প্ৰথম গোটঃ অসমীয়া চুটিগল্প ধাৰা

আৰ্হি প্ৰশ্ন



১। বিশ্বৰ কথা সাহিত্য়ৰ প্ৰথম মানৱতাবাদী লেখক কোন ?

উত্তৰ ঃ বিশ্বৰ কথা সাহিত্য়ৰ প্ৰথম মানৱতাবাদী লেখক হল- বোক্কাচিঅ।

২। আধুনিক চুটিগল্পৰ বাটকটীয়া কোন ?

উত্তৰ ঃ আধুনিক চুটিগল্পৰ বাটকটীয়া হল- অঁৰে দ্য বালজাকে।

৩। দ্য় নেকলেছ গল্পৰ লেখক কোন ?

উত্তৰ ঃ দ্য় নেকলেছ গল্পৰ লেখক হল- গী দ্য মোচাছাঁই ।

৪। গ'গল কোন গল্প সাহিত্য়ৰ গল্পকাৰ ?

উত্তৰ ঃ গ'গল ৰাছিয়ান গল্প সাহিত্য়ৰ গল্পকাৰ।

৫। ইম্পেছনিজম ধাৰাৰ প্ৰৱৰ্তক কোন ?

উত্তৰ ঃ ইম্পেছনিজম ধাৰাৰ প্ৰৱৰ্তক হল- চেখৰ।

৬। কাক ভাৰতীয় নৱন্য়াসৰ হোতা বুলি কোৱা হয় ?

উত্তৰ ঃ ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতীয় নৱন্য়াসৰ হোতা বুলি কোৱা হয়।

৭। ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প কোন প্ৰত্ৰিকাত প্ৰকাশ হৈছিল ?

উত্তৰ ঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প অৰুণোদয় প্ৰত্ৰিকাত প্ৰকাশ হৈছিল।

৮। অসমীয়া চুটিগল্পৰ জনক কোন ?

উত্তৰ ঃ অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা ।

৯। ভাৰতীয় সাহিত্য়ৰ প্ৰথম চুটিগল্পটো কোনে ৰচনা কৰিছিল ?

উত্তৰ ঃ ভাৰতীয় সাহিত্য়ৰ প্ৰথম চুটিগল্পটো ৰবীন্দ্ৰনাথে ৰচনা কৰিছিল।

১০। হিন্দী সাহিত্য়ত কাৰ হাতত চুটিগল্পই বিকাশ লাভ কৰে ?

উত্তৰ ঃ হিন্দী সাহিত্য়ত মুন্সী প্ৰেমচান্দৰ হাতত চুটিগল্পই বিকাশ লাভ কৰে।

১১। অসমীয়া চুটিগল্পৰ বিকাশত অৰিহণা  যোগোৱাৰ ক্ষেত্ৰত একো একোটা যুগৰ সৃষ্টি কৰাত কাৰ অৱদান অধিক আছিল ?

উত্তৰ ঃ অসমীয়া চুটিগল্পৰ বিকাশত অৰিহণা  যোগোৱাৰ ক্ষেত্ৰত একো একোটা যুগৰ সৃষ্টি কৰাত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অধিক আছিল।

১২। প্ৰথম অসমীয়া বাতৰিকাকতখনৰ নাম কি ?

উত্তৰ ঃ প্ৰথম অসমীয়া বাতৰিকাকতখন হল- অৰুনোদয়।

১৩। কোন কাকতৰ যোগেদি আধুনিক অসমীয়া চুটিগল্পৰ ইতিহাস আৰম্ভ হয় ?

উত্তৰ ঃ অৰুনোদয় কাকতৰ যোগেদি আধুনিক অসমীয়া চুটিগল্পৰ ইতিহাস আৰম্ভ হয়।

১৪। প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি ?

উত্তৰ ঃ প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম হল- সেউতী।

১৫। শৰৎ চন্দ্ৰ গোস্বামীৰ জনপ্ৰিয় গল্পটিৰ নাম কি ?

