OLD

পাঠ-১০ 

গুৱাহাটীলৈ যাওঁ

    👉Text Books PDF 
    👉MCQ Online Exam
    👉Click Here YouTube Video

১) কোৱা। 

◼জুনজুনহঁতে কাৰ লগত গুৱাহাটীলৈ গৈছিল?

উত্তৰঃ জুনজুনহঁতে মোমায়েকৰ লগত গুৱাহাটীলৈ গৈছিল।

◼ জুনজুনহঁতে গুৱাহাটীত কি কি দেখিলে?

উত্তৰঃ জুনজুনহঁতে গুৱাহাটীত ওখ ওখ ঘৰ দেখা পালে আৰু যাদুঘৰ, তৰাঘৰ, চিৰিয়াখানা,উৰণীয়া সেতু, আৰু বহুতো গাড়ী-মটৰ চলাচল দেখিলে।

◼ তেওঁলোকে গাঁৱৰ দৰে নগৰত কি দেখা নাপালে?

উত্তৰঃ  তেওঁলোকে গাঁৱৰ দৰে নগৰত  বেছি গছ-গছনি দেখা নাপালে।

২) দলত কথা পাতোঁ আহা।

◼ নগৰৰ বিষয়ে ( ছবিত দেখা আৰু নেদেখা)

উত্তৰঃ নগৰৰ বিষয়ে কবলৈ গলে নগৰত বহুত গাড়ী-মটৰ, ওখ ওখ ঘৰ , ৰাস্তা-ঘাট পকী, দোকান পাহৰ সুবিধা, বেঙ্কৰ সুবিধা, আদি বহুত কাৰণ আছে। 

◼গাঁৱৰ বিষয়ে (ছবিত দেখা আৰু নেদেখা) 

উত্তৰঃ গাৱৰ বিষয়ে কবলৈ গলে গাৱৰ ৰাস্তা-ঘাট পকী নহয়, ঘৰ বোৰ পকাৰৰ নহয়, বেঙ্কৰ সুবিধা কম,গাড়ী-মটৰৰ সুবিধা নাই, দুকান পাহৰ সুবিধা কম, কিন্তু গাৱৰ মানুহবোৰ বৰ সহজ সৰল ইজনে- সিজনক ভালকৈ মাতে গাৱৰ প্ৰায়বিলাক মানুহৰে গৰু বা ম'হ থাকে আদি আৰু  বহুত কাৰণ আছে।

৩) গোল চিনৰ ভিতৰত থকা -কাৰ (স্বৰ) চিনযুক্ত আখৰেৰে দুটাকৈ শব্দ গঠন কৰা।

পা 一  পানী, পাচলি

কা  一 কাম, কামপুৰ

চি  一 চিৰিয়াখানা, চিলনী

শে  一 শেষ, শেলাই 

বৃ  一বৃষ, বৃন্দাবন

গী  一 গীত, গীতালি

৪) -কাৰ (স্বৰ) চিন লগ লগাই অৰ্থপূৰ্ণ শব্দ গঠন কৰোঁ আহা।

া    ি    ী    ু    ূ    ৃ    ে    ৈ    ো    ৌ

বেলুন  নাৰিকল  ছাতি  জাকৈ  ছাগলী  মৌচাক


 

Post ID: DABP002045

Edit Dikha Rani Bora