাতে মৃত্যু নতুবা চিৰজীৱনৰ বাবে পঙ্গু হৈ পৰা দেখা যায়। সমীক্ষা মতে ছীট বেল্ট ব্যৱহাৰ নকৰাৰ বাবে দুৰ্ঘটনাসমূহত ৭০ শতাংশ ব্যক্তিৰ মৃত্যু হয়। সেইবাবে ছীট বেল্ট প্ৰতিজন গাড়ীচালক আৰু আৰোহীয়ে ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়।

৫। ড্ৰাইভিং লাইচেন্স কাক বোলে? কি কি শ্ৰেণীৰ যান-বাহনৰ বাবে ড্ৰাইভিং লাইচেন্স দিয়া হয়?

উত্তৰঃ কৰ্তৃত্বশীল প্ৰাধিকাৰীৰ দ্বাৰা জাৰি কৰা যি লাইচেন্সৰ দ্বাৰা নিৰ্দিষ্ট শ্ৰেণীৰ গাড়ী চলাব পৰা যায় তাকে ড্ৰাইভিং লাইচেন্স বোলা হয়।

        তলত বৰ্ণিত শ্ৰেণীৰ যান-বাহনৰ বাবে ড্ৰাইভিং লাইচেন্স দিয়া হয়ঃ

  • গিয়াৰবিহীন মটৰ চাইকেল 
  • প্ৰতিবন্ধীৰ বাহন
  • পৰিবাহক যান বাহন
  • গিয়াৰযুক্ত মটৰ চাইকেল
  • লঘু যান বাহন
  • ৰোড ৰোলাৰ
  • নিৰ্দিষ্ট ধৰণৰ যান বাহন

৬। সুৰাসক্ত গাড়ী চালনাৰ ক্ষেত্ৰত যান-বাহন বিধিয়ে কি কয় তাক চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ সুৰাপায়ী গাড়ীচালকৰ বাবে বিশ্বত বহুতো পথ দুৰ্ঘটনা হৈ আহিছে। এজন লোকে সুৰাপান কৰি গাড়ী চলালে নিজৰ লগতে আনকো দুর্ঘটনাগ্রস্ত কৰাৰ আশংকা থাকে। চালকে সুৰাপান কৰিছেনে নাই তাক তেজ পৰীক্ষাৰ দ্বাৰা খুব সহজতে ধৰা পেলাব পাৰি। যদিহে এজন চালকে সুৰাপান কৰি গাড়ী চলাই থকা অৱস্থাত তেওঁৰ প্ৰতি ১০০মি. লি. তেজৰ নমুনাত ৩০ মি.গ্ৰা. সুৰাসাৰ (Alcohol) থকা প্রমাণিত হয় তেন্তে যান-বাহন বিধিমতে তেওঁ জৰিমনা অথবা জে’ল অথবা দুয়োটা শাস্তিৰ সন্মুখীন হ'ব পাৰে। তদুপৰি তেওঁৰ ড্ৰাইভিং লাইচেন্স পর্যন্ত বাতিল হ'ব পাৰে। তথ্যমতে সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে ৮৫ শতাংশ পথ দুর্ঘটনা সংঘটিত হয়।

৭। স্কুল বাছৰ ক্ষেত্ৰত প্ৰযোজ্য পাঁচটা বিধি-বিধান লিখা।

উত্তৰঃ স্কুল বাছৰ ক্ষেত্ৰত প্ৰযোজ্য পাঁচটা বিধি-বিধান হ'ল-

        (১) স্কুল বাছৰ চালকজন ৫ বছৰ গধুৰ যান-বাহন চলোৱা অভিজ্ঞতাসম্পন্ন হ'ব লাগিব।

      (২) চালকে ইউনিফৰ্ম পৰিধান কৰাৰ উপৰি বাছত 'স্কুল কৰ্তব্যত' বুলি লিখা থাকিব লাগে।

        (৩) প্ৰতি ঘণ্টাত ৪০ কি. মি. বেগত চলাৰ বাবে 'গতি নিয়ন্ত্ৰক যন্ত্ৰ' বাছত থাকিব লাগে।

        (৪) শিক্ষিত লাইচেন্সধাৰী কণ্ডাক্টৰ থকাটো বাধ্যতামূলক।

        (৫) স্কুল বাছৰ উন্মুক্ত দুৱাৰৰ পৰিৱৰ্তে বন্ধ কৰিব পৰা দুৱাৰৰ ব্যৱস্থা থাকিব লাগে।

৮। পথচিহ্নসমূহক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?