উত্তৰ ঃ শৰৎ চন্দ্ৰ গোস্বামীৰ জনপ্ৰিয় গল্পটিৰ নাম হল- নদৰাম।

১৬। 'সাতসৰী' নামৰ গল্প সংকলনকন কাৰ ৰচনা ?

উত্তৰ ঃ 'সাতসৰী' নামৰ গল্প সংকলনকন শৰৎচন্দ্ৰ গোস্বামীৰ ৰচনা।

১৭। মিত্ৰদেৱ মহন্তৰ একমাত্ৰ গ্ৰন্থখনৰ নাম কি ?

উত্তৰ ঃ মিত্ৰদেৱ মহন্তৰ একমাত্ৰ গ্ৰন্থখনৰ নাম-  চন্দ্ৰহাৰ।

১৮। অসমীয়া চুটিগল্পৰ দ্বিতীয় যুগ কোন কাকতৰ জৰিয়তে আৰম্ভ হয় ?

উত্তৰ ঃ অসমীয়া চুটিগল্পৰ দ্বিতীয় যুগ আৱাহন কাকতৰ জৰিয়তে আৰম্ভ হয়।

১৯। কোন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্য়ই জন্ম লভে ?

উত্তৰ ঃ আৱাহন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্য়ই জন্ম লভে।

২০। আৱাহন কাকতৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰ ঃ আৱাহন কাকতৰ প্ৰতিষ্ঠাতা দীননাথ শৰ্মা।

২১। 'সৰগৰ মাধুৰী' গল্প সংকলনৰ ৰচক কোন ?

উত্তৰ ঃ 'সৰগৰ মাধুৰী' গল্প সংকলনৰ ৰচক - লক্ষ্মীনাথ ফুকন।

২২। কি গ্ৰন্থৰ বাবে ত্ৰৈলোক্য়নাথ গোস্বামীয়ে সাহিত্য় অকাডমী বঁটা আৰু অসম সাহিত্য় বঁটা লাভ কৰিছিল ?

উত্তৰ ঃ 'আধুনিক গল্প সাহিত্য' গ্ৰন্থৰ বাবে ত্ৰৈলোক্য়নাথ গোস্বামীয়ে সাহিত্য় অকাডমী বঁটা আৰু অসম সাহিত্য় বঁটা লাভ কৰিছিল।

২৩। 'জয়ন্তী' কাকত কাৰ সম্পাদনাত প্ৰথম প্ৰকাশ হৈছিল ?

উত্তৰ ঃ 'জয়ন্তী' কাকত ৰঘুনাথ চৌধৰীৰ সম্পাদনাত প্ৰথম প্ৰকাশ হৈছিল।

২৪। অসমীয়া চুটিগল্পৰ তৃতীয় স্তৰ কোন যুগত আৰম্ভ হয় ?

উত্তৰ ঃ অসমীয়া চুটিগল্পৰ তৃতীয় স্তৰ ৰামধেনু যুগত আৰম্ভ হয়।

২৫। 'কলং আজিও বয়' কাৰ গল্প সংকলন ?

উত্তৰ ঃ 'কলং আজিও বয়' বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্প সংকলন।

২৬। 'কাঠনীবাৰী ঘাট'ৰ স্ৰষ্টা কোন ?

উত্তৰ ঃ 'কাঠনীবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰা।

২৭। শীলভদ্ৰ কাৰ ছদ্মনাম ?

উত্তৰ ঃ শীলভদ্ৰ ৰেৱতীমোহন দত্ত চৌধৰীৰ ছদ্মনাম।

২৮। 'অৰ্পিতাৰ এৰাতি'ৰ গল্পকাৰ কোন ?

উত্তৰ ঃ 'অৰ্পিতাৰ এৰাতি'ৰ গল্পকাৰ দেৱব্ৰত দাস।

২৯। কোনখিনিক সময়ক সাম্প্ৰতিক যুগ বুলি অভিহিত কৰা হয় ?

