HS 2nd Year Assamese Chapter 2 Important Question Answer | মগনিয়াৰ | HS 2nd Year Assamese Important Question Answer |

  মগনিয়াৰ

অতি চমু প্ৰশ্নাৱলীঃ

১।সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী কোন?

উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী হৈছে- যতীন্দ্ৰনাথ দুৱৰা।

২। অসমীয়াৰ ভাষাৰ প্ৰথম গৰাকী কথাকবিতা ৰচক কোন?

উত্তৰঃ অসমীয়াৰ ভাষাৰ প্ৰথম গৰাকী কথা-কবিতা ৰচক হৈছে- যতীন্দ্ৰনাথ দুৱৰা।

৩। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা ৰচনা কৰা কথা কবিতা পুথিৰখনৰ নাম হৈছে- 'কথা-কবিতা'। 

৪। ওমৰ তীৰ্থ পুথিৰ খন কাৰ ৰচনা?

উত্তৰঃ ওমৰ তীৰ্থ পুথিখন যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰে।

৫। ওমৰ তীৰ্থ কাব্যপুথিৰ মূল কি? 

উত্তৰঃ ওমৰ তীৰ্থ কাব্যপুথিৰ মূল হৈছে- ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ "ৰুবায়ত"।

৬। মগনিয়াৰ কবিতাটোৰ কবি কোন?

উত্তৰঃ মগনিয়াৰ কবিতাটোৰ কবি হৈছে-যতীন্দ্ৰনাথ দুৱৰা।

৭। 'মগনিয়াৰ' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ 'মগনিয়াৰ' পাঠটি দুৱাৰা 'কথা-কবিতা' পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।

৮। মগনিয়াৰক কি কবিতা বুলি কোৱা হয়?

উত্তৰঃ মগনিয়াৰক কথা-কবিতা বুলি কোৱা হয়।

৯। কথা-কবিতা  কাব্যজগতত কেতিয়াৰ পৰা সৃষ্টি হৈছিল?

উত্তৰঃ কথা-কবিতা কাব্যজগতত ঊনৈশ শতিকাৰ পৰা সৃষ্টি হৈছিল।

১০। যতীন্দ্ৰ নাথ দুৱৰাই কিহৰ আলমত কথা-কবিতা ৰচনা কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই টুৰ্গেনিভৰ 'Poem in Prose' আৰু আফ্ৰিকা লেখিকা শ্ৰাইনাৰ ৰচনা আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা-কবিতা ৰচনা কৰে।

১১। কোনখন গ্ৰন্থ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ "বনফুল"  কবিতা পুথিৰ  বাবে যতীন্দ্ৰনাথ দুৱৰাই একাডেমী বঁটা লাভ কৰিছিল। 

১২। যতীন্দ্ৰনাথ দুৱৰাক কি কবি নামেৰে জনাজাত?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাক বনফুল কবি নামেৰে জনাজাত।

১৩। যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখন কি?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱাৰা মৃত্যুৰ পাছত প্ৰকাশ পোৱা কবিতা পুথিখন হৈছে- "মৰমৰ সুৰ"।

১৪।যতীন্দ্ৰনাথ দুৱৰাই ওমৰ-খায়ামৰ কোন-খন পুথি অসমীয়ালৈ ভাৱানুবাদ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ওমৰ খায়ামৰ "ৰুবায়ত" পুথিখন অসমীয়ালৈ ভাবানুৱাদ কৰিছিল।

১৫। কবিয়ে বাটেদি গৈ থাকোঁতে কাক লগ পাইছিল?

উত্তৰঃ কবিয়ে বাটেদি গৈ থাকোঁতে মগনিয়াক লগ পাইছিল।

১৬। কবিতাটোত কবিৰ লগত নথকা বস্তুবোৰ কি কি ?

উত্তৰঃ কবিতাটোত কবিৰ লগত নথকা বস্তুবোৰ হৈছে-টকা, ঘড়ী আৰু ৰুমাল।

১৭। মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো কি?

উত্তৰঃ মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো হৈছে- আন্তৰিকতা।

১৮। মগনিয়াৰজনৰ হাত দুখন কেনেধৰণৰ আছিল?

উত্তৰঃ মগনিয়াৰজনৰ হাত দুখন উখহা আৰু অপৰিস্কাৰ আছিল।

১৯। যতীন্দ্ৰ নাথ দুৱৰাৰ ওমৰ তীৰ্থ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্য ভাৱানুবাদ ?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ ওমৰ তীৰ্থ ৰুৱায়ত ফাৰ্চী ছুৰ্ফী কবিৰ কাব্য ভাৱানুবাদ।

২০।ৰুছ সাহিত্যক টুৰ্গেনিভৰ কোনটো কথা-কবিতাটিৰ লগত মগনিয়াৰ সাদৃশ্য আছে?