উত্তৰঃ পথচিহ্নসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে-

            (ক) বাধ্যতামূলক চিহ্ন

            (খ) সতৰ্কীকৰণ চিহ্ন

            (গ) জাননী বা সূচনাত্মক চিহ্ন

৯। পথ দুৰ্ঘটনা ঘটিলে গাড়ীৰ চালকে কি কৰা উচিত?

উত্তৰঃ চালকে তৎক্ষণাত গাড়ীখন ৰখাওক। যদিহে দুৰ্ধটনাস্থলীত সমবেত হোৱা জনতাৰ বাবে সম্ভৱ নহয় বা জখম হোৱা লোকজনে বা তেওঁৰ অভিভাৱকে আন ধৰণে নিবিচাৰে, তেন্তে আহতজনক ওচৰৰ চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰক। ওচৰৰ আৰক্ষী আস্থানত যথা শীঘ্ৰে দুৰ্ঘটনাৰ খবৰ দিয়ক আৰু বীমা কৰ্তৃপক্ষক দুৰ্ঘটনা সম্পৰ্কে অৱগত কৰক।

১০। অপৰিবহণ (ব্যক্তিগত) গাড়ীৰ ক্ষেত্ৰত কি কি বৈধ নথি গাড়ীত লৈ ফুৰিব লাগে?

উত্তৰঃ অপৰিবহণ গাড়ীৰ ক্ষেত্ৰত গাড়ীত লৈ ফুৰিব লগা বৈধ নথি পত্ৰ সমূহ হ'ল-

  • পঞ্জীয়ন প্ৰমাণ পত্ৰ

  • বীমা

  • ১ বছৰৰ পুৰণি গাড়ীৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত প্ৰদুষণৰ প্ৰমাণ-প্ৰত্ৰ

  • চলাই থকা বাহন শ্ৰেণীৰ ড্ৰাইভিং লাইচেন্স।
১১। পথ দুৰ্ঘটনাৰ মুখ্য কাৰণ কি কি?

উত্তৰঃ পথ দুৰ্ঘটনাৰ মুখ্য কাৰণবোৰ হ'ল-

    বিভিন্ন অধ্যয়নৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য মতে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিভিন্ন কাৰণ দেখা যায়। সুৰাপান কৰি গাড়ী চলোৱা, তীব্রগতি, টোপনি ক্ষতি, বেয়া ৰাস্তা, বেয়া বতৰ, গাড়ীৰ বিজুতি, পথ নিৰ্দেশনা ভংগ কৰা ইত্যাদি। এই কাৰকসমূহ তলত দিয়া ধৰণে সংক্ষেপতে জুকিয়াই ল'ব পাৰি।

    মানৱীয় কাৰক (Human Factor): মানুহৰ ভুলৰ বাবে ৮৫ শতাংশ পথ দুর্ঘটনা সংঘটিত হয় বুলি তথ্যত প্ৰকাশ। সুৰাসক্ত, টোপনিৰ আৱেশ, ভুলৰ অন্যমনস্ক, পথ নির্দেশনা বুজি নোপোৱা বা অমান্য কৰা, মোবাইল ফোনত কথা পাতি পাতি গাড়ী চলোৱাৰ উপৰি পথচাৰীৰ অমনোযোগিতা বা ভুলকৈ খোজকঢ়া বা মোবাইল ফোনত কথা পাতি ৰাস্তা পাৰ হোৱা আদি নানান মানৱীয় বাবে পথ দুৰ্ঘটনা হোৱা দেখা যায় ৷

    আন্তঃগাঁথনিমূলক কাৰক (Infrastructure Factor): ওখোৰা মোখোৰা বাট-পথ, কাৰিকৰীভাৱে শুদ্ধকৈ পথ নিৰ্মাণ নোহোৱা, ৰাস্তাৰ ভগা ছিগা অৱস্থা আদিৰ বাবে বহু পথ-দুর্ঘটনা সংঘটিত হয় ।

    যান্ত্ৰিক কাৰক (Mechanical Factor): গাড়ী এখন ৰাস্তাৰে গৈ থাকোতে হঠাৎ হোৱা যান্ত্ৰিক বিজুতি, গাড়ীখন সঠিকভাৱে মেৰামতি নকৰা, আওপুৰণি যন্ত্রাংশ আদিৰ বাবেও পথ-দুৰ্ঘটনা হোৱা দেখা যায়৷