উত্তৰ ঃ ৰামধেনুৰ পাছৰ অৰ্থাৎ কুৰি শতিকাৰ শেষৰ দশক তিনিটাক সাম্প্ৰতিক যুগ বুলি কব পাৰি।

৩০। বৰ্তমান সময়ৰ এখন সাহিত্য়ধৰ্মী আলোচনীৰ নাম লিখা ?

উত্তৰ ঃ বৰ্তমান সময়ৰ এখন সাহিত্য়ধৰ্মী আলোচনীৰ নাম হল- বাঁহী।

৩১। বেজবৰুৱাৰ গল্পত প্ৰকাশিত দুটা ৰূপ কি  কি ? 

উত্তৰ ঃ বেজবৰুৱাৰ গল্পত প্ৰকাশিত দুটা ৰূপ হল- এটা হৈছে তৎকালীন অসমীয়া সমাজৰ নীচতা, হীনতা, অহংকাৰ, ভণ্ডামি, কু-সংস্কাৰ আদিক হাঁহিৰ ছলেৰে ব্যংগ কৰি সমাজ সংস্কাৰ কৰিবলৈ বিচৰা সমাজ সংস্কাৰক বেজবৰুৱা আৰু আনটো হৈছে সাধাৰণ গাঁৱলীয়া মানুহৰ প্ৰেম, বিৰহ, সুখ-দুখ, হাঁহি-কান্দোন, সহানুভূতিৰে অংকন কৰা মানৱতাবাদী বেজবৰুৱা।

৩২। বেজবৰুৱাৰ দুখন গল্প সংকলনৰ নাম লিখা।

উত্তৰ ঃ বেজবৰুৱাৰ দুখন গল্প সংকলনৰ নাম হল- চেনীচম্পা, জয়ন্তী।

৩৩। শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰ ঃ শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পৰ দুটা বৈশিষ্ট্য হল- গোস্বামীৰ গল্পই বিষয়বস্তু, ভাববস্তু আৰু ৰূপবস্তুৰ ক্ষেত্ৰত বাস্তৱধৰ্মী দৃষ্টিভংগীৰে অৱলোকন কৰিছে আৰু নিজকে এক সমাজ সচেতক ৰূপত অৱতীৰ্ণ কৰাইছে। তেওঁৰ গল্পসমূহ পোনপটীয়া, অনাড়ম্বৰ আৰু সৰল ভাব প্ৰকাশক।

৩৪। নকুল চন্দ্ৰ ভূঞাই কি কি আলোচনীত গল্প লিখিছিল?

উত্তৰ ঃ নকুল চন্দ্ৰ ভূঞাই আলোচনী, বাঁহী, চেতনা, আৱাহন আৰু ৰামধেনুত গল্প লিখিছিল।

৩৫। ভাগ-বাটোৱাৰা, ৰসায়ন গল্পৰ স্ৰষ্টাগৰাকীৰ গল্পত প্ৰতিফলিত হোৱা দুটা ৰূপ কি কি?

উত্তৰ ঃ ভাগ-বাটোৱাৰা, ৰসায়ন গল্পৰ স্ৰষ্টাগৰাকীৰ প্ৰতিফলিত হোৱা দুটা ৰূপ হল- ইংৰাজ ৰাজত্বত জমিদাৰী শাসনত সাধৰণ মানুহৰ দুৰ্দশা জনজাতীয় সহজ-সৰল জীৱনৰ চিত্ৰ আৰু গোৱালপাৰা জিলাৰ সামাজিক জীৱনৰ বাস্তৱ চিত্ৰ। মানুহৰ মনস্তত্ত্ব আৰু মানৱিক সম্পৰ্কৰ ওপৰত ধনৰ প্ৰভাৱ আৰু তাৰ প্ৰতিক্ৰিয়া, এইধৰণৰ বিষয়বস্তুৰ অৱতাৰণা কৰি অসমীয়া গল্প সাহিত্যত এটি নতুন ধাৰা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল।

৩৬। লক্ষ্মীধৰ শৰ্মাৰ গল্প কোন দুটা ধাৰাৰ দ্বাৰা প্ৰভাৱিত হৈছিল?