উত্তৰঃ ৰুছ সাহিত্যিক দুৰ্গেনিভৰ "The Beggar" নামৰ কথা-কবিতাটিৰ লগত মগনিয়াৰ সাদৃশ্য আছে।

২১। কথা-কবিতা ৰচনা কৰোঁতে কোন গৰাকী  আফ্ৰিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱাৰা অনুপ্ৰাণিত হৈছিল?

উত্তৰঃ কথা-কবিতা ৰচনা কৰোঁতে অলিভ শ্ৰাইনাৰ  নামৰ আফ্ৰিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱৰা অনুপ্ৰাণিত হৈছিল।

২২। কথা-কবিতা কিমান শতিকাৰ এক উল্লেখযোগ্য় সৃষ্টি?

উত্তৰঃ কথা-কবিতা ঊনৈশ শতিকাৰ এক উল্লেখযোগ্য় সৃষ্টি।


২৩। কথা-কবিতা কাৰ সম্পৰ্কে এই পাঠ নিৰ্বাচন কৰাৰ ঘাই উদ্দেশ্য়?

উত্তৰঃ কথা-কবিতা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰোৱাটোৱে হৈছে এই পাঠ নিৰ্বাচন কৰাৰ ঘাই উদ্দেশ্য়।

২৪। পাঠটো অধ্য়য়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কবিতা আৰু কথা-কবিতাৰ মাজৰ কি বুজিব পাৰিব?

উত্তৰঃ পাঠটো অধ্য়য়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কবিতা আৰু কথা-কবিতাৰ মাজৰ পাৰ্থক্য়খিনি বুজিব পাৰিব।

২৫। কবি যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম হয়।

২৬। কিমান চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্য়ালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়?

উত্তৰঃ ১৯০৯ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্য়ালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়।

২৭। উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত ভৰ্তি হৈছিল যদিও পিছত তলকাতালৈ গৈ স্কটিছ চাৰ্চ কলেজক পৰা কি পাছ কৰে?

উত্তৰঃ উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত ভৰ্তি হৈছিল যদিও পিছত তলকাতালৈ গৈ স্কটিছ চাৰ্চ কলেজক পৰা বি.এ. পাছ কৰে।

২৮। তাৰ পিছত আইন আৰু এম.এ. শিক্ষা আধাতে সামৰি কলৈ উভতি আহে?

উত্তৰঃ তাৰ পিছত আইন আৰু এম.এ. শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আহে।

২৯। ডিব্ৰুগড়ৰ জৰ্জ ইন্ষ্টিটিউছনত দুৱৰাই পোনপ্ৰথমে কি কৰিবলৈ লয়?

উত্তৰঃ ডিব্ৰুগড়ৰ জৰ্জ ইন্ষ্টিটিউছনত দুৱৰাই পোনপ্ৰথমে শিক্ষকতা কৰিবলৈ লয়।

৩০। তাৰ পিছত স্কটিছ চাৰ্চ কলেজিয়েট স্কুলত বহু বছৰ কি কৰে?

উত্তৰঃ তাৰ পিছত স্কটিছ চাৰ্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে।

৩১। কিছুদিন কলকাতা বিশ্ববিদ্য়ালয়ৰ এম.এ. শ্ৰেণীতো অংশকালীন কি হিচাপে কাম কৰিছিল?

উত্তৰঃ কিছুদিন কলকাতা বিশ্ববিদ্য়ালয়ৰ এম.এ. শ্ৰেণীতো অংশকালীন অধ্য়াপক হিচাপে কাম কৰিছিল।

৩২। কিমান চনত ডিব্ৰুগড়ত হনুমানবক্স সূৰযমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য় অধ্য়াপক পদত নিযুক্ত হয়?

উত্তৰঃ ১৯৪৫ চনত ডিব্ৰুগড়ত হনুমানবক্স সূৰযমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য় অধ্য়াপক পদত নিযুক্ত হয়।

৩৩। কিমান চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য় সভাৰ চতুৰ্বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য় সভাৰ চতুৰ্বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল। 

৩৪। কিমান চনত দুৱৰাৰ মৃত্য়ু হয়?

উত্তৰঃ ১৯৬৪ চনত শিৱসাগৰত দুৱৰাৰ মৃত্য়ু হয়।

৩৫। মগনিয়াৰ শব্দ অৰ্থ কি?

উত্তৰঃ মগনিয়াৰ শব্দ অৰ্থ হ'ল- মাগি খাওঁতা, ভিক্ষাৰী।

৩৬। উৰ্মাল শব্দ অৰ্থ কি?