    পাৰিপাৰ্শ্বিক কাৰক (Environmental Factor): সকলো ঠিকে থকাৰ পিছতো বেয়া বতৰ, প্ৰতিকূল ভৌগোলিক অৱস্থিতি, আকস্মিক প্রাকৃতিক দুৰ্যোগৰ বাবেও পথ দুর্ঘটনা ঘটে।

১২। ২০১১ চনত আৰম্ভ কৰা পথ সুৰক্ষা আঁচনিখনৰ নাম কি? এই আঁচনিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ২০১১ চনত আৰম্ভ কৰা পথ সুৰক্ষা আঁচনিখনৰ নাম হৈছে 'দ্যা গ্লোবেল প্লেন ফৰ দ্য়া ডিকেদ অৱ একশ্যন ফৰ ৰোড ছেফটি ২০১১-২০২০'। এই কৰ্মসূচীৰ আধাৰত প্ৰায়বোৰ ৰাষ্ট্ৰই দৃঢ় ৰূপত পথ সুৰক্ষা সমস্য়া নিয়ন্ত্ৰণ কৰিবলৈ নানা কাৰ্যপন্থা গ্ৰহণ কৰিছে। ২০১০ চনৰ মাৰ্চ মাহৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ঘোষিত এই আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল- পথ দুৰ্ঘটনাত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ নিম্নগামী কৰা। 

১৩। ভাৰতবৰ্ষত বলৱৎ হোৱা পথ সুৰক্ষা আঁচনিখন কেতিয়াৰপৰা প্ৰৱৰ্তন হৈছে?

উত্তৰঃ 

১৪। পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ গাড়ী চলাওঁতে ল'বলগীয়া পাঁচটাকৈ পথ-বিধানৰ বিষয়ে লিখা।

উত্তৰঃ পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ গাড়ী চলাওঁতে ল'বলগীয়া পাঁচটা পথ-বিধান হ'ল-

      (১) গাড়ী এখন যত দূৰ সম্ভৱ পথৰ বাঁওকাষেদি চলাব আৰু বিপৰীত দিশৰ পৰা অহা যান-বাহনক নিজৰ সোঁফালেদি যাবলৈ দিব।

        (২) একেদিশৰে গৈ থকা গাড়ীক সোঁফালেদি অতিক্ৰম কৰিব।

      (৩) পশ্চাদ দৃশ্যৰ দাপোণত চাই-চিতি প্ৰয়োজন সাপেক্ষে হাতেৰে সংকেত দিহে গাড়ী চলোৱাটো বাঞ্ছনীয়।

        (৪) পাহাৰত উঠোতে নামি থকা গাড়ীখনে উঠি থকাখনক অগ্ৰাধিকাৰ দিব।

        (৫) নিজ গাড়ীত থকা প্ৰজ্বালকৰ বাদে কোনো বিপজ্জনক সামগ্ৰী কঢ়িয়াব নালাগে।

১৫। বিদেশত গাড়ী চলাব খুজিলে এজন প্ৰবাসীয়ে কি কৰিব লাগিব?

উত্তৰঃ ভাৰতীয় নাগৰিকে বিদেশত গাড়ী চলাবলৈ হ'লে আন্তর্জাতিক গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ (International Driving Permit) প্ৰদানৰ ব্যৱস্থা যান বাহন আইনত সন্নিৱিষ্ট আছে। এই অনুজ্ঞাপত্ৰ এবছৰৰ বাবে জাৰি কৰা হয়। অনুজ্ঞাপত্ৰ পাবলৈ তলত দিয়া নথিসমূহ নিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰৰ লগত জমা দিব লাগিব—

(ক) ভাৰতীয় ড্রাইভিং লাইচেন্সৰ নকল

(খ) পাৰ পত্ৰ আৰু ভিছাৰ নকল

(গ) নিৰ্ধাৰিত প্ৰ-পত্ৰত সু-স্বাস্থ্যৰ প্ৰমাণ

(ঘ) তিনিখন শেহতীয়াকৈ উঠা ফটো

(ঙ) নিৰ্ধাৰিত মাচুল।






Answer by - Punya Hazarika.


Post ID: DABP002162