উত্তৰ ঃ প্ৰেম-প্ৰণয়ৰ লগতে জীৱনৰ জৈৱিক আৰু বাস্তৱ সমস্যাসমূহক তেওঁ আধুনিক দৃষ্টিভংগীৰে অৱলোকন কৰিছিল। ফ্ৰয়েডীয় মনস্তাত্ত্বিক আৰু মাৰ্স্কীয় চিন্তাৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল।

৩৭। বীণা বৰুৱাৰ দুখন গল্পপুথিৰ নাম লিখা।

উত্তৰ ঃ বীণা বৰুৱাৰ দুখন গল্পপুথিৰ নাম হল- অৰুণা,মৰীচিকা।

৩৮। চৈয়দ আব্দুল মালিকৰ গল্পৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ ঃ চৈয়দ আব্দুল মালিকৰ গল্পৰ দুটা বৈশিষ্ট্য হল- সমাজৰ পৰম্পৰাগত সংস্কাৰৰ অন্তৰালত লুকাই থকা মানৱীয় অভিব্যক্তিক আকৰ্ষণীয় ৰূপত উন্মোচন কৰাত তেওঁ সিদ্ধহস্ত। উপস্থাপনৰ কৌশল, বৰ্ণনাৰ চাতুৰ্য, ভাবৰ মাধুৰ্য, ভাষাৰ লালিত্য, মানৱ চৰিত্ৰৰ সুক্ষ্ম বিশ্লেষণ তেওঁৰ গল্পৰ মূল উপাদান। 

৩৯। ৰামধেনু যুগত নাৰীবাদী চিন্তা-চেতনাৰে উদ্বুদ্ধ হোৱা দুগৰাকী লেখিকাৰ নাম লিখা।

উত্তৰ ঃ ৰামধেনু যুগত নাৰীবাদী চিন্তা-চেতনাৰে উদ্ভবুদ্ধ হোৱা দুগৰাকী লেখিকাৰ নাম হল- নিৰুপমা বৰগোহাঞি, প্ৰবীণা শইকীয়া।

৪০। প্রবীণা শ‍ইকীয়াৰ গল্পৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ ঃ প্ৰবীণা শইকীয়াৰ গল্পৰ দুটা বৈশিষ্ট্য হল- ই কাহিনী প্ৰধান। পৰিণতিমুখী উৎকণ্ঠা, কাব্যিকতাপূৰ্ণ ভাষা, স্বকীয়।

৪১। সাহিত্যৰ সমালোচকসকলে চুটিগল্পৰ যুগ পৰিক্ৰমাক কেনেদৰে ভাগ কৰিছে?

উত্তৰ ঃ সাহিত্যৰ সমালোচকসকলে চুটিগল্পৰ যুগ পৰিক্ৰমাৰ 

৪২। অসমীয়া চুটিগল্পৰ উদ্ভৱত জোনাকী যুগৰ অৱদান সম্পৰ্কে লিখা।

উত্তৰ ঃ অসমীয়া চুটিগল্পৰ উদ্ভৱত জোনাকী যুগৰ অৱদান সম্পৰ্কে তলত আলোচনা কৰা হ'ল-

৪৩। অসমীয়া চুটিগল্পৰ বিকাশত আৱাহন কাকতৰ ভূমিকা কেনেধৰণৰ আছিল?

উত্তৰ ঃ অসমীয়া চুটিগল্পৰ বিকাশত আৱাহান কাকতৰ ভূমিকা কেনেধৰণৰ আছিল তলত আলোচনা কৰা হ'ল-

৪৪। ৰামধেনু কাকতে চুটিগল্পৰ অগ্ৰগতিত কি ভূমিকা গ্ৰহণ কৰিছিল?

