অধ্যায় 14

তথ্যৰ উপস্থাপন ( Presentation of Data )

অনুশীলনী 14 (A)


1. 50 জন ছাত্ৰ-ছাত্ৰীৰ বয়স ( বছৰত ) তলত দিয়া ধৰণৰ -

14, 13, 10, 12, 11, 14, 15, 12, 13, 15, 

13, 12, 15, 10, 14, 14, 12, 10, 13, 14, 

12, 11, 14, 15, 13, 10, 12, 11, 14, 13, 

15, 14, 12, 11, 10, 13, 14, 12, 15, 13,

12, 15, 10, 12, 11, 13, 12, 14, 15, 13

তথ্যখিনিৰ এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা । তালিকাখনৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(i) 14 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী কিমান গৰাকী আছে ?

(ii) 12 বছৰতকৈ বেছি বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান ?

(iii) 11 বছৰ বা তাতকৈ কম বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান ?


2. 30 জন মানুহৰ তেজৰ গ্ৰুপ তলত দিয়া ধৰণৰ -

B, AB, O, A, B, O, AB, B, A, O,

A, O, AB, O, B, A, B, AB, A, B,

AB, O, AB, B, A, B, AB, A, B, A

ওপৰৰ তথ্যখিনিৰ এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা ।


3. এটা শ্ৰেণীত 35 জন ছাত্ৰ-ছাত্ৰীয়ে 10 নম্বৰৰ শ্ৰেণী পৰীক্ষা এটাত পোৱা নম্বৰবোৰ এনে ধৰণৰ -

8, 7, 6, 8, 5, 3, 2,

6, 1, 3, 4, 7, 9, 10,

8, 5, 3, 4, 9, 8, 7,

10, 5, 3, 1, 2, 5, 9,

8, 10, 5, 7, 6, 7, 5

তথ্যখিনিৰ এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা । তালিকাৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(i) কিমানগৰাকীয়ে 5 পাইছে ?

(ii) কিমানজনীয়ে সৰ্ব্বোচ্চ নম্বৰ পাইছে ?

(iii) 2 বা 2তকৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান ?

(iv) 8 বা 8তকৈ বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান ?

(v) যদি পাছ কৰা নম্বৰ 4, তেন্তে কিমানজন অনুত্তীৰ্ণ হৈছে ?


4. এটা লুডুগুটি 30 বাৰ দলিওৱা হ'ল ? প্ৰতিবাৰ দলিওৱাৰ পিছত পোৱা ফলাফলবোৰ এনে ধৰণৰ -

2, 3, 5, 1, 3, 2, 6, 4, 5, 1,

3, 5, 4, 2, 3, 5, 1, 6, 3, 2,

3, 4, 5, 6, 1, 6, 3, 4, 2, 1

তথ্যখিনিৰ এখন বাৰংবাৰতা তালিকা প্ৰস্তুত কৰা ।


5. এটা শ্ৰেণীত 25 জন ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় বিষয়বোৰ তেওঁলোকৰ ৰোল নম্বৰৰ ক্ৰমত এনে ধৰণৰ-

অসমীয়া, ইংৰাজী, হিন্দী, বিজ্ঞান, গণিত,

হিন্দী, ইংৰাজী, অসমীয়া, গণিত, বিজ্ঞান,

ইংৰাজী, অসমীয়া, হিন্দী, বিজ্ঞান, গণিত,

হিন্দী, ইংৰাজী, অসমীয়া, গণিত, বিজ্ঞান,

ইংৰাজী, হিন্দী, ইংৰাজী, বিজ্ঞান, গণিত

প্ৰতিটো বিষয়ৰ অনুৰূপে দাগচিহ্ন দেখুৱাই এখন বাৰংবাৰতা তালিকা প্ৰস্তুত কৰা ।



Question Type By- Himadree Bora 



Post ID: DABP001985