উত্তৰঃ উৰ্মাল শব্দ অৰ্থ হ'ল- ৰুমাল।

চমু প্ৰশ্নাৱলীঃ                                                                                     মূল্যাংকনঃ ২/৩

১। যতীন্দ্ৰনাথ কবিতাত কোন কোন বিদেশীৰ কবিৰ প্ৰভাৱ পৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ কবিতাত টুৰ্গেনিভ আৰু অলিভ শ্ৰাইনাৰ বিদেশীৰ কবি প্ৰভাৱ পৰিছিল।

২। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কবিতা পুথিকেইখনৰ নাম কি?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কবিতা পুথি কেইখন হৈছে-ওমৰতীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ।

৩। মগনিয়াৰ কবিতাটোত মগনিয়াৰজনৰ বৰ্ণনা কবিয়ে কিদৰে দাঙি ধৰিছে চমুকৈ লিখা?

উত্তৰঃ মগনিয়াৰ জন ওঁঠ শেঁতা, চুক দুটা ৰঙা, হাত দুখন অপৰিষ্কাৰ আৰু উখহা আৰু গাত ফটা কাপোৰ আছিল।

৪। মগনিয়াৰ জনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ মগনিয়াৰজনৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা, হাত কেইখন অপৰিষ্কাৰ আৰু উখহা আছিল।

৫। বাণীকান্ত কাকতিয়ে দুৱাৰৰ কথা-কবিতা ৰ বিষয়ে কি মন্তব্য দিছে?

৬। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যৰ বাবে কিমান চনত সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যৰ বাবে ১৯৫৫ চনত সাহিত্য অকাডেমিঁ  বঁটা লাভ কৰিছি।

৭। যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা-কবিতাটো কোন গৰাকী ৰুচ সাহিত্যৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা মগনিয়া কথা কবিতাটোৰুছ সাহিত্যৰ আইভান টুৰ্গেনিভৰ "Poems in Prose" নামৰ কবিতাটো লগত সাদৃশ্য আছে।

৮। কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য লিখা?

উত্তৰঃ যিবোৰ কবিতা ব্যঞ্জনাময়ী গদ্যত ৰচিত। সেই কবিতাবোৰকে কথা-কবিতা বোলে।

কথা-কবিতা বৈশিষ্ট্য হৈছে-

ক) কথা-কবিতা এবিধ কবিতাই, ই ব্যঞ্জনাময়ী গদ্যত ৰচিত।

খ) কথা কবিতাত ৰূপকৰ  সমাবেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক।

গ) কথা-কবিতা চিত্ৰধৰ্মিতা ওপৰত প্ৰতিষ্ঠিত।

ঘ) কথা কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে।

গ) ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

১। ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।- কোনে, কি প্ৰসংগত এই কথাখিনি কৈছিল জুকীয়াই লিখা।

উত্তৰঃ উক্ত কথাষাৰ কবিয়ে কৈছিল। 

যেতিয়া কবিয়ে বাটেদি গৈ আছিল তেতিয়া এজন বুঢ়া বেমাৰী মগনিয়াৰ লগ পাইছিল। মগনিয়াৰ জনে কবিক হাত মেলি সহায় বিচৰাত, তেওঁ চোলা মোনাত হাত সুমাই যেতিয়া  মগনিয়াৰ জনক দিবলৈ একো নাপালে। তেতিয়া কবিয়ে একো দিবলৈ নোপোৱাত মগনিয়াৰ জনক দুহাতত ধৰি ক্ষমা খুজিলে। সেই প্ৰসংগতেই  উক্ত কথাষাৰ কৈছিল। 

২। কি হল একো কথা নাই- ইয়াৰ কাৰণে অশেষ ধন্যবাদ-ইও যেন এটা দান। কথাষাৰ কোনে কি প্ৰসংগত কৈছিল ? কথাষাৰি তাৎপৰ্য বুজাই লিখা?

উত্তৰঃ উক্ত কথাষাৰ মগনিয়াৰ জনে কবিক কৈছিল। 

এদিন বাটেৰে কবি গৈ থাকোঁতে এজন মগনিয়াই কবিক দুহাত মেলি সহায় বিচাৰিলে। কবি সেই ফটা-চিটা কাপোৰ পিন্ধা মগনিয়াৰ জনক সহায় কৰিবলৈ মন গল। চোলাৰ জোপত হাত সোমায় চালে যে মগনিয়াক দিবলৈ একো নাই। তেতিয়া কবিয়ে মগনিয়াৰ জনক দুহাতত ধৰি ক্ষমা খুজিলে।মগনিয়াৰ জনে কবিৰ আন্তৰিকতা দেখি সেই প্ৰসংগতে উক্ত কথাষাৰ কৈছিল।

৩।মগনিয়াৰ শীৰ্ষক কথা-কবিতাটি সাৰাংশ লিখা।

উত্তৰঃ  অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ "মগনিয়াৰ" এটা উৎকৃষ্ট কথা-কবিতা ৷ কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ "The Beggar" নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে ৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে ৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে ৷

Author-  Geetanjali Bora

  

Post ID: DABP002059