উত্তৰ ঃ ৰামধেনু কাকতে চুটিগল্পৰ অগ্ৰগতিৰ 

৪৫। আৱাহন যুগৰ দুগৰাকী বিশিষ্ট গল্পকাৰৰ বিষয়ে আলোচনা কৰা।


উত্তৰ ঃ আৱাহন যোগেদি প্ৰতিষ্ঠত হোৱা এগৰাকী গল্পকাৰ হল- লক্ষ্মীনাথ ফুকন। তেওঁৰ গল্পসমূহ হল- মালা, ওফাইডাং, সৰগৰ মাধুৰি, আশাত উৎফুল্ল প্ৰাণ। তদানীন্তন সমাজৰ বাস্তৱ সমস্যা, মানৱ জীৱনৰ দুখ-দুৰ্দশ, হতাশা-নিৰাশা আদি তেওঁৰ গল্পত অতি বাস্তৱধৰ্মী ৰূপত প্ৰকাশিত হৈছে। মেধি, ডাক্টৰ, টাইপিষ্টৰ জীৱন আদি এনেধৰণৰ গল্পৰ উৎকৃষ্ট উদাহৰণ। তেওঁৰ গল্পৰ প্ৰকাশভংগী সহজ-সৰল, জটুৱা-ঠাঁচসমৃদ্ধ, ভাষা সাৱলীল আৰু হাস্যৰসযুক্ত। 

৪৬। ৰামধেনু যুগৰ গল্পৰ বৈশিষ্ট্য সম্পৰ্কে লিখা।

উত্তৰ ঃ
ৰামধেনু যুগৰ বৈশিষ্ট্য সম্পৰ্কে তলত আলোচনা কৰা হ'ল-

৪৭। অসমীয়া চুটিগল্পৰ বিকাশত জয়ন্তীয়ে কি অৰিহণা যোগাইছিল? 

উত্তৰ ঃ অসমীয়া চুটিগল্পৰ বিকাশৰ জয়ন্তীয়ে 

৪৮। পাশ্চাত্য সাহিত্যৰ চুটিগল্প সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰ ঃ
পাশ্চাত্য সাহিত্যৰ চুটিগল্প সম্পৰ্কে 

৪৯। অসমীয়া চুটিগল্পৰ বিকাশত পাশ্চাত্য চুটিগল্পৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰ ঃ অসমীয়া চুটিগল্পৰ বিকাশত পাশ্চাত্য চুটিগল্পৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ তলত আলোচনা কৰা হ'ল-

৫০। উদ্ভৱ কালৰে পৰা সাম্প্ৰতিক কাললৈকে অসমীয়া চুটিগল্পৰ ধাৰা সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰ ঃ উদ্ভৱ কালৰে পৰা সাম্প্ৰতিক কাললৈকে অসমীয়া চুটিগল্পৰ ধাৰা সম্পৰ্কে  তলত আলোচনা যুগুত কৰা হ'ল-

৫১। সাম্প্ৰতিক যুগৰ চুটিগল্পৰ বিষয়ে আলোচনা কৰা।

উত্তৰ ঃ সাম্প্ৰতিক যুগৰ চুটিগল্পৰ বিষয়ে 

৫২। চুটিগল্পক কি সাহিত্য বুলি জনা যায়?

উত্তৰ ঃ
চুটিগল্পক 

৫৩। চুটিগল্পৰ আংগিক সম্পর্কে আলোচনা কৰা।

উত্তৰ ঃ চুটিগল্পৰ আংগিক সম্পৰ্কে তলত আলোচনা কৰা হ'ল-

৫৪। চুটিগল্পৰ উপাদান সম্পর্কে আলোচনা কৰা।

উত্তৰ ঃ
চুটিগল্পৰ উপাদান সম্পৰ্কে তলত আলোচনা কৰা-

৫৫। হাডছনৰ সাহিত্যবিষয়ক গ্ৰন্থখনৰ নাম কি?

উত্তৰ ঃ হাডছনৰ সাহিত্যবিষয়ক গ্ৰন্থখনৰ নাম হ'ল-

৫৬। বিষয়বস্তু অনুসৰি চুটিগল্পসমূহক কি কি ভাগত ভাগ কৰা হৈছে। উদাহৰণসহ আলোচনা কৰা।

উত্তৰ ঃ
বিষয়বস্তু অনুসৰি চুটিগল্পসমূহক 

৫৭। ঊনবিংশ শতিকাৰ বিশ্ব গল্প সাহিত্যৰ জগতখনক প্ৰভাৱিত কৰা তিনিগৰাকী গল্পকাৰ কোন কোন?

উত্তৰ ঃ ঊনবিংশ শতিকাত বিশ্ব গল্প সাহিত্যৰ জগতখনক প্ৰভাৱিত কৰা তিনিৰগাকী গল্পকাৰ হ'ল-

৫৮। চুটিগল্পৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ চুটিগল্পৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰা-

৫৯। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প সম্পৰ্কে আলোচনা কৰি অসমীয়া গল্প সাহিত্যত বেজবৰুৱাৰ স্থান নিৰ্ণয় কৰা।

উত্তৰ ঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প সম্পৰ্কে আলোচনা কৰি অসমীয়া গল্প সাহিত্যত বেজবৰুৱাৰ স্থান নিৰ্ণয় কৰা হ'ল-

৬০। চুটিগল্প আৰু সাধুকথাৰ মাজত কি পাৰ্থক্য আছে?

উত্তৰ ঃ চুটিগল্প আৰু সাধুকথাৰ মাজত পাৰ্থক্যা লিখা-

৬১। চুটিগল্প আৰু উপন্যাসৰ প্ৰভেদ কি? চুটিকৈ লিখিলে চুটি অথবা দীঘলকৈ লিখিলে উপন্যাস হ'ব পাৰেনে? এই মতামত দাঙি ধৰা।

উত্তৰ ঃ চুটিগল্প আৰু উপন্যাসৰ প্ৰভেদ হ'ল-

৬২। শীলভদ্ৰ আৰু চৈয়দ আব্দুল মালিকৰ চুটিগল্প সম্পর্কে এটি আলোচনা কৰা।

উত্তৰঃ শীলভদ্ৰৰ গল্পবোৰ চৰিত্ৰপ্ৰধান। পাশ্চাত্য সাহিত্যৰ মোঁপাছা, মম, চেখভ আদিৰ দৰে শীলভদ্ৰৰ গল্পৰ চৰিত্ৰবোৰ জীৱন্ত। ভাষা প্ৰয়োগত পৰিমিতিবোধ, সূক্ষ্ম মনস্তাত্ত্বিক দৃষ্টিভংগী আদি তেওঁৰ গল্পৰ উল্লেখযোগ্য বৈশিষ্ট্য। তেওঁৰ গল্প সংকলনসমূহ হল- বাস্তৱ, সমুদ্ৰতীৰ, তৰুৱা কদম, সৈনিক, শীলভদ্ৰৰ কুৰিটা গল্প, মেজাজ, প্ৰতীক্ষা, জীৱন আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, মধুপুৰৰ মধুকৰ আদি।

৬৩। প্রাচীন কথা সাহিত্যৰে সমৃদ্ধ দেশ বুলি কোনখন দেশক কোৱা হয়। 

উত্তৰ ঃ প্ৰাচীন কথা সাহিত্যৰে সমৃদ্ধ দেশ বুলি 

৬৪। ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ চুটিগল্প বুলিলে কি বুজা ? অসমীয়া গল্প সাহিত্যত এই দুই শ্ৰেণীৰ গল্প সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা ।

উত্তৰ ঃ